শব্দ

পৰাশৰ ডেকা

শব্দ মোৰ লুণীয়া অনুভূতি…
সোঁৱৰণিৰ সেমেকা গোন্ধ…
মজি থাকোঁ মই
শব্দত
নে সোঁৱৰণিত?

শব্দ মোৰ হেৰোৱা ডায়েৰিৰ পুৰণি কাহিনী…
বিচাৰি পালে পাবা এই কবিৰ জীৱনী…
শব্দ…

শব্দৰ ধুমুহাত মই…
মই এজন নিঃকিন নাবিক…
বাৰে বাৰে দিশ হেৰুৱাওঁ
আকৌ শব্দৰে হাতত ধৰি বিচাৰি পাওঁ…
শব্দেৰে মোৰ সম্বন্ধ হেজাৰ বছৰ পুৰণি
শব্দত মোৰ অলেখ টোপাল চকুপানী।

নীল চৰাই . কাতি . ১৮ অক্টোবৰ ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:
সম্পাদক

সম্পাদক

editor@nilacharai.com

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of