প্ৰেমৰ স্তৱক

মোৰ তেজৰ এপাহ ফুল
কলিজাত ফুলিছে
এতিয়া মই কি কৰোঁ
তোমালৈ মোৰ মৰম উপজিছে।

নদীখনৰ বুকুতে বিলীণ হৈ আছে
গছ-গছনি সূৰ্য আৰু পাহাৰৰ ছবি
ডাল-পাত খহি শিল হৈ গুড়ি হৈছে
পোতখাই গৈছে ক্ৰমে এবুকু গভীৰ তলি।
নদী বৈ আছে পাৰ ভাঙি ভাঙি
মোৰ পলসুৱা প্ৰেমৰ সীমনা চুমি চুমি।

মোক আৰু দুখ নিদিবা
চকুপানী মোৰ আইৰ বুকুৰ শৌৰ্য
তোমাক মই নোৱাৰোঁ জুখিব
মোৰ নিৰ্জীৱ প্ৰেমেৰে;
চকুৰ পতাত মোৰ অনন্য দুখৰ ক্লীৱতা
কান্দিব মই নোৱাৰোঁ
বেয়া নাপাবা।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of