ৰ’দেই হওক বা বৰষুণেই হওক ছাতিটো নেৰিবা

প্ৰকাশ: ২৬ ডিচেম্বৰ, ২০১২ | অন্তিম সম্পাদনা: ২১ জুন, ২০২১

তুমি এতিয়া সৰু হৈ নাই অ’,
এতিয়া ৰ’দেই হওক বা বৰষুণেই হওক ছাতিটো নেৰিবা।

ওপৰত আছে নিলাজ বৰষুণৰ টোপাল
তোমাৰ বুকুলৈকে হাত মেলি দিব
তোমাৰ সমস্ত শৰীৰ চুই চাব।

ৰ’দ, বতাহ, ধূলি
সকলোৰে চকু তোমালৈ
সাৱধানে থাকিবা!

নৈৰ পাৰলৈ নাযাবা নামাই
কদম ডালত বহি আছে হাৰমজাদা কানাই
নৈখনলৈ নানামিবা জলকোঁৱৰে লৈ যাব পাৰে পলুৱাই।

মূৰত ওৰণি ল’বা, বোকাত নানামিবা
মাছ মাৰিবলৈ নাযাবা
ঢোৰা সাপে খুঁটিব পাৰে।

ঢোৰা সাপে খুঁটিলে মানুহ নমৰে
পিছলৈ আন সাপে নোখোঁটে।

image

কন্দৰ্পজিৎ কল্লোল | কবিতা

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts