মৰিচাছ: সাগৰৰ বুকুত ক্ষুদ্ৰ ভাৰত

মৰিচাছ: সাগৰৰ বুকুত ক্ষুদ্ৰ ভাৰত
  • 21 Dec, 2018

ৰিচাছ (Mauritius) মাদাগাস্কাৰৰ পৰা ৮০০ কিলোমিটাৰ পূবে ভাৰত মহাসাগৰৰ বুকুত সৰু-বৰ কেইটামান দ্বীপ লগ লাগি হোৱা এখন দ্বীপৰাষ্ট্ৰ (island nation)। ১৬শ শতিকালৈ ইয়াত মানুহৰ বসতি নাছিল। ১৭২১ চনত ফৰাচীসকলে মৰিচাছ দখল কৰি কুঁহিয়াৰ খেতি আৰম্ভ কৰে। খেতিত কাম কৰিবলৈ তেওঁলোকে আফ্ৰিকাৰ পৰা বনুৱা আনিব লগা হৈছিল। ১৮১০ চনত ইংৰাজে ফৰাচীক খেদি মৰিচাছ দখল কৰে। কুঁহিয়াৰ খেতিত কাম কৰিবলৈ ইংৰাজে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা পাকৈত বনুৱা সংগ্ৰহ কৰি জাহাজেৰে তালৈ নিয়ে। বেছিভাগ বনুৱা বিহাৰ ৰাজ্যৰ পৰা নিয়া হৈছিল। তেওঁলোকে মৰিচাছৰ সুন্দৰ পৰিৱেশ ভাল পাই ভাৰতলৈ ঘূৰি নাহিল।

২০৪০ বৰ্গ কিলোমিটাৰ আয়তনৰ মৰিচাছে ১৯৬৮ চনৰ মাৰ্চ মাহৰ ১২ তাৰিখে স্বাধীনতা লাভ কৰে। দেশখনৰ জনসংখ্যা মাত্ৰ ১৩ লাখ। ইয়াৰ ভিতৰত ৬৮ শতাংশ লোকেই হ’ল ভাৰতীয় মূলৰ। আফ্ৰিকীয় মূলৰ মানুহ কিছু আছে। চীনা মানুহো আছে যদিও বিয়া-বাৰু ভাৰতীয়ৰ লগতহে হয়। তাৰ প্ৰধান কাৰণ, চীনা ছোৱালীৰ অভাৱ। নক’লেও হ’ব, মৰিচাছৰ শাসনৰ বাঘজৰী ভাৰতীয় মূলৰ মানুহৰ হাতত। দেশখনৰ প্ৰধান মন্ত্ৰী (২০১৭ৰ পৰা) প্ৰৱীণ্ড জগনাথ (Pravind Jugnauth) ভাৰতীয় মূলৰ লোক।

মৰিচাছৰ চৰকাৰী ভাষা ইংৰাজী যদিও ফৰাচী ভাষাৰ আদৰো কম নহয়। তাৰ কাৰণ, প্ৰায় এশ বছৰ ধৰি ফৰাচীসকলে মৰিচাছত শাসন চলাইছিল। ইয়াৰ উপৰি তাত হিন্দী (ভোজপুৰী), তামিল, তেলুগু আৰু মাৰাঠী ভাষাৰ ব্যাপক প্ৰচলন আছে। ভাৰতীয় ভাষাসমূহৰ উন্নতিৰ হকে তাৰ চৰকাৰখনে ব্যৱস্থা লৈছে। তাৰ বাবে ভাষা গৱেষণা কেন্দ্ৰ এটা স্থাপন কৰা হৈছে। ভাৰতীয় ভ্ৰমণকাৰীয়ে মৰিচাছলৈ গ’লে নিজ দেশত থকাৰ দৰেই অনুভৱ কৰে। ভাষাৰ সমস্যা নাই, খোৱাৰ সমস্যা নাই। কাৰণ, ভাৰতীয় খাদ্য সকলো ঠাইতে পোৱা যায়। তদুপৰি ভাৰতীয় মানুহক লগ পালে তেওঁলোকে আপোনজনক লগ পোৱাৰ দৰে অনুভৱ কৰে।

মৰিচাছৰ অৰ্থনীতিৰ মূলাধাৰ হ’ল তাৰ চেনী উদ্যোগ। কুঁহিয়াৰ খেতি দ্বীপৰ সকলো ঠাইতে কৰা হয়। মৰিচাছৰ ভূমিভাগ সমতল নহয়, ওখ-চাপৰ। ৰাস্তাবোৰ দীঘল নহয়। দুয়ো ফালে সেউজীয়া কুঁহিয়াৰণি। শতকৰা ২৫ ভাগ বিদেশী মুদ্ৰা অকল চেনী উদ্যোগৰ পৰাই আহে। ইয়াৰ উপৰি বস্ত্ৰশিল্প, ঘড়ী নিৰ্মান, চামৰাৰ সামগ্ৰী আদিৰ উদ্যোগ গঢ়ি উঠিছে। ক্ষুদ্ৰ দেশখনৰ অৰ্থনীতিৰ বুনিয়াদ লাহে লাহে টনকিয়াল হৈ আহিছে। তাৰ চৰকাৰখনে ভাৰতৰ সহযোগত বহুতো পৰিকল্পনা হাতত লৈছে। মৰিচাছৰ বহু ছাত্ৰ-ছাত্ৰী ভাৰতৰ বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়নৰত। কিছু বছৰ আগতে দিল্লীত মৰিচাছৰ এজন ভদ্ৰলোকক লগ পাইছিলোঁ, তেওঁৰ পৰা দেশখনৰ বিষয়ে বহু কথা জানিব পাৰি আনন্দ লাভ কৰিছিলোঁ।

মৰিচাছৰ জলবায়ু নাতিশীতোষ্ণ। ইয়াৰ অনুপম সৌন্দৰ্যই বিদেশী পৰ্যটকক হাত বাউলি মাতে। চৰকাৰে পৰ্যটনৰ বাবে সকলো ব্যৱস্থা হাতত লৈছে। বছৰটোৰ সকলো মাহতে পৰ্যটক দেখা যায়। বছৰি পাঁচ লাখৰো অধিক বিদেশী পৰ্যটকৰ আগমনে দেশখনৰ অৰ্থনীতিলৈ এক গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াইছে।

mauritius

ভাৰত আৰু চীনলৈ অহা-যোৱা কৰা ডাঙৰ ডাঙৰ মালবাহী জাহাজবোৰ মৰিচাছৰ কাষেদি যায়। এই জাহাজবোৰৰ চালচলনত চকু ৰাখিবলৈ চীনে মৰিচাছত এক সামৰিক ঘাটি স্থাপনৰ বাবে তাৰ চৰকাৰখনক হেঁচা প্ৰয়োগ কৰি আহিছে যদিও সফল হ’ব পৰা নাই। ভাৰত মহাসাগৰত থকা সৰু সৰু দেশবোৰে চীনক সন্দেহৰ চকুৰে চায়। আনহাতে চীনক ভয়ো কৰে। ভাৰতৰ লগত থকা আত্মিক আৰু মধুৰ সম্পৰ্কৰ বাবে মৰিচাছে চীনৰ প্ৰস্তাৱ মানি লোৱা নাই। ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৰিচাছ ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰিত হয়। ইয়াৰ ভিতৰত বিশেষ এখন চুক্তিয়ে ভাৰত মহাসাগৰত চীনৰ দপদপনি কমোৱাত সহায় কৰিব বুলি আশা কৰা হৈছে। চুক্তি মতে, মৰিচাছে আগালেগা (Agaléga) নামৰ দ্বীপটো ভাৰতক ব্যৱহাৰ কৰিবলৈ এৰি দিছে। এইখিনিতে উল্লেখ কৰা ভাল হ’ব, আগালেগা নামৰ দ্বীপটো আমেৰিকাই কিনিব বিচাৰি হতাশ হ’ব লগা হৈছিল। পাছত দিয়েগো গাৰ্চিয়া নামৰ দ্বীপত আমেৰিকাই বলপূৰ্বক সামৰিক ঘাটি স্থাপন কৰিছে। এই লৈ দুয়ো দেশৰ মাজত সংঘাত চলি আছে। মৰিচাছৰ পৰা ১১০০ কিলোমিটাৰ উত্তৰে ভাৰতৰ ওচৰত থকা ৭০ বৰ্গ কিলোমিটাৰ আয়তনৰ আগালেগা দ্বীপটোৰ সৰ্বাংগীন উন্নতিৰ লগতে ইয়াক সামৰিক ঘাটি হিচাপে ব্যৱহাৰ কৰা হ’ব। ফলত মৰিচাছৰ নিৰাপত্তা সুনিশ্চিত হ’ব। আনহাতে, ভাৰতলৈ অহা তেলবাহী জাহাজবোৰে নিৰাপদে অহা-যোৱা কৰিব পাৰিব। উল্লেখযোগ্য যে আমাৰ দেশত প্ৰয়োজন হোৱা তেলৰ ৮০% তেল ইৰাণ আদি দেশৰ পৰা আমদানি কৰা হয়। বিয়াগোম তেলবাহী জাহাজবোৰ সমুদ্ৰৰ বুকুত নানা বিপদৰ সমুখীন হ’ব লগা হয়। সেয়ে মৰিচাছৰ সহযোগত ভাৰতে বিশেষ ব্যৱস্থা ল’বলৈ বাধ্য হৈছে। ইয়াৰ ফলত ভাৰত মহাসাগৰত চীনৰ দপদপনি বাধাগ্ৰস্ত হোৱাৰ লগতে অতীজৰে পৰাই ভাৰত মহাসাগৰত থকা ভাৰতৰ প্ৰভাৱ অক্ষুণ্ণ থাকিব বুলি আশা কৰা হৈছে।

মৰিচাছ: সাগৰৰ বুকুত ক্ষুদ্ৰ ভাৰত | শৰৎ নেওগ

Follow Nilacharai on Facebook