জগতৰে গুৰু শ্ৰীশংকৰ ঘৰতেই…

পৃথিৱীত সময়ে সময়ে এনে কিছু লোকৰ জন্ম হয়, যিয়ে সমসাময়িক সমাজলৈ যুগান্তকাৰী পৰিৱৰ্তন অনাৰ লগতে ভৱিষ্যতৰ সমাজলৈও অনবদ্য বৰঙণি দি থৈ যায়৷ কলাগুৰু বিষ্ণু ৰাভাৰ কথাৰে যদি কওঁ, পোনছাটেই মনলৈ আহে তিনিগৰাকী ব্যক্তিৰ নাম; তেৰালোক হ’ল— দৈৱকীনন্দন শ্ৰীকৃষ্ণ, লিওনাৰ্দো দা ভিন্সি আৰু মহাপুৰুষ শংকৰদেৱ৷ চৈধ্যশ শতিকাৰ কুসংস্কাৰ-অন্ধবিশ্বাসেৰে ভৰা সমাজখনত শংকৰদেৱৰ দৰে দূৰদৃষ্টিসম্পন্ন যুগনায়কৰ আৱিৰ্ভাৱে অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰালে৷ চাওল্যুং চুকাফাই ৰাজনৈতিকভাৱে একত্ৰিত কৰা তদানীন্তন সমাজখনক সাংস্কৃতিকভাৱে একতাৰ এনাজৰীৰে বান্ধিলে মহাপুৰুষ শংকৰদেৱে৷ একশৰণ ভাগৱতী নামধৰ্মৰ প্ৰচাৰৰ যোগেদি তেৰাই সমসাময়িক সমাজত চলি থকা কুসংস্কাৰ, জাতিভেদ আঁতৰাই মহান মানৱতাৰ মন্ত্ৰ সিঁচি দি নতুন দিগন্তৰ সূচনা কৰিলে৷ শংকৰদেৱে কাব্য দিলে, গীত দিলে, নাটক দিলে, নামঘৰ দিলে, সৱাৰ উপৰি তেৰাই জাতিটোক দিলে— গতিশীলতা৷

শংকৰদেৱ মূলতঃ সাহিত্যিক৷ সাহিত্যক তেৰাই ধৰ্মপ্ৰচাৰৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল৷ কিয়নো সেই সময়ৰ অনাখৰী মানুহক জীৱনৰ প্ৰকৃত উদ্দেশ্য সোঁৱৰাই দিয়াৰ একমাত্ৰ ফলপ্ৰসূ আহিলা আছিল ধৰ্ম৷ ভাৰতবৰ্ষত পূৰ্বৰে পৰা চলি অহা বৈষ্ণৱ ধৰ্মৰ সোঁতটোত তেৰা লীণ গৈছিল৷

সময়ৰ পৰিৱৰ্তনৰ লগে লগে গুৰুজনাৰ সেই সৃষ্টিৰ মূল্যায়ন হ’বলৈ ধৰিছিল যদিও সাহিত্যিক শংকৰদেৱতকৈ ধৰ্মগুৰু শংকৰদেৱক লৈহে সমাজত চিন্তা-চৰ্চাৰ গতি প্ৰখৰ হ’বলৈ ধৰিলে৷ তেৰাৰ সৃষ্টিৰাজিৰ সামাজিক আৰু বৈজ্ঞানিক বিশ্লেষণৰ পৰিৱৰ্তে ধৰ্মীয় বিশ্লেষণতে আৱদ্ধ থকাৰ বাবে বোধহয় দাৰ্শনিক দিশটো বৰকৈ প্ৰকট হৈ নোলাল৷ কিছু সমালোচকে সেইবোৰৰ দাৰ্শনিক বিশ্লেষণ আগবঢ়াইছিল যদিও সৰ্বসাধাৰণ মানুহৰ বোধগম্য নোহোৱাত গ্ৰাম্য সংস্কৰণতেই আৱদ্ধ হৈ থাকিল৷ সহজ-সৰল অসমীয়া সমাজৰ গ্ৰাম্য চৰিত্ৰৰ পৰা বাহিৰ কৰি শংকৰদেৱৰ ৰচনাৰাজিৰ চিন্তা-চৰ্চা কৰিলে আমি আন এগৰাকী শংকৰদেৱক আৱিষ্কাৰ কৰিব পাৰিম৷

শংকৰদেৱ আছিল সৰ্বকলা বিশাৰদ৷ তেৰাই উপলব্ধি কৰিছিল যে নিৰক্ষৰ লোকসকলক মাৰ্গ দৰ্শন কৰাবলৈ সাহিত্যতকৈ আন ফলপ্ৰসূ মাধ্যম আৰু নাই৷ এইখিনিতে উল্লেখ কৰা ভাল যে আজিৰ শিক্ষাদান প্ৰণালীৰ যি দৃশ্য-শ্ৰব্য মাধ্যম (Audio Visual Aid), সেয়া শংকৰদেৱে চিহ্নযাত্ৰা নাটকতেই দেখুৱাই থৈ গৈছে৷ তদুপৰি লোকসংগীতৰ ঐন্দ্ৰজালিক আৱেশত মোহাচ্ছন্ন হৈ থকা গ্ৰাম্য সমাজখনক বৰগীতৰ দৰে উচ্চাংগ সংগীতৰ সোৱাদ দিব পৰা মানুহজন মহামানৱ নহৈ পাৰেনে?

শংকৰদেৱ আছিল বিজ্ঞানী৷ কপিলীমুখৰ কুমাৰৰ হতুৱাই মাটিৰ বাদ্যযন্ত্ৰ (খোল) তৈয়াৰ কৰিব পৰাটো নিশ্চয় এজন বৈজ্ঞানিকৰেই চিন্তাৰ ফচল৷ তেৰা আছিল সমন্বয়ৰ প্ৰতীক৷ চান্দসাই দৰ্জীক নামঘৰৰ মূলত স্থান দি তেৰাই প্ৰমাণ কৰিছিল যে অস্পৃশ্যতাৰে কেতিয়াও মানুহৰ মন জয় কৰিব নোৱাৰি৷ ৰাধিকাশান্তিৰ দৰে কৈৱৰ্ত কূলৰ নাৰী এগৰাকীক চতুৰ ব্যক্তিত্বৰে তেৰাই সমাজত আগস্থান দিয়াই সমন্বয়ৰ বীজ ৰোপণ কৰিছিল৷ সমন্বয় ৰচনাৰ কাৰণেই তেৰাই সেই কামৰ বাবে সতী ৰাধিকাক নিৰ্বাচন কৰিছিল৷ ভাওনাৰ যোগেদি শঙ্কৰদেৱে যুগান্তকাৰী পৰিৱৰ্তন আনিছিল৷ কৃষ্ণ সংস্কৃতি প্ৰচাৰৰ বাবে তেৰাই অহোপুৰুষাৰ্থ কৰিছিল৷

| পঢ়ক: শ্ৰীমন্ত শঙ্কৰদেৱ সম্পৰ্কীয় অন্যান্য লেখাসমূহ

আজি একবিংশ শতিকাতো তেৰাৰ ধৰ্মৰ দাৰ্শনিক চিন্তাৰে অসমীয়া সমাজব্যৱস্থা চলমান হৈ থাকিব পৰাটোৱে তেৰাৰ যুগনায়ক চৰিত্ৰটোকে বহন কৰে৷ সেয়ে কওঁ, শংকৰদেৱৰ ৰচনাৰাজি নতুন পুৰুষে বিজ্ঞানসন্মত দৃষ্টিৰে বিশ্লেষণ কৰি আগবাঢ়িলে সমাজ অধিক গতিশীল হ’ব৷ কিয়নো প্ৰগতিশীল সমাজ এখনৰ সকলোবোৰ উপাদান তেৰাৰ ৰচনাত বিদ্যমান৷ সেয়ে শংকৰদেৱক ধৰ্মীয় গণ্ডীৰ পৰা উলিয়াই আনি সামাজিক-দাৰ্শনিক পৰিকাঠামৰ মাজত সুমুৱাই সুন্দৰ সমাজ গঢ়াৰ সংকল্প আজিৰ ডেকাসকলে লওক৷ শংকৰদেৱ অসমীয়া জাতিৰ ভেটি৷ এই ভেটি যদি আমি নিচিনো, তেনেহ’লে যিমানেই প্ৰগতিৰ পথত আগবাঢ়ি নেযাওঁ কিয়, থৰকবৰক হৈ ধ্বংসৰ পথলৈ যোৱাটো নিশ্চিত৷ সেয়ে সাহিত্যৰথী বেজবৰুৱাৰ ভাষাৰে কওঁ— “গুৰু লাগে মঞি শিক্ষিত শিষ্য/ জগতত জাননী দিলোঁ, জগতৰে গুৰু শ্ৰীশংকৰ ঘৰতেই/ অন্ধলাই নেদেখিলোঁ।“

ফিচাৰড্ ইমেজত: সাঁচিপতীয়া সচিত্ৰ কীৰ্তন পুথিৰ এখিলা পাত (কাথবাপু সত্ৰ)

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of