ড° সৰ্ৱেপল্লী ৰাধাকৃষ্ণণৰ বাণী

ড° সৰ্ৱেপল্লী ৰাধাকৃষ্ণণৰ বাণী
  • 04 Sep, 2018

বি শিষ্ট দাৰ্শনিক পণ্ডিত, ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি আৰু দ্বিতীয়জন ৰাষ্ট্ৰপতি (১৯৬২-৬৭) ড° সৰ্ৱেপল্লী ৰাধাকৃষ্ণণৰ ৫ ছেপ্তেম্বৰৰ জন্মদিনৰ দিনটো শিক্ষক দিৱস হিচাপে দেশজুৰি পালন কৰা হয়। ড° ৰাধাকৃষ্ণণৰ জন্ম হৈছিল তদানীন্তন বৃটিছ ভাৰতৰ মাদ্ৰাছ প্ৰদেশৰ টিৰুট্টানি (Thiruttani)ত ১৮৮৮ চনৰ ৫ ছেপ্তেম্বৰ তাৰিখে আৰু মৃত্যু হৈছিল তামিলনাডুৰ মাদ্ৰাছত ১৯৭৫ চনৰ ১৭ এপ্ৰিল তাৰিখে।

সৰ্ৱেপল্লী ৰাধাকৃষ্ণণ

অংকন: আশাজ্যোতি বৰা

ড° সৰ্ৱেপল্লী ৰাধাকৃষ্ণণে ৰচনা কৰাকেইখনমান গ্ৰন্থ হৈছে ‘দ্য ফিলচফি অৱ ৰবীন্দ্ৰনাথ টেগোৰ’, ‘ইণ্ডিয়ান ফিলচফি’, ‘দ্য হিন্দু ভিউ অৱ লাইফ’, ‘ৰিলিজিয়ন এণ্ড চছাইটি’, ‘দ্য ধম্মপদ’, ‘দ্য প্ৰিন্সিপাল উপনিষদচ’, ‘ৰিলিজিয়ন, চায়ন্স এণ্ড কালচাৰ’ আদি।

বিভিন্ন প্ৰসংগত তেখেতে কোৱা আৰু লিখা দহোটা বাণী তেখেতলৈ শ্ৰদ্ধা যাঁচি পাঠকসকললৈ আগবঢ়োৱা হ’ল।

সৰ্ৱেপল্লী ৰাধাকৃষ্ণণৰ বাণী

মোৰ জন্মদিন হিচাপে উদযাপন কৰাৰ পৰিৱৰ্তে, ৫ ছেপ্তেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰিলে মই বেছি সুখী হ’ম।

সৰ্ৱেপল্লী ৰাধাকৃষ্ণণৰ বাণী

যিসকলে আমাক নিজাকৈ ভবাত সহায় কৰে, সেইসকলহে প্ৰকৃত শিক্ষক।

সৰ্ৱেপল্লী ৰাধাকৃষ্ণণৰ বাণী

সহনশীলতা হৈছে সীমিত মনে অব্যৱহৃত অসীমৰ প্ৰতি আগবঢ়োৱা শ্ৰদ্ধা।

সৰ্ৱেপল্লী ৰাধাকৃষ্ণণৰ বাণী

কিতাপ হৈছে এনে এক উপায়, যাৰ সহায়ত আমি বিভিন্ন সংস্কৃতিৰ মাজত সাঁকো নিৰ্মাণ কৰিব পাৰোঁ।

সৰ্ৱেপল্লী ৰাধাকৃষ্ণণৰ বাণী

কেৱল জ্ঞান আৰু বিজ্ঞানৰ আধাৰতহে এক সুখী আৰু আনন্দময় জীৱন সম্ভৱ।

সৰ্ৱেপল্লী ৰাধাকৃষ্ণণৰ বাণী

আমি যি মানৱ জীৱন পাইছোঁ, সেয়া হ’ল আদৰ্শ মানৱ জীবন গঢ়ি তোলাৰ উপকৰণ।

সৰ্ৱেপল্লী ৰাধাকৃষ্ণণৰ বাণী

জীৱন এটি মহান উপহাৰ, যিসকলে জীৱনক ভাল নাপায়, সেইসকল এই উপহাৰ গ্ৰহণৰ বাবে উপযুক্ত নহয়৷

❧ | আৰু পঢ়ক: শিক্ষা আৰু শিক্ষক প্ৰসংগত

সৰ্ৱেপল্লী ৰাধাকৃষ্ণণৰ বাণী

যিজন পাপত মগ্ন, তেওঁৰো এটা ভৱিষ্যৎ আছে। মহানতম লোকৰো এটা অতীত আছে। কোনোৱেই ভাল-বেয়াৰ বাহিৰত নহয়।

সৰ্ৱেপল্লী ৰাধাকৃষ্ণণৰ বাণী

শিক্ষাৰ অন্তিম উৎপাদন এজন মুক্ত সৃজনশীল ব্যক্তি হোৱা উচিত, যিয়ে ইতিহাসগত পৰিস্থিতি আৰু প্ৰকৃতিৰ ৰোষৰ বিৰুদ্ধে সংগ্ৰাম কৰিব পাৰে।

সৰ্ৱেপল্লী ৰাধাকৃষ্ণণৰ বাণী

ভগৱানে আমাৰ প্রত্যেকৰ মাজেৰেই অনুভৱ কৰে, দুঃখ ভোগ কৰে। তেওঁৰ গৰিমা, জ্ঞান, সৌন্দৰ্য আৰু ভালপোৱা আমাৰ প্রত্যেকৰ মাজেৰেই প্রকাশিত হয়।

ড° সৰ্ৱেপল্লী ৰাধাকৃষ্ণণৰ বাণী
Follow Nilacharai on Spotify
ড° সৰ্ৱেপল্লী ৰাধাকৃষ্ণণৰ বাণী | তপোবন মিশ্ৰ

Follow Nilacharai on Facebook