পালো কি হেৰুৱালো কি
আছে কি পাবলৈ!
জটিল প্ৰশ্ন।
হেৰুওৱা হাঁহিৰ কল্লোল
বিচাৰি ল’বও জনা হ’লো,
কাৰণ ব’হাগ ফুলিছে
মোৰ চকুৰ পতাত।
খলা-বমা মনৰ আন্ধাৰ কোঠাত
জিলিকিছে এসোপামান
জোনাকীৰ দেহৰ লুচিফেৰিন
নুমাব জ্বলিব
আন্ধাৰত বাট দেখুৱাব
সিঁচৰতি হৈ থকা
সপোনবোৰক একত্ৰ কৰিব
গোটমৰা ৰক্তৰ কণিকা
সিৰাই সিৰাই বিয়পিব।
গছৰ ডালে ডালে
মৌ মিঠা কুঁহিপাতক চুমা দি
নতুন আশা প্ৰতিশ্ৰুতিৰ বীজ ছটিয়াই
আহিছে ব’হাগ,
ৰংঘৰৰ বাকৰিত
ৰংমন ঢুলীয়াৰ আখৰা—
ঢোলৰ চাপৰৰ
ৰিণিকি ৰিণিকি
ভাহি আহিছে প্ৰতিধ্বনি।
দিখৌপৰীয়া ডেকাৰ
ওঁঠত উল্লাসৰ সুহুৰি
চঞ্চল মন,
গাভৰুৰ হাতত নিজান ৰাতি
আঁক- বাক জেতুকাৰ বোল,
হৃদয়ত ৰসাল গান,
ময়ো বুকুত লৈ আছোঁ
এৰি অহা দিচাং, দৰিকা,
দিখৌৰ বালিত ভৰিৰ চাপৰ ভৰ।
গোপন মোনাত সাঁচি থৈছোঁ
কপৌফুলৰ এসোপামান
বেঙুনীয়া
ব’হাগ মোৰ মৰমৰ
ব’হাগ মোৰ চেনেহৰ
ব’হাগ মোৰ সেউজী বননিৰ
কোমল দলিচা
কাঁইটীয়া জীৱনৰ।
❧ | আৰু পঢ়ক: