কাঠনিবাৰী ঘাট

পাৰত দ’ম হৈ পৰি থকা কয়লাৰ পাহাৰবোৰ, গৰা-খহনীয়াত জুৰুলা হোৱা ব্ৰহ্মপুত্ৰৰ পাৰ, পানী শুকাওঁতে ওলাই পৰা ঝাওবন ভৰা বালিচাপৰিৰ সেউজীয়া ঢৌবোৰ চকুৰে নেদেখা হোৱালৈকে লৰিয়ে আছে। বাৰিষা ব্ৰহ্মপুত্ৰৰ পানী গৈ শিলগুটি দিয়া ৰাজ-আলিৰ কাষ পায়গৈ। এতিয়া শুকাই যোৱাৰ লগে লগে বাটলৈ ভালেখিনি নামি আহিব লাগে। বালিৰ ওপৰত বাঁহৰ চঁচ, টৰ্জা আদি পেলাই মানুহ অহা-যোৱা বাট কৰি দিছে। একমাত্ৰ চাহৰ দোকানখন বালিত পোতা বাঁহৰ চাঙৰ ওপৰত খেৰৰ চালি এখনত আত্মপ্রকাশ কৰি আছে। কেৰাচিনৰ টিনৰ টাপলি দি সজা বহল জাপ-দুৱাৰখন দাঙি থোৱা অৱস্থাত চালিখনেৰে আন এখন চালি হৈ গ’ল। তাৰ তলৰ বাঁহৰ খুঁটা চাৰিটাৰ ওপৰত দুচলা ফলীয়া বাঁহ পেলাই দিয়াৰ লগে লগেই সেইখন এখন সুন্দৰ বেঞ্চ, তাত বহি চাহ খাওক, বিড়ি কিনক, চিগাৰেট জ্বলাওক, কথা পাতক।

মই সেইবিলাকৰ একোকে কৰা নাছিলো, মাত্র প্রকাণ্ড সেন্দূৰ বাটি যেন হৈ পৰা বেলিটোলৈ চাই আছিলো। জাহাজ আহিব ৰাতি ন বজাতহে, অৰ্থাৎ সেইটোৱেই নিয়ম। দিনে-পোহৰেই আহি মই ঘাট পালোহি। চাওঁতে চাওঁতে সৰু সৰু ঢৌবিলাকে সৰু সৰু আঙুলিৰে সেন্দূৰবিলাক টপাটপ সানি ক’ৰবাত মৌ-মেল চাবলৈ লৰ ধৰিলে।

কোনোবাই খঙত যেন গোটেই সেন্দূৰখিনি থেকেচা মাৰি সিহঁতৰ গাতে পেলাই দিলে, উকা কপালৰ তিৰোতা এগৰাকী যেনেই লাগিল।

মনটো অকলশৰীয়া হৈ পৰিল। যাত্রী নায়েই দেখোন। দুজনমান নেপালী, সস্ত্ৰীক। কেইজনমান চাহ-বাগিচাৰ বনুৱা। চাহ বাকচ অনা আৰু কয়লা নিয়া চাহবাগানৰ মটৰবিলাকেই ইমান সময় কাঠনিবাৰী ঘাটক জীয়াই ৰাখিছিল। দূৰণিৰ চাহ বাগিচাৰ কল-ঘৰৰ অস্পষ্ট ধোঁৱাবোৰ ইতিমধ্যে আন্ধাৰৰ লগত মিলি যাবলৈ ধৰিছে। ক’লা অসুৰ যেন বুটখন, তাত কাম কৰা খালাচি, বনুৱা শ্রেণীৰ মানুহ কেইটা, চাহ দোকানখনৰ সৰু পৰিয়ালটো আৰু আমি যাত্ৰী নামৰ প্ৰাণীকেইটাক আন্ধাৰবোৰে অকলে পাই আগুৰি পেলালে।

হৰ হৰ শব্দ এটাৰ লগত জুনুকাৰ জুনজুননিয়ে কৌতুহল বঢ়াই তুলিলে। দোকানৰ খেৰ-ইকৰাৰ বেৰৰ ফাঁকেদি চকুত পৰিল এখন গৰু-গাড়ী। গড়োৱানটোৱে নামি লাহেকৈ যুঁৱলিখন মাটিত নমাই দিলে। গৰুহালে অ’ত-ত’ত দুই-এডাল খাই শুঙিবলৈ ধৰিলে। গাড়ীৰ সন্মুখৰ পৰ্দাখনৰ সেউজীয়া বৰণটো তেতিয়াও চকুত পৰিল, লগে লগে মনটোও সেউজীয়া হৈ পৰ্দাখনৰ দৰেই কঁপিবলৈ ধৰিলে। চটফটীয়া পোন্ধৰ-ষোল্ল বছৰীয়া ল’ৰা এটা জাঁপ মাৰি নামি আহিল। গাড়োৱানেৰে সৈতে ধৰাধৰি কৰি টিনৰ ট্ৰাঙ্ক এটা নমাই আনি মাটিত থ’লে। কেঁকোজেকোকৈ বাকচটো গাড়োৱানৰ মূৰত উঠিল। আগে আগে ল’ৰাটোৱে বাট দেখুৱাই বুটলৈ লৈ গ’ল।

আকৌ এবাৰ মনটো কঁপিবলৈ ধৰিলে। গাড়ীৰ ভিতৰৰ পৰা ওলাই অহা মূর্তিটো স্পষ্ট হৈয়ে চকুত পৰিছে। কাৰণ পোহৰৰ ওপঙি থকা শেষ কণাবোৰ তেতিয়াহে অদৃশ্য হৈ পৰিছে। গাৰ কাপোৰ-কানি জাৰি-জোকাৰি নৈখনৰ ফালে চাই থিয় হ’ল, ল’ৰাটো আৰু গাড়োৱানটো আহি ওচৰ পালেহি। হল্ড-অল আদি দুই-এপদ বস্তু গাড়ীৰ ভিতৰৰ পৰা উলিয়াই লৈ লাহে লাহে বুটলৈ খোজ দিলে। মোৰ চকুৱে তেওঁলোককে অনুসৰণ কৰিলে।

অলপ পিছত ল’ৰাটো আৰু গাড়োৱানটো ওলাই আহিল। তাক দোকানৰ ওচৰত চাহ খাবলৈ পইচা দি সোনকালে গৰু জুটিবলৈ নির্দেশ দিলে, “ভালে-ভালে পালেহি বুলি কবি, বুজিছ?”

তাক বুজাই ল’ৰাটো বুটলৈ উভতি গ’ল। গাড়োৱানে চাহ এক চিঙ্গল আৰু ‘কল’ বিস্কুট এটা নাকে-কাণে গিলিলে। দোকানৰ ওচৰত থকা তাৰ সগোত্র যাত্রী বনুৱাটোৰ প্রশ্নৰ উত্তৰ দিলে। দহ মাইল যাব লাগিব।

গাড়ীৰ দহ মাইল যাত্ৰা আৰম্ভ হ’ল। বহু দূৰলৈ ঘাটত জ্বলাই নিয়া লেমটোৰ পোহৰ টিমিকি টিমিকি জ্বলিছিল, পাক এটাত হঠাতে লুকাই পৰিল।

বুটৰ এমূৰত মমবাতিৰ ক্ষীণ পোহৰ এটা জিলিকি উঠিল। বোধ হয় তেওঁলোকেও সেইখিনি ঠাইকে বাছি লৈছে। মোৰ লাগেজটোও তাতে আছে। গোটেই বুটখনৰ ভিতৰত সেইখিনিয়েই মাত্ৰ আৰামৰ ঠাই। বুটখনৰ বাটৰ মুখতো এটা হাৰিকেন অলপ আগতে জ্বলি উঠিছিল, দোকানৰ মুখতো এটা। এই তিনিটা পোহৰৰ খুঁটিয়ে আন্ধাৰৰ তামীঘৰাটো মজবুতকৈ তৰি পেলালে। ক’ৰবাত, এৰাই থকা চপৰা এটা লৰ মৰি গৈ পানীত জাঁপ দিলেগৈ৷ টুপুং। নীচেই কাষতে, পানীৰ যুঁৱলিত চেলেকণা মাছ কেইটামানে খিকখিককৈ হঁহাৰ শব্দ স্পষ্ট শুনা গ’ল। কয়লাৰ দমকিটালৈ চালোঁ। সাধুকথাৰ ছদ্মবেশী ৰাক্ষসকিটাৰ দৰে মোলৈ খাওঁ খাওঁকৈ খেদি আহিল।

বুটৰ মোৰ ঠাইকণলৈ যাবলৈ (নতুন যাত্ৰীৰ বিষয়ে জানিবলৈ ) মনটোৱে কাও-বাও লগাই দিলে। কাঠৰ মজবুত সাঁকোৱেদি আগবাঢ়িলো বুটৰ ভিতৰলৈ। বুটৰ মিটমিটীয়া আন্ধাৰত চাহৰ বাকচ, ৰং, আলকতৰা, শুকান মাছ, পোৰা কয়লা সকলোবিলাক গেন্ধে লাওপানী খাই লৈ কোৰাছ আৰম্ভ কৰি দিছে। বহু বছৰৰ মূৰত বৰপেৰা এটাহে যেন কোনোবাই নাকৰ আগত মেলি ধৰিলে। ফ্লেটবিলাকৰ এই গোন্ধটো মোৰ বৰ প্রিয়। খালাচি আদি শ্রেণীৰ মানুহকেইটাই জাহাজ অহাৰ আগতে খোবা-বোৱা শেষ কৰাত ব্যস্ত।

মোৰ লাগেজ থোৱা ঠাইৰ পৰা আঁতৰত নেপালী পৰিয়ালটোৱে কম্বল পাৰি লৈ দীঘলীয়া সুৰৰ গান এটা আৰম্ভ কৰি দিছে। তাৰপৰা অলপ আঁতৰলৈ ৰেলিঙৰ মাজত কম্বল এখনত চাঁওতালী কি উৰিয়া মানুহকেইটাই বৃত্তাকাৰে বহি লৈ মুৰমুৰকৈ কিবা চোবাব লাগিছে। বোধ হয় চাউল ভজা, আৰু ঠিক মোৰ মালৰ ওচৰতে, মোৰ ছুটকেছ আৰু অলপ কাষৰীয়া কৰি হ’ল্ডঅলটো মেলি ল’ৰাজনে শুই শুই মমবাতিৰ পোহৰত ইংৰাজী ফিল্ম আলোচনী এখন মেলি তন্ময় হৈ গৈছে। শিতানত বহি আছে ছোৱালীজনী, কাকতখনলৈ নির্লিপ্তভাৱে চাই।

মই কি কৰিম একো ঠিক কৰিব নোৱাৰি ছুটকেছটোকে অলপ লৰচৰ কৰিলো। ছোৱালীজনীয়ে মোলৈ চকু দাঙিলে। কিন্তু মমৰ পোহৰৰ মাজৰ পৰা মোক দেখিবলৈ অলপ সময় মোলৈ চাই থাকিবলগীয়া হ’ল। লাভৰ ভিতৰত মমৰ পোহৰে ফ্রেম বান্ধি দিয়া তেওঁৰ মুখখন মইহে খন্তেকতে চাই লবলৈ সুবিধা পালো। লৰাটোৱে আলোচনীখনত হাতখন থৈ সেই অৱস্থাৰে মোলৈ চাইছিল। মই অলপ হালি ছুটকেছটো লৰচৰ কৰোঁতে মোৰ মুখখনো মমৰ পোহৰে চেলেকি গ’ল।

ল’ৰাটো ধৰমৰকৈ উঠি বহিল। আৰু ছোৱালীজনীয়েও দেখোন খোপালৈ ওৰণিখন তুলি ল’লে।

“আপোনাৰ ছুটকেছ? আমি অলপ একাষৰীয়াকৈ থ’লে দেই। আমি কোঁচাই বহিম, আপুনি বিছনা পাতক।”

ল’ৰাটোৱে ইমান চিনাকি সুৰত কথাষাৰ ক’লে যে মই থতমত খাই গ’লো। সোনকালে মানুহৰ চিন পাহৰাৰ কাৰণে কেবা ঠাইতো লাজ পাই থৈছোঁ। কিন্তু মিছা হ’ল— ক’তো দেখা মনত নপৰে।

“নাই নাই, ঠিক আছে, তোমালোক (ওৰণি!) মানে তুমি ভালকৈ বহা। মোৰ ব্যৱস্থা হ’ব।”

মই মোৰ কম্বলেৰে মেৰিওৱা বিছনাৰ টোপোলাটো (লেতেৰা হৈ গৈছে) আঙুলিৰ ট্রিকেৰে ইতিমধ্যে ছুটকেছৰ আঁৰ কৰি দিলো। কিন্তু প্ৰহৰী কৰি দিয়া ৰং এৰোৱা ছুটকেছটো চম্ভালোঁ কেনেকৈ? অৱশ্যে সি ভাল বংশৰে আছিল, গুৰি-গোৰা ইংৰাজী ষ্টীলৰ। কিন্তু গুৰি-গোৰা বিচাৰে কোনে? বস্তু দুটা উঠাই লোৱা দেখি ল’ৰাজনে অভিমানতে চিঞৰি উঠিল, “আপুনি আন ঠাইলৈ যাব খুজিছে নেকি? আমি বেয়া পাম হ’লে।”

ল’ৰাটোৱে সঁচাকৈয়ে পাৰি লোৱা হন্ডঅলটো কোঁচাবলৈ ধৰিলে।

“নহয়, তোমালোকে আৰাম কৰা। জাহাজ বা কোন ৰাতি আহে! সময়ৰ ঠিক নাই, আৰু কেতিয়াবা নাহেও।”
“সেই কাৰণেইতো আপুনি ইয়াতে থাওক। যাত্ৰীও নাই, তাতে অসমীয়া মানুহ নাই, বাইদেৱে ময়ে তাকেহে আলোচনা কৰি আছোঁ। কোনোবা এজন লগ পোৱা হ’লে-!”

বুজিলো, ল’ৰাটোৰে বায়েকৰ সমান ভয় লাগিছে। ময়ো মোৰ ভেগাবণ্ড মাৰ্কা ছুটকেছ আৰু কাপোৰ টোপোলা আঁতৰ কৰিবলৈ এইখিনি কৌশল কৰিছিলো। এতিয়া মোৰ কাপোৰৰ টোপোলাই ওৰণি-আঁৰৰ পৰা ভুমুকি মাৰিব পাৰে। টোপোলাটো মেলি লৈ তেওঁলোকৰ ভৰিৰ ফাললৈ বহি পৰিলো।

“টিকট কটিবৰ হ’বই যেন পাওঁ। মই খবৰ লৈ আহোঁ। কলৈ কটিব লাগিব?” টিকট কটালৈ তেতিয়াও সময় আছিল। কিন্তু সুধিবলৈ আৰু একো কথাই বিচাৰি নাপালো।
“আমি যোৰহাটলৈ যাব লাগে।” ল’ৰাজনে ইতিমধ্যে আস্তব্যস্তকৈ বহি লৈ উত্তৰ দিলে।
“যোৰহাটলৈ? আজি জাহাজ ডাউনহে?” চক খোৱাৰ দৰে মই উত্তৰ দিলো। কাৰণ জাহাজৰ ভু আদাৰ বেপাৰীয়েহে নাৰাখে। এওঁলোকৰতো তেনে হোৱাৰ কোনো লক্ষণেই নাই। পৰৱৰ্তী পৃষ্ঠা

আপোনাৰ আৰু ভাল লাগিব পাৰে:

AKCA-BRabha-Cover150x80

আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু বিনামূলীয়াকৈ ই-বুক লাভ কৰক !


আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু প্ৰীতিৰ চিন স্বৰূপে বিষ্ণুপ্ৰসাদ ৰাভাৰ 'অসমীয়া কৃষ্টিৰ চমু আভাস' ই-বুক (ই-পাব/ মবি/ পিডিএফ) ৰূপত পাওক বিনামূল্যে !

আমি আপোনাৰ ই-মেইল ঠিকনা নিশ্চিত কৰিব লাগিব। আমি এইমাত্ৰ আপোনালৈ এটা ইমেইল প্ৰেৰণ কৰিছোঁ; সেই ইমেইলত দিয়া লিংকত ক্লিক কৰি আপোনাৰ চাবস্ক্ৰিপশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।

মহিম বৰা

মহিম বৰা

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি। পদ্মশ্ৰী, সাহিত্যাচাৰ্য সন্মানেৰে বিভূষিত মহিম বৰাদেৱৰ জন্ম হৈছিল ১৯২৪ চনৰ ৬ জুলাই তাৰিখে আৰু মৃত্যু হয় ৫ আগষ্ট ২০১৬ তাৰিখে।

Leave a Reply

2 Comments on "কাঠনিবাৰী ঘাট"

avatar
Sort by:   newest | oldest | most voted
Guest
অবন্ত বৰদলৈ

মহিম বৰা দেৱৰ মৃত্যুত অসমীয়া সাহিত্য আকাসৰ এটি ভোটাতৰা মাৰ গʼল ৷তেখতৰ এই বিখ্যাত গল্পটি পুনৰ পঢ়াৰ সুযোগ দিয়াৰ বাব্ে নীলা চৰাইক ধন্যবাদ ৷

সম্পাদক
Admin

ধন্যবাদ৷

wpDiscuz