নগাঁও জিলাৰ হাতীচোং অঞ্চলৰ কলীয়া গোসাঁই: এক আলোকপাত

নগাঁও জিলাৰ হাতীচোং অঞ্চলৰ কলীয়া গোসাঁই: এক আলোকপাত
  • 21 Oct, 2020

বি শিষ্ট গ্ৰন্থ, শিলালিপি, তাম্ৰশাসন, শিলামূৰ্তি, লোককথা, জনশ্ৰুতি আদি সমলসমূহেই কোনো এখন দেশ বা ৰাজ্যৰ ধৰ্মীয় নতুবা আন সাংস্কৃতিক-ভৌগোলিক আদি দিশত ভুমুকি মৰাৰ আলোক-ৰেখাস্বৰূপ। অসমৰ বিষ্ণুভক্তিৰ শুংসূত্ৰ জনাৰ দিশতো উক্ত আটাইবোৰ সমলেই বাট দেখুৱায়। অসমৰ বৈষ্ণৱ ধৰ্মৰ প্ৰাচীনতা সম্পৰ্কে এই সমলবোৰৰ সহায়েৰে আচাৰ্য মনোৰঞ্জন শাস্ত্ৰীয়ে তেখেতৰ ‘অসমৰ বৈষ্ণৱ দৰ্শনৰ ৰূপৰেখা’ গ্ৰন্থৰ প্ৰথম অধ্যায়ত বিস্তৃতভাৱে আলোচনা কৰিছে। এই গ্ৰন্থখনতে শাস্ত্ৰীদেৱে মত পোষণ কৰিছে যে অসমত বৈদিক ধৰ্ম আৰু সংস্কৃতিৰ লগে লগে বিষ্ণুকথা বা বৈষ্ণৱ ধৰ্মৰ প্ৰৱেশ ঘটিছিল (পৃ. ০৪)। তীৰ্থনাথ শৰ্মাদেৱে তেখেতেৰ ‘আউনীআটি সত্ৰৰ বুৰঞ্জী’ শীৰ্ষক গ্ৰন্থখনিত খৃষ্টীয় চতুৰ্থ-পঞ্চম শতিকাতে অসমত বৈষ্ণৱ ধৰ্মই গজালি মেলিছিল বুলি অনুমান কৰিছে। (পৃ. ০১)

পঞ্চদশ শতিকাৰ অসমৰ ধৰ্মীয় আকাশত শঙ্কৰ-সূৰ্যৰ আৱিৰ্ভাৱে ইতিহাসে ঢুকি নোপোৱা কালতে অসমত আৰম্ভ হোৱা বৈষ্ণৱ ধৰ্মক এক ন-জ্যোতিৰে আলোকিত কৰে। এতিয়াৰ অসম তথা পুৰণি কামৰূপত অনাদি কালৰে পৰা প্ৰবাহিত হৈ অহা বিষ্ণুভক্তিৰ ধাৰাই ভাৱঘন বিস্তৃতি লাভ কৰে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ, শ্ৰীশ্ৰীমাধৱদেৱ, দামোদৰদেৱ আদি সন্তসকলৰ হাতত আৰু তেওঁলোকৰ স্পৰ্শতে প্ৰাণ পায় উঠে অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ ধাৰাই। এই নৱবৈষ্ণৱ ধৰ্ম মতৰে অন্যতম অৱদান হ’ল সত্ৰ ব্যৱস্থা

‘কৃষ্ণস্তু ভগৱান স্বয়ম’ৰ শ্ৰেষ্ঠত্ব প্ৰতিপাদনৰ উদ্দেশ্যেই শঙ্কৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ, গোপালদেৱ, বংশীগোপালদেৱ, পুৰুষোত্তম ঠাকুৰ, ভট্টদেৱ, চতুৰ্ভুজ ঠাকুৰ আদি সন্তসকলে সত্ৰানুষ্ঠানৰ মাধ্যমেৰে নৱবিধা ভক্তিৰ প্ৰচাৰ কৰিছিল । শঙ্কৰদেৱৰ তিৰোধানৰ পাছত অসমৰ নৱবৈষ্ণৱ সম্প্ৰদায় ব্ৰহ্ম, কাল, নিকা আৰু পুৰুষ— এই চাৰিটা সংহতিত বিভক্ত হৈ পৰে। এই সংহতি কৃত্ৰিম আৰু ভেদভাৱৰ পৰা উদ্ভৱ হোৱা বুলি ড০ মহেশ্বৰ নেওগদেৱে তেখেতৰ ‘শ্ৰীশ্ৰীশঙ্কৰদেৱ’ গ্ৰন্থত উল্লেখ কৰিছে (পৃ. ১৪৯) । শঙ্কৰোত্তৰ কালত বিভক্ত এই চাৰি সংহতিৰ অন্যতম পুৰুষ সংহতিৰ অন্তৰ্ভুক্ত এখন অন্যতম প্ৰধান সত্ৰ হৈছে শ্ৰীশ্ৰীক’ৰচোং সত্ৰ। পুৰুষোত্তম ঠাকুৰদেৱৰ আজ্ঞাপৰ বাৰজন আচাৰ্যৰ (বৰ-বাৰজনীয়া) ভিতৰত ড০ কেশৱানন্দ দেৱ গোস্বামীদেৱে তেখেতৰ ‘সত্ৰ-সংস্কৃতিৰ ৰূপৰেখা’ গ্ৰন্থত কোৰ্চুং বা কুঁৱৰীচোং সত্ৰ আৰু প্ৰতিষ্ঠাতা কেশৱদেৱক প্ৰথম স্থানত ঠাই দিছে। এই সত্ৰখনিৰ বিভিন্ন অঞ্চলত শাখা সত্ৰ আছে যদিও মূল সত্ৰখন নগাঁও জিলাৰ ৰাইডঙীয়াত অৱস্থিত।

আজিৰ পৰা বহু বছৰ পূৰ্বে এই ক’ৰচোং সত্ৰতে এঠাইত পুখুৰী খান্দোতে তাৰ পৰা এভাগ লক্ষ্মী-সৰস্বতীযুক্ত শিলত কটা বিগ্ৰহ উদ্ধাৰ হৈছিল। এই বিগ্ৰহভাগেই হৈছে আমাৰ আলোচ্য কলীয়া গোসাঁইৰ বিগ্ৰহ। ক’লা শিলত কটা আৰু ক’ৰচোং সত্ৰৰ পৰম উপাস্য কলীয়া গোসাঁইৰ দাৰুময় বিগ্ৰহৰ সৈতে সাদৃশ্য থকা গুণে এই বিগ্ৰহভাগৰো নাম কলীয়া গোসাঁই হয় বুলি অনুমান কৰিব পাৰি। উদ্ধাৰ হোৱাৰ পাছতে পোনতে এই বিগ্ৰহভাগ ক’ৰচোং সত্ৰতে স্থাপন কৰা হৈছিল যদিও তাৰ কিছুদিন পাছতে ক’ৰচোং সত্ৰৰ সত্ৰাধিকাৰক মহাপ্ৰভুয়ে স্বপ্নাদেশযোগে জনালে যে গোসাঁইজনা তেওঁলোকৰ সত্ৰত নাথাকে, সেয়ে মূৰ্তিভাগ সত্ৰৰ পুৰোহিতজনক দি দিবলৈ ক’লে। ক’ৰচোং সত্ৰৰ শ্ৰীযুত উৎপল গোস্বামীদেৱৰ মতে, তেতিয়াৰ ক’ৰচোং সত্ৰৰ পুৰোহিত আছিল নগাঁও জিলাৰ পশ্চিমে স্থিত বৃহত্তৰ হাতীচোং অঞ্চলৰ ব্ৰাহ্মণ গাঁৱৰ নিকটৱৰ্তী গজপুৰীয়া গাঁৱৰ (প্ৰয়াত) নিত্যানন্দ শৰ্মা। স্বপ্নাদেশ অনুসৰিয়েই ক’ৰচোং সত্ৰৰ সত্ৰাধিকাৰে বিগ্ৰহভাগ তেওঁলোকৰ পুৰোহিতজনক দিবলৈ ঠিক কৰে আৰু নিত্যানন্দ শৰ্মা আৰু লীলাধৰ শৰ্মা দুইজন ককাই-ভায়ে নিজে গৈ সত্ৰৰ পৰা বিগ্ৰহভাগ লৈ আহে। বৰ্তমানেও বিগ্ৰহভাগ নগাঁও জিলাৰ হাতীচোঙৰ গজপুৰীয়া গাঁৱৰ নিত্যানন্দ শৰ্মাৰ ঘৰত তেওঁৰ উত্তৰ-পুৰুষসকলৰ দ্বাৰা পূজিত হৈ আহিছে।

কলীয়া গোসাঁই

কলীয়া গোসাঁইৰ এই বিগ্ৰহভাগ আমাৰ দৃষ্টিৰে বাসুদেৱ মূৰ্তি। অসমত অতীজৰে পৰা চলি অহা বাসুদেৱ পূজাৰ বা বাসুদেৱ উপাসনাৰ সাক্ষ্য অসমৰ প্ৰেক্ষাপটত ৰচিত প্ৰাচীন তথা প্ৰসিদ্ধ গ্ৰন্থ কালিকা-পুৰাণৰ পাতত পোৱা যায় আৰু পুৰণি কামৰূপৰ বাসুদেৱ ধৰ্ম সম্পৰ্কীয় আমাৰ জ্ঞানো এই কালিকা-পুৰাণৰ বিৱৰণৰ ভিতৰতে সীমাবদ্ধ। কালিকা-পুৰাণে বাসুদেৱ বা বিষ্ণু পূজাৰ মন্ত্ৰ তিনিধৰণে নিৰ্দ্ধাৰণ কৰিছে— ক) অষ্টাক্ষৰ বীজমন্ত্ৰ— ওঁ নমো নাৰায়ণায় খ) দ্বাদশাক্ষৰ অঙ্গমন্ত্ৰ— ওঁ নমো ভগৱতে বাসুদেৱায় আৰু গ) অষ্টাদশাক্ষৰ প্ৰত্যঙ্গমন্ত্ৰ— ওঁ নমো বিষ্ণৱে সুৰপতয়ে মহাবলায় স্বাহা। কালিকা-পুৰাণৰ ৮০ সংখ্যক অধ্যায়ত এই তিনি মন্ত্ৰৰ উল্লেখ পোৱাৰ লগতে এই বীজমন্ত্ৰ, অঙ্গমন্ত্ৰ আৰু প্ৰত্যঙ্গমন্ত্ৰ অনুসৰি বাসুদেৱৰ তিনিটা ৰূপৰ বৰ্ণনা (ধ্যান) পোৱা যায়। আমাৰ আলোচ্য এই কলীয়া গোসাঁইৰ শৈল-বিগ্ৰহভাগৰ সৈতে ‘ওঁ নমো নাৰায়ণায়’— এই অষ্টাক্ষৰ বীজমন্ত্ৰৰ অৱয়ব বৰ্ণনাৰ সাদৃশ্য বিশেষভাৱে মন কৰিবলগীয়া। কালিকা-পুৰাণৰ এই বৰ্ণনা কিছু এনেধৰণৰ— “বিষ্ণু পূৰ্ণচন্দ্ৰৰ দৰে শুভ্ৰবৰ্ণ, গৰুড়ৰ ওপৰত থকা, চতুৰ্ভুজ, তিনিখন পীতবস্ত্ৰেৰে আবৃত দেহ, ওপৰৰ সোঁহাতত গদা, তলৰ সোঁহাতত ফুলি থকা পদুম, বাওঁফালে ওপৰৰ হাতত অত্যুগ্ৰ সুদৰ্শন, তলৰ হাতত শঙ্খ। তেওঁৰ বক্ষস্থলত শ্ৰীবৎস আৰু প্ৰদীপ্ত কৌস্তভমণি, বাম কক্ষত বাণপূৰ্ণ তূণীৰ, দক্ষিণ কক্ষত শৰাসন আৰু খাপত থকা নন্দক খড়্গ, মূৰত উজ্বল কীৰিটি, দুই কাণত কুণ্ডলদ্বয়, গলত আজানুলম্বিত বনমালা, সোঁকাষত লক্ষ্মীদেৱী আৰু বাওঁকাষত সৰস্বতী দেৱী। এইৰূপত বৰদাতা হৰিক চিন্তা কৰিব।” (কালিকাপুৰাণ, ৮০/৯৬-১০০)

এই ধ্যানমন্ত্ৰৰ সৈতে বা ৰূপ বৰ্ণনাৰ সৈতে কলীয়া গোসাঁইৰ বিগ্ৰহভাগৰ অধিকাংশতে সাদৃশ্য আছে যদিও দুই-এক দিশত বৈসাদৃশ্যও নথকা নহয়। ধ্যানমন্ত্ৰৰ বৰ্ণনাৰ দৰে আমাৰ আলোচ্য কলীয়া গোসাঁই গৰুড়ৰ ওপৰত বিৰাজিত নহয়। তদুপৰি ধ্যানমন্ত্ৰত কোৱাৰ দৰে কৌস্তভ মণি বিষ্ণুৰ বক্ষস্থলত নিদি অসমীয়া মানুহে পিন্ধা মণিৰ দৰেহে দিয়া হৈছে। আনবোৰ ক্ষেত্ৰত কিবা লক্ষণীয় বৈসাদৃশ্য পৰিলক্ষিত হয় বুলি কোৱাৰ বিশেষ থল নাই।

কৰ্ষতি শিলত কটা কলীয়া গোসাঁইৰ বিগ্ৰহভাগি ২ ফুট ৩ ইঞ্চি ওখ আৰু ১ ফুট ৫ ইঞ্চি বহল। বিগ্ৰহভাগৰ মধ্যত বিষ্ণু আৰু তেওঁৰ সোঁপিনে লক্ষ্মী আৰু বাওঁপিনে সৰস্বতীৰ মূৰ্তি আছে। মূৰ্তিখনিৰ শিলাপট্টৰ জোঙা শীৰ্ষত কীৰ্তিমুখ আৰু তেওঁৰ দুয়োফালে বিদ্যাধৰৰ মূৰ্তি পৰিলক্ষিত হয়। বিগ্ৰহভাগিত বিষ্ণুৰ নাক আৰু শৰীৰ দীঘল আৰু কঁকাল সৰু। বিষ্ণুৰ দুয়োকাষে লক্ষ্মী-সৰস্বতীৰ ওপৰিও আন দুই নাৰীমূৰ্তিও পৰিলক্ষিত হয়।

আমাৰ আলোচ্য বিগ্ৰহভাগৰ দুয়োকাষে লক্ষ্মী আৰু সৰস্বতীৰ উপস্থিতিৰ কথা যদি আমি বিচাৰ কৰোঁ, তেন্তে আমি পাম যে হৰিৰ দুয়োফালে থকা দুই শক্তি লক্ষ্মী আৰু সৰস্বতীৰ ভিতৰত দ্বিতীয় শক্তি তান্ত্ৰিক মূলৰ বুলি পণ্ডিতসকলে ক’ব খোজে (ড০ মহেশ্বৰ নেওগ, পুৰণি অসমীয়া সমাজ আৰু সংস্কৃতি, পৃ. ১৬৩) । লক্ষ্মী-সৰস্বতীৰ লগত বিষ্ণুৰ সম্পৰ্কৰ ক্ষেত্ৰত আচাৰ্য মনোৰঞ্জন শাস্ত্ৰীয়ে লিখিছে, “লক্ষ্মী-সৰস্বতী ভগৱানৰ ঐশ্বৰ্যশক্তি আৰু জ্ঞানশক্তি; তেওঁলোকৰ সত্তা ভগৱানৰে সত্তা, শক্তি আৰু শক্তিমানৰ ভেদ নাই।” (অসমৰ বৈষ্ণৱ দৰ্শনৰ ৰূপৰেখা, পৃ. ৩৪)। লক্ষ্মী-সৰস্বতীযুক্ত হোৱা বাবে এই বিগ্ৰহভাগক পঞ্চৰাত্ৰ প্ৰভাৱাধীন বুলি ক’ব পৰা যায় নে নাযায়, সেই সম্পৰ্কে শ্ৰী-সৰস্বতীযুক্ত বিগ্ৰহৰ আলোচনাৰ প্ৰসংগত ‘আউনীআটি সত্ৰৰ বুৰঞ্জী’ৰ প্ৰণেতা তীৰ্থনাথ শৰ্মাদেৱে লিখিছে, “অকল এই ধৰণৰ বাসুদেৱ মূৰ্ত্তিয়েই পঞ্চৰাত্ৰ প্ৰভাৱৰ কথা ঠাৱৰাব নোৱাৰে; পুৰাণৰ বৰ্ণিত মূৰ্ত্তিও এনেধৰনেই। পাছে সন্মুখৰ সোঁহাতত বৰদ মুদ্ৰা বা অভয় মুদ্ৰা বা অক্ষসূত্ৰ ধাৰণ কৰা থাকিলে সেই মূৰ্তি পঞ্চৰাত্ৰ সংহিতাত ব্যৱস্থিত মূৰ্ত্তি বুলি সহজে ক’ব পাৰি।” এই দৃষ্টিকোণৰ পৰা আমাৰ আলোচ্য কলীয়া গোসাঁইৰ বিগ্ৰহভাগত বৰদ মুদ্ৰা, অভয় মুদ্ৰা কিম্বা অক্ষসূত্ৰ ধাৰণ কৰা পৰিলক্ষিত নোহোৱা হেতু এই বিগ্ৰহভাগত পঞ্চৰাত্ৰৰ প্ৰভাৱ থকা বুলি ক’ব পৰা নাযায়।

কলীয়া গোসাঁই

কলীয়া গোসাঁইৰ এই শিলা বিগ্ৰহভাগৰ লগত নগাঁও জিলাৰ হাতীচোঙৰে গেদাৰবৰীৰ আন এভাগ দেৱালয় শ্ৰীশ্ৰীমাধৱ দেৱালয়ৰ উপাস্য মূল বিগ্ৰহভাগৰ সৈতে বিশেষভাৱে সাদৃশ্য পৰিলক্ষিত হয়। তদুপৰি এই বিগ্ৰহভাগৰ সৈতে কলিয়াবৰৰ শ্ৰীশ্ৰীবাসুদেৱ দেৱালয়ৰ বাসুদেৱ মূৰ্তিভাগৰ সৈতেও সাদৃশ্য পৰিলক্ষিত হয়। অৱশ্যে এনে লক্ষ্মী-সৰস্বতীযুক্ত বাসুদেৱ মূৰ্তি অসমত অসংখ্য আছে বুলি জানিব পৰা যায়। কলীয়া গোসাঁইৰ এই শিলা বিগ্ৰহভাগিত কালিকাপুৰাণোক্ত বাসুদেৱ অৰ্চনৰ স্পষ্ট প্ৰভাৱ আৰু তান্ত্ৰিকতাৰ প্ৰভাৱ তথা এই ধৰণৰ আন বিগ্ৰহৰ প্ৰাচীনতাৰ লগত ৰিজাই চাই বিগ্ৰহভাগ প্ৰাক-শঙ্কৰী যুগৰ হ’ব পাৰে বুলি অনুমান কৰিব পৰা যায়। অৱশ্যে এয়া অনুমানহে, প্ৰত্নতাত্ত্বিক পণ্ডিতসকলৰ উচ্চস্তৰীয় গৱেষণাইহে প্ৰকৃত তথ্য পোহৰলৈ আনিব পাৰিব।

অসমীয়া সাহিত্যৰ অন্যতম পুৰোধা ব্যক্তি ড০ মহেশ্বৰ নেওগদেৱৰ সু-সম্পাদনাত প্ৰকাশ পোৱা ‘পৱিত্ৰ অসম’ গ্ৰন্থত এই বিগ্ৰহভাগৰ বিষয়ে কিছু কথা লিপিবদ্ধ কৰিছে, “আঢ়ৈ কুৰি বছৰমান আগতে কৰচুং সত্ৰৰ পুৰণি পুখুৰী এটাৰ পৰা চতুৰ্ভুজ, লক্ষ্মী-সৰস্বতীযুক্ত বিষ্ণুমূৰ্তি তুলি সত্ৰত থাপনা কৰা হৈছিল। পাছত তাৰ পৰা আনি নগাঁও চহৰৰ সাত মাইল পশ্চিমে গজপুৰীয়া গাঁৱত থাপনা কৰা হয়।” (পৱিত্ৰ অসম, পৃঃ- ১৬৩)। ১৯৬০ চনত প্ৰথম সংস্কৰণ প্ৰকাশ হোৱা ‘পৱিত্ৰ অসম’ গ্ৰন্থৰ এই তথ্যৰ ওপৰত ভিত্তি কৰি আমি এই বিগ্ৰহভাগ পুখুৰীৰ পৰা তোলা বৰ্তমানে প্ৰায় চাৰে পাঁচ-ছকুৰিমান বছৰ হ’ল বুলি ক’ব পাৰোঁ।

❧ | আৰু পঢ়ক: সত্ৰ, সংহতি আৰু ব্ৰহ্ম সংহতি প্ৰসংগৰ এটি ৰূপৰেখা

হাতীচোং অঞ্চলৰ গজপুৰীয়া গাঁৱৰ এই বিগ্ৰহভাগৰ বিষয়ে সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰাৰ উদ্দেশ্যেই আমি আমাৰ অতি সীমিত জ্ঞানেৰে এই প্ৰবন্ধটি আগবঢ়াইছোঁ। জ্ঞান-বুদ্ধিৰ ফালৰ পৰা মন্দ হোৱা সত্বেও মনৰ তাগিদাত অপ্ৰমাদী কবি মাধৱ কন্দলিৰ “সমস্ত ৰসক কোনে জানিবাক পাৰে/ পখীসৱ উৰয় যেন পখা অনুসাৰে” বোলা কথাসাৰকে সাৰোগত কৰি এই প্ৰবন্ধটিত হাত দিলো । অনাকাংক্ষিত ভুল-ত্ৰুটিৰ বাবে মাৰ্জনা বিচাৰিছোঁ ।

সহায়ক গ্ৰন্থপঞ্জী:
১. দেৱেন্দ্ৰ ভট্টাচাৰ্য্য (অনুঃ), কালিকা পুৰাণ, বাণীমন্দিৰ, প্ৰথম প্ৰকাশ, ২০০৮
২. মনোৰঞ্জন শাস্ত্ৰী, অসমৰ বৈষ্ণৱ দৰ্শনৰ ৰূপৰেখা, বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড, ২০০২
৩. ড° মহেশ্বৰ নেওগ, পুৰণি অসমীয়া সমাজ আৰু সংস্কৃতি, চন্দ্ৰ প্ৰকাশ, নৱম তাঙৰণ, জুলাই ২০১৮
৪. ড° মহেশ্বৰ নেওগ (সম্পাঃ), পৱিত্ৰ অসম, কিৰণ প্ৰকাশন, চতুৰ্থ তাঙৰণ, মাৰ্চ ২০০৮
৫. তীৰ্থনাথ শৰ্মা, আউনীআটি সত্ৰৰ বুৰঞ্জী, আউনীআটি সত্ৰ, প্ৰথম তাঙৰণ, আগষ্ট ১৯৭৫
৬. ড° কেশৱানন্দ দেৱগোস্বামী, সত্ৰ-সংস্কৃতিৰ ৰূপৰেখা, বনলতা, সপ্তম সংস্কৰণ, ফেব্ৰুৱাৰী ২০১৯

সংবাদ দাতা:
সত্যনাথ শৰ্মা, মানস শৰ্মা, উৎপল গোস্বামী

ছবি: লেখকৰ সৌজন্যত

নগাঁও জিলাৰ হাতীচোং অঞ্চলৰ কলীয়া গোসাঁই: এক আলোকপাত | বিকাশ শৰ্মা

Follow Nilacharai on Facebook