আত্মকথা

উত্তৰ দিয়া তুমি
মই যে ইমান সপোন দেখিছোঁ
সেইবোৰ কি তোমাৰ বাস্তৱতাত হেৰুৱাই পেলাইছা?
এতিয়া কি আৰু একোৱেই অৱশিষ্ট নাই?

তেনেহ’লে কিয় ৰূপান্তৰৰ এই অস্থিৰতাই
পিষ্ট কৰে তোমাক
প্ৰতিনিশা আকাশৰ ফালে চাই থাকা

মাত্ৰ জানি ৰাখা
তোমাক ভালপোৱাৰ আগতে
মই তোমাৰ ভালপোৱাক
ভাল পাইছোঁ

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of