বয়স বঢ়াৰ দুখ

বয়স বঢ়াৰ দুখ
  • 31 Oct, 2022

জিকালি বহু মানুহে নিজৰ জন্মদিন বৰ উলহ-মালহেৰে উদযাপন কৰিবলৈ লোৱা দেখিবলৈ পোৱা যায়। প্ৰকৃততে জন্মদিন আনন্দৰ দিননে? এটি জন্ম দিন পাৰ কৰা মানে ব্যক্তি এগৰাকী মৃত্যুৰ দিশলৈ আৰু এখোজ আগবঢ়া। উলহ-মালহেৰে জন্মদিন উদযাপন কৰাৰ সময়ত অতি কম মানুহৰ মনলৈহে হয়তো এই কথাটো আহে। মৃত্যু-চেতনা সকলোৰে মনলৈ নহাটোৱেই অৱশ্যে স্বাভাৱিক আৰু সঘনাই নহাটোৱেই মঙ্গলজনক। এই সুন্দৰ পৃথিৱীখন এৰি যোৱাৰ কথা কোনেনো ভাবি ভাল পায়?

ভূমিষ্ঠ হোৱা মাত্ৰেই শিশুৱে কান্দি উঠে। বহুতে ইয়াৰ অৰ্থ এনেদৰে ভাঙে— মাতৃগৰ্ভত অতি সুৰক্ষিতভাৱে ন মাহ থকাৰ পাছত ভূমিষ্ঠ হৈ পৃথিৱীৰ পোহৰ দেখি, লগতে ভৱিষ্যতে পৃথিৱীত সন্মুখীন হ’বলগীয়া দুখ-কষ্ট, জৰা-ব্যাধি, হত্যা-হিংসা আদিৰ কথা ভাবি শিশুটিৰ আত্মাই হেনো শোকত কান্দি উঠে। কথাটো কিমানদূৰ গ্ৰহণযোগ্য সেয়া ক’বলৈ নাযাওঁ, যি কাৰণতে শিশুৱে নাকান্দক, এটা কথা ঠিক যে পৃথিৱীত ভূমিষ্ঠ হোৱাৰ লগে লগে মৃত্যুৰ দিন-বাৰ-ক্ষণো নিৰ্ধাৰিত হৈ আহে। মানুহৰ জীৱনটো দুখ আৰু সুখৰ সমষ্টি। দুখ আৰু সুখক এখন তুলাচনীত দুফালে তুলি দিলে দুখৰ পাল্লা ভাৰি হোৱাটো নিশ্চিত। গতিকে দেখা যায় যে মানুহৰ জীৱনৰ লগত দুখ আৰু যাতনা অৱধাৰিতভাৱে লাগি থাকেই।

বয়স বঢ়াৰ দুখ

জন্মিলে এদিন মৰিবই লাগিব, এই শাশ্বত সত্যৰ কথা সকলোৱে জানো যদিও জী থকাৰ বাবে অন্তিম মুহূৰ্তলৈকে আমাৰ যে কিমান কচৰৎ! এইটোও সত্য যে অকালতে মৃত্যু নঘটিলে শিশুকাল, কৈশোৰকাল, যৌৱনকাল, পৌঢ় অৱস্থা আৰু বৃদ্ধ কালৰ মুখামুখি সকলো হ’বই লাগিব। কিন্তু শৈশৱ আৰু যৌৱনৰ পৰৱৰ্তী সময়ছোৱাৰ অনুভৱ প্ৰায় মানুহৰ বাবে বৰ সুখদায়ক নহয়। তথাপিও অৱধাৰিতভাৱে ব্যক্তিৰ জীৱনলৈ এইছোৱা সময় আহিবই যে সেয়া নিশ্চিত। প্ৰায় সকলোকে সেয়েহে বয়স বঢ়াৰ দুখে আমনি কৰে। অৱশ্যে জীৱনক কেনেভাৱে গ্ৰহণ কৰে, তাৰ ওপৰতে ব্যক্তিৰ ভাল লগা আৰু বেয়া লগা নিৰ্ভৰ কৰে, অৰ্থাৎ ব্যক্তিৰ জীৱন সন্দৰ্ভত নিজা দৃষ্টিভঙ্গীয়ে এই ক্ষেত্ৰত ভূমিকা লয়। জীৱন আৰু মৃত্যুৰ সন্দৰ্ভত সচেতন জনে এই সময়ছোৱাক সহজভাৱে গ্ৰহণ কৰিব পাৰে।

এইটোও সত্য যে জীৱনৰ প্ৰতিটো ঢাপৰে নিজ ৰং-ৰূপ আৰু বৈশিষ্ট্য আছে। এই ৰং-ৰূপ আৰু বৈশিষ্ট্যৰ অনুধাৱনেৰে সিবিলাকৰ পৰা মৌৰস পান কৰি সুখী হ’ব জনা জনে বয়স বঢ়াৰ প্ৰত্যাহ্বানক একাষৰীয়া কৰি, হাঁহি হাঁহি হেলাৰঙে জীৱন যাপন কৰিব পাৰে। কিন্তু দেখা যায় যে বয়সে ভাটি দিয়াৰ লগে লগে প্ৰায়বিলাক মানুহ মানসিকভাৱে ভাগি পৰে। তেনে ধৰণৰ মানুহৰ বাবে পৌঢ় আৰু বৃদ্ধ সময়ছোৱা ভালকৈ দাঙিব নোৱৰা,আনহাতে নাদাঙিলেও নোহোৱা গধুৰ সাঙীৰ দৰে হৈ পৰে।

কৈশোৰৰ চপলতাপূৰ্ণ, ৰঙীন আবিৰে আবৰা অতিকে মধুৰ সময়খিনি সময়ৰ আঙুলিৰ ফাঁকেদি কেতিয়া কেনেদৰে পাৰহৈ যায়, সেয়া বেছিভাগ মানুহে ততকে ধৰিব নোৱাৰে। পাছৰ কালত সকলোৰে বাবে শৈশৱৰ কালছোৱা মধুৰ স্মৃতি হৈ ৰয় মাথোন। মানুহে শৈশৱকাল পাৰ কৰি যৌৱনত ভৰি থৈ এফালে ৰঙীন সপোন দেখিবলৈ আৰম্ভ কৰে আৰু তাৰ লগে লগে জীৱনত প্ৰতিষ্ঠা লাভৰ সংগ্ৰামো আৰম্ভ হয়। এই সময়ছোৱাতে জীৱনৰ কঠিন বাস্তৱৰ লগত পৰিচয় হোৱাৰ লগে লগে পৰিয়াল, সমাজ, দেশৰ প্ৰতি দায়িত্ব আহি পৰে। এইখিনি সময় পৰিকল্পনা অনুসৰি আগবাঢ়ি যোৱাৰ সময়। যিসকলে জীৱনৰ এই গুৰুত্বপূৰ্ণ সময়খিনিৰ সৎ ব্যৱহাৰ কৰি প্ৰত্যাশা অনুসৰি সফলতা লাভ কৰে, সেই সকলৰ বাবে ‘যৌৱন সৃষ্টিৰ মৌ বন’!

যৌৱনৰ ৰঙীন স্বপ্নবোৰে জীৱনৰ ক্ষণভঙ্গুৰতাক পাহৰাই ৰাখে। ইয়াৰ পাছতে ব্যক্তিৰ জীৱনৰ পৰা লাহে লাহে যৌৱনে মেলানি মাগিবলৈ লয় আৰু উপনীত হয় পৌঢ় অৱস্থাৰ দুৱাৰডলিত। ক্ৰমবৰ্ধমান ব্যস্ততা, পৰিয়ালৰ প্ৰতি দায়িত্বই যৌৱনৰ ৰঙীন পৃথিৱীখন ক্ৰমে সংকুচিত কৰি আনে। এই সময়ছোৱাত নিজৰ বাবে ভাবিবলৈ সময়ৰ নাটনি হ’বলৈ ধৰে। নিজৰ ইচ্ছা, আবেগ অনুভূতি, আশা-আকাংক্ষা, ভাল লগা বিষয়বোৰ এটা এটাকৈ বাদ পৰি পৰিয়ালৰ সমূহীয়া স্বাৰ্থ,— বিশেষকৈ পিতৃ-মাতৃ, পত্নী, সন্তান-সন্ততিৰ স্বাৰ্থই প্ৰাধান্য পাবলৈ ধৰে।

শৈশৱৰ কল্পনাৰ ৰঙীন জগতখনিত উটি-ভাহি ফুৰা জনে যৌৱনত এক প্ৰত্যাহ্বানৰ সন্মুখীন হয়। কল্পনা আৰু বাস্তৱৰ মাজৰ পাৰ্থক্যবোৰ অনুধাৱন কৰি ৰুঢ় বাস্তৱৰ মুখামুখি হয়। কল্পনা আৰু আশা-আকাংক্ষাবোৰ সীমিত হৈ আহিবলৈ ধৰে আৰু কল্পনাৰ পৰিধিৰ পৰা ওলাই বাস্তৱৰ লগত মোকামিলা কৰিবলৈ বাধ্য হয়।

লক্ষ্যত উপনীত হোৱাতকৈ গৈ থকাৰ আনন্দ বেছি। অভীপ্সিত লক্ষ্য প্ৰাপ্তিয়ে আনন্দ দিয়ে ঠিকেই, কিন্তু তাৰ পাছত? যেতিয়া কোনো লক্ষ্য নাথাকে, তেতিয়া জীৱনলৈ স্থবিৰতা অহাটো স্বাভাৱিক। এজন ব্যক্তিয়ে তেওঁৰ আকাংক্ষিত সকলো লাভ কৰিলেও এটা সময় আহে, যি সময়ত সেই সকলোবোৰৰ অসাৰ বুলি ভাবিবলৈ লয়। অৰ্থাৎ বয়স বঢ়াৰ লগে লগে অনুভৱ হ’বলৈ ধৰে, যিখিনি লাভ কৰিবলৈ তেওঁ হামৰাও কাঢ়িছিল, সেই সকলোবোৰৰ প্ৰতি যেন তেওঁৰ আকৰ্ষণ ক্ৰমান্বয়ে কমি আহিবলৈ ধৰিছে। এয়া বয়স বঢ়াৰে প্ৰভাৱ।

ধৰি লোৱা হওক, এজন যুৱকৰ জীৱনৰ লক্ষ্য আছিল এজন ইঞ্জিনীয়াৰ হোৱা। সেই ক্ষেত্ৰত তেওঁ সফলো হ’ল। তাৰ পাছত ইচ্ছা আছিল, তেওঁৰ নিজাকৈ এখন সপোনৰ ঘৰ সাজি প্ৰেমাস্পদক নিজৰ কৰি লোৱাৰ, সেয়াও হ’ল। অৰ্থাৎ তেওঁ জীৱনত বিচৰাৰ দৰে প্ৰতিষ্ঠা লভি এটি সফল জীৱনৰ অধিকাৰী হ’ল। কিন্তু তাৰ পাছত? তেওঁৰ বয়স বঢ়াৰ লগে লগে পূৰ্বৰ মনৰ উদ্যম কমি আহিব, শৰীৰেও অসহযোগ কৰিবলৈ ধৰিব। লাহে লাহে নতুন সপোন দেখিবলৈও পাহৰি যাব। সকলো দিশে লাহে লাহে স্থবিৰতা আহিব। জীৱনৰ ট্ৰেজেদি এই খিনিতে। মুঠতে ডাল-দৰিদ্ৰই হওক নাইবা কোটিপতিয়েই হওক, সকলোকে বয়স বঢ়াৰ দুখে আচ্ছন্ন কৰিবই।

যৌৱনত যিবোৰ বিষয়ৰ প্ৰতি আকৰ্ষণ আছিল, যিবোৰ কামত ব্যস্ত থাকি আমনি পোৱা নাছিল, যাৰ সংগ ভাল লাগিছিল, সেই সকলোবোৰ পৌঢ় আৰু বৃদ্ধ অৱস্থাত সমানে ভাল নালাগিবও পাৰে বা সেইবোৰ বিৰক্তিকৰ যেনো লাগিব পাৰে। বহুতৰ বাবে যৌৱনে বিদায় লোৱা মানে জীৱনৰ মাদকতা বহুলাংশে হেৰাই যোৱা যেন অনুভৱ হয়। কিন্তু এনে ধৰণৰ ঋণাত্মক ভাব মনলৈ আহিবলৈ নিদিয়াই বুদ্ধিমানৰ কাম।

বয়স বঢ়াৰ ফলত ব্যক্তিৰ মনলৈ অহা নিৰানন্দক আনন্দময় অৱস্থালৈ উত্তৰণ ঘটাবলৈ ব্যক্তিয়ে নিজেই নিজক প্ৰস্তুত কৰিব জানিব লাগিব। আন কোনোৱেই এই ক্ষেত্ৰত সহায় নকৰে। ইয়াৰ বাবে ব্যক্তিয়ে এক নিৰ্দিষ্ট পৰিকল্পনাৰে আগবাঢ়িব লাগিব। প্ৰথমে নিজকে সুধি চাব লাগিব, কেনেবোৰ বিষয, কেনেকুৱা পৰিৱেশ, কেনে ধৰণৰ সংগ, কেনে ধৰণৰ কাম কৰি ভাল লাগে। যাৰ যি বিষয়ত আগ্ৰহ আছে, সেই বিষয়ত জড়িত হোৱা, যিবোৰ কাম কৰি ভাল পায়, সেইবোৰ কাম কৰা, যাৰ সংগত থাকি ভাল পায় সেই সংগ লোৱা ইত্যাদিৰ যোগেদি মানুহে একাকীত্বৰ পৰা হাত সাৰি বয়স বঢ়াৰ দুখক আঁতৰাই ৰাখিব পাৰে।

বৈষয়িক দিশবোৰ যিমান পাৰি মনৰ মাজৰ পৰা আঁতৰাবলৈ যত্ন কৰি সাধ্যানুসাৰে সমাজৰ কামত আত্মনিয়োগ কৰিলে এক বিমল মানসিক প্ৰশান্তি লাভ কৰাৰ লগতে বৃদ্ধ কালৰ নিসংগতাও বহুলাংশে দূৰ হৈ বয়স বঢ়াৰ দুখক পাহৰি থাকিব পাৰি। ভাল গ্ৰন্থ অধ্যয়ন, সাহিত্য চৰ্চা, শৰীৰ আৰু মন সুস্থ-সবল কৰি ৰাখিবলৈ যোগাসন, প্ৰাণায়াম, ব্যায়াম আদি কৰা আৰু ধৰ্মীয় কাম-কাজত নিজকে নিয়োজিত কৰিলে বয়স বঢ়াৰ দুখে ব্যক্তিৰ মনোজগতত বিৰূপ প্ৰভাৱ পেলাব কেতিয়াও নোৱাৰে।

জন্মিলে এদিন মৰিব লাগিব— এই শাশ্বত সত্যক মানি লৈ জীয়াই থকা কেইদিন কোনো ঋণাত্মক ভাব আহিবলৈ নিদি আনন্দ-ফূৰ্তি আৰু সন্তোষেৰে পাৰ কৰিবলৈ মন বান্ধিব পৰা জনক বয়স বঢ়াৰ দুখে কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে।

❧ | আৰু পঢ়ক:

বয়স বঢ়াৰ দুখ | যাদৱ হাজৰিকা
Follow Nilacharai on Twitter