ৰাজপ্ৰতীম গগৈৰ কবিতা

কবিতা

কিছু সপোন আৰু ভাৱনা
তাতে নিহিত মনৰ বাসনা,
কথাবিলাক গুপুতে তাতেই থাকিবলৈ দিয়া
কোনোদিনে ৰাজহুৱা নকৰিবা।
নহ’লে মৰীচিকাৰ দৰে অন্তৰ্নিহিত খন্তেকীয়া সুখ
সোমাই যাব এটুপি পানী
যেন মহাসাগৰৰ মাজলৈ।
কথা ক’লে বঁটা পায়
কথা ক’লে গতা খায়,
পিছল ৰাস্তাত পৰিলে
তোমাক তুলিবলৈ আজি কোনো নাই।
পাহৰণিৰ গৰ্ভলৈ সকলো সোমাই গৈছে
ক্ৰমে গভীৰৰ পৰা গভীৰতৰলৈ,
সকলোৱে যেন জীৱনৰ অন্তিম ক্ষণত
অমৃত বিচাৰি ফুৰিছে।
সাহসকেই সাৰথি কৰি
চৰাইৰ দৰে তুমিও মেলি দিয়া পাখি,
সেইবুলি বেছি দূৰলৈ নাযাবা উৰি
নহ’লে ওভতনি যাত্ৰাত খাবা উজুটি।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of