মুক্তি পালে: দীপলিনা ডেকাৰ কণ্ঠত ‘চুই দিয়ানা’

প্ৰকাশ: ২৮ আগষ্ট, ২০১৮ | অন্তিম সম্পাদনা: ২৮ আগষ্ট, ২০১৮

কণ্ঠশিল্পী দীপলিনা ডেকাৰ শেহতীয়া গীত এটিয়ে মুক্তিলাভ কৰিছে ইউটিউব যোগে। গীতটিৰ শীৰ্ষ— ‘চুই দিয়ানা’। ‘উৰি উৰি যায় হেঙুলীয়া পখী’, ‘ৰাতি বিহু’, ‘কণমানি সপোন’ আৰু ‘ৰক্তবীজ’ চিনেমাৰ ‘ধীৰে ধীৰে’ গীতৰ পিছত এইটো দীপলিনাৰ পঞ্চম গীত। শ্ৰোতা হিচাপে আমি গীতটো ভাল পাইছোঁ, এক কথাত ক’বলৈ গ’লে, দীপলিনা ডেকাৰ কন্ঠত যাদু আছে।

অভিজ্ঞ সংগীত পৰিচালক পলাশ সূৰ্য গগৈয়ে ৰচনা তথা সংগীত কৰা গীতটিয়ে মুক্তিৰ লগে লগে বহুল জনপ্ৰিয়তা লাভ কৰা পৰিলক্ষিত হৈছে। গীতটিত ভায়োলিন সংগত কৰিছে মনোজ বৰুৱাই আৰু গীটাৰ বজাইছে ৰূপম শৰ্মাই।

img
দীপলিনা ডেকা | Anup Baruah Photography

গীতটিৰ ভিডিঅ’ খুবেই সুন্দৰ। গীতটিৰ লগত সম্পৰ্কিত এটি হৃদয় চুই যোৱা কাহিনী দেখুওৱা হৈছে। ইয়াত দীপলিনা ডেকাৰ সৈতে অভিনয় কৰিছে মিণ্টু বৰুৱা আৰু দীপংকৰ মহন্তই। ভিডিঅ’ৰ নিৰ্দেশনা আৰু সম্পাদনা টিৰাপ সীমান্ত মেধিৰ।

পলাশ সূৰ্য গগৈৰ ৰচনা আৰু কণ্ঠশিল্পী দীপলিনাৰ কণ্ঠত অসমৰ শ্রোতাই আগলৈ আৰু বহুতো ভাল গীত শুনিবলৈ পাব বুলি আমি আশাবাদী ।

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts