গুৰুৱে এক কৰে, ভকতেহে ভাগ কৰে

শংকৰদেৱ চৰ্চা আমাৰ সমাজত মানে অসমীয়া সমাজত যথেষ্ট হোৱা বুলি ক’ব লাগিব। তাহানিৰ লক্ষ্মীনাথ বেজবৰুৱা, ডিম্বেশ্বৰ নেওগৰ পৰা আৰম্ভ কৰি জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, ডঃ মহেশ্বৰ নেওগ, সোণাৰাম চুতীয়া, কেশৱানন্দ দেৱ গোস্বামী, ইছমাইল হুছেইন প্রমুখ্যে নবীন-প্রৱীণ অনেকলৈকে চিন্তা-চৰ্চা কৰা দেখা গৈছে। কেৱল অসমৰ চাৰিসীমাৰ মাজতে আৱদ্ধ নাৰাখি লণ্ডন, আমেৰিকাকে ধৰি বিদেশলৈকো শংকৰদেৱ চৰ্চা সম্প্রসাৰিত কৰা পৰিলক্ষিত হৈছে। একেবাৰে শেহতীয়াকৈ ‘ইণ্টাৰনেট’, ‘ফেচবুক’ আদি অত্যাধুনিক মাধ্যমৰ জৰিয়তে শংকৰদেৱৰ চৰ্চা হোৱা দেখিছোঁ। সৌ সিদিনা বাতৰি কাকতত পঢ়িবলৈ পালো সুদূৰ লণ্ডনতো নামঘৰ প্রতিষ্ঠাৰ খবৰ। গতিকে পূৰ্বৰ তুলনাত শংকৰদেৱ চৰ্চা যে যথেষ্ট বৃদ্ধি পাইছে তাক স্বীকাৰ কৰিবই লাগিব।

আমাৰ পঢ়াশলীয়া জীৱনত শংকৰদেৱৰ তিথি, মাধৱদেৱৰ তিথি উদযাপন কৰা মনত আছে। ছাত্র-ছাত্রীৰ পৰা পইছা সংগ্ৰহ কৰি মাহ-প্ৰসাদ, ফল-মূল আনি নাম-কীর্তনেৰে তিথি উদযাপন কৰা হয়। গাঁও-ভূইত তিথিৰ নামত ভাওনা-সবাহ আদিৰ আয়োজন কৰা হয় আৰু আমিও মাহ-চাউল, কোমল চাউল, দৈ-গুৰুৰ সোৱাদ ল’বৰ বাবে স্কুললৈ নগৈ দিনটো নামঘৰৰ চৌপাশে দৌৰি-ধাপৰি কটাইছিলো। নামঘৰত ডাঙৰ মানুহবিলাকৰ মাজত ‘ধর্মালোচনী সভা’ বহে। সেই সভাত গুৰুজনাৰ ধৰ্মীয় বিচাৰৰ লগতে ভাগৱতৰ বহু কাহিনী, উপ-কাহিনী ৰসোত্তীর্ণ কৰি কোনো পাৰ্গত লোকে উপস্থাপন কৰে আৰু গাঁৱৰ শিক্ষিত কিম্বা অনাখৰি ধর্মপ্ৰাণ লোকে দেহা-মন ঢালি তাৰ ৰস পান কৰে।

শংকৰদেৱ চৰ্চাৰ যি পৰম্পৰা সৰুৰে পৰা পঢ়াশালি অথবা গাঁও-ভূঁইত দেখিছিলো বা শুনিবলৈ পাইছিলো, ভাওনা-সবাহ উপভোগ কৰিছিলো, তাত আমাৰ কিশোৰ মনক উদ্বেলিত কৰিব পৰা বিশেষ উপাদান পোৱা বুলি ক’ব নোৱাৰোঁ। অৱশ্যে বৰগীত, অংকীয়া গীত, ভাওনাৰ কাহিনী, গায়ন-বায়নৰ খোল-তাল, গীতৰ মুৰ্চ্ছনা, সূত্ৰধাৰৰ সাজ-পাৰ, নাচোন-কাচোনে আমাৰ কুমলীয়া মনত ভালেই চাপ বহুৱাইছিল। এনেবোৰ সাংস্কৃতিক উপাদানে পৰৱর্তী কালত সংগীত চর্চাত আমাক ভালেই অৰিহণা যোগায়।

শৈশৱ-কৈশোৰত শংকৰদেৱ আমাৰ বাবে আছিল ‘অতি মানৱ’ অথবা ‘দেৱতা’। শংকৰদেৱৰ বাল্যকাল নাইবা যৌৱনকালৰ কেতবোৰ অলৌকিক, অদ্ভূত কাহিনীয়ে তেওঁক তেজ-মঙহৰ মানুহৰ শাৰীত থোৱাই নাছিল। অতি মানৱ অথবা দেৱতা হোৱা বাবেহে শংকৰদেৱে অইনে সাধন কৰিব নোৱৰা অনেক কাম সম্পাদন কৰিবলৈ যেন সমর্থ হৈছিল! পাছলৈ আকৌ নতুন কেতবোৰ সমস্যাৰ সন্মুখীন হ’লো। ডেকা বয়সত সভা-সমিতি, সাংস্কৃতিক অনুষ্ঠান আদিত ভাগ ল’বলৈ গৈ দেখিলো, শংকৰদেৱক লৈ সমাজত নানা মুনিৰ নানা মত। সত্ৰ, সংঘ আদিৰ নামত মতভেদ। কাৰো কথাৰ লগত কাৰো মিল নাই। পৰম্পৰা আৰু বাস্তৱৰ তীব্র সংঘাত। গাঁৱে গাঁৱে খেল, গাঁৱে গাঁৱে গাইগুটীয়া নামঘৰ। সংঘাত ইমানেই তীব্র যে সামাজিক কাম-কাজ, বিয়া-বাৰু, উৎসৱ-পাৰ্বন সকলোতে সংঘাত। হিন্দু, মুছলিম, শিখ, খৃষ্টানৰ ধমীয় প্রভেদৰ প্রশ্ন তাত নহৈছিল। বৰঞ্চ একেখন গাঁৱৰে একেখিনি হিন্দু ধর্মালম্বী অসমীয়া মানুহৰ মাজত ভেদা-ভেদ। ‘প্রসাদো নাখাইবা, মূর্তিকো নচাইবা, ধর্ম হ’ব ব্যভিচাৰ’ সূত্রায়নেৰে সমাজখনক থানবান কৰা হ’ল। যিসকলে ধৰ্মৰ তত্ত্ব বুজে, আধ্যাত্মিক চর্চাত মনোনিৱেশ কৰে, বয়সৰ পৰিপক্কতা নাইবা ধর্মসংযম আছে, তেওঁলোকৰ কথা সুকীয়া। কিন্তু সমাজৰ গৰিষ্ঠ সংখ্যক ল’ৰা-ছোৱালী, ডেকা-গাভৰু, অনাখৰি লোক, যিসকলে সৰুৰে পৰা গাঁৱে-ভূঞে পৰম্পৰাগতভাৱে ভাওনা-সবাহ, পূজা-পাৰ্বন, বিয়া-সবাহ দেখি আহিছে, ভাগ লৈ আহিছে, তেওঁলোকৰ কাৰণে এনে ভেদভাব, অৰিয়াঅৰি অবাঞ্ছিত আৰু অসহ্যকৰ।

শংকৰদেৱ চর্চা গতানুগতিক আনুষ্ঠানিক পয়োভৰৰ বিপৰীতে গতিশীল, বাস্তৱিক আৰু জাত-পাত-ধর্ম নির্বিশেষে আপামৰ ৰাইজৰ সামূহিক হিতার্থে হওক।

ধৰ্মৰ নামত অধৰ্মৰ বেহা, কাজিয়া-পেচাল, কোনো কোনো সময়ত সাম্প্রদায়িক সংঘর্ষই ধৰ্মৰ তত্ত্ব কিম্বা মর্ম, লগতে সমসাময়িক সমাজত ধৰ্মৰ ভূমিকা, ধৰ্মৰ অপৰিহার্যতা সম্পর্কে বস্তুনিষ্ঠভাৱে আৰু লগতে বাস্তৱিকতাৰে ভাবিবলৈ আমাক বাধ্য কৰাইছিল। সাতৰ দশকমানত ‘নতুন পৃথিৱী’ নামৰ এখন প্রগতিশীল ভাবধাৰাৰ আলোচনীত প্রথমবাৰৰ কাৰণে কেতবোৰ গুৰুত্বপূর্ণ প্রবন্ধ পঢ়াৰ আমাৰ সুযোগ মিলিছিল। প্রবন্ধসমূহ লিখিছিল ডঃ হীৰেন গোহাঁই, অনিল ৰায় চৌধুৰী, তাৰক চন্দ্ৰ গোস্বামী, বিজনলাল চৌধুৰী প্রমুখ্যে চিন্তাবিদসকলে।

শংকৰদেৱক বুজিবলৈ হ’লে তেওঁৰ সমসাময়িক সমাজখনলৈ উভতি যাবই লাগিব। সেইখিনি সময়ৰ সমাজত ধৰ্মৰ ভূমিকা, ধৰ্মৰ অপৰিহার্যতা কিমান আছিল আৰু শংকৰদেৱে তাক যিদৰে অনুধাৱন কৰি সমাজত তাৰ সাৰ্থক প্রয়োগ ঘটাইছিল, এই সকলোবোৰ কথা বস্তুনিষ্ঠভাৱে নির্মোহভাৱে বুজিবলৈ চেষ্টা কৰিব লাগিব। তাকে নকৰি আজিৰ একৈশ শতিকাৰ সমাজত যদি তাৰ হুবহু প্রয়োগ ঘটাব বিচাৰোঁ, তেনেহ’লে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা বেছি। শংকৰদেৱৰ সমসাময়িক ভাৰত বৰিষৰ অন্যান্য ধর্মগুৰুসকলৰ সৈতে তুলনা কৰিলে বহু পার্থক্য চকুত পৰে। প্রায়সকল ধর্মগুৰুৰ মূল লক্ষ্য আছিল সমাজত নিজ নিজ ধৰ্ম প্রতিষ্ঠা কৰা; তাৰ প্ৰচাৰ-প্ৰসাৰ ঘটোৱা। কিন্তু শংকৰদেৱ তথাকথিত ধর্মগুৰু নাছিল। ধৰ্মক মাধ্যম হিচাপে লৈ সমসাময়িক সমাজ ব্যৱস্থাৰ সৈতে খাপ খোৱাকৈ প্রচলিত ধর্মকো সৰল, শিথিল আৰু সময়োপযোগী কৰি সমাজৰ সংস্কাৰ তথা উত্তৰণৰ মহা লক্ষ্যসমূহ ৰাখি ওৰেটো জীৱন কাম কৰিছিল। কাৰণ সেইখিনি সময়ত ধৰ্মৰ বাহিৰে সমাজ সংস্কাৰ কিম্বা উত্তৰণৰ অন্য উত্তম মাধ্যম নাছিল।

কুৰি শতিকাত আহি আমি দেখোঁ, জ্যোতিপ্ৰসাদ অথবা বিষ্ণু ৰাভাৰ দৰে আধুনিক মনৰ মানুহখিনিয়ে শংকৰদেৱৰ মাহাত্ম্য অন্তঃকৰণেৰে স্বীকাৰ কৰিও তেওঁৰ সেই ধর্মীয় পন্থা সমাজ-সংস্কৃতিৰ উত্তৰণ বা বিকাশৰ একমাত্র পন্থা হিচাপে গ্রহণ কৰা নাই। জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভাই বুজি পাইছিল যে শংকৰদেৱৰ সময়ৰ ভূ-ভাৰস্তখন এতিয়া অনেক বহল আৰু বৃহৎ। বিজ্ঞান-প্রযুক্তিবিদ্যা, আধুনিক ধ্যান-ধাৰণাই মানুহৰ সমাজলৈ প্রভূত পৰিৱৰ্তন আনিলে। ফৰাচী বিপ্লৱ পৰৱৰ্তী ইউৰোপীয় শিল্প বিপ্লৱে সমাজ, সভ্যতা, ৰাজনীতি, সংস্কৃতিৰ নতুন সংজ্ঞা নিৰ্দ্ধাৰণ কৰিছে। ‘প্রাচ্য মানেই সর্বোৎকৃষ্ট, পাশ্চাত্য মানেই নিন্দনীয়’ ধাৰণা এতিয়া সলনি হৈছে। প্রাচ্য আৰু পাশ্চাত্যৰ অপূর্ব মিলন ঘটিছে। বৈজ্ঞানিক দৃষ্টিভংগী মানুহে গ্রহণ কৰিবলৈ শিকিছে।

গতিকে একৈশ শতিকাৰ আধুনিক সভ্যতা-সংস্কৃতিৰ সমাজ জীৱনত ভৰি থৈ আমি শংকৰদেৱ চৰ্চা কৰোঁতে সাৱধান হ’ব লাগিব, যাতে সমাজ-সংস্কৃতিৰ আৱশ্যম্ভাৱী পৰিৱৰ্তনৰ ধাৰাটোত কোনো বাধা আহিব নোৱাৰে। অখণ্ড পালনাম, অষ্টপ্ৰহৰ ভাগৱত পাঠেৰে বিশ্বশান্তিৰ ধাৰণা আজিৰ দিনত যিমান প্ৰাসংগিক, তাকো নিৰ্মোহভাৱে বুজিব লাগিব। ধর্ম এক দর্শন মূলতঃ। কার্ল মাৰ্ক্সে কৈছিল— ‘ধর্ম এবিধ আফিং’। কিন্তু লগতে ইয়াকে কৈছিল যে সর্বহাৰাৰ জীয়াই থকাৰ একমাত্র সম্বল। অসমৰ সমাজ ব্যৱস্থাত ধৰ্মৰ সম্পর্ক তেজ-মঙহৰ দৰে। ধৰ্মৰ সৈতে জড়িত হৈ আছে পৰম্পৰা, আচাৰ-নীতি, সংস্কৃতি অনেক। যিটো কাৰণে ধৰ্মৰ প্ৰতি সর্বসাধাৰণ মানুহৰ আজিও আছে অকৃত্ৰিম আনুগত্য, শ্রদ্ধা, আস্থা। তাৰ লগতে কিন্তু সংযুক্ত হৈ আছে অহেতুক নানা ধ্যান-ধাৰণা, অন্ধবিশ্বাস, কু-সংস্কাৰ আদি। সমাজৰ সুবিধাবাদী, প্রতিক্রিয়াশীল লোকে এনেবিলাক নেতিবাচক উপদেশক মূলধন হিচাপে লৈ সমাজক বিপথে পৰিচালিত কৰে, অনৈক্য-অপ্ৰীতি, ভেদভাবৰ সৃষ্টি কৰে। যাৰ কাৰণে সাধাৰণ মানুহে দুৰ্নীতি-ভ্ৰষ্টাচাৰ, শোষণ-দমনৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ যুঁজাৰ সংকল্প ল’ব নোৱাৰে।

শংকৰদেৱ চর্চা গতানুগতিক আনুষ্ঠানিক পয়োভৰৰ বিপৰীতে গতিশীল, বাস্তৱিক আৰু জাত-পাত-ধর্ম নির্বিশেষে আপামৰ ৰাইজৰ সামূহিক হিতার্থে হওক।


ছবি: সুজিত দাস, নগাঁও

আপোনাৰ আৰু ভাল লাগিব পাৰে:

AKCA-BRabha-Cover150x80

আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু বিনামূলীয়াকৈ ই-বুক লাভ কৰক !


আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু প্ৰীতিৰ চিন স্বৰূপে বিষ্ণুপ্ৰসাদ ৰাভাৰ 'অসমীয়া কৃষ্টিৰ চমু আভাস' ই-বুক (ই-পাব/ মবি/ পিডিএফ) ৰূপত পাওক বিনামূল্যে !

আমি আপোনাৰ ই-মেইল ঠিকনা নিশ্চিত কৰিব লাগিব। আমি এইমাত্ৰ আপোনালৈ এটা ইমেইল প্ৰেৰণ কৰিছোঁ; সেই ইমেইলত দিয়া লিংকত ক্লিক কৰি আপোনাৰ চাবস্ক্ৰিপশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।

লোকনাথ গোস্বামী

সংগীত শিল্পী, লেখক।

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz