অনুভৱৰ মেকবেথ

কাল-নিৰপেক্ষ সাহিত্য বা শিল্পকর্ম সেইবোৰেই, যি ভিন্ন সময় আৰু ভিন্ন পৰিৱেশতো নিজৰ গ্রহণযোগ্যতা প্রতিপন্ন কৰি থাকিব পাৰে। তেনে ধৰণৰ সাহিত্য বাৰে বাৰে পঠিত হয়, তেনে ধৰণৰ শিল্পৰ পুনৰ পুনৰ ৰূপায়ণ হয়। সেইবাবেই হয়তো ‘অনুভৱ দ্য আর্টিষ্ট গীল্ড’ৰ শেহতীয়া নাট্য প্রযোজনাটি আছিল উইলিয়াম শ্বেকছপিয়েৰৰ ‘দ্য ট্রেজেদি অৱ মেকবেথ’ আধাৰিত এটি সংৰচনা— ‘অভিবাদন মেকবেথ’। চাৰিশ বছৰৰো আগতে, সপ্তদশ শতিকাৰ প্রথম দশকৰ ভিতৰত ৰচিত ‘দ্য স্কটিছ প্লে’ নামেৰে অভিহিত ‘মেকবেথ’ৰ প্রতি আগ্রহৰ কাৰণ নিশ্চয়ে ইয়াৰ কাল-স্থান নিৰপেক্ষ আবেদন আৰু গ্রহণযোগ্যতা।

ৰাজনৈতিক ক্ষমতা লাভৰ বাবে হত্যা, সেই হত্যাক ঢাকোন দিবৰ বাবে আৰু হত্যা— তাৰ পাছত আকৌ হত্যা,— হত্যাৰ এক অন্তহীন শৃংখল আৰু শেহত নিজেই হত্যাৰ সেই নির্মম শৃংখলত সোমাই পৰা! সেনাপতি মেকবেথৰ দ্বাৰা স্কটলেণ্ডৰ ৰজা ডানকানৰ হত্যাৰে আৰম্ভ হোৱা নাটকখন শেষ হৈছে ফিফ (Fife) অঞ্চলৰ অধিপতি (Thane) মেকডাফৰ দ্বাৰা মেকবেথৰ হত্যাৰে। এই ঘটনাক্রমটো আৰম্ভ হৈছিল তিনিজনী ডাইনীৰ মেকবেথক কৰা উচ্চাকাংক্ষাৰ প্ৰৰোচনাৰে। ক্ষমতা লাভ আৰু তাক ৰক্ষা কৰাৰ বাবে কিদৰে মানৱীয় মূল্যবোধক জলাঞ্জলি দিব লগা হয় বা দি থকা হৈছে, কিদৰে ক্ষমতা আৰু উচ্চাকাংক্ষাৰ ডাইনী-বেহুত গোলাম হৈ মানুহে নিজকে হত্যা কৰে, সেয়াই নাটকখনৰ অন্তৰীণ প্রতিপাদ্য।

যোৱা ১৫ ছেপ্তেম্বৰ (২০১৯) তাৰিখে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্রীমাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত কুশলী অভিনেতা আৰু পৰিচালক জ্যোতিনাৰায়ণ নাথৰ পৰিকল্পনা আৰু পৰিচালনাৰে নাটকখন পৰিৱেশিত হৈছিল। শ্বেকছপিয়েৰৰ মূল নাটকখনৰ হীন-দেঢ়ি নঘটোৱাকৈ জীৱকান্ত বৰাৰ দ্বাৰা অনূদিত পাঠৰ কিছু নির্বাচিত অংশ আৰু চৰিত্ৰৰে আলোচ্য নাটকখন মঞ্চস্থ কৰা হৈছিল।

ভিন ভিন শৈলীৰ নাটকত অভিনয় আৰু পৰিচালনাৰে নিজকে সমৃদ্ধ কৰা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক জ্যোতিনাৰায়ণ নাথে কাব্যিক শৈলী এটাৰে নাটকখন আগবঢ়াই নিছে। এনে শৈলীৰ নাটকৰ পৰিচালনাৰ ক্ষেত্ৰত যে তেওঁ স্বচ্ছন্দ, বিগত কিছুমান প্রযোজনাৰ পৰা আমি উমান পাইছিলো। এইবাৰৰ নাটকখন আগবঢ়াই নিয়াত কম বয়সীয়া অভিনেতা-অভিনেত্রীসকলৰ পৰা যথোচিত অভিনয় তেওঁ দক্ষতাৰে আদায় কৰিছে। মেকবেথৰ চৰিত্ৰত ভৃগনেশ গোস্বামীৰ বাহিৰে মিণ্টু চান, বুল্কী কলিতা আৰু মৈত্রী দাসে একাধিক চৰিত্ৰত অভিনয় কৰিছে। প্ৰতিজন অভিনেতা-অভিনেত্ৰীৰে আন্তৰিকতাৰ চাপ প্ৰযোজনাটিত অনুভৱ হৈছিল। অধ্যাৱসায় আৰু মাধ্যমটোৰ প্রতি আন্তৰিকতাই পৰৱৰ্তী কালত তেওঁলোকক অধিক পাৰংগত কৰি তুলিব বুলি আমি আশাবাদী।

সংগীতে নাটকখনৰ গতিত যথেষ্ট সহায় কৰিছিল। ভিন্ন মেজাজ আৰু পৰিৱেশ তৈয়াৰ কৰাত গৌতম শইকীয়া আৰু বেদান্ত বৰপাত্ৰৰ সংগীত-সজ্জাই কৃতিত্বৰ দাবী কৰিব পাৰে। পোহৰ-সজ্জাৰ ক্ষেত্ৰত আপত্তি কৰিবলগীয়া নাই যদিও লাইটিং ডিজাইনাৰ জ্যোতিনাৰায়ণ নাথৰ পূৰ্বৰ কিছু প্রযোজনাৰ পোহৰ-সজ্জাৰ অভিজ্ঞতাৰে আমি আৰু কিছু প্রত্যাশা ৰাখিছিলো,— বিশেষতঃ এনে ধৰণৰ নাটক এখনত পোহৰৰ চমক দিব পৰাৰ যথেষ্ট সুযোগ থকাৰ অজুহাতত। অৱশ্যে তেওঁ পৰিচালক আৰু পোহৰ পৰিকল্পক উভয় হিচাপেই ঠায়ে ঠায়ে একোটা ধুনীয়া মুহূর্ত উপহাৰ দিলে। বিশেষকৈ অন্তিম দৃশ্যটো, য’ত ডাইনীকেইজনীয়ে মেকবেথক ত্রিভুজাকৃতিৰ অবয়ৱ এটাৰ ভিতৰত বন্ধ কৰি অহংকাৰ আৰু বিজয়ৰ যুগপৎ হাঁহি মাৰি মাৰি দুলি থাকোঁতে লাহে লাহে পোহৰ কমি আহে, সেই দৃশ্যটো বহুদিনলৈ মনত থাকি যাব।

খুব সম্ভৱতঃ নাটকখনৰ এইটোৱেই প্রথম প্রযোজনা, সেয়েহে সাৱলীলতা আৰু মসৃণতাত কোনো কোনো ঠাইত অলপ ‘খহটা’ ভাব অনুভৱ হৈছে। অনুশীলনে সেইবোৰ সহজেই নোহোৱা কৰিব পাৰিব বুলি আমাৰ বিশ্বাস। ‘অনুভৱ’ আৰু কলা-কুশলীসকললৈ পৰৱর্তী প্রযোজনাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

ছবি: জ্যোতিনাৰায়ণ নাথৰ সৌজন্যত।

আপোনাৰ আৰু ভাল লাগিব পাৰে:
পল্লৱপ্ৰাণ গোস্বামী

পল্লৱপ্ৰাণ গোস্বামী

'নীলা চৰাই'ৰ প্ৰতিষ্ঠাপক আৰু সম্পাদক। সাংস্কৃতিক কৰ্মী।

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of