এটা বাতৰিৰ আঁত ধৰি: ৰত্নাকৰ, কাঞ্চনজঙ্ঘা, বুলবুল কেন চিং আদিৰ কথাৰে

এটা বাতৰিৰ আঁত ধৰি: ৰত্নাকৰ, কাঞ্চনজঙ্ঘা, বুলবুল কেন চিং আদিৰ কথাৰে
  • 16 Oct, 2019

‘গু ৱাহাটীৰ অনুৰাধা চিনেমা হলৰ লগতে নগাঁও, ওদালগুৰি, কলিয়াবৰ, নগাঁৱত ‘ৰত্নাকৰ’ ছবিখনৰ ভিডিঅ’ কৰি হাতে-লোটে ধৰা পৰিল কেইবাজনো যুৱক’— বাক্যটো এটা টেলিভিচন চেনেলত প্ৰকাশিত এটা বাতৰিৰ‌। বাতৰিটোৰ শীৰ্ষক– “হাউছফুল ‘ৰত্নাকৰ’, টিকটৰ হাহাকাৰৰ মাজতে ছবিগৃহত ভিডিঅ’ কৰি আটক যুৱক, কি ক’লে যতীন বৰাই?”

বাতৰিটোত উল্লেখ কৰিছে – “… ইংৰাজী-হিন্দী ছবিক বক্স অফিচৰ যুঁজত পৰাস্ত কৰি অসমত প্ৰথম দিনাই অভূতপূৰ্ব সঁহাৰি লাভ কৰিলে যতীন বৰাৰ ছবি ‘ৰত্নাকৰ’-এ। অসমত ৫৯টা ছবিঘৰৰ লগতে মুম্বাই, পুনে, দিল্লী, হায়দৰাবাদ আৰু বেংগালুৰুৰ ১১টা ছবিঘৰত সগৌৰৱে চলি আছে ‘ৰত্নাকৰ’। তথ্য অনুসৰি ৰাজ্যৰ ৮০ শতাংশ ছবিঘৰত আটাইকেইটা দৰ্শনীৰে ৩ দিনৰ টিকট ইতিমধ্যেই নিঃশেষ হৈছে। মুঠৰ ওপৰত ক’ব পাৰি যে অসমীয়া চিনেমাৰ জড়তা জোকাৰি ‘ৰত্নাকৰ’ চাবলৈ হিলদ’ল ভাঙি ছবিঘৰলৈ আহিল দৰ্শক… ।”

নিসন্দেহে এয়া অসমীয়া ছবিজগতৰ বাবে সুখবৰ। অসমীয়া ছবিজগতখন পুনৰ সঞ্জীৱীত হওক, সেয়া অন্তঃকৰণে কামনা কৰোঁ। জুবিন গাৰ্গৰ ‘কাঞ্চনজঙ্ঘা’ৰ সাফল্যৰ পাছত ‘ৰত্নাকৰ’ ব্যাৱসায়িকভাৱে সফল কৰাৰ উমান ইতিমধ্যে অসমৰ দৰ্শকে দিছে। তাৰ মাজতে ম’বাইলত ছবিখন ছবিঘৰতে ৰেকৰ্ড কৰি সামাজিক মাধ্যমত বা আন ধৰণে প্ৰচাৰ কৰিছে একাংশই, যিটো শাস্তিযোগ্য অপৰাধ। ইয়াৰ পূৰ্বেও ‘মিছন চাইনা’, ‘কাঞ্চনজঙ্ঘা’ৰ ক্ষেত্ৰতো অনুৰূপ ঘটনা দেখা গৈছিল। ঘটনা আদালতৰ মজিয়াও পাইছিলগৈ। শেষত যেনিবা জুবিন গাৰ্গে বিষয়টো বুজাবুজিৰে নিষ্পত্তি কৰিছিল। তাৰ পাছতো ‘ৰত্নাকৰ’ত এনে ঘটনা ঘটাটো উচিত নাছিল।

যি কি নহওক, আমি উল্লিখিত বাতৰিটো আলোচনাৰ মাজলৈ টানি অনাৰ লক্ষ্য বেলেগ। আমি কলিয়াবৰৰ এখন গাঁৱৰ বাসিন্দা। কলিয়াবৰক এখন সাংস্কৃতিক ঠাই বুলিয়েই বিশ্বাস কৰোঁ। বছৰত ভাওনা-নাটক আদিৰে সাংস্কৃতিক পৰিৱেশ এটা জীয়াই ৰখাৰ চেষ্টা কৰে কলিয়াবৰৰ সংস্কৃতিৱান লোকসকলে। স্থানীয় লোকসকলে দান-বৰঙনিৰ উপৰি দৰ্শক হিচাপেও নাটক-ভাওনাত অৰিহণা যোগাই আহিছে। অসমৰ শীৰ্ষস্থানীয় ভ্ৰাম্যমাণ নাট্যদলসমূহে কুঁৱৰীটোল, জখলাবন্ধাত বছৰি ভিৰ কৰেহি। সেই মতে কলিয়াবৰীয়া নাট্যপ্ৰেমীয়েও সঁহাৰি জনোৱাত কৃপণালি কৰা নাই। কিন্তু দুখৰ বিষয়, চলচ্চিত্ৰ উপভোগৰ বাবে বৃহত্তৰ কলিয়াবৰ অঞ্চলত বৰ্তমান এটাও ছবিগৃহ নাই। কলিয়াবৰৰ অন্যতম বাণিজ্যিক কেন্দ্ৰ জখলাবন্ধা, মিছা, শিলঘাট, আমবাগান, শালনা আদি স্থানত এসময়ত ছবিঘৰ আছিল। সা-সুবিধা বা কাৰিকৰী দিশটো উন্নত নহ’লেও স্থানীয় দৰ্শকে ছবি এখন চোৱাৰ সুবিধা লাভ কৰিছিল। লাহে-লাহে অসমৰ ছবিঘৰবোৰত ছবি নচলা হোৱাৰ লগে-লগে ছবিঘৰবোৰো নোহোৱা হ’ল। কলিয়াবৰতো ইয়াৰ প্ৰভাৱ পৰিল। ছবিঘৰবোৰ বন্ধ হ’ল।

এয়া বিশ বছৰ মানৰ আগৰ কথা। তাৰ পাছত কলিয়বৰৰ ৰাইজে ছবি এখন চাবলৈ ৩০-৩৫ কিলোমিটাৰ দূৰৰ তেজপুৰ বা ৪৫-৫০ কিলোমিটাৰ দূৰৰ নগাঁৱলৈ যাবলগীয়া হ’ল, যিটো সকলোৰে বাবে সম্ভৱ নহয়। যোৱা সময়ছোৱাত অসমৰ ছবিজগতত মুক্তি পোৱা ‘মিছন চাইনা’, ‘ভিলেজ ৰকষ্টাৰচ্’, ‘বৰনদী ভটিয়ায়’, ‘কাঞ্চনজঙ্ঘা’, ‘বুলবুল কেন চিং’ আদি ছবিৰ দৰ্শক হোৱাৰ পৰা যেনেদৰে অসমৰ সিংহভাগ ঠাইৰ লোক বঞ্চিত হ’ল, ঠিক তেনেদৰে বৃহৎ কলিয়াবৰ অঞ্চলটোৰ ৰাইজো বঞ্চিত হ’ল। তাৰ মাজতে দুই-এক সৌভাগ্যৱান ছবিপ্ৰেমীয়ে অসমীয়া ছবিজগতৰ উত্তৰণৰ সাক্ষী হৈছে নগাঁও, তেজপুৰলৈ গৈ।

এই ক্ষেত্ৰত আচলতে কৰণীয়খিনিৰ পৰা চৰকাৰ আঁতৰি থাকে। ঘোষণা হয়— মিনি চিত্ৰগৃহ নিৰ্মাণৰ পৰিকল্পনা আৰু তেনেকৈয়ে পৰি ৰয়। চৰকাৰ আহে, চৰকাৰ যায়, কিন্তু অসমীয়া ছবিজগতৰ উন্নতিৰ বাবে বিগত সময়ছোৱাত কোনো কাৰ্য‍কৰী ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল। যিসকল প্ৰযোজকে মৰসাহ কৰি ছবি নিৰ্মাণ কৰে বা কৰিলে, তেওঁলোকৰ বেছিভাগৰে জেপ খালি হ’ল। গতিকে কি সাহত ছবি নিৰ্মাণ কৰিব? দৰ্শকৰ অভাৱ বুলি কোৱা হয় যদিও দৰ্শক হ’ব বিচৰাসকলৰ ঠাইত নাই ছবি চোৱাৰ সুবিধা। এনে সুবিধা পৰ্যাপ্ত পৰিমাণে থাকিলেহে ছবিত খটোৱা ধন ঘূৰি অহাৰ সম্ভাৱনা থাকে, কাৰণ সিংহভাগ অসমীয়া গাঁৱৰ পুৰুষ-নাৰী উভয়ে এতিয়া ব্যক্তিগত অসমীয়া টিভি চেনেলকেইটাত প্ৰচাৰিত অতি নাটকীয়, অসমীযা সমাজ ব্যৱস্থাৰ লগত নিমিলা ধাৰাবাহিককেন্দ্ৰিক জীৱনৰ পৰা মুক্তি পোৱাৰ এটা পথ বিচাৰি আছে,— যিটো ছবিঘৰেহে দিব পাৰিব বুলি আমি বিশ্বাস কৰোঁ।

অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম নামৰ চৰকাৰী অনুষ্ঠানটোৱে চলচ্চিত্ৰৰ উন্নয়নৰ বাবে প্ৰযোজকক ঋণ দিয়াৰ দৰে দুই-এটা সৰু-সুৰা পদক্ষেপ লোৱা চকুত পৰে। জ্যোতি চিত্ৰবনেও বহু সুবিধা অসমীয়া ছবি প্ৰযোজকক দিছে। কিন্তু ছবি চলিবলৈ যদি ছবিগৃহই নাই, তেনেক্ষেত্ৰত ছবি নিৰ্মাণৰ বাবে দিয়া ঋণ ঘূৰি অহাটো সম্ভৱনে? এনেবোৰ কথা চালি-জাৰি চাব পৰা বৰমূৰীয়া বিষয়া, সংস্কৃতি বিভাগৰ মন্ত্ৰী-মন্ত্ৰ্যালয়ও আছে, কিন্তু ফলাফল শূন্য!

তাৰ মাজতে যি দুই-চাৰিখন ছবিয়ে সফলতা লাভ কৰিছে, তাৰ কাৰণ কি, সকলোৱে নিশ্চয়কৈ অনুভৱ কৰিছে। লাভৰ মুখ দেখা ছবিৰ আমোদ কৰ লৈ টনা-আঁজোৰা চলে। সেই টকাকেইটা ওভোতাই পোৱালৈ দ্বিতীয় এখন ছবি কৰাৰ আগ্ৰহ নাথাকেগৈ।

অৱশ্যে কিছু ক্ষেত্ৰত অসমীয়া ছবিজগতৰ লগত জড়িত কলা-কুশলীৰ বাবেও অসমীয়া ছবিৰ দুৰৱস্থা চলি থকা বুলি এটা পক্ষই ক’ব বিচাৰে। এতিয়া তেনেধৰণৰ কাৰিকৰী বিষয়বোৰৰ পৰা আঁতৰি থাকি অসমীয়া ছবি উদ্যোগটোক গতিশীলতা প্ৰদান কৰাৰ বাবে শিল্পী-কলাকুশলীসকলে চৰকাৰ-সমাজৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পৰাকৈ একগোট হওক। যিসকল অভিনেতা-অভিনেত্ৰীৰ এটা কথাত বজাৰৰ পৰা নতুন সামগ্ৰী আহি ৰান্ধনীশাল পায়হি, সেইসকলৰ কথাত ছবি চাবলৈ ৰাইজ কিয় নাহিব?

যোৱা ১৮ ছেপ্টেম্বৰত ‘ৰত্নাকৰ’ ছবিখনৰ প্ৰচাৰৰ বাবে যতীন বৰা, বৰষাৰাণী বিষয়া আৰু ছবিৰ প্ৰযোজক কলিয়াবৰলৈ আহিছিল। ছবিৰ প্ৰচাৰৰ মাজতে কলিয়াবৰত যে এটা ছবিগৃহ নাই, সেই কথাটো যতীন বৰাৰ মুখেৰেই ওলাইছিল। সেয়ে কলিয়াবৰৰ পৰা পঁয়ত্ৰিশ কিলোমিটাৰ নিলগৰ তেজপুৰৰ ছবিঘৰত গৈ ‘ৰত্নাকৰ’ চাবলৈ অনুৰোধ জনাইছিল। তদুপৰি তেওঁ কলিয়াবৰৰ নিচিনা বহু ঠাইত ছবিঘৰৰ অভাৱ পূৰাবলৈ কৰা চেষ্টাৰ বিষয়েও অৱগত কৰিছিল। যতীন বৰা এগৰাকী জনপ্ৰিয় অভিনেতা-পৰিচালক হ’লেও বৰ্তমান তেওঁ অসম চৰকাৰৰ চলচ্চিত্ৰ উন্নয়ন আৰু বিত্ত নিগমৰ অধ্যক্ষ। সেয়ে তেখেতৰ মন্তব্যেটো নিশ্চয়কৈ গুৰুত্বপূৰ্ণ। পৰৱৰ্তী সময়ত অসমীয়া চলচ্চিত্ৰৰ জয়যাত্ৰাত অংশ ল’ব পৰাকৈ কলিয়াবৰৰ নিচিনা অসমৰ অনেক স্থানত ক্ষুদ্ৰ ছবিগৃহ নিৰ্মাণৰ পৰিকল্পনা বাস্তৱত ৰূপায়িত হওক, তাৰ আশা নিশ্চয় অমূলক নহ’ব।

❧। আৰু পঢ়ক: অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বৰ্তমান আৰু ভৱিষ্যৎ

এতিয়া এটা নঞৰ্থক বাতৰিয়ে কলিয়াবৰৰ নাম শিৰোনামলৈ আনিছে। ‘ৰত্নাকৰ’ ছবি প্ৰদৰ্শনৰ সময়তে ভিডিঅ’ ৰেকৰ্ডিং কৰি প্ৰচাৰ কৰিছে অসমৰ বিভিন্ন স্থানত। সেই স্থানসমূহৰ ভিতৰত কলিয়াবৰ নাম দেখা পালো। যোৱা বিশ বছৰৰ আগতেই কলিয়াবৰৰ পৰা ছবিগৃহই মেলানি মাগিলে। তেনেস্থলত কলিয়াবৰৰ ছবিগৃহত ‘ৰত্নাকৰ’ ছবিখনৰ ভিডিঅ’ কৰা বাতৰিটোৱে আনন্দ দিছে নে বিষাদ দিছে, ধৰিব নোৱাৰিলো!

এটা বাতৰিৰ আঁত ধৰি: ৰত্নাকৰ, কাঞ্চনজঙ্ঘা, বুলবুল কেন চিং আদিৰ কথাৰে | ৰূপজ্যোতি গোস্বামী

Follow Nilacharai on Facebook