গীত

[ নয়নমণি শৰ্মা ঋতু ]

চকুৰ পানীৰে বৰ্ষা নাহে
নাহে জোনাকী জানা
সন্ধ্যাতৰাৰ উমাল চুমাৰে
জোনালী মাটিৰ জোৎস্না হাঁহিৰে
গীত এটিকে গাবা।

হৃদয় গচকি শব্দ নানিবা
পৃথিৱী হেৰাই যোৱা
গীতৰ কথা মোৰ
তুমি জানো প্রিয়া
চকুৰ পানীৰে ধুৱাই দিবা?

ৰূপালী দেশৰ সাধু নালাগে
মোৰ জুপুৰি সাহেৰে বন্ধা
কোবাল সময়ৰ ধুমুহা আহিলেও
চকুলো মচি
মোৰ গীতেৰেই বৰ্ষা আনা।

নীলা চৰাই . চেপ্তেম্বৰ ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:
সম্পাদক

সম্পাদক

editor@nilacharai.com

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of