জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’: পাঠ আৰু আবৃত্তি

জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’ কবিতাৰ সম্পূৰ্ণ পাঠ (text) আৰু আবৃত্তি:


কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী

১.
মই কাঞ্চনজঙ্ঘা
তুষাৰ শুভ্ৰ শিৰ
ময়ে অভ্ৰভেদী বীৰ
মোৰ জটা ঝৰি ঝৰি
নিজৰি নিজৰি বয়
নিগৰি নিগৰি
অবিৰল কল্‌কল্‌৷

শৈলজা পয়োধৰা
পিযুষ সলিলা
সুৰধ্বনি গঙ্গা;
প্ৰথমৰ
প্ৰভাতৰ
অৰুণৰ জ্যোতি,
অণ্বনৃ জুৰি মোৰ
আলোক-নৃত্য কৰি
বিয়পাই বিশ্বত ৰঞ্জন দ্যুতি৷

মোৰে আশেপাশে গায়
কিন্নৰী বালিকাই
আলোক-বোধন মহাগীত,
সন্ধিয়াই সন্ধিয়াই
বেলি-বিদায় গানে
দিগন্ত কৰে মুখৰিত৷

উদয় আৰু অস্তৰ
বৰ্ণ-বৈচিত্ৰ্যৰ,
ছঁয়াময়া কাচনেৰে কাচে
প্ৰহেলিকাময়ী সম নাচে
কুটজ কুসুমৰ
লগে লগে
লাখে লাখে
মৃদু মৃদু কম্পিত সমীৰণ ছন্দা
শৈলবালা দলে কস্তুৰীগন্ধা৷

২.
অতীতৰো অতীতৰ
যি মহা অতীতে
বৰ্তমান ভেদি
ভৱিষ্যতলৈ যায়,
মোৰে জুহালত বহি
বুৰঞ্জীৰ পাত লুটিয়াই
ভৱিষ্যতৰ কথা কয়
কল্পনা-লঙ্ঘা
বহি বহি মই কাঞ্চনজঙ্ঘা৷

ভাৰতবৰ্ষ,
দেখি-শুনি জাগে মোৰ
বিষাদতো হৰ্ষ৷
প্ৰকৃতিৰ অভিনয় মানসী পুতলা
আহিল, উঠিল গ’ল
পাতি পাতি বিচিত্ৰ মেলা,
হাঁহি আৰু কান্দোনৰ
নৱ নৱ খেলা৷

ৰূপান্তৰেদি আহি
বৰণ সলাই হাঁহি
মানসীয়ে নাচে এই ভাৰতৰ মঞ্চত
যুগ কাল বাজনাৰে কৰি লৈ সঙ্গত৷
পিন্ধি পিন্ধি সভ্যতাৰ
নতুন মেখেলা
নাচি নাচি উৰুৱায়
সোণোৱালী ধূলা৷
সেই ধূলিৰেই ঢাক খায়
ধূলিতেই জহি যায়
পুৰণি ভঙ্গা,
পুনু ধূলিৰেই পৰা
ৰূপ লৈ জাগে এক
নৱযুগ অঙ্গা,
অহৰহ আছে বৈ,
সুৰধ্বনি গঙ্গা,
ময়ো উদাসী আছোঁ
কাঞ্চনজঙ্ঘা৷

৩.
ডুগ্‌
ডুগ্‌
ডুগ্‌
ডুগ্‌
ডম্বৰু বাজে
মোৰে চোতালতে নিতে
ত্ৰ্যম্বক নাচে,
বাজে ৰুদ্ৰতাল
নাচে মহাকাল
অভিনৱ তাণ্ডৱ
বিবধ বিভঙ্গ
উলঙ্গ বিলঙ্গ৷

মুদ্ৰাত জ্বলি উঠে সৃষ্টিৰ ইঙ্গিত
ডম্বৰুত বাজি উঠে প্ৰলয়ৰ সঙ্গীত
নয়নাৰ দৃষ্টিত আলোক-বৃষ্টি
মানৱৰ কল্পনাত
সেই জ্যোতি-প্ৰপাতত
গজি উঠে
যুগে যুগে
অভিনৱ কৃষ্টি৷

ডুগ্‌
ডুগ্‌
ডুগ্‌
ডুগ্‌
ডম্বৰু বাজে
সৃষ্টি সৃষ্টি বুলি মহাকালে নাচে,
সৃষ্টিয়ে আদি
সৃষ্টিয়ে অনাদি
সৃষ্টিৰ চক্ৰ
মন্থিত কৰি ঘূৰে প্ৰলয়ৰ তক্ৰ
সৃষ্টিহে সৃষ্টি
চলে অহোৰাত্ৰি,
প্ৰলয়েই সৃষ্টিৰ যুগে যুগে মাতৃ৷

জীৱন জীৱন, মাথোঁ অনন্ত জীৱন
স্ফুৰণ স্ফুৰণ, মাথোঁ অনন্ত স্ফুৰণ
ঘূৰণ ঘূৰণ, মাথোঁ অনন্ত ঘূৰণ,
মৰণেই আনি দিয়ে মহাসঞ্জীৱন৷

ধ্বংস—, ধ্বংস ক’ত?
ধ্বংস যে নাই—
ধ্বংসতে সৃষ্টিয়ে পাতনি পেলায়৷

ঘোৰ প্ৰলয়ৰ তৰাঙ্গাঘাতত
জলদ-ঘৰ্ষণত
সৃষ্টিৰ বিদ্যুৎ ইঙ্গিত জাগে,
সৃষ্টিৰ মেঘৰাগে
সুগভীৰ গাজনি গাজে,
সৃষ্টি সৃষ্টি বুলি
ডুগ্‌
ডুগ্‌
ডুগ্‌
ডুগ্‌
ডম্বৰু বাজে,
চৰাচৰ সৃষ্টি অমৃতসঙ্ঘা,
শুভ্ৰকেশী মই কাঞ্চজঙ্ঘা৷

৪.
মাটিত কিৰণ পৰি
যি ফুল ফুলাই
সৰিলে জহিলে সি
মাটিলৈকে যায়
আলোকত সুৰভি মিলাই,
মাটিৰ লগতে যি মাটি হৈ গ’ল
তাক জানো বিচাৰিলে পায়,
বিস্মৃতিৰ গৰ্ভলৈ যিটি সোমায়?

ভাৰতৰ মাটিতেই
কত মাটি ফুটি উঠা
নৱ নৱ ৰূপ-ৰস-গন্ধ-বৰ্ণ গান
হ’ল অৱসান;
মাটিতেই নিজকেই দিলে মিহলাই
খেলি মায়া-ছাঁয়াৰাজি আৰু নাই নাই
কাৰ আঁৰকাপোৰ পেলায়!

বিস্মৃত কল্পৰ শেষ চকুলোৰ
শেষ বনৰীয়া সুৰ
কঁপি কঁপি জাহ গ’ল
আন্ধাৰৰ অন্তৰালত,
পাহৰা সি সুৰ গ’ল
শেষ কৰি পৃথিৱীৰ
সাধুকথা তাৰ
কোনোবা অনন্তলে’
ক্ষীণ প্ৰতিধ্বনি ৰ’ল ৰূপান্তৰত৷
মাথোঁ জাগি ৰ’ল
পৃথিৱীৰ মাটিৰ বুকুত
ছঁয়াময়া ছাঁ তাৰ
মনত নপৰা অতীতৰ সপোনত৷

হাঁহিছিল, মাতিছিল
যি আদিম প্ৰাণীৰ গানে
পৃথিৱীত পুৱাই পুৱাই ,
তাৰ দিন উকলিল
ল’লে সিও চিৰবিদায়৷

ডুগ্‌
ডুগ্‌
ডুগ্‌কৈ
ডম্বৰু বাজিয়ে ৰ’ল,
মহাকালে নাচিলেহি বৰ্বৰ তাণ্ডৱ
জাগে য’ত মহাকায় দৈত্য-দানৱ৷
যক্ষ যক্ষ কত অসুৰৰ সঙ্ঘ
বীভৎস উল্লাসে নাচে অভঙ্গ৷

পৈশাচী কল্পনাই
দেখুৱাই—
হুটামুটা উৎকট ৰূপ,
মুক্ত হ’ল সৌন্দৰ্যৰ আদিম স্বৰূপ
জ্বলিল পৃথিৱী জুৰি কামগন্ধী ধূপ৷

পৃথিৱীৰ প্ৰথম কলাই
অঙ্গৰ আভাষ দিয়া
কুদৰ্শন ভ্ৰুণৰূপে
আহিল ওলাই,
কলা-সৃষ্টি আদিৰ পাতনি পেলাই৷
তামসিকতাৰ হ’ল বিচিত্ৰ প্ৰকাশ
আসুৰীয় সভ্যতাৰ পাৰস্য-বিলাস
দুৰন্ত কামনা যত
নিষ্ঠুৰ বাসনা
শৃঙ্খল বন্ধনহীনা
বজালেহি দানৱীয় সুৰৰ বীণা৷

আঘাতত জনমিল সুৰ উন্মত্ত
ফুটন্ত ছন্দ ঝঞ্জবৃত
হ্ৰেষণি ঘ্ৰেষণি উঠে
দানৱীয় বাজনাৰ,
ঝঙ্কাৰে, গৰ্জে,
উঠে হুহুঙ্কাৰ,
জ্বলে লেলিহান যজ্ঞ
ভোগ-লালসাৰ,
অসংযত তামসী তৃষ্ণাৰ
ধূমাকীৰ্ণ কৰি জীৱনৰ পাৰাবাৰ,
ক্ষণে ক্ষণে
ঘটে মহামাৰ
আপুনিয়ে হয় ছাৰখাৰ৷

৫.
তমসৰ আন্ধাৰত
ৰজসৰ পোহৰ পৰিল
দানৱীয় চেতনাত—
মেধা আৰু মনীষাৰ
কল্পনাৰ—
নৱতম প্ৰভাত জাগিল,
নৱসুৰে, নৱতানে বাজনা বাজিল৷

অতীতে লুকুৱালে বুৰঞ্জীৰ পাত
হ’ল—
পৃথিৱীত জীৱনৰ নৱ সূত্ৰপাত৷

ইন্দ্ৰিয় তৃপ্তিৰ প্ৰচণ্ড সাধন
কল্পনাৰ পাহি মেল খালে অগণন
মেধা আৰু মনীষাৰ
বিস্তাৰ প্ৰসাৰ
দানৱীয় আকাঙ্ক্ষা মহাদুৰ্নিবাৰ;
আসুৰী সম্পদ লৈ লৰিল দানৱ
গঢ়িলে সভ্যতা জগতত অভিনৱ৷

স্বৰ্গে
স্বৰ্গে
যত দেৱতাৰ ত্ৰাস
শুনি অসুৰৰ অট্টহাস
দূৰে
দূৰে
জাগে যত মানৱৰ দল
সিহঁতৰ কল্পনাত স্বৰ্ণকমল ৷
সিহঁতৰ মনীষাত
অভ্যুদয়িলে জ্যোতিষ্মান
নৱতম প্ৰভাতৰ দিব্যতম গান৷

অৱসান পৃথিৱীৰ তামসী ৰাত্ৰি
গায়ত্ৰী ছন্দে
নাচে দলে দলে যত
আলোক যাত্ৰী৷
সিহঁতৰ
প্ৰতিভাত নৱনৱোন্মেষ
সৃষ্টি মণিময় হ’ল
বিশেষ বিশেষ,
দৃষ্টি লোকালোক প্ৰসাৰিত
মনীষাত জ্যোতি উদ্ভাসিত,
জিলিকিল পূৰ্বাভাস অনাগত
মহামানৱৰ
প্ৰণৱ ওঙ্কাৰধ্বনি
উঠিছে আকাশ জুৰি
জ্বলে যজ্ঞ বিশ্বমঙ্গলৰ৷

আবৃত্তি: মহেন্দ্ৰ কাকতি


আৰু পঢ়িব পাৰে: জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিশু উপযোগী কবিতা

আপোনাৰ আৰু ভাল লাগিব পাৰে:
সম্পাদক

সম্পাদক

editor@nilacharai.com

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of