বয়স
প্ৰকাশ: ২ অক্টোবৰ, ২০১৮ | অন্তিম সম্পাদনা: ২ অক্টোবৰ, ২০১৮
হাবিৰ ছায়া বিষাদ হৈ পৰা পৰত বা
নিয়ৰবোৰ গোট মাৰি শিল হোৱাৰ পৰত
দুভৰিয়ে শিপাবোৰ মেলি দিয়ে।
জুখি চায় গভীৰতা
শুহি লয় মাটি লাগি থকা অস্তিত্ব
দুহাতে বগাই চাই উচ্চতা
খামুচি ধৰে মণি গাঁঠি ৰখা আকাশৰ আভিজাত্য
বুকুৰ মায়া-মোহত কলিজাৰ মেৰপাক ছিঙি
ফুলি উঠে অবতৰীয়া কেতেকী
কিন্ত…
উখহি উঠা দেহৰ ছালখনৰ গৰাখহনীয়াই
লুকুৱাব নাজানে শীৰ্ণতা
কৈ যায় পোৱা নোপোৱাৰ অন্তৰাল আৰু
বিষাদ হোৱা হাবি বা নিয়ৰ হোৱা শিলৰ ৰহস্য।
লেখকৰ ঠিকনা: সহকাৰী অধ্যাপক, নেটেছ ইন্সটিটিউট অফ ফাৰ্মাছিউটিকেল ছায়ন্স, মিৰ্জা, কামৰূপ
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ
Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
.
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:
Secure payment | Powered by UPI
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
Leave a Reply