কনাক নামৰ কাউৰীটো

কনাক নামৰ কাউৰীটো
  • 25 Jun, 2021

প্ৰ থমে খবৰটো শুনিলো বান্ধৱী এলাইডাৰ মুখত। আমাৰ নিয়মীয়া সান্ধ্যভ্ৰমণৰ সময়ত। সেইদিনা পেচিফিক স্পিৰিট পাৰ্কৰ প্ৰৱেশ পথত তাইলৈ ৰৈ ৰৈ ঘড়ীটোলৈ চাবলৈ আৰম্ভ কৰিছিলো মই। সচৰাচৰ আমি দুয়ো ঠিক সময়তে সেই ঠাইতে লগ হওঁহি। কেতিয়াবা কাচিৎ এগৰাকীৰ অলপ পলম হ’লেই অন্যগৰাকীৰ মন উচপিচাবলৈ ধৰে,— ‘সকলো ঠিকেই আছেতো!’

অতিমাৰীৰ সময়! মুহূৰ্ততে জীৱনৰ ছন্দত আউল লাগি পৰাৰ সময় এয়া। সেয়ে নিজৰ অজানিতেই আমি যেন চিৰন্তন উৎকণ্ঠাৰ এক বৃত্তত সোমাই পৰিছোঁ। দিনে-নিশাই ঘূৰি-পকি সেই একেই উৎকণ্ঠা,— সকলো ঠিকেই আছেতো!

কিছু সময়ৰ পাছতে অলপ বিতত ভাবেৰে এলাইডা ওলালেহি। মই কিবা সুধিবলৈ পোৱাৰ আগতেই তাই কৈ উঠিল— ’জানা, কাউৰীৰ আক্ৰমণৰ পৰা কোনোমতে বাচি আহিছোঁ আজি!’

মই হো-হোৱাই হাঁহি উঠিলো। অতিমাৰীৰ উৎকণ্ঠাৰ পৰা কাউৰীৰ আতংক! তাকো ভেনকুভাৰ মহানগৰীত!

মোৰ হাঁহিলৈ পৰোৱাই নকৰি এলাইডাই বেছ গহীন ভাবেৰে ক’লে— ‘I am not kidding! ঘৰৰ পৰা ওলাই দুখোজমান দিছোঁহে, বাটৰ একাষৰ পৰা আহিল নহয় কাউৰী এটা! একেবাৰে মোৰ মূৰৰ ফালেই চোঁ মাৰি উৰি আহিছিল। ঘপকৈ হাউলি দিয়াতহে বাচিলো।’ তাই যেন এতিয়াও কিছু হতভম্ভ, কিছু আতংকিত।

‘তাৰ পাছতো বেছ কিছু দূৰ কাউৰীটোৱে মোক অনুসৰণ কৰি আছিল, বুজিছা?’
‘কাউৰীৰ এনে আক্ৰমণৰ কথা আগতে কেতিয়াও শুনা পোৱা নাই! সঁচাই তেনেকৈ মানুহক আক্ৰমণ কৰে?’— মোৰ মাতত কিছু আশ্চৰ্য, কিছু সহানুভূতি।
‘অঁ, তুমি নতুন কাৰণেহে গম পোৱা নাই চাগৈ। ইয়াত এয়া একো আচৰিত কথা নহয়, বিশেষকৈ গৰমকালি।’

ঠিকেই, তেতিয়া মই ভেনকুভাৰলৈ অহা বেছি দিন হোৱাই নাই। এলাইডা কানাডাৰ নাগৰিক, যোৱা দুবছৰ ধৰি ভেনকুভাৰৰ নিবাসী তাই।

পেচিফিক স্পিৰিট পাৰ্ক

পেচিফিক স্পিৰিট পাৰ্ক | উৎস: ফ্লিকআৰু, CC BY-NC-ND 2.0

ইতিমধ্যে আমি পেচিফিক অৰণ্যৰ হাবিতলীয়া বাট এটাত খোজ দিবলৈ আৰম্ভ কৰিলো। বাটৰ দুয়োফালে বিশালকায় ডগলাছ ফাৰ, চিডাৰ আৰু হেমলক গছৰ লানি। কানাডাৰ অপূৰ্ব বৰ্ষাৰণ্যৰ এটা অংশ। কথাৰ লগে লগে এলাইডাৰ সতৰ্ক দৃষ্টি দুয়োফালৰ সেই অৰণ্যত— যেন যিকোনো মুহূৰ্ততে আকৌ কাউৰীৰ আক্ৰমণৰ সম্ভাৱনা!

মোৰ কৌতূহল বাঢ়িল। এলাইডাই ক’লে— ‘বসন্ত নমাৰ লগে লগে, এপ্ৰিল মাহৰ পৰা জুলাইলৈ ইয়াত কাউৰীৰ প্ৰজননৰ বতৰ। গতিকে সেই সময়ছোৱাত বাহ সজাত ব্যস্ত হৈ পৰে সিহঁত। তাৰ লগে লগে কাউৰীবোৰ ব্যতিব্যস্ত হৈ পৰে এই জনঅৰণ্যত নিজৰ আটোমটোকাৰি বাহটোৰ প্ৰতিৰক্ষাৰ বাবে। গতিকে এই সময়ত কাউৰীৰ আক্ৰমণ এক সচৰাচৰ পৰিঘটনা। আনকি এনে আক্ৰমণৰ ভুক্তভোগীসকলৰে এজনে এই ঘটনাবোৰ অনুসৰণ কৰিবলৈ আৰু অন্য হাজাৰ জনক সতৰ্ক কৰি দিবলৈকে আৰম্ভ কৰিলে এটা অনলাইন মেপিং চিষ্টেম। নাম— ক্ৰ’ট্ৰেক্স (Crowtrax)।

সিদিনাই ক্ৰ’ট্ৰেক্সৰ বিষয়ে খুঁচৰিলো। ভেনকুভাৰৰ মেপখনত একোটা কাউৰীৰ চিনে দাঙি ধৰিলে বিভিন্ন ঠাইত হোৱা কাউৰীৰ আক্ৰমণৰ বিৱৰণ। ২০১৬ চনত প্ৰথম আৰম্ভ কৰাৰ সময়ত ইয়াত মুঠতে ৮০০টা ঘটনাৰ তথ্য জমা হৈছিল। তাৰ পাছৰ পৰা প্ৰতি বছৰে চাইটটোত এনে মানুহ-কাউৰীৰ সংঘাতৰ ঘটনা প্ৰায় ১৫০০টাকৈ ৰিপৰ্ট হৈ আহিছে। বিশেষকৈ মূল চিটিচেণ্টাৰ অৰ্থাৎ ডাউনটাউন অঞ্চলটোতে এনে সংঘাতৰ ঘটনা সৰ্বাধিক। কাৰণ স্পষ্ট। এই অঞ্চলটোতে সৰ্বাধিক ৰেষ্টোঁৰা আছে, য’লৈ খাদ্যৰ সন্ধানত ব্যস্ত কাউৰীবোৰ আকৰ্ষিত হয় আৰু ইয়াতে জনবসতিও সৰ্বাধিক।

কাউৰী আৰু মানুহৰ সংঘাত

ক্ৰ’ট্ৰেক্সত কাউৰী আৰু মানুহৰ সংঘাতৰ ঘটনা | ক্ৰ’ট্ৰেক্স ৱেবপেজ কেপচাৰ (লেখকৰ সৌজন্যত)

ঘটনাৰ বিৱৰণবোৰৰ কিছুমান আমোদজনক, কিছুমান কিছু উদ্বেগজনক:

—‘এহাল কাউৰীৰ প্ৰতাপত আমি গোটেই দিনটো ঘৰৰ বাহিৰ হ’ব নোৱাৰিলো।’
—‘চোঁ মাৰি আহি মোৰ পিঠিত ঠোঁটেৰে আঁচুৰি গ’ল।’
—‘বেছ কিছু দূৰ মোক খেদা মাৰি আহিছিল।’
—‘কাকো একো আমনি নকৰাকৈ থাৰ্ল’ পথেৰে খোজকাঢ়ি গৈ আছিলো। অকস্মাৎ এটা কাউৰী উৰি আহি ডুব মৰাদি পৰিলহি। তাৰ ঠেং দুখনে মোৰ চুলি চুই গ’ল। ঘটনাৰ আৎ নাপাওঁতেই তাৰ লগতে আৰু তিনিটা কাউৰীয়ে যোগ দিলে আৰু মোক ডেভি পথলৈকে খেদি আহিল!’

অলেখ-অসংখ্য ঘটনা— বিভিন্ন বিৱৰণ!

মন কৰিলো, তথ্য জমা কৰাৰ প্ৰপত্ৰখনত সন্নিবিষ্ট কৰা হৈছে এটা প্ৰশ্ন, ‘Was it Canuck the Crow— আপুনি যদি কনাক নামৰ কাউৰীটো দেখে, তেন্তে সেইবিষয়েও জনাওক!’

কোন এই কনাক নামৰ কাউৰী? অলপ খোঁচৰোঁতেই ওলাই পৰিল কনাক নামৰ কাউৰীটোৰ অলেখ-অসংখ্য অভিযানৰ কাহিনী! ইমানেই খ্যাতি (কুখ্যাতি?) যে এক অনলাইন নিৰ্বাচনত প্ৰায় তিনি লাখ ভোট লাভ কৰি ভেনকুভাৰৰ এম্বেছেদৰ হিচাপে নিৰ্বাচিত হৈছিল এই কনাক নামৰ কাউৰীটো!

কনাকৰ বৰ্ণাধ্য জীৱনৰ আৰম্ভণি পিছে কৰুণ। তেনেই পোৱালি অৱস্থাতে অজ্ঞাত কাৰণবশতঃ এদিন নিজৰ বাহৰ পৰা সৰি পৰিল কনাক। ভেনকুভাৰৰ দৰদী যুৱক এজনে তাক উদ্ধাৰ কৰি নিজ হাতে তুলি-তালি ডাঙৰ কৰিলে। সম্পূৰ্ণকৈ উৰিব পৰা আৰু আত্মনিৰ্ভৰ হোৱাৰ পাছত তেওঁ কনাকক মুকলি কৰি দিলে স্বাধীন জীৱন এটাৰ সপোন দি। চিন ৰাখিবলৈকে কনাকৰ বাওঁ ঠেঙত পিন্ধাই দিলে এটা ৰঙা আঙুঠি।

স্বাধীন জীৱন কটাবলৈ আৰম্ভ কৰাৰ পৰাই কনাক ব্যস্ত হৈ পৰিল ইটোৰ পাছত সিটোকৈ দুঃসাহসিক অভিযানত। তাৰ যেন কৌতূহলৰ সীমা নাই মানুহকৈ লৈ। হয়তো মানুহৰ হাতত লালিত-পালিত হোৱাৰ বাবেই সি মানুহৰ প্ৰতি কোনো ভয়-সংকোচ কৰিবলৈ নিশিকিলেই। কেতিয়াবা সি মানুহৰ মুখৰ পৰাই চিগাৰেট বা হাতৰ পৰা ছাবিকোঁচা লৈ উৰা মাৰে। কাৰোবাৰ গাড়ীৰ দুৱাৰ বা খিৰিকীৰ আইনা খোলা থাকিলে কনাক সোমাই আহি আনকি গাড়ীৰ ভিতৰ পায়হি। কেতিয়াবা কনাকক দেখা যায় অন্য কাউৰীৰ সৈতে মিলি শেন চৰাইৰ সৈতে আকাশী যুদ্ধ কৰা, কেতিয়াবা দেখা যায় ভেনকুভাৰৰ স্কাই ট্ৰেইন (মেট্ৰ’)-ৰে যাত্ৰা কৰা। আনকি তিনি বছৰমান আগতে কনাকে কেইবাবাৰো ডাকোৱালক আক্ৰমণ কৰাৰ বাবে ভেনকুভাৰৰ পূবৰ কিছুমান অঞ্চললৈ চৰকাৰী ডাকসেৱা দুমাহলৈ বন্ধ কৰিব লগা হৈছিল।

কনাক

কনাক নামৰ কাউৰীটো | ছবি সৌজন্য: ফে’চবুকৰ ‘Canuck and I’ পৃষ্ঠা

সেইবোৰ অতপালিতে ক্ষান্ত নাথাকি কনাক নামৰ কাউৰীটো জড়িত হৈ পৰিল অপৰাধৰ পৃথিৱীতো! এবাৰ ভেনকুভাৰৰ মাজ-মজিয়াতে এজন অপৰাধীৰ সৈতে পুলিচৰ মুখামুখি হ’ল আৰু অপৰাধীজনে তৎক্ষণাৎ ছুৰী এখন লৈ পুলিচৰ সৈতে যুঁজাৰ চেষ্টা কৰিলে। গুলী কৰিহে পুলিচে সেই অপৰাধীক ধৰিবলৈ সক্ষম হ’ল। কিন্তু তাৰ মাজতে ক’ৰবাৰ পৰা ওলালহি কনাক নামৰ কাউৰীটো। কোনেও তলকিবলৈ নাপাওঁতেই অপৰাধীৰ সেই ছুৰীখন ঠোঁটত লৈ সি উৰা মাৰিলে। পুলিচ এজনে তাৰ পিছে পিছে খেদা মাৰি যোৱাতহে অৱশেষত কনাকে অনিচ্ছাসত্বেও (!) সেই ছুৰী ঠোঁটৰ পৰা মুকলি কৰি দিলে। এই ছুৰী চুৰিৰ ঘটনাটোৱে কনাকক সমগ্ৰ ভেনকুভাৰতে খ্যাতনামা কৰি তুলিলে।

ফে’চবুকত কনাকৰ নামত আৰম্ভ হ’ল এটা অনুৰাগীৰ পৃষ্ঠা। এক লাখৰ অধিক অনুৰাগীয়ে কনাকৰ এনে দুঃসাহসিক অভিযানবোৰৰ ফটো আৰু তথ্যৰে এই পৃষ্ঠা ভৰাই পেলালে। কনাকৰ বাবে বহুতো লোক অতিষ্ঠ বা আতংকিত হোৱাৰ বিপৰীতে কাউৰীটোৰ সাহস আৰু বুদ্ধিমত্তাই অনুৰাগীৰ সংখ্যা দিনক দিনে বঢ়াই আনিলে। কিছুমানে তাৰ বাবে পাছচোতালত খাদ্য উলিয়াই দিবলৈ ল’লে, কিছুমানে কনাকক সচৰাচৰ দেখা পোৱা ঠাইবোৰলৈ নিয়মীয়াকৈ যাবলৈ ল’লে তাৰ সান্নিধ্যৰ বাবে। কনাক যেন হৈ পৰিল কাউৰী আৰু মানৱ সমাজৰ মাজত এক যোগসূত্ৰ!

মানুহে ব্যৱহাৰ কৰা বিভিন্ন বস্তুৰ প্ৰতি কনাকৰ অদম্য কৌতূহল আৰু কৌশল পিছে কাউৰীৰ সমাজত ব্যতিক্ৰম নহয়। শেহতীয়া বৈজ্ঞানিক গৱেষণাই দেখুৱাইছে প্ৰাইমেট বা বান্দৰ জাতীয় প্ৰাণীৰ পিছতেই কাউৰীয়েই প্ৰাণী জগতৰ আটাইতকৈ বেছি বুদ্ধিমত্তা সম্পন্ন প্ৰাণী। বিশ্বৰ বিভিন্ন ঠাইৰ পৰা কাউৰীয়ে উপস্থিত বুদ্ধিৰে বহুতো জটিল সমস্যা সমাধান কৰা আৰু সঁজুলি ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা গৈছে। গতিকে মানুহৰ সংস্পৰ্শত ডাঙৰ হৈ কনাকৰ এনে গুণসমূহ বিকাশৰো হয়তো সুবিধা হ’ল।

কনাক

কনাক নামৰ কাউৰীটো | ছবি সৌজন্য: ফে’চবুকৰ ‘Canuck and I’ পৃষ্ঠা

প্ৰখৰ বুদ্ধিমত্তা আৰু কৌতূহল-অতপালিৰে সমগ্ৰ মহানগৰখনকে মোহাবিষ্ট কৰি ৰখা কনাক হঠাৎ এদিন নিৰুদ্দেশ হৈ পৰিল। সিদিনা আছিল ২০১৯ চনৰ ৩০ আগষ্ট। তাৰ পাছৰ পৰা কনাকক কোনেও ক’তো দেখা পোৱা নাই। কনাক নামৰ কাউৰীটো সন্ধানহীন হৈ পৰাৰ বাতৰি সংবাদ মাধ্যমত জোৰদাৰ প্ৰচাৰ হ’ল। কনাকৰ যিকোনো খবৰ আৰু ভালে-কুশলে ওভতাই অনাৰ বাবে দহ হাজাৰ ডলাৰ (ভাৰতীয় টকাৰ হিচাপত প্ৰায় ছয় লাখ টকা)-ৰ পুৰস্কাৰো ঘোষণা কৰা হ’ল। কনাকৰ শুংসূত্ৰ লৈ নানা গুজব ওলাল। প্ৰায় দুবছৰ বয়সৰ পৰা প্ৰায়বোৰ চৰাইৰ স্বাভাৱিক মৃত্যুৰ সম্ভাৱনা বাঢ়ি যায়। যিহেতু কনাকৰ বয়স চাৰি বছৰ, গতিকে কিছুমানৰ ধাৰণা— হয়তো কনাকে স্বাভাৱিক মৃত্যুকে আঁকোৱালি ল’লে। কিন্তু কিছুমানে অপহৰণ বা অন্য ষড়যন্ত্ৰৰো উমান পালে। আনকি এক চৰকাৰী প্ৰেছ বিজ্ঞপ্তিৰ প্ৰশ্নোত্তৰ কালত এগৰাকী সাংবাদিকে ভেনকুভাৰৰ মেয়ৰক প্ৰশ্ন কৰিলে— ’কনাক নামৰ কাউৰীটোৰ কিবা খবৰ?’ মেয়ৰৰ সহানুভুতিপূৰ্ণ উত্তৰ— ’কনাকৰ চিন্তাত বিতত হৈ থকা অনুৰাগীসকললৈ আমাৰ সহানুভূতি জনাইছোঁ। কনাকৰ সন্ধান উলিয়াবলৈ যিকোনো ধৰণে সহায় কৰিবলৈ আমি সাজু। আশা কৰোঁ, কনাকে মাথোঁ এটা বিৰতি লৈছে আৰু অতি সোনকালেই আমাৰ মাজলৈ উভতি আহিব।’

তাৰ পাছৰে পৰা কনাকৰ প্ৰতীক্ষাত ৰৈছে ভেনকুভাৰবাসী। বহুতো অনুৰাগীয়ে সংগ দিছেগৈ কনাকৰ প্ৰেয়সী কেছিয়াৰ (Cassiar)ক। তাইৰ আচৰণতো মানুহে দেখা পালে কনাক হেৰাই যোৱাৰ দুখ! দুদিনমানলৈ কনাকক বিচাৰি তাই হেনো ৰমলিয়াই থাকিল। কাউৰীয়ে আজীৱন প্ৰেমাস্পদৰ প্ৰতি বিশ্বস্ত (loyal) হৈ থাকে। কিন্তু জীৱন থমকি নৰয়। অনুৰাগীৰ আশা, কেছিয়াৰেও জীৱনৰ অৱধাৰিত গতিত বাট ল’ব। অন্য এক সংগীৰ সৈতে আপোনত্বৰ বান্ধোন গঢ়িব আৰু এদিন পোৱালিও জগাব।

অতিমাৰীয়ে প্ৰায় স্তব্ধ কৰি পেলাব খোজা আমাৰ জীৱনতো সময়ে পাত লুটিয়ালে। এই বছৰ পুনৰ বাটৰ দুয়োকাষে ভৰি ভৰি ফুলা গোলাপী চেৰী ফুলে ভেনকুভাৰলৈ গ্ৰীষ্মক আদৰি আনিলে। এলাইডা আৰু মোৰ নিয়মীয়া সান্ধ্যভ্ৰমণ একেদৰেই থাকিল। একেদৰেই থাকিল সেই সহমৰ্মিতা আৰু বন্ধুত্ব। লগতে একেদৰেই থাকিল কাউৰীৰ আক্ৰমণৰ পৰা বাচিবলৈ তাইৰ সকলো সতৰ্কতা।

ভেনকুভাৰ

ভেনকুভাৰত বসন্ত | ছবি: লেখকৰ সৌজন্যত

পেচিফিক স্পিৰিট অৰণ্যৰ বাট এটাতে খোজ দিয়াৰ পৰত এদিন তাইক সুধিলো— ’কাউৰীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ কিবা টিপছ?’ মই ধেমালি কৰিবলৈহে সুধিছোঁ নেকি এবাৰ পৰীক্ষা কৰি লৈ তাই উত্তৰ দিলে— ’ঘৰৰ পৰা টুপী পিন্ধি ওলাবা, সদায় ছাতি এটা লগত ৰাখিবা। কাউৰীয়ে খেদা মাৰিলে দৌৰি পলোৱাৰ সলনি সিহঁতৰ চকুলৈ থৰ লাগি চাই ভয় খুৱাবা।’

খন্তেক ৰৈ এটা খোলা হাঁহিৰে তাই পুনৰ ক’লে— ’কাউৰীবোৰ মোৰ সঁচাই ভাল লাগে। মাত্ৰ সিহঁতৰ পৰা বাচিবলৈ সদায় ক্ৰ’টেক্স চাইহে ঘৰৰ বাহিৰ ওলাওঁ!’

❧ | আৰু পঢ়ক: অন্ধবিশ্বাসৰ বলি ফেঁচা

আগৰ দৰে এইবাৰ পিছে মোৰ ৰগৰ কৰাৰ ইচ্ছা নহ’ল। মাথোঁ নিৰৱে মোৰ সমগ্ৰ চেতনাক বাট এৰি দিলো অৰণ্যৰ দুয়োপাৰৰ সেউজীয়া আৰু চৰাইৰ কিচিৰ-মিচিৰ মাতেৰে দেহ-মন জুৰাই পেলাবলৈ; বাট এৰি দিলো এই মহানগৰৰ বন্য জীৱৰ সৈতে সহনশীলতা আৰু সহাৱস্থানৰ এই অনন্য ৰূপটো আপোন কৰি ল’বলৈ।

কনাক নামৰ কাউৰীটো | ড° জলি বৰা

Follow Nilacharai on Facebook