কাঠনিবাৰী ঘাট

প্ৰকাশ: ৬ আগষ্ট, ২০১৬ | অন্তিম সম্পাদনা: ৬ জুলাই, ২০১৯

পাৰলৈ নামি গ’লো। কিবা এটা ব্যৱস্থাৰ কথা ভাবিব লাগিব। এওঁলোক আজি যোৰহাট পাবই লাগিব। প্ৰাতঃকৃত্যাদিৰ পিছত কাৰাকৈ চাহ একাপ খাই টোপনিখিনি জাৰি পেলালো৷ গৰম লুছি ভজাই ভালকৈ চাহ তিনি কাপ কৰাইছোঁ। জাহাজ আহিল আৰু দুই-এজন যাত্রী নামিল। দেখিলো, বৰণে আৰু এজন ল’ৰা লৈ পাৰলৈ নামি আহিছে।

“দাদা দাদা, মামু আহিল। জাহাজত আহিছে যোৰহাটৰ পৰা। চাওক, মই নকৈছিলো, চিন্তাৰ কাৰণ নাই বুলি।”
মামু ৰাতিৰ টোপনি খতিত ক’লা-মলা হৈ আহিছে। বাইদেৱেকৰ সম্বন্ধীয়া দেওৰ, বৰুণৰ প্ৰায় সমনীয়া বা অলপ ডাঙৰ হ’ব।

“যোৰহাটৰ খবৰ কি?” মামুলৈ চাই সুধিছিলো, বৰণেই টপৰাই উত্তৰ দিলে— “ভাল, আমি যোৱা দেৰি হোৱাত নিবলৈ পঠিয়াইছে।”
“নিবলৈ কিয় ?”
“যায় যদি লৈ যাওঁ। নাইবা ময়ে ফুৰি-চাকি যাওঁ, এই বুলি আহিলো।” এইবাৰ মামুৱে ক’লে।
“পিছে এতিয়া কি কৰা?”
“নবৌ যাব খুজিছে, যেনে-তেনে। গতিকে নাও ভাড়া কৰি যোৰহাটৰ প্রথম বাছ ধৰিম। জাহাজ বালিত লাগিছিল, কিবা এটা বেয়া হ’ল। মেৰামতি কৰিলেহে যাব। গতিকে জাহাজত গ’লে দেৰি হ’ব।”
“তেনেহ’লে বৰুণ, বাইদেৱেৰাক গা-পা ধোৱাৰ ব্যৱস্থা কৰি দিয়া। যোৱা। মই চাহ নিয়াম।”

বৰুণে হাতৰ ফ্লাস্কটো মোক দি দুয়ো উভতি গ’ল।

তেওঁলোকক এঘণ্টামান সময় দি দোকানী ল’ৰা এটাৰ হতুৱাই চাহ-জলপান লৈ বুটলৈ যেতিয়া যাওঁ, বৰুণৰ বাইদেৱেকে গা-পা ধুই মামুৰ লগত আনন্দ-মনেৰে কথা পাতি আছে। ৰাতিৰ চিন্তাৰ চাপ মুখখনত নাই।

“তোমাক প্রথমে দেখি মোৰ বুকুখন কঁপি উঠিছিল।”
“কৈছোঁৱেই নহয়, নাযায় যদি বাগানলৈ উভতি যাব পাৰে।”
“নাই নাই, মোক থৈ দুয়ো আহিব লাগে। তুমি আহিলা, ভালেই হ’ল। কালি ৰাতি এজন মানুহে বৰ উপকাৰ….।”
মই উপস্থিত হৈছিলো। লৰালৰিকৈ ওৰণিখন আৰু অকণমান টানি লৈ লাজত যেন ৰঙা হৈ গ’ল। দোকানী ল’ৰাটোৱে চাহৰ সৰঞ্জাম থৈ উভতি গ’ল।

“বৰুণ ক’লৈ গ’ল?” মই মামুলৈ চালো।
“মুখ-হাত ধুবলৈ গৈ অহাই নাই।” উত্তৰ দিলে মামুৰ নবৌৱেকে। লগে লগে চাহ বকাত লাগি গ’ল। মামু আৰু মোক চাহ-জলপান আগবঢ়াই দিলে।
“মোৰ কাৰণে নহয়, মই এইমাত্ৰ খাই আহিছোঁ।”
“আকৌ খাব লাগিব।”

বাঃ! চাহৰ গিলাচ লৈ অলপ আঁতৰলৈ আহিলো।

“নাও বন্দবস্ত কৰি আহিছোঁ। সোনকালে আজৰি হৈ লোৱাই ভাল। চাহ ঠাণ্ডা হ’ব, বৰুণলৈ ৰ’ব নালাগে। নহয় জানো মামু?”
“ও, এতিয়াই। যোৰহাটৰ মটৰ ন বজাত শিলঘাট পাবহি।”

পশ্চিমীয়া নাৱৰীয়াই বৰণ-মামুৰ গানৰ সুৰে সুৰে নাও মাৰিবলৈ ধৰিলে।
ব্ৰহ্মপুত্ৰ গঙ্গা মাও,
বতাহে হালিছে গাও
মথুৰা পুৰীলৈ যাওঁ,
কাষে চপাই দিয়া নাও।

ভটীয়নী পানীত নাও কাঁড়-পাটৰ দৰে যাবলৈ ধৰিলে। বৰুণৰ বাইদেৱেক আৰু মামুৰ নবৌৱেকলৈ (মোৰ? মোৰ কি?) চালো। একান্ত মনে বৰুণহঁতৰ গান শুনিছে। গানৰ ছেৱে ছেৱে মুখত লাগি থকা হাঁহিটো নীৰৱে উঠা-নমা কৰিছে আৰু সেন্দূৰৰ ফোঁটটো! কি দগমগীয়া ৰঙা জুই সেইকুৰা! পুৱাৰ ৰ’দত মুখৰ বৰণ কেঁচা সোণৰ— নহয় কেঁচা গালধি গাঁঠি যেন হৈ পৰিছে। সোণৰ বৰণ প্ৰাণহীন।

আৰু পঢ়ক:  নগাঁৱত সাহিত্য চর্চা: মাধৱ কন্দলীৰ পৰা মহিম বৰালৈ

kathanibari-ghat-mahim-borahএখন সুখী ঘৰৰ ছবি। শাহু, শহুৰ, দেওৰ, ‘তোক-নেদেখিলে-থাকিবই নোৱৰা যে’ এজন স্বামী। সেই কাৰণেই ‘কাম শ্বাৰ্প’, ‘তইতো মইনৰ পাছ ন’ ৱৰি মানে নাজান নেকি’, ‘আকৌ খাব লাগিব…’!

মোৰ বাগানে বাগানে চাকৰি বিচাৰি ফুৰা ভেগাবণ্ডৰ জীৱনৰ বহুত দিনৰ ভিতৰত এটা দিন, বহুত ৰাতিৰ ভিতৰত এটা ৰাতি আহিছিল,— নাও যিমানেই শিলঘাটৰ ওচৰ চাপি আহিবলৈ ধৰিলে, সিমানেই মনটো উৰুঙা লাগি আহিল।

হঠাৎ চকুত পৰিল বৰুণৰ বাইদেৱেকৰ ফোঁটটো তেজৰ দৰে দগমগাবলৈ ধৰিছে। নাৱৰপৰা মূৰটো অলপ হলাই দিয়াত ঢৌৰ প্ৰতিবিম্ববোৰ গোটেই মুখখনেদি চকচকই পাৰ হৈ গৈছে। ঢৌবোৰে যেন ফোঁটটো ভাগ বাটি লৈ যাব।

নাও ঘাট চাপিল। শিলঘাট।

চাহ-পর্ব শেষ কৰাৰ লগে লগে মটৰ আহি পালে। চৰকাৰী বাছ— ঘড়ী মানি চলে। এইখিনিতে আমাৰ এৰাএৰি। বৰুণ আৰু বাইদেৱেক মটৰৰ ছেকেণ্ড ছিটত বহিলগৈ। বৰুণৰ মুখত উচ্ছসিত প্রশংসা।

“কেতিয়াবা যোৰহাটলৈ গ’লে বাইদেউৰ তালৈও যাব, ঠিকনা মনত আছে নহয়?” বৰুণৰ বাইদেৱেকেও আন্তৰিকতাপূর্ণ দৃষ্টিৰেই বৰুণতকৈ বেছি কথা কৈ দিলে। “আৰু কাঠনিবাৰী ঘাটেদি যাব লগা হ’লে আমাৰ বাগানৰ ঘৰলৈ যাবই।”

মৌখিক ভদ্রতা মাথোন নহয়, অন্তৰৰ আহ্বান। মটৰে হর্ন দিলে। বাইদেৱেকে লাহেকৈ নমস্কাৰ জনালে হাত দুটা কপাললৈ তুলি। প্রতি নমস্কাৰ কৰিলো। কিন্তু মামু?

মামু চাহৰ দোকানৰ পৰা উঠাই নাই। ড্রাইভাৰক কৈ চাহ দোকানলৈ গ’লো, মামুক পঠাবলৈ। মামুৱে চিগাৰেটত চিলাই-কল চলাইছে।

“মটৰ যায় যে, মামু!”

চিগাৰেটটো দলিয়াই মামু বহাৰ পৰা থিয় হ’ল।
“বৰ ভাল পালো আপোনাক লগ পাই…।” উত্তেজিত ব্যস্ততাৰে মামুৱে মোলৈ চাই ৰ’ল।
“কেতিয়াবা লগ হ’ম, মটৰ যে যায়, যোৱা এতিয়া।”
একপ্রকাৰ ঠেলা মাৰিয়ে দিলো। আকৌ হৰ্নৰ মাত। উত্তেজনাত ঘামি পৰিছে মামু।

| আৰু পঢ়ক: মহিম বৰাৰ গল্প ‘এখন নদীৰ মৃত্যু’

“যাম, যাম কেনেকৈ বাৰু? ককাইদেউৰ মটৰ এক্সিডেণ্টহে— পিছদিনাই সকলো শেষ! মই অভিনয় কৰি আহিছোঁ।”

মামু জাঁপ মাৰি মটৰত উঠিলগৈ।

মটৰৰ চকাকিটা তীব্ৰভাৱে ঘূৰি কামাখ্যা পাহাৰৰ ভাঁজত অদৃশ্য হৈ পৰিল।

প্ৰথম প্ৰকাশ: ৰামধেনু, ৯ম বছৰ, ২য় সংখ্যা, জেষ্ঠ ১৮৭৮ শক (১৯৫৬ চন)
পোহৰ-ছবি ১: কংকণ হাজৰিকা


MahimBorah-1600x900-min

শ্ৰদ্ধাঞ্জলি
৫ আগষ্ট ২০১৬ তাৰিখে সাহিত্যাচাৰ্য মহিম বৰাৰ পৰলোকপ্ৰাপ্তি হয়। তেখেতৰ বিয়োগে অসমীয়া সাহিত্য জগতত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিলে। তেখেতৰ স্মৃতিত ‘নীলা চৰাই’-এ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

[su_button url=”https://nilacharai.com/kathanibari-ghat/2/” style=”flat” background=”#f77029″ radius=”5″ icon=”icon: arrow-left”]পূৰ্বৱৰ্তী পৃষ্ঠা[/su_button] [su_button url=”https://nilacharai.com/kathanibari-ghat” style=”flat” background=”#f77029″ radius=”5″ icon=”icon: arrow-left”]প্ৰথম পৃষ্ঠালৈ উভতি যাওক[/su_button]

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

৪ responses to “কাঠনিবাৰী ঘাট”

  1. অবন্ত বৰদলৈ Avatar
    অবন্ত বৰদলৈ

    মহিম বৰা দেৱৰ মৃত্যুত অসমীয়া সাহিত্য আকাসৰ এটি ভোটাতৰা মাৰ গʼল ৷তেখতৰ এই বিখ্যাত গল্পটি পুনৰ পঢ়াৰ সুযোগ দিয়াৰ বাব্ে নীলা চৰাইক ধন্যবাদ ৷

  2. উৎপল ফুকন Avatar

    শৈশৱতে পঢ়া অসমীয়া সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ গল্পটি আকৌ পঢ়িবলৈ সুযোগ দিয়াৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts