মানুহবোৰ উটি ফুৰিছে [কাৰ্বি আংলঙৰ ডকমকাৰ নিৰ্মম হত্যাকাণ্ডক গৰিহণা]

ওৰে ৰাতি পাহাৰ এটাই কান্দিছে
চৰাই এজাকে নিমাতে চাইছে

মানুহবোৰ উটি ফুৰিছে

তেজত তেজ বমি কৰা দেখি
মানুহবোৰ উটি ফুৰিছে

পাহাৰতলীত গীত গোৱা চৰাই এহাল
বাটৰ দাঁতিত পৰি ৰোৱা কথাটো
দেখাৰে পৰা
চাব পৰাৰ জোখাৰে চাইছে
হিংসাৰ মেলাত
কোনোৱে প্ৰতিহিংসাৰ চানাচুৰ খাইছে
কোনোৱে কৈছে—
কামুৰিলেই কামোৰেনে কুকুৰ?
স্থিৰতা নাই চকুৰ

মানুহবোৰ উটি ফুৰিছে

মানুহবোৰ উটি ফুৰিছে
চিঞৰ এটাৰ আচিলাৰে
কোনোৱে আওঁৰাইছে—
আমি গান ভাল পাওঁ
গগনা বজাওঁ
কলপতীয়া বতাহেৰে বুকু জুৰাওঁ
তোৰে মোৰে একেখিনি তেজ
একেই বেশ এখনেই চিকুনী দেশ,
নামাৰিবি ঔ
নামাৰিবি ঔ
মৰিলে আয়ে কান্দিব
বোপাই বলীয়া হ’ব
গানবোৰ নিতাল মাৰি শুব!

মানুহবোৰ উটি ফুৰিছে

শোকত শোকেৰে খুন্দিয়াই
মানুহবোৰ উচটাই উচটাই কোনে উটাইছে
গানগোৱা চৰাইহাল
জাহ নিওৱাৰ বাটত
ৰঙীণ জাতিৰ ছাতি এটা হামখুৰি খাইছে

মানুহবোৰ কেনি উটিছে
কলৈ উটিছে?

| আৰু পঢ়ক: হীৰেন ভট্টাচাৰ্যৰ কবিতা ‘চিকাৰী’
Image: Wikimedia, CC0

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of