কাঠনিবাৰী ঘাট

প্ৰকাশ: ৬ আগষ্ট, ২০১৬ | অন্তিম সম্পাদনা: ৬ জুলাই, ২০১৯

ল’ৰাটোৱে মোৰ চিন্তাৰ ভাৰ লঘু কৰিবলৈ পাই বৰ পুলকিত হৈ উঠিল। পঞ্চম মানৰ ল’ৰাই ষষ্ঠ মানৰ ল’ৰাক কিবা এটা বুজাই দিব লগা হ’লে যি পুলক অনুভৱ কৰে, সেই উলাহেৰে মোক বুজাই দিলে যে তেওঁলোক ডাউন ষ্টিমাৰত গৈ শিলঘাটত নামিব, তাৰপৰা ষ্টেট ট্রেন্সপোর্টত গৈ যোৰহাট পাবগৈ।

“আমি কাইলৈৰ ভিতৰত যেনে তেনে যোৰহাট পাবগৈ লাগে, বৰ জৰুৰী।”

অর্থই নহয়, কথাবিলাকেহে মোক আকর্ষণ কৰিছিল বেছি। বোৱাৰীজনী স্বাভাৱিক লাজেৰে একাষৰীয়াকৈ বহি আছিল যদিও, একোবাৰ চকামকাকৈ মুখলৈ চাই, এনেহে ধাৰণা হৈছিল, যেন তেৱোঁ সক্রিয় অংশ গ্রহণ কৰিছে এই আলাপত। মুখেৰে টু এষাৰ নকৰাকৈ নিজক এনেভাৱে জীৱন্ত কৰিব পৰা এই অদ্ভুত গুণটোৰ কথাকে মই গুণা-গথাঁ কৰিছিলো। বিয়া হোৱা নিশ্চয় বেছি দিন হোৱা নাই, গাৰ মাহ-হালধিৰ বোল মমৰ ক্ষীণ পোহৰতে মই স্পষ্টকে দেখিছোঁ। গাৰ দোলাইখনৰ পৰা, চুলিৰ মাজৰ পৰা অহা বিয়াৰ মাহ-হালধি-তেলৰ মলমলীয়া গোন্ধৰ সোঁত এটাই মোৰ নাকত মোহনা পাতিছেহি। এখন পৰিপূৰ্ণ মুখ, দীঘলীয়া বেলুন যেন গোল গোল হাত, গাৰ উজ্জ্বল হালধীয়া ৰং আৰু অসমীয়া পাটৰ সাজযোৰৰ ৰংটোৱে ছবিৰ দৰে তুলি ধৰিছে। এনেকুৱা গঠন আজি-কালি বৰকৈ দেখিবলৈ পোৱা নাযায়।

হঠাৎ মোৰ মনত পৰি গ’ল— লৰাজনে মোক কিবা সুধিছিল, উত্তৰ নাপাই অলপ সেমেনা-সেমেনিও কৰিছে।

“ওঁ, ওঁ, কি সুধিলা— মোৰ কথা? ময়ো যাম শিলঘাটলৈ, শিলঘাটৰ ওচৰতে মোৰ ঘৰ।”
“তেন্তে ভালেই হ’ব। জাহাজ ৰাতিয়েই শিলঘাট পায়গৈ। আপোনাক লগ পোৱাত বহুত সুবিধা হব নহয় নে বাইদেউ?”

‘বাইদেৱে’ আলোচনীখনকে লিৰিক-বিদাৰি আছিল। কাণ আছিল আমাৰ কথাত। সন্মতিসূচকভাৱে ভায়েকলৈ মূৰ তুলি চাই ৰ’ল।
হাঁহিটো কোনোবাই পকা ৰঙেৰে গোটেই মুখখনত চাব মৰি থৈছিল। নহ’লে কপালখনে হাঁহিব কেনেকৈ? নাক, চকু থুতৰিয়েও হাঁহেনে। এনেকুৱা ডাঠ ক’লা চেলাউৰিয়ে মিহিকৈ হাঁহিব পাৰে নে?

আন দিনৰ মতে জাহাজ অহাৰ সময় হ’ল। মই খা-খবৰ লৈ আহিবলৈ থিয় হলো। টিকট কাটিবলৈ পইচা উলিয়াব খুজিছিল ল’ৰাটোৱে। মই বাধা দি ক’লো যে তেতিয়াও টিকটৰ ঘণ্টা দিয়া নাই, আৰু টিকট দিলেও মোৰ পইচাৰে আনিব পাৰিম। পিছত পইচা দিলেও হ’ব।

“জাহাজ অহাৰ সময় থাকিলে নিশ্চয় চাহ খাব পাৰোঁ?”
ল’ৰাজনে বায়েকৰ মুখলৈ চালে। বায়েকে হল্ড-অলটো আঙুলিৰে দুই-এবাৰ খেপিয়াই নিজকে ক’লে, “ফ্লাস্কটো ক’ত থাকিল!”

এই প্রথম মাতষাৰ শুনিলো। গভীৰ অথচ মাখনৰ দৰে কিবা এটা কোমলতা থকা— এনে ধৰণৰ বৰ্ণনা মানুহৰ মাতত খাপ খায় নে, ক’ব নোৱাৰোঁ।

ল’ৰাজনে ফ্লাস্কটো উলিয়াই দিলে। মই ফ্লাস্কটো লৈ ৰেলিঙৰ কাষলৈ গ’লো। ওচৰতে শিহু এটাই মূৰ দাঙি ৰাতি কিমান হ’ল এবাৰ চাই ল’লে। ক’ৰবাত হৰহৰাই মাটি অলপ খহি পৰিল। নৈৰ বুকুত দূৰৰ বাগিচাৰ পৰা মাদলৰ ক্লান্ত ছেও ভাহি আহিছে।

টিকট দিয়াৰ আশা নাই বোলে। জাহাজ কিজানি কৰবাত বালি-চৰত লাগি ৰ’ল। বিৰক্তিৰে টিকট-মাষ্টৰে কৈ উঠিল। যোৱা ভূইকঁপেই বোলে টিকট মাষ্টৰৰ টোপনিত বালিচৰ বহুৱাই গৈছে।

চাহ-দোকানীৰ পৰিয়াল খাই-বৈ উঠিল। ল’ৰা-ছোৱালীকেইটাই বাঁহৰ চাং এখনৰ পৰা দোকানৰ বস্তু আদি নমাই শুবলৈ কাৰবাৰ কৰিছে। সন্মুখৰ চাংখনত গাদী পাতি আদহীয়া শকত দোকানীজনে আৰু তিনিজন মানুহৰ সৈতে ব্রীজ খেলত মগ্ন। মই গৈ পোৱাৰ লগে লগে এজনে কৈ উঠিল, “দহ বাজিল, যাব লাগিল।” “এই খেল”— আন এজনে তাঁচটো শ্বাফল কৰাৰ লগে লগে উত্তৰ দিলে। মোক কোনেও দেখা পোৱা নাই। মই ৰস ভঙ্গ নকৰি খেল চাবলৈ ধৰিলো। হার্ট ওৱান, স্পেড ওৱান, ন’ ট্রাম্প, টু ক্লাবছ, থ্রি ডায়মণ্ডচ, ডবল আদি ফটকাৰ আৱাজ হব ধৰিলে। খেল আৰম্ভ আৰু শেষ হ’ল। শেষ খেলৰ কাৰণে জোৰ কৰা ফালটো অৰ্থাৎ দোকানীজনেও বহুত ‘ডাউন’ খালে৷ তাৰ পাছত তিনিওজন যাবলৈ ওলাল৷ বুজিলো, তিনিও চাহ-বাগানৰ চাকৰিয়াল, ৰাতি ইয়াত ব্ৰীজ খেলে।

দোকানীৰ ‘স্পেড’ যেন হৈ পৰা মুখখনলৈ পুতৌৰে চাই আছিলো। এইবাৰহে মোক মন কৰিলে। “আপোনাক কিবা লাগিব জানো?”, কোমল মাতেৰে সুধিলে।
“চাহ লাগিছিল, দিব পাৰিব জানো?” শুবলৈ আয়োজন কৰা ল’ৰা-ছোৱালীকেইটিলৈ চকু দি মই সুধিলো।
“নিশ্চয়, আজি বোধ হয় জাহাজ নাহিবই!”
সৰু ল’ৰা এটা ইতিমধ্যে জাপ মাৰি আহি ওচৰত থিয় দিলেহি। “একাপ?”
মই ফ্লাস্কটো ল’ৰাটোলৈ আগবঢ়াই দিলো— “তিনি।”
“অ’ আপোনাৰ পৰিয়াল আছে?” চাহ-দোকানীয়ে কৈ গ’ল, “কিবা অসুবিধা হ’লে জনাব। খোৱা-লোৱা কৰিব খুজিলেও সকলো সুবিধা কৰি দিম। ৰাতিও চাহ, গৰম পানী কিবা লাগিলে নিব।”

বৰ শকত ক’লা বৰণৰ আদহীয়া মানুহজন। মুখখনত কোমলতা এটা আছে। মাতত আন্তৰিকতাৰ সুৰ। দুই-এষাৰ কথাৰ পৰা বুজিলো ল’ৰা-ছোৱালীকিটাৰ মাক নাই, সিহঁতক লৈ ব্রহ্মপুত্ৰৰ বালিতে সৰু সংসাৰখন পাতি আছে।

পৃথিবীৰ মানুহবিলাক ইমান ভাল লাগি গৈছে। ইমান মৰম, চেনেহ, সহানুভূতি। মনটো ভাল লাগিল। ধন্যবাদসূচক কথা-বতৰা দুআষাৰমান কৈ চাহৰ দাম দি বুটলৈ উভতিলো, প্রায় এঘণ্টামানৰ মূৰত। টিকট-মাষ্টৰৰ পৰা বুজিলো, জাহাজ অহাৰ আশা নাই। আহিলেও পুৱা-ৰাতিত। দুশাৰী চাহ-বাকচৰ মাজৰ লুংলুঙীয়া বাটেদি আমাৰ ঠাইলৈ আগবাঢ়িলো।

চাউল-ভজা পার্টিটোৱে নাকত মুড়ি ফুটাইছে। নেপালী পৰিয়ালৰ তেতিয়া গানটোৱেই মাজতে সপ্তমত উঠা কাণত পৰিছিল। এতিয়া সেয়ে অষ্টম পাই একোটা এঙামুৰি আৰু দীঘলীয়া হামিত পৰিছেগৈ।

আৰু পঢ়ক:  প্ৰাতঃভ্ৰমণ

‘ফিল্ম মেগাজিন’খনো আৰামেৰে শুই পৰিছে- ল’ৰাজনৰ বুকুত। বেচেৰাই ৰাতিৰ লগৰীয়া এজন পাই সম্পূর্ণ নিশ্চিন্ত হৈ পৰিল। বাইদেৱেকে শিতানতে বহি মোলৈ বাট চাই আছিল নিশ্চয়। মোক দেখা পাই, লাহে লাহে তাক জগালে, “বৰুণ, চাহ নাখাৱ?” মাতত অনাৱশ্যক ব্যস্ততা নাই, কার্যত একো অস্বাভাবিকতা নাই। বুজিলো আত্ম-বিশ্বাস তেওঁৰ আছে আৰু আনৰ ওপৰতো আস্থা ৰাখে। মোৰ সংকোচ ভালেখিনি শাম কাটি গ’ল।

“বৰুণ”, মই মাতিলো। তিনিও চাহ খাবলৈ বহি গ’লো। মাটিৰ গিলাচ তিনিটা দোকানৰ পৰাই আনিছিলো। তেওঁলোকে ছুটকেছৰ পৰা নাৰিকলৰ লাড়ু আৰু দুই-এবিধ খোৱা বস্তু উলিয়ালে। মই মোৰ ভাগটো লৈ অলপ আঁতৰলৈ যাবলৈ ধৰোঁতে আপত্তি উঠিল। বাধ্য হৈ বহা ঠাইতে খালো।

“তোমালোকৰ বিছনাখন ভালকৈ পাৰি লোৱা বৰণ, আঠুৱাখনো তৰি লোৱা। তোমালোকে ভালকৈ শুব পাৰিবা।”
“জাহাজ নাহে?” মোৰ ভাব হ’ল দুয়ো একেলগে কৈ উঠিছিল।
“কি হ’ব বৰুণ?” বৰ চিন্তাগ্রস্তভাৱে বাইদেৱেকে সুধিলে। চিন্তাই যে মানুহক শুৱনি কৰিও তুলিব পাৰে আগতে বিশ্বাস নহলহেঁতেন। কিন্তু ইমান যে চিন্তা হ’ল?
“বৰ জৰুৰী কাম আছে নেকি, বৰুণ? যোৰহাটত?” হঠাৎ মুখৰ পৰা ওলাই পৰিল কথাষাৰ।
“কাইলৈ যেনে তেনে যোৰহাট পাবগৈ লাগে” এইবাৰ পোনে পোনে বাইদেৱেকে মোক উত্তৰ দিলে, অৱশ্যে তলমূৰকৈ।
“কাইলৈৰ ব্যৱস্থা কাইলৈ ভাবিম, নহয় জানো বৰুণ?” মোৰ কথাত বৰুণে ডাঙৰ সমর্থন এটা পালে।
“এৰা। মিছামিছি বাইদেউজনীয়ে কিবিলাক ভাবে। ন’ ৱৰি বুলি লিখিছেই। তয়োতো মাইনৰ পাছ, ন’ ৱৰি মানে নাজান নেকি?”
“কিন্তু কাম শ্বাৰ্প যে?” ভায়েকৰ মুখলৈ চাই অলপ লাজকুৰীয়াভাৱে হাঁহি ক’লে।
“ভিনীহিদেউ অলপ-ধতুৱা মানুহ। মূৰৰ কামোৰ এটা হলেও মৰিমহে-জীমহে কৰি তোক বিচাৰে। সেই কাৰণেই কাম শ্বাৰ্প।”

মমবাতিৰ পোহৰত দেখিলো গোটেই মুখখন ধুনীয়া হৈ ৰঙা পৰিছে। ন’ ৱৰি, কাম শ্বাৰ্প— কি ৰহস্য সোমাই আছে কথাকেইটাত!

“কিবা অসুখ নেকি?”
“ভিনীহিদেউৰ চাইকেল এক্সিডেণ্ট। হাস্পতালত, টেলিগ্রাম পোৱা দুদিন হ’ল, মই নাছিলো, স্কুল বন্ধ হোৱাত কালি আহি পাইছোঁ। বাগানৰ পাতৰ সময়, চিজন টাইম, দেউতায়ো ছুটী ল’ব নোৱাৰে।”

মই বাৰে বাৰে অনুৰোধ কৰাত বৰুণে আহল-বহলকৈ বিছনাখন পাৰিলে। বৰ যত্নেৰে আঁঠুৱাখনো তিনি কোণীয়াকৈ তৰা হল। বইদেৱেক বিনা বাক্যব্যয়ে শুই পৰিল। দুই-চাৰি আষাৰ কথাৰ পৰা বৰুণহঁতৰ বিষয়ে আৰু অলপ জানিব পৰিলো। মোৰ এড্ৰেছটোও লিখি ল’লে। অলপ পিছত বৰুণো শুই পৰিল।

ব্ৰহ্মপুত্রৰ সিপাৰৰ কাজিৰঙাৰ এন্ধাৰৰ মাজত বাঘ এটাই চিকাৰৰ বাটত জোপ লৈ আছে (নিশ্চয়!) দূৰণিৰ বালি চাপৰিত। কঁহুৱা আৰু ঝাওবনৰ মাজত ব্ৰহ্মপুত্ৰৰ বহল, ক’লা পানীধৰাত একোটা ৰহস্য শুই শুই পিৰিকিয়াব লাগিছে। তৰাকেইটামানে জুম বান্ধি ৰহস্যটোনো কি, ভুমুকিয়াই ফুৰিছে। বুটৰ নিচেই কাষতে থকা পাৰটোত বহি বহি জুটুলা জুটুলি চুলিৰে ধুবুনী ছোৱালীকেইজনীমানে কাপোৰ থুকুচিব লাগিছে— ‘চপ-চপাৎ’। ধেৎ। ঢৌবোৰহে!

ল’ৰাজন অর্থাৎ বৰুণে টাউনৰ হাইস্কুলত নৱম শ্রেণীত পঢ়ে। দেউতাকে, কি নাম ক’লে? চাহ বাগান এখনত টি হাউছত কাম কৰে। হেড টি হাউছ? এৰা হ’বলা। দহ মাইল দূৰ ঘাটৰ পৰা। বাইদেৱেকৰ বিয়াৰ ডেৰ বছৰ হ’ল।

এসপ্তাহ হওঁতেই মাতি পঠিয়াইছে। সামান্য আঘাত। কিন্তু ‘কাম শ্বাৰ্প যে’! নেদেখিলে থাকিবই নোৱাৰে। বৰ মিল…। আজিৰ ৰাতিটো ডেৰ বছৰৰ আগত হোৱা হ’লে। আৰু মোৰোতো এতিয়া চাইকেল এক্সিডেন্ট হোৱা নাই… ধেৎ!

মমডাল বতাহত নুমাই গ’ল। আন্ধাৰতে ভাল লাগিছিল, কিন্তু উচিত নহ’ব যেন লাগিল। দিয়াচলাইটো মাৰিলো। আধাখোৱা মিকচাৰ এডোখৰ পাই তাকে জ্বলাই লৈ মমডোখৰলৈ জ্বলা কাঠিটো আগবঢ়াই নিছিলো। চক খাই গ’লো। বাইদেৱেকৰ মাত— “আন্ধাৰতহে টোপনি আহে যদি।”
“শোৱা নাই?”
“চিলমিল। টোপনি নাহেই দেখোন।”
স্বাভাৱিক। মম নজ্বলালো। ৰেলিঙত ভৰ দি জাহাজ অহা দিশটোৰ ফাললৈ তীব্র দৃষ্টিৰে চাই থাকিলোগৈ। মমৰ পোহৰেৰে নহ’ব, জাহাজৰ পোহৰ আনিবই লাগিব। কিমান সময় তেনেকৈ আছিলো, ক’ব নোৱাৰোঁ। হঠাৎ হুলস্থুল আৰম্ভ হৈ গল। জাহাজ, জাহাজ, পোহৰ আদিৰ শব্দৰ লগে লগে টিকটৰ ঘণ্টা আৰু খোজ কঢ়াৰ দুপ-দাপ শব্দ। মই লৰালৰিকৈ মমডাল জ্বলাই দিলো। বাইদেৱেক উঠি বহিছিল, দুই হাতে হেঁচুকি বৰুণক জগালে। বৰুণো চকমক খাই বহিল।

“জাহাজ আহিল বৰণ।” যেন বহুত হুলস্থুল আৰু অপেক্ষাৰ পিছত ‘ল’ৰা এটা জন্ম পাইছে’— এনে এটা সংবাদহে দিলো। মই তেওঁক বিছনা বান্ধিবলৈ কৈ টিকট আনিবলৈ গ’লো।

টিকট-মাষ্টৰৰ মুখখন দেখিয়ে বুজিলো কিবা এটা দুর্ঘটনা ঘটিছে। জাহাজৰ পৰা চিগনেল পাইছে, মেৰামতি কৰিব লাগিব। গতিকে টিকট পলমকৈ দিব। খোঁৰাই খোঁৰাই জাহাজখন কাষ চাপি আহিছে। বৰণে আহি অলপ পিছত মোৰ ওচৰত থিয় হল। খবৰটো দিয়াত, বায়েকক ক’বলৈ আকৌ উভতি গ’ল।

ৰাতি পুৱাই আহিছে। [su_button url=”https://nilacharai.com/kathanibari-ghat” style=”flat” background=”#f77029″ radius=”5″ icon=”icon: arrow-left”]পূৰ্বৱৰ্তী পৃষ্ঠা[/su_button] [su_button url=”https://nilacharai.com/kathanibari-ghat/3/” style=”flat” background=”#f77029″ radius=”5″ icon=”icon: arrow-right”]পৰৱৰ্তী পৃষ্ঠা[/su_button]

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

৪ responses to “কাঠনিবাৰী ঘাট”

  1. অবন্ত বৰদলৈ Avatar
    অবন্ত বৰদলৈ

    মহিম বৰা দেৱৰ মৃত্যুত অসমীয়া সাহিত্য আকাসৰ এটি ভোটাতৰা মাৰ গʼল ৷তেখতৰ এই বিখ্যাত গল্পটি পুনৰ পঢ়াৰ সুযোগ দিয়াৰ বাব্ে নীলা চৰাইক ধন্যবাদ ৷

  2. উৎপল ফুকন Avatar

    শৈশৱতে পঢ়া অসমীয়া সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ গল্পটি আকৌ পঢ়িবলৈ সুযোগ দিয়াৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts