নতুন ‘তথ্য-প্ৰযুক্তি নিয়মাৱলী’য়ে উপভোক্তাক উপকৃত কৰিবনে

নতুন ‘তথ্য-প্ৰযুক্তি নিয়মাৱলী’য়ে উপভোক্তাক উপকৃত কৰিবনে
  • 25 Apr, 2021

‘ত থ্য-প্ৰযুক্তি আইন ২০০০’ৰ অধীনত ছ’চিয়েল মিডিয়া, ডিজিটেল নিউজ মিডিয়া আৰু অ’টিটি (অভাৰ দ্য টপ) প্লেটফৰ্মসমূহে মানি চলিবলগীয়া এলানি নিয়মাৱলী শেহতীয়াকৈ চৰকাৰী ৰাজপত্ৰ যোগে জাৰী কৰা হৈছে৷ The Information Technology (Intermediary Guidelines and Digital Media Ethics Code) Rules, 2021 হিচাপে অভিহিত কৰা এই লানি নিৰ্দেশৰ প্ৰসংগত আয়োজন কৰা সংবাদমেলত তথ্য-প্ৰযুক্তি মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাবড়েকাৰে এই নিয়মাৱলীয়ে উল্লিখিত মিডিয়াসমূহৰ সাধাৰণ উপভোক্তাক শক্তিশালী অৱস্থানত ৰাখিব বুলি প্ৰকাশ কৰে৷ সংসদত সংখ্যাৰ জোৰতে হওক কিম্বা বিনা আলোচনাৰে অধ্যাদেশৰ জৰিয়তেই হওক, ইতিপূৰ্বে গ্ৰহণ কৰা আইনসমূহৰ প্ৰসংগতো চৰকাৰী পক্ষৰ ভাষ্য একে ধৰণৰ যদিও প্ৰভাৱিত হʼবলগীয়া নাগৰিক চৰকাৰৰ মুখৰ কথাত আশ্বস্ত হʼব নোৱৰাৰ দৰে এই নতুন নিয়মসমূহৰ প্ৰসংগতো প্ৰভাৱিত হʼবলগীয়া নাগৰিক সমুদায় আশ্বস্ত হʼব পৰা নাই৷ ওপৰে ওপৰে চালে নিয়মসমূহ উপভোক্তাৰ হিতৰ বাবেই যেন লাগিলেও গভীৰভাৱে ফঁহিয়াই চালে ইয়াৰ অন্তৰালত চৰকাৰ নিজে শক্তিশালী স্থিতিত থাকি নাগৰিকক নিশকতীয়া কৰাৰ পাং থকা যেন অনুভূত হয়৷ ইতিমধ্যেই এই মিডিয়াসমূহৰ বহু উপভোক্তা আৰু মিডিয়া প্লেটফৰ্মে নিৰ্দেশাৱলী প্ৰসংগত নিজৰ ওজৰ প্ৰকাশ কৰিছ৷

মূলতঃ বিভিন্ন পৰ্যায় আৰু মাত্ৰাৰ চেন্সৰশ্বিপ মূল লক্ষ্য বুলি কʼব পৰা তিনিটা ভাগত বিভক্ত এই নিয়মাৱলীৰ প্ৰথম ভাগত নিয়ম সম্পৰ্কিত বিভিন্ন পদৰ সংজ্ঞা দাঙি ধৰা হৈছে, দ্বিতীয় ভাগত বাৰ্তা নিৰ্ভৰ সেৱা আগবঢ়াওঁতা (intermediaries) (ৱাটচএপ, টেলিগ্ৰাম, ছিগনেল আদি) আৰু ছ’চিয়েল মিডিয়া (টুইটাৰ, ফেচবুক আদি)ৰ বাবে কৰণীয় আৰু তৃতীয় ভাগত ডিজিটেল নিউজ মিডিয়া আৰু অন-ডিমাণ্ড অʼটিটি সেৱা (নেটফ্লিক্স, প্ৰাইম ভিডিঅʼ, ডিজনি প্লাছ হটষ্টাৰ আদি) আগবঢ়াওঁতাৰ বাবে কৰণীয় নীতি-নিয়ম তালিকাভুক্ত কৰা হৈছে৷ এই নিৰ্দেশাৱলীৰ প্ৰতিটো নিয়মৰ পুংখানুপুংখ বিশ্লেষণলৈ নগৈ সাধাৰণ উপভোক্তা বিশেষভাৱে প্ৰভাৱিত হʼব পৰা নিয়মকেইটা সম্পৰ্কে আলোকপাত কৰিব বিচাৰিছোঁ৷

নতুন নিয়মাৱলী মতে, ৫০ লাখ বা ততোধিক পঞ্জীয়নভুক্ত ছ’চিয়েল মিডিয়া আৰু বাৰ্তা নিৰ্ভৰ সেৱা প্লেটফৰ্মে ভাৰতত এক তিনি খলপীয়া আপত্তি নিৰসন ব্যৱস্থা গঢ়ি তুলিব লাগিব৷ এজন মুখ্য অভিযোগ বিষয়া, এজন নʼডেল ব্যক্তি আৰু এজন আবাসিক আপত্তি নিৰসন বিষয়াৰে এই ব্যৱস্থা সম্পূৰ্ণ হʼব৷ ইয়াৰে নডেল ব্যক্তিজন ২৪ ঘণ্টাই চৰকাৰী বিধি বলবৎকাৰী সংস্থাৰ সৈতে সম্পৰ্কত থাকিব লাগিব৷ সংশ্লিষ্ট সকলো বিষয়া ভাৰততে বাস কৰা হʼব লাগিব আৰু প্লেটফৰ্মবোৰৰ ভাৰতত যোগাযোগ কৰিব পৰা বাস্তৱিক (physical) ঠিকনা থাকিব লাগিব৷ আপত্তি নিৰসনৰ ব্যৱস্থা আগতেও আছিল যদিও এতিয়া আগৰ নিয়ম (নিয়মাৱলী ২০১১)ক চকুত লগাকৈ সলনি কৰা হৈছে৷ আপত্তি নিৰসনৰ বাবে পূৰ্বে থকা সময়ক কমোৱা হৈছে৷ এইখিনি নিয়মক সাধাৰণ দৃষ্টিত ইতিবাচক যেন লাগিলেও চৰকাৰৰ লগত সপ্তাহৰ সাতো দিনেই প্ৰতি মুহূৰ্ততে চৰকাৰী পক্ষৰ লগত এজন বিষয়া সংস্পৰ্শত থাকিব লগা নিয়মটো অনেকেই সহজভাৱে লʼব পৰা নাই৷ ইয়াৰ দ্বাৰা চৰকাৰে এই প্লেটফৰ্মবিলাকক প্ৰভাৱিত আৰু আজ্ঞাবাহী কৰাৰ চেষ্টা কৰাৰ সুবিধা নিবিচাৰিবনে? যিকোনো উপভোক্তাৰ তথ্য প্লেটফৰ্মবিলাকে ছমাহলৈকে সাঁচি ৰাখিব লাগিব৷ আনকি নিজৰ একাউণ্ট মচি পেলোৱা উপভোক্তাৰ তথ্যও ছমাহলৈ ৰক্ষা কৰিব লাগিব৷ এয়া চৰকাৰী নিৰীক্ষণ (surveillance)ৰ বোধহয় আইনী পদক্ষেপ! এই নিয়মাৱলীতে উপভোক্তাৰ মোবাইল নাম্বাৰ আদিৰ জৰিয়তে স্বেচ্ছা প্ৰত্যায়িতকৰণৰো (verification) পোষকতা কৰা হৈছে৷ প্ৰথমতে স্বেচ্ছা প্ৰত্যায়িতকৰণৰ প্ৰস্তাৱ দাঙি ধৰি পৰৱৰ্তী সময়ত ইয়াক বাধ্যতামূলক কৰি পেলোৱা নহয়তো?

ছ’চিয়েল মিডিয়া প্লেটফৰ্মবিলাকক নিজা চেন্সৰশ্বিপৰ ব্যৱস্থা কৰিবলৈও কোৱা হৈছে৷ আপত্তিজনক সমল বিচাৰি উলিয়াই সেইবিলাক মচি পেলাবলৈ কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ সহায় লোৱাৰ পোষকতা কৰিছে৷ পিছে এই ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা কিমান দূৰ ফলপ্ৰসূ হʼব পাৰে, সেই বিষয়ত সন্দেহ আছে৷ আটাইতকৈ শক্তিশালী কৃত্ৰিম বুদ্ধিমত্তাও এতিয়ালৈ এশভাগ সঠিক নোহোৱাৰ পৰিপ্ৰেক্ষিতত ই এক খেলিমেলি পৰিৱেশৰ সৃষ্টি কৰাৰহে সম্ভাৱনা অধিক৷ তদুপৰি ইয়াৰ এলগৰিদমক চৰকাৰে বিচৰা ধৰণে ৰচনা কৰাৰ সম্ভাৱনা একেবাৰেই নুই কৰিব নোৱাৰি৷ তেনে পৰিস্থিতিত চৰকাৰৰ নীতিক সমালোচনা কৰা সমলবোৰৰ স্থান যে ডাষ্টবিনহে হʼব, সেই বিষয়ে সন্দেহ নৰখাই ভাল৷

সকলোতকৈ চিন্তাৰ বিষয়টো উত্থাপিত হৈছে বাৰ্তা নিৰ্ভৰ সেৱাৰ প্ৰতি জাৰী কৰা এটা নিয়মত৷ ইয়াত কোৱা হৈছে, তদন্তৰ খাতিৰত যদি কোনো ন্যায়ালয় বা কৰ্তৃত্ববাহী সংস্থাই বিচাৰে, তেনেহʼলে কোনোবা এটাৰ বাৰ্তা বা সমলৰ প্ৰথম আপলোডাৰক বিচাৰি উলিয়াব পৰা হʼব লাগিব৷ ইয়ে এই সেৱাসমূহৰ প্ৰাথমিক চৰ্তটোকে নাকচ কৰিব বিচাৰিছে৷ এই সেৱাবিলাকে উপভোক্তালৈ আগবঢ়োৱা সৰ্বপ্ৰথম বিশেষ বৈশিষ্ট্যযুক্ত সুবিধাটো হৈছে এণ্ড-টু-এণ্ড এনক্ৰিপশ্যন (End-to-end encryption), অৰ্থাৎ পঠাওঁতা আৰু পাওঁতাৰ বাহিৰে আন কোনোৱে বাৰ্তা এটা মাজত পঢ়িব নোৱাৰে, আনকি সেৱা আগবঢ়োৱা কৰ্তৃপক্ষইও নোৱাৰে৷ এতিয়া চৰকাৰৰ নিয়ম অনুযায়ী এই সুৰক্ষাৰ বেহুটো ভাঙি পেলাব লাগিব আৰু বাৰ্তা এটা মাজতে চৰকাৰ বা আন কৰ্তৃত্ববাহী সংস্থাই ইচ্ছা কৰিলেই পঢ়িব পাৰিব৷ ব্যক্তিৰ গোপনীয়তাৰ অধিকাৰক দেখদেখকৈ ই লংঘন কৰিব৷ দেখা গʼল, ইয়াৰ ফলত কিছুদিনৰ আগতে ৱাটচএপৰ গোপনীয়তাৰ নীতিৰ পৰিৱৰ্তনৰ ফলত নিজৰ গোপনীয়তা ভংগ হোৱাটো নিবিচৰা যিসকল উপভোক্তাই ৱাটচএপক বিদায় দি অধিক এনক্ৰিপটেড ছিগনেল বা টেলিগ্ৰাম এপ ব্যৱহাৰ কৰিবলৈ লৈছিল, সেইসকলৰ সেই সিদ্ধান্তৰ কোনো মূল্য নাথাকিব৷ এই নীতিৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ে ৱাটচএপ ব্যৱহাৰৰ পৰিৱৰ্তে পুৰণিদিনীয়া এছএমএছ আৰু ইমেইল ব্যৱহাৰৰ সিদ্ধান্তই তাৎপৰ্য বহন কৰিছে৷ চৰকাৰী নীতিসমূহ উলংঘা কৰিলে সংশ্লিষ্ট সেৱা প্ৰদানকাৰীসকলৰ বিৰুদ্ধে তথ্য-প্ৰযুক্তি আইন আৰু ভাৰতীয় দণ্ডবিধিৰ অধীনত আইনী ব্যৱস্থা গ্ৰহণ কৰা হʼব বুলি এই নিয়মাৱলীত সকীয়নী দিয়া হৈছে৷

এই নিয়মাৱলীত ডিজিটেল নিউজ মিডিয়া আৰু অʼটিটি প্লেটফৰ্মৰ ক্ষেত্ৰত অতি কঠোৰ ধৰণৰ নিয়ম প্ৰৱৰ্তন কৰা হৈছে৷ এই নিয়ম অনুযায়ী এই প্লেটফৰ্মসমূহত প্ৰকাশিত সমলৰ ক্ষেত্ৰত উত্থাপিত হʼব পৰা আপত্তি নিৰসনৰ বাবে তিন খলপীয়া ব্যৱস্থাৰ বিধান দিয়া হৈছে৷ সেই অনুযায়ী প্ৰথম খেপত সংশ্লিষ্ট পক্ষই আপত্তি পোৱাৰ ১৫ দিনৰ ভিতৰত এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব৷ যদি আপত্তিকাৰীয়ে ১৫ দিনৰ ভিতৰত সন্তোষজনক উত্তৰ নাপায়, তেনেহʼলে দ্বিতীয় খলপালৈ তেওঁৰ আপত্তি লৈ যাব পাৰিব৷ দ্বিতীয় খলপাত এখন স্ব-নিয়ন্ত্ৰণ সমিতি থাকিব৷ এই সমিতিখন উচ্চতম অথবা উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত এগৰাকী বিচাৰপতি অথবা সংবাদ মাধ্যম, সম্প্ৰচাৰ, বিনোদন, শিশু অধিকাৰ, মানৱ অধিকাৰ অথবা আন তেনে ক্ষেত্ৰৰ নাম থকা ব্যক্তিক লৈ মিডিয়া প্ৰকাশকে গঠন কৰিব লাগিব আৰু এই সমিতিখন তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ দ্বাৰা অনুমোদিত হʼব লাগিব৷ দ্বিতীয় খলপাত এই সমিতিখনে আপত্তিৰ নিৰসনৰ হেতু সংশ্লিষ্ট পক্ষক সকীয়নী দিব পাৰিব, ক্ষমা খুজিবলৈ নিৰ্দেশ দিব পাৰিব, আপত্তি উঠা সমল চেন্সৰ কৰিবলৈ নিৰ্দেশ দিব পাৰিব৷ প্ৰকাশকে সেই ধৰণে কৰিবলৈ অমান্তি হʼলে তৃতীয় খলপাত বিষয়টো কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব পাৰিব৷

তৃতীয় খলপাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়, মহিলা আৰু শিশু কল্যাণ মন্ত্ৰণালয়, আইন আৰু ন্যায় মন্ত্ৰণালয়, গৃহ মন্ত্ৰণালয়, ইলেকট্ৰনিকচ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰণালয়, ৰক্ষা মন্ত্ৰণালয়, বহিঃপৰিক্ৰমা মন্ত্ৰণালয় আৰু তেনে ধৰণৰ আন মন্ত্ৰণালয় আৰু সংস্থাৰ প্ৰতিনিধিৰে এখন নিৰীক্ষণ সমিতি থাকিব৷ এই সমিতিখনে প্ৰথম আৰু দ্বিতীয় খলপাৰ সিদ্ধান্ত শুনিব আৰু প্ৰয়োজনবোধে আপত্তি উত্থাপিত হোৱা সমল সম্পাদনা বা মচি পেলোৱাৰ নিৰ্দেশ দিব পাৰিব৷

দেখা গʼল, দ্বিতীয় খলপাৰ পৰা প্ৰায়োগিকভাৱে চৰকাৰৰ নিয়ন্ত্ৰণ আৰম্ভ হʼল৷ যদিও দ্বিতীয় খলপাত স্ব-নিয়ন্ত্ৰণ সমিতিৰ কথা কোৱা হৈছে, এই সমিতিখন অনুমোদন কৰাটো সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ অধীনত থকা হেতুকে এই খলপাৰ পৰাই চৰকাৰৰ নিয়ন্ত্ৰণ আহি পৰিছে৷ এইখিনি নিয়মৰ উপৰি আছে ʼজৰুৰীকালীন ব্লকিং ক্ষমতাʼৰ ব্যৱস্থা৷ তথ্য-সম্প্ৰচাৰ মন্ত্ৰণালয়ে অনুভৱ কৰিলে যিকোনো সমল কোনো ধৰণৰ আত্মপক্ষ সমৰ্থনৰ সুযোগ নিদিয়াকৈ ব্লক কৰিব পাৰিব৷

এটা কথা সহজভাৱে মানি লʼব পাৰি যে বৃহৎ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম আৰু অʼটিটি প্লেটফৰ্মবিলাকে আইনী মেৰ-পেচলৈ নগৈ সাধাৰণভাৱে চৰকাৰৰ নিৰ্দেশনা মানি চলাৰে পোষকতা কৰিব৷ ইয়াৰ ফলস্বৰূপে ছ’চিয়েল মিডিয়াৰ পৰা চৰকাৰী নীতি-সিদ্ধান্তৰ বিৰোধ বা সমালোচনা চকুত লগাকৈ কমি যাবলৈ বাধ্য হʼব৷ এক কথাত, চৰকাৰ অনুগামী কথা-বাৰ্তাৰে চৰকাৰে নিৰংকুশ সুযোগ-সুবিধা লাভ কৰিব৷ অʼটিটি প্লেটফৰ্মৰ ক্ষেত্ৰতো একেই ছবি প্ৰতিফলিত হʼব৷ কিছুমান সাহসী আৰু পৰীক্ষামূলক ৱেব চিৰিজ আৰু চলচ্চিত্ৰৰ জৰিয়তে যি ধৰণৰ এক সৃজনীমূলক পৰিৱেশৰ সৃষ্টি কৰিবলৈ অʼটিটি প্লেটফৰ্মবিলাকে প্ৰয়াস কৰিছিল, সেই প্ৰক্ৰিয়াটো নিশ্চিতভাৱে ব্যাহত হʼব; বিপৰীতে পৰম্পৰাগত টিভি চেনেলৰ ‘শাহু-বোৱাৰী’ ধৰণৰ সমলেৰে এই প্লেটফৰ্মবিলাকো প্ৰদূষিত হʼব বুলি ধাৰণা কৰিব পাৰি৷ প্ৰস্তাৱিত নিয়মাৱলী নাথাকোঁতেই কিছুমান ৱেব চিৰিজৰ ওপৰত একাংশ লোকে যি ধৰণৰ আক্ৰমণ চলাইছিল, নিয়মাৱলী প্ৰয়োগ হোৱাৰ পাছত সেই আক্ৰমণৰ চোক কি হʼব, সেয়া অনুমান কৰা টান নহয়৷ নৱ্য পৰিৱেশন শৈলী, অভিনয় শৈলী আৰু কিছু অতি প্ৰতিভাশালী পৰিচালক-অভিনেতাৰ সৃষ্টিৰ অভিজ্ঞতাৰ পৰা বঞ্চিত হʼব দৰ্শক!

প্ৰস্তাৱিত নিয়মাৱলীৰ পৰা আটাইতকৈ বেছি প্ৰত্যাহ্বানৰ সন্মুখীন হʼব সৰু সৰু ডিজিটেল নিউজ মিডিয়া প্ৰকাশকসকল৷ মূলতঃ ৱেবচাইট আৰু ইউটিউব ভিত্তিক এই নিউজ আউটলেটবিলাকক গণ-আপত্তি (mass reporting)-ৰ জৰিয়তে বাৰংবাৰ বিকল কৰি দিয়াৰ উচতনি প্ৰস্তাৱিত নিয়মাৱলীত দেখা পোৱা গৈছে৷ জনবল আৰু ধনবলত নিশকতীয়া এই নৱ্য ধাৰাৰ সংবাদ মাধ্যমে কিমান দিনলৈ এই ধৰণৰ আক্ৰমণ প্ৰতিহত কৰিব পাৰিব, তাত সন্দেহ আছে৷ কোৱা বাহুল্য, পুৰণি আইনৰ অধীনতেই ইতিমধ্যে এনেকুৱা আউটলেটক বহু শ কোটি টকীয়া মোকৰ্দমাৰে ধৰাশায়ী কৰাৰ চেষ্টা চলিয়েই আছে৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে মিডিয়া নিৰীক্ষণ স্বেচ্ছাসেৱক বাহিনী গঠন কৰাৰো কথা ঘোষণা কৰিছে৷ এই ব্যৱস্থা পূৰাকৈ হৈ উঠিলে গো-সুৰক্ষা বাহিনীৰ কুখ্যাত মব লিন্সিঙৰ দৰেই ডিজিটেল আলোচনা, তথ্য-সংবাদৰ ওপৰত ডিজিটেল মব লিন্সিং চলাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি।

❧ | আৰু পঢ়ক: চৰকাৰ বনাম টুইটাৰ যুঁজৰ সুফল-‘কু’ফল

নতুন তথ্য-প্ৰযুক্তি নিয়মাৱলী লক্ষ্য কৰি এনে এক ধাৰণাই হৈছে যে এই নিয়মাৱলীয়ে ভাৰতীয় মানুহৰ ইণ্টাৰনেট-অভিজ্ঞতাক হয়তো এক সীমিত গণ্ডীৰ ভিতৰত বান্ধি পেলাব আন কিছুমান বিশেষ দেশৰ দৰেই!

নতুন ‘তথ্য-প্ৰযুক্তি নিয়মাৱলী’য়ে উপভোক্তাক উপকৃত কৰিবনে | পল্লৱপ্ৰাণ গোস্বামী

Follow Nilacharai on Facebook