জামুগুৰিহাটৰ বিহুৰ ঐতিহ্য

জামুগুৰিহাটৰ বিহুৰ ঐতিহ্য
  • 19 Apr, 2023

বি হু অসমীয়া লোকসংস্কৃতিৰ শ্ৰেষ্ঠতম সম্পদ। অনাদি কালৰেপৰা পালন কৰি অহা বিহুটি অসমীয়া জাতীয় জীৱনৰ সংহতি আৰু সমন্বয়ৰ বৰসেতু। বিহু বুলি ক’লেই অসমত বসবাস কৰা প্ৰতিজন মানুহৰ মন-প্ৰাণ নাচি উঠে। একালৰ বৰপথাৰৰ যুৰীয়া আঁহতৰ তলৰপৰা আহি চোতাল গৰকি বিহুটি এসময়ত মঞ্চলৈ উঠিল আৰু এতিয়া বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ দ্ৰুত সম্প্ৰসাৰণৰ ফলশ্ৰুতিত ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটৰ জৰিয়তে সমগ্ৰ বিশ্বতে বিয়পি পৰিল। বৰ্তমান অসমৰ চুকে-কোণে মঞ্চবিহুৰ লগতে মুকলি বিহুৰো আয়োজন কৰা হয়। এই বিহুৰ স্বকীয় ৰূপ আৰু আস্বাদ আছে।

মঞ্চবিহুৰ প্ৰকৃততে ক’ত আৰু কেতিয়া আৰম্ভণি ঘটিছিল সেই সম্পৰ্কে সঠিক আৰু সৰ্বসন্মত তথ্য এতিয়াও পোহৰলৈ অহা নাই। কোনো কোনোৱে ১৯৫২ চনত অনুষ্ঠিত কৰা গুৱাহাটীৰ লতাশিল খেলপথাৰৰ বিহুখনকে অসমৰ প্ৰথম মঞ্চবিহু বুলি ক’ব খোজে যজিও এই তথ্যক সকলোৱে এই কাৰণেই মানিব খোজা নাই যে ১৯৩৫ চনতে শোণিতপুৰ জিলাৰ জামুগুৰিহাটত অঞ্চলটোৰ ভিতৰতে প্ৰথমবাৰৰ বাবে মঞ্চবিহু অনুষ্ঠিত হৈছিল আৰু ১৯৮৫ চনত এই বিহুমেলাই গৌৰৱপূৰ্ণ ৫০ বছৰত ভৰি দিয়া উপলক্ষে আড়ম্বৰপূৰ্ণভাৱে সোণালী জয়ন্তী সমাৰোহ অনুষ্ঠিত হৈছিল। সোণালী জয়ন্তী উপলক্ষে জামুগুৰি বিহুমেলাৰ এখনি স্মৃতিগ্ৰন্থও প্ৰকাশ কৰা হৈছিল। গতিকে ক’ব পাৰি, লতাশিল খেলপথাৰত ১৯৫২ চনত অনুষ্ঠিত মঞ্চবিহুৰ প্ৰায় ১৬-১৭ বছৰৰ পূৰ্বেই জামুগুৰিহাটত অনুষ্ঠিত হৈছিল মঞ্চবিহু।

আনহাতে মুকলি বিহুৰো পাতনি তৰিছিল জামুগুৰিহাটে। সময়ৰ প্ৰয়োজনত জামুগুৰীয়া ৰাইজৰ চিন্তাত গঢ় লৈ উঠা, সম্প্ৰতি অসমৰ গাঁও-ভূঁই, নগৰ-চহৰ সৰ্বত্ৰ অনুষ্ঠিত এই মুকলি বিহু বিভিন্ন জনগোষ্ঠীৰ লোককলা-সংস্কৃতিৰ বৈচিত্ৰ্যময় মিলনভূমি। সম্প্ৰতি সৰ্বসমাদৃত অসমৰ বিহু সংস্কৃতিৰ অন্যতম গৌৰৱপূৰ্ণ নামটোৱেই হ’ল জামুগুৰিহাটৰ ‘বৰপুখুৰীপাৰৰ মুকলি বিহু’।

জামুগুৰিহাটৰ মুকলি বিহু চাই অসম মন্ত্ৰীসভাৰ একালৰ সদস্য, স্বনামধন্য শিল্পী-সাহিত্যিক লক্ষ্যধৰ চৌধুৰীয়ে যোৱা শতিকাৰ সাতৰ দশকত মত প্ৰকাশ কৰিছিল— “অসমৰ সংস্কৃতি চাবলৈ হ’লে জামুগুৰিহাটলৈকে যাবা। বৰপুখুৰীপাৰৰ মুকলি বিহু, বাৰেচহৰীয়া ভাওনা আৰু অসমৰ বাৰেচহৰীয়া সংস্কৃতিক এই অঞ্চলৰ বৰজপাত ৰাইজে আটোমটোকাৰি কৰি ধৰি ৰাখিছে।”

উচ্চ মানযুক্ত একোটা অনুষ্ঠানে একো একোটা অঞ্চলক মহীয়ান কৰি তোলে। এনে চিন্তাৰ আঁত ধৰিয়েই ১৯৩৫ চনত আনুষ্ঠানিকভাৱে বিহুমেলা পাতিবলৈ অহোপুৰুষাৰ্থ কৰিছিল কেইগৰাকীমান অত্যুৎসাহী জামুগুৰীয়া ডেকাই। অশেষ বাধা-বিঘিনি নেওচি অৱশেষত ডেকাকেইগৰাকীয়ে তেওঁলোকৰ সপোন বাস্তৱত পৰিণত কৰিলে। ফলত তাহানিৰ পথাৰৰ বিহু আহি মঞ্চত উঠিলহি। সেই চনৰে ১৯ আৰু ২০ এপ্ৰিলত সৌভাগ্য মাধৱ গাঁৱৰ মাধৱ ভৰালীচুক নামঘৰ প্ৰাংগণত নিৰ্মিত মঞ্চত ৰাজহুৱাভাৱে বিহুমেলা উদ্‌যাপিত হ’ল। এই আনুষ্ঠানিক বিহুমেলাৰ নাম ৰখা হ’ল জামুগুৰি বিহু সন্মিলন। ইয়েই হ’ল জামুগুৰি বিহুমেলাৰ প্ৰথমখন অধিৱেশন। এই প্ৰথমখন বিহুমেলাৰ উদ্‌যাপন সমিতিৰ সভাপতি আছিল প্ৰয়াত গোলোক চন্দ্ৰ ভূঞা আৰু সম্পাদক আছিল প্ৰয়াত গোলোক শৰ্মা আৰু ঘন কলিতা। পৰৱৰ্তী সময়ত জামুগুৰি বিহু সন্মিলনৰ নাম পৰিৱৰ্তন কৰি নতুনকৈ নাম ৰখা হয় ‘জামুগুৰি বিহুমেলা’। ১৯৫৯ চনত এই জামুগুৰি বিহুমেলাৰ ৰূপালী জয়ন্তী উৎসৱভাগো অতি জাক-জমকতাৰে অনুষ্ঠিত কৰা হৈছিল।

মুকলি বিহুৰ সৃষ্টি জামুগুৰি বিহুমেলাৰ। ১৯৬১ চনত এই জামুগুৰি বিহুমেলাৰ সৈতে জড়িত কেইগৰাকীমান উৎসাহী উদ্যোক্তাৰ আপ্ৰাণ প্ৰয়াসত প্ৰাণ পাই উঠিছিল মুকলি বিহুৰ পুলিটিয়ে। বিহুতলী আছিল ফুটুকাতলী অৰ্থাৎ গান্ধী পথাৰ। এইখনেই হ’ল অসমৰ প্ৰথমখন মুকলি বিহু। আৰম্ভণিতে এচাম তথাকথিত ৰক্ষণশীল লোকৰপৰা আহিছিল প্ৰবল বাধা। ফলত ১৯৬৫ চনৰ পাছত মুকলি বিহু উদ্‌যাপন সাময়িকভাৱে স্থগিত ৰাখিবলৈ বাধ্য হৈছিল। ১৯৬৮ চনত কেইবাগৰাকীও বিহুবলীয়া লোকে ৰক্ষণশীল সমাজৰ কবলৰপৰা ওলাই অশেষ সাহসেৰে সৰ্বসাধাৰণ লোকসকলে ভাগ ল’ব পৰাকৈ, গছকত যঁতৰ ভাঙি যোৱা, গাত দহোটা বলীয়া হাতীৰ বল থকা ডেকা-গাভৰুহঁতে নাচি নাচি হেঁপাহ পলুৱাব পৰাকৈ মুক্ত আকাশৰ তললৈ পুনৰবাৰ বিহুক লৈ আহিল বৰপুখুৰীপাৰৰ ইতিহাসপ্ৰসিদ্ধ ঠাইখনলৈ। সেই বছৰ ১৮খন গাঁৱৰ ১৮টা বিহুদলে হেঁপাহ পলুৱাই নাচি ৰক্ষণশীল সমাজৰ সকলো বাধা ওফৰাই দিলে।

মুকলি বিহুক ৰাইজে আদৰি ল’লে। মুকলি বিহুত অংশ ল’বলৈ অহা বিহুদলৰ সংখ্যা দিনকদিনে বাঢ়িবলৈ ধৰিলে। পূব বৰভগীয়া বিহুমেলা নামেৰে পতা এই বিহুমেলাই সমগ্ৰ অসমতে এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হ’ল। পৰৱৰ্তী ১৯৭১ চনত পূব বৰভগীয়া বিহুমেলাৰ নাম পৰিৱৰ্তন কৰি বৰপুখুৰীপাৰ মুকলি বিহু নামেৰে নামকৰণ কৰা হয়। উল্লেখ্য যে যিটো সময়ত অসমৰ আন কোনো বিহুতলীতে ‘মুকলি’ শব্দটো আনুষ্ঠানিকভাৱে প্ৰয়োগ হোৱা নাছিল, সেই সময়তে জামুগুৰিহাট অঞ্চলৰ গতিশীল আৰু সৃষ্টিশীল দলটোৰ অন্তৰত ‘মুকলি’ শব্দটোৱে প্ৰাণ পাই উঠিছিল, য’ত বাধা-বিঘিনি নাই, আছে মাথোঁ যৌৱনৰ উছাহ-উদ্দীপনা। শোণিতকোঁৱৰ গজেন বৰুৱাই এজোপা বৰগছৰ তলত ম’হৰ শিঙৰ পেঁপা বজোৱা এটা পাহোৱাল বিহুৱা ডেকাৰ ছবিৰে এই বিহুমেলাৰ প্ৰতীক আঁকি কাকত-আলোচনীৰ জৰিয়তে সমগ্ৰ অসমত মুকলি বিহুৰ বাতৰি বিয়পাই দিলে।

১৯৭৪ চনত অসমৰত্ন ড০ ভূপেন হাজৰিকাই এই মুকলি বিহুলৈ আহি জাক জাক ডেকা-গাভৰুৰ বিহুনাচ; মিচিং, নেপালী আদি জনগোষ্ঠীৰ বাৰেৰহণীয়া লোককলা-সংস্কৃতিৰ বৈচিত্ৰ্যময় মিলনথলী দেখি অভিভূত হৈ অসমৰ চহৰে-নগৰে এই বিহুৰ সুবাস বিয়পাই দিলে। তেতিয়াৰ সাংস্কৃতিক বিভাগৰ সঞ্চালক লুইতকোঁৱৰ ৰুদ্ৰ বৰুৱা দলে-বলে আহি এই মুকলি বিহুৰ তথ্যচিত্ৰ তৈয়াৰ কৰিলে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই সেই বছৰেই ১৫ মিনিট জোৰা বিহু অনুষ্ঠান সম্প্ৰচাৰ কৰিলে। ১৯৭৯ চনত কলকাতা দূৰদৰ্শন কেন্দ্ৰই প্ৰবীৰ মিশ্ৰৰ তত্ত্বাৱধানত তিনি হাজাৰ ফুট দৈৰ্ঘৰ ৰঙীন ফটো তুলি সমগ্ৰ ভাৰততে প্ৰচাৰ কৰিলে। বিভিন্ন বৰ্ষত বহুসংখ্যক স্বনামধন্য ব্যক্তিয়ে বৰপুখুৰীপাৰৰ মুকলি বিহুত অংশগ্ৰহণ কৰিবলৈ ধৰিলে। দূৰ-দূৰণিৰ ৰাইজৰ আদৰত, পদধূলাত বৰপুখুৰীপাৰ ধন্য হ’ল। ১৯৮০ চনত দূৰদৰ্শনযোগে প্ৰচাৰিত বৰপুখুৰীপাৰৰ মুকলি বিহুৰ অনুষ্ঠানে বিশ্বৰ লোকসংস্কৃতিৰ শিতানত শ্ৰেষ্ঠত্বৰ সপ্তম স্থান অধিকাৰ কৰি জামুগুৰিহাটলৈ অনন্য কৃতিত্ব আৰু গৌৰৱ কঢ়িয়াই আনিলে। ইফালে, ১৯৭৯ চনত বৰপুখুৰীপাৰৰ মুকলি বিহুক অধিক জীৱন্ত কৰি তুলিবলৈ সৃষ্টিশীল ৰূপত প্ৰকাশ কৰা হৈছিল বৰপুখুৰীপাৰ মুকলি বিহুৰ স্মৃতিগ্ৰন্থ ‘সুহুৰি’।

জামুগুৰিহাটৰ বিহুৰ ঐতিহ্য

বৰপুখুৰীপাৰৰ মুকলি বিহু

প্ৰতি বছৰে উদ্‌যাপিত হৈ অহা এই মুকলি বিহুৱে জামুগুৰিহাট অঞ্চলবাসীৰ তেজত এক উচ্চখাপৰ সাংস্কৃতিক স্ৰোত বোৱাই আনিছে। শৃংখলিত ৰূপত অসমৰ মুকলি বিহুৰ বাটকটীয়া অনুষ্ঠানৰূপে পৰিগণিত হোৱা এই মুকলি বিহুক কেতবোৰ বিশেষ কাৰণত অসমৰ মুকলি বিহুসমূহৰপৰা এক ব্যতিক্ৰম আৰু সুকীয়া আসন প্ৰদান কৰিব পাৰি। বৃত্তাকাৰ কক্ষত উত্তোলিত বিহু পতাকাক কেন্দ্ৰ কৰি ইয়াৰ চৌপাশত একেলগে একে সময়তে ন্যূনতম একুৰিৰপৰা দুকুৰি পৰ্যন্ত বিহু দলে মুকলিকৈ ঘূৰি ঘূৰি একে সময়তে বিহু প্ৰদৰ্শন কৰাৰ অনন্য দৃশ্য স্বচক্ষে নেদেখিলে ইয়াৰ মাদকতা লাভ কৰিব নোৱাৰি। মন কৰিবলগীয়া যে বিহু দলসমূহে এটা এটাকৈ এই বৃত্তাকাৰ কক্ষৰ বিহুতলীত প্ৰৱেশ কৰি একেলগে বিহু প্ৰদৰ্শন কৰে, য’ত একে সময়তে বিহু দলসমূহৰ শতাধিক ঢোল, তাল, পেঁপা, গগনাৰ শব্দত বৰপুখুৰীপাৰ ৰজনজনাই যায়।

এই বিহুমেলাৰ আন এটা বিশেষত্ব হ’ল— বিভিন্ন ভাষা-ভাষীৰ সংস্কৃতিক উদাৰচিত্তে আঁকোৱালি লোৱাটো। সেয়েহে এক কথাত ক’ব পাৰি, বৰপুখুৰীপাৰৰ এই মুকলি বিহুতলী কেৱল অসমীয়াৰে নহয়,— বিভিন্ন জাতি, উপজাতি, ধৰ্ম, বৰ্ণ, ভাষা-ভাষী মানুহৰ কৃষ্টি-সংস্কৃতি তথা আবেগিক ঐক্যৰ মিলনৰ উৎসৱ।

শেষত আমি আশা কৰোঁ, বিহুৱে অসমীয়া জাতি আৰু কৃষ্টিক যি সুস্থ চৰিত্ৰৰ পোছাক দিছে, সেই পোছাক জুয়ে পোৰা সোণৰ দৰে নিকা আৰু উজ্জ্বল হৈ কাললৈ জিলিকি ৰওক।

জামুগুৰিহাটৰ বিহুৰ ঐতিহ্য | হিমাংশু ৰণ্‌জন ভূঞা
Follow Nilacharai on Facebook