নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

মেহবুব মঞ্জিল

মেহবুব মঞ্জিল
হুমেৰা আহমেদ
মূল (ইংৰাজী)হুমেৰা আহমেদ
09 Jun, 2019

জহি-খহি যোৱা ঘৰটোলৈ চাই চকু থৰ হৈ গৈছিল মোৰ। বিশ্বাস কৰিবলৈ টান হৈছিল যে এই আধা মেল খাই থকা ভগা আইনাৰে সোলকি পৰিব খোজা খিৰিকী, চাৰিওপিনে নকটা ঘাঁহ আৰু বন, পৰিত্যক্ত এই উদং দুমহলীয়া ঘৰটো জানো সেইটোৱেই, যিটো এসময়ত আছিল মোৰ মামাৰ সুদৃশ্য বঙলা আৰু তাতেই মই কটাইছিলো মোৰ জীৱনৰ দহটাকৈ বছৰ? আইতাই মোক আঠ বছৰ বয়সতে ইয়ালৈ লৈ আনিছিল, তাৰ এবছৰ আগতে মোৰ মা ঢুকুৱাত দেউতাই আকৌ এবাৰ বিয়া কৰাইছিল, দ্বিতীয় বিবাহ।

ইয়ালৈ অহাৰ পাছত প্ৰথমৰ দিনকেইটাত মালৈ বৰকৈ মনত পৰিছিল। কিন্তু লাহে লাহে এই বিশাল চৌহদৰ ঘৰটো, আগপিনৰ ডাঙৰ মুকলি ঠাইটুকুৰা য’ত মই ওচৰৰে ল’ৰা-ছোৱালীৰ সৈতে ক্ৰিকেট আৰু ফুটবল খেলিব পাৰিছিলো, বাৰ মাহে লাগি থকা আম আৰু কমলাৰ বাৰীখন মোৰ ভাল লগা হৈ আহিল। তাতোকৈ ডাঙৰ কথা, ককা-আইতাই মোক বৰ লাই দিছিল, কোনো কথাতে একো নকয়, মামাৰো মোক লৈ অনবৰতে চিন্তা, আৰু প্ৰায়ে আহি থকা মাহীয়েও মোৰ কথাকে সোধে। ককা-আইতা-মাহী-মামাৰ মৰমে মোক এনেকৈ আবৰি ধৰিছিল যে মই প্ৰত্যেক বছৰৰ ডিচেম্বৰ মাহৰ বন্ধত কলিকতালৈ (আজিকালি কলকাতা) আহি দেউতাৰ লগত থকা দিনকেইটা মোৰ যেনেকুৱা লাগে, তাত থকা দিনবোৰো মোৰ কাৰণে তেনেকুৱাই, আনকি তেতিয়া মোৰ ‘মেহবুব মঞ্জিল’লৈ বেছিকৈহে মনত পৰে। যিয়েই নহওক, ব’ৰ্ডৰ পৰীক্ষাৰ পাছতে মই ইংলেণ্ড পালোগৈ, পঢ়া-শুনা কৰি তাতেই থাকি গ’লো। এয়া প্ৰায় পোন্ধৰ বছৰৰ আগৰ কথা। ইয়াৰ মাজতে মোৰ ককা আৰু আইতা দুয়োজনেই ঢুকাল। ইফালে মোৰ মাহীৰো মৃত্যু হ’ল আৰু তেওঁৰ ল’ৰা-ছোৱালী আটাইকেইটাই আমেৰিকালৈ গৈ তাতেই ঘৰ-দুৱাৰ কৰিলে। পুৰণা ঘৰটোত কেইবছৰমান মামা থাকিল যদিও এদিন তেৱোঁ ভাবিলে যে আমেৰিকালৈ গুচি যোৱাটোৱেই ভাল হ’ব, আৰু গ’লগৈয়ো। ইফালে মোৰ আক’ মেহবুব মঞ্জিলৰ কথা প্ৰায়ে মনলৈ আহি থাকে যদিও ইংলেণ্ডত কেনেবাকৈ এক সংস্থাপনৰ দিহা কৰি থিতাপি লাগিবলৈ চেষ্টা কৰি থাকোঁতেই ইমানেই ব্যস্ত হৈ পৰিলো যে আনকি মোৰ মামা আৰু অইন আপোন মানুহখিনিৰ লগতো যোগাযোগ নোহোৱা হৈ পৰিল।

আৰু পঢ়িব পাৰে
ড° টেমচুলা আওৰ গল্প: চিঠিখন

ড° টেমচুলা আওৰ গল্প: চিঠিখন

অৰূপা পটঙ্গীয়া কলিতা

তাৰ কেইমাহমানৰ পাছত মই মামাহঁতৰ ঘৰলৈ ফুৰিবলৈ গ’লো যদিও মামাই যেতিয়া সেই পুৰণা ঘৰটো বেচিবলৈ ওলাইছে বুলি শুনিলো, তেতিয়া মই চক খাই উঠিলো। মামায়ো বৰ দুখেৰে মূৰ দুপিয়াই দুপিয়াই কৈছিল, ‘তোৰ মনৰ ভাব আৰু আৱেগ মই নুবুজা নহয়, বুজিছো। মোৰ নিজৰো এনেকুৱা লাগিছে যেন মোৰ গাৰ এফালহে কোনোবাই কাটি নিবলৈ ওলাইছে। কিন্তু কি কৰিবি, আমি আটাইবোৰ আমেৰিকাতে থাকিম বুলি ঠিক কৰিলো যেতিয়া তাৰ ঘৰটোৰ চোৱা-চিতা কৰাটো আৰু সম্ভৱ নহ’ব। গতিকে ঘৰটো ৰাখি থ’ব নোৱাৰিম। কথাখিনি যদি তই নিজে দেখ, তেন্তে তয়ো না নকৰিবি।’

ময়ো মোৰ স্মৃতি বিজড়িত ঘৰটোত আন মানুহ সোমোৱাটো নিবিচাৰোঁ। কিন্তু মোৰো তালৈ ঘূৰি যোৱাৰ কোনো অভিপ্ৰায় নাই। সেয়ে নিজকে নিজে বুজনি দি কথাখিনি মানি ল’বলৈ প্ৰস্তুত হ’লো আৰু লগতে ঠিক কৰিলো যে ঘৰটো বিক্ৰী হৈ যোৱাৰ আগতে মই তালৈ এবাৰ যাম।

সেই বুলিয়ে এদিন এইখিনি পালোহি, চিংগাপুৰলৈ গৈ থাকোঁতে বাটতে ইয়াত নামিলো, ভাবিলো শেষবাৰৰ বাবে ঘৰটো এবাৰ চাই যাওঁ। লগতে ভাবিলো, আগতে আমাৰ বাৰীৰ কুঁৱাটোৰ ওচৰতে এটা জুপুৰিত যে আছিল মালীটো, সেই মালীৰ ল’ৰা আলটাফ আৰু জীয়েক চামিমাকো হয়তো কেনেবাকৈ লগ পাই যাব পাৰোঁ। আলটাফ আৰু মই— আমি দুটা বৰ লগ আছিলো, আইতাইহে কথাটো ভাল পোৱা নাছিল। মোতকৈ অকণমান ডাঙৰ আলটাফ আছিল কাবাদী চেম্পিয়ন, কিন্তু হ’লে কি হ’ব, মই ইংলেণ্ডলৈ গুচি যোৱাৰ এবছৰ আগতে, ব’ৰ্ডৰ পৰীক্ষাত ফেল কৰি আলটাফ ঘৰৰ পৰাই পলাই গ’ল আৰু ইফালে তাৰ ভনীয়েকজনী, মানে চামিমা, বৰ মৰম লগা আৰু খিলখিলাই হাঁহি থকা ছোৱালীজনী, মই ইংলেণ্ডলৈ অহাৰ সময়ত অছিল মাত্ৰ বাৰ বছৰীয়া। মোৰ দৰেই সিহঁত দুটাৰো মাক নাছিল, কিন্তু মোৰ দেউতাৰ দৰে সিহঁতৰ দেউতাকে আকৌ এজনী বিয়া কৰোৱা নাছিল। পিচে কি হ’ব, অকলশৰীয়া মানুহটোৱে খুব মদ খায় আৰু মাজে মাজে নিষিদ্ধ ঠাইলৈয়ো যায়…, ল’ৰা-ছোৱালী দুটাক মাৰধৰ কৰে আৰু আলটাফ ঘৰ এৰি উধাও হোৱাৰ পাছত বাপেকৰ আটাইখিনি অত্যাচাৰ চামিমাই অকলেই সহিব লগাত পৰিছিল। ঘপকৈ এটা দৃশ্য মোৰ মনত ভাহি উঠিল। ৰুটিকেইখন দেই গৈছে কাৰণে চাদাতে চামিমাক ঘুঁচিয়াইছে, চামিমাই চিঞৰিছে। খঙত মই থাকিব নোৱাৰি সিহঁতৰ ঘৰ সোমাই চাদাতক এক ঠেলা মাৰিলো আৰু চামিমাৰ ওপৰত হাত উঠালে পৰিণতি ভয়াৱহ হ’ব বুলি ভয় দেখুৱালো। সেইদিনাৰে পৰা চামিমাক-দেউতাকে মাৰিবলৈ এৰিলে যদিও মই ইংলেণ্ডলৈ যিদিনা আহিবলৈ ওলালো, সেইদিনা চামিমা মোৰ কাষলৈ আহি কন্দনামুৱা হৈ কৈছিল, ‘দেউতাই আকৌ মাৰিলে মোক কোনে বচাব?’ মই আইতাৰ পৰা প্ৰতিশ্ৰুতি আদায় কৰিছিলো যে চামিমাক আইতাই চাব। কিন্তু দুবছৰৰ পাছত আইতায়ে ক’লে যে চাদাত নিজৰ গাঁৱলৈ গ’লগৈ, লগত জীয়েককো নিলে।

তাৰ পাছৰে পৰা মই আলটাফ বা চামিমাৰ কথা একো শুনা নাই, যদিওবা মাজে মাজে সিহঁত দুটালৈ মোৰ মনত নপৰা নহয়। চামিমালৈ মোৰ চিন্তাও হয়, মনে মনে ভাবোঁ দেউতাকে যেন তাইক বেয়া ব্যৱহাৰ নকৰে। কিন্তু এতিয়া ক’ত বা কেনেকৈ আছে সিহঁত দুটা…! চামিমা চাগে বেচ ধুনীয়া এজনী হৈ উঠিছে, বিয়া-বাৰুও হৈ যাব পায়…। তাইৰ খিলখিলীয়া হাঁহি আৰু সেউজ চকুহাললৈ মনত পৰিলেই মোৰ বুকুখন মোচৰ খাই উঠিব খোজে। লগতে মোৰ দুয়োটা চকু সেমেকি উঠিছিল সময় আৰু প্ৰকৃতিয়ে ঘৰটোক কিদৰে ধ্বংস কৰিছে তাক দেখি…। বছৰৰ পাছত বছৰ ধৰি বন্ধ হৈ আছে ঘৰটো, ইয়াত থাকিবলৈ অহাৰ কথা ভাবিবই নোৱাৰি। কেনেবাকৈ ঘৰটো আন কাৰোবাক গতাই দিয়াৰ বাহিৰে কৰিবলৈ একো নাই। নিৰুপায় হৈ দুখমনে মই ঘৰটোৰ চাৰিওফালে এবাৰ চকু ফুৰাবলৈ চেষ্টা কৰিলো। হঠাৎ দেখিলো অমিতা গছকেইজোপাৰ মাজত এখন কমলা-সেউজীয়া ৰঙৰ দুপাত্তা ওলমি আছে। আচৰিত যেন লাগিলেও কোনোবা হয়তো ইয়াত থাকে। মই কাষ চাপি গ’লো, মাত শুনিছোঁ কাৰোবাৰ, এয়া দেখোন হিন্দী চিনেমাৰ গান গুণগুণোৱা এক নাৰীকণ্ঠ। সতৰ্ক হৈ জুমি চালো, এজনী লাহী দেহৰ যুৱতীয়ে সেয়া কাপোৰ ধুইছে, তাইৰ পিঠি মোৰ ফালে। কোন হ’ব পাৰে? মই আৰু অকণমান কাষ চাপি যাব খোজোঁতেই সোলোক ঢোলোক হৈ থকা খিৰিকীৰ আইনা এটুকুৰা সোলকি পৰিল। মই তৎক্ষণাৎ আঁতৰিব খুজিলো যদিও যুৱতীৰ চকুত মোৰ চকুৱে খুন্দা নোখোৱাকৈ নাথাকিল। মুহূৰ্তৰ সেই চাৱনিতে মই ধৰিব পাৰিছিলো, তাই চামিমা। অবাক হৈছিলো, এই পৰিত্যক্ত ঘৰত চামিমাই কি কৰিছে? লৰালৰিকৈ মই গাড়ীখনৰ ওচৰ পালোহি। ইমান পৰে ড্ৰাইভাৰে মোক লক্ষ্য কৰি আছিল। এইবাৰ তেওঁ ক’লে, ‘তালৈ যোৱাটো নিৰাপদ নহয়। কোনখন খিৰিকী কেতিয়া মূৰৰ ওপৰত ভাগি পৰে, ঠিক নাই।’ ড্ৰাইভাৰজন এই ঠাইৰে, সেয়ে তেওঁক সুধিলো, ‘কোনোবা থাকে নেকি ইয়াত?’
‘কোন থাকিব, ভূত ওলায় ইয়াত।’
‘কোনে কৈছে ভূত ওলায় বুলি?’
‘সেই তাৰ চকীদাৰে’, এই বুলি ড্ৰাইভাৰে সেইখিনিৰে আঠমহলীয়া বিল্ডিং এটালৈ দেখুৱালে।

মই সেই বিল্ডিং পালোগৈ— ব্লু ষ্টাৰ এপাৰ্টমেণ্ট। চকীদাৰৰ চকুত ক’লা কাজল, দীঘল দাঢ়ি, মূৰত পাগুৰি। চিনাকি যেনেই লাগিছিল মোৰ, পিচে মনত পেলাব নোৱাৰিলো।
‘সেই ঘৰটো কিমান দিন ধৰি এনেকৈ পৰি আছে?’, জানিব খুজিলো চকীদাৰৰ পৰা।
চকীদাৰে মোলৈ আশ্চৰ্যৰ চাৱনি নিক্ষেপ পৰি ওলোটাই কলে, ‘আপুনি ইয়ালৈ আহিছে কিয়, কিনিব নেকি ঘৰটো?’

মই হাঁহিলো। মনে মনে ভাবিলো, মোৰ আচল চিনাকি দিলে ঘৰটো, মোৰ ককাদেউতাৰ বুলি ক’লে, চকীদাৰৰ অৱস্থা কি হয় ঠিক নাই। কিন্তু সেইবোৰলৈ নগৈ সুধিলো কেৱল, ‘ঘৰটো বেচিবলৈ ওলাইছে নেকি?’
‘ৰফি চাহাবে বহুত দিনৰে পৰা বেচোঁ বেচোঁ কৰি আছে, কিন্তু ভূত ওলোৱা ঘৰটোৰ বাবে ক’ত গ্ৰাহক পাব!’ ‘ভূত ওলায়!’ মই অবাক হৈ ক’লো।

ভূত বাৰু ওলায়, কিন্তু এই চকীদাৰে মোৰ মামাৰ নামটো কেনেকৈ জানিলে, তাতে আকৌ মামাৰ কথা কওঁতে কৈছে ‘চাহাব’ বুলি। মই ভালকৈ তাক চালো। দেখিছোঁ, তাৰ ওঁঠ দুটা কঁপিছে, বাওঁ চকুটো সি মোহাৰিছে, আৰু তাৰ পাছতে যেতিয়াই সি মাফলাৰেৰে ঢাকি থ’ব খোজা ডিঙিৰ কটা দাগটোত মোৰ চকু পৰিল, তেতিয়া আৰু তাক চিনি পাবলৈ মোৰ বাকী নাথাকিল। এইটোৱেই আলটাফ! তাৰ মানে ককায়েক-ভনীয়েকহাল এই ঘৰটোতে আছে এতিয়াও আৰু সম্পত্তিখিনি ছান কাঢ়িবলৈ পাং পাতিছে, সেয়ে ঘৰটোত ভূত ওলাই বুলি চাৰিওপিনে কৈ ফুৰিছে! কথাখিনি বিশ্বাস কৰিবলৈ মোৰ টান হৈছিল, সিহঁতেনো এনেকুৱা কাম কৰিবনে? খঙতে মই প্ৰায় চিঞৰিয়ে দিলো, ‘আলটাফ! তুমি এইবোৰ কেনেকৈ কৰিছা?’

সি থতমত খালে, ‘আলটাফ? কোন আলটাফ? মই মুস্তাফাহে।’
মই তাৰ কামিজৰ কলাৰত ধৰি মাফলাৰখন টান মাৰি ডিঙিৰ দাগ দেখুৱাই দিলো।
‘মনত পৰিছেনে এই দাগটোৰ কথা, নে মই দিব লাগিব মনত পেলাই…? আৰু এতিয়া বুজিছোঁ কোন ভূত সোমাইছে ঘৰটোত, ভূতৰ নাম চামিমা।’ মানুহটো জই পৰিল।

‘অ, তুমি আচিম, মোৰ ভুল হৈছে আচিম। ঘৰটো ইমান দিন এনেয়ে পৰি থাকিল…। আমাৰো নিজা ঘৰ নাই। সেয়ে আমি জুপুৰিটোতে থাকিবলৈ আহি এদিন শুনিলো ৰফি চাহাবে বোলে ঘৰটো বেচিব…’, অলপ ৰ’ল সি, তাৰ পাছত মোলৈ পোনপটীয়াকৈ চাই সুধিলে, ‘তুমি জানো ঘৰটো বিক্ৰী হৈ গ’লে ভাল পাবা আচিম? মই ভালকৈ জানো যে আন কোনোবা আহি ঘৰটোত সোমোৱা দেখিলে তোমাৰো সহ্য নহ’ব। মোৰো তেনেকুৱাই, গতিকে এদিন ভাবি-চিন্তি দেখিলো যে উপায় এইটোৱেই।’

ঘৰটোৰ পৰা আন মানুহক আঁতৰাই ৰাখিবলে সি যিখিনি কৈছে, সেই কথাখিনি দেখোন ঠিকেই কৈছে। মই তালৈ মোৰ হাতখন মেলি দিলো, ‘আহাঁ, ঘৰটোলৈ গৈ ভূতটো এবাৰ চাই আহোঁগৈ।’ মোৰ কথাই তাৰ মুখত হাঁহি বিৰিঙালে, দুয়োটাই দুয়োটাৰ হাতত ধৰি ঘৰটোৰপিনে খোজ ল’লো। তেতিয়াও মোৰ চিন্তা, ঘৰটো আকৌ কেনেকৈ মানুহ থাকিব পৰা কৰি তুলিম, বাগিচাখন কেনেকৈ জীয়াই তুলিম!


হুমেৰা আহমেদ

ভাৰতীয় ডাকসেৱা বিভাগৰ বিষয়া হুমেৰা আহমেদে পশ্চিম বংগৰ মুখ্য পোষ্টমাষ্টাৰ জেনেৰেল হিচাপে অৱসৰ গ্ৰহণ কৰে। বাতৰি কাকত আৰু আলোচনীত নিয়মীয়াকৈ চুটিগল্প লিখি অহা হুমেৰা আহমেদৰ প্ৰকাশিত গ্ৰন্থ দুখন— চেকমেট এণ্ড আদাৰ ষ্টৰীজ, এ য়েৰ ইন হিমাচল: মেমৰিজ অব এন ইনক্ৰেদিবল ষ্টেট। মহিলা বিষয়ক ই-আলোচনী ‘এহচাচ— ফৰ ৱমেন’ৰ তেখেত প্ৰতিষ্ঠাপক সদস্য তথা পৰিচালন সম্পাদক।

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

আপুনি হয়তো ভাল পাব: