ঠিকনাৰ আক্ষেপ

প্ৰকাশ: ১৭ ছেপ্তেম্বৰ, ২০১২ | অন্তিম সম্পাদনা: ২১ জুন, ২০২১

kabita aahin15[ ৰিদিপ কুমাৰ নাথ ]

ৰৈ আছিলো
জোনাকৰ প্ৰলেপ ঘঁহি আন্ধাৰৰ গভীৰতাত
ৰৈ আছিলো অমাৱস্যাৰ সমাধিৰ অপেক্ষাত
প্ৰত্যেক পূৰ্ণিমাৰ সপোনত আপুনি অহাৰ আশা আছিল।

এদিন সপোনবোৰে মোক কৈছিল
নিদ্ৰাৰ উদ্দেশ্য মাথোঁ সপোন নহয়
তথাপি সপোনৰ উদ্দেশ্যেই মই শুই চালো
আপুনি আহিব বুলিয়েই শুকুৱাই থৈছিলো ভিজা ৰ’দবোৰ।

প্ৰত্যেক পূৰ্ণিমাৰ সপোনত আপুনি অহাৰ আশা আছিল
ৰ'দোৱা কাপোৰৰ গোন্ধত মই সাৰ পালো,
জোনাকী এমুঠি ছটিয়াই জুমি চালো।
আপোনাৰ চকুৰ উজ্জ্বলতাত লাজ পালে জোনাকীয়ে
চুলিৰ এন্ধাৰত ক’লা হ’ল ৰাতি
তৰংগায়িত হ’ল বতাহ
ভ্ৰুৰ ৰামধেনুৱে আঁকিলে সেউজ বুকুৰ বতৰা
লাহী কঁকালেৰে আহিছিল আপুনি যাবলৈ
ঠিকনাটো নিদিয়াকৈয়ে যাবলৈ !

ঠিকনাটো দি যোৱা হ’লে ভাল আছিল !
সিদিনা সুধিছিলো জেতুকাৰ ৰংবোৰক
শেৱালিৰ সুবাসত নষ্টাল্‌জিক ছোৱালীজনীৰ ঠিকনা ক’ত ?
উত্তৰ আহিল ফাগুন,
আন্দোলিত ফাগুনত শিমলুৰ পিঠিত বহি
চিনাকি সুৰটিৰ সৰ্পিল গতি খেদি
এখনি আকাশ য’ত পাওঁ
পথাৰ, অৰণ্য নাইবা নৈখনলৈ জুমি চাওঁ
আপোনাৰ দৰেই চিনাকি যেন লাগে সেই ৰোৱনী, সেই দাৱনী
জাকৈয়া ছোৱালীজাকৰ মাজতেই আপোনাৰ ঠিকনা হোৱা হ’লে ভাল আছিল !

জাকৈবোৰে এদিন মোক কৈছিল
নেদেখা মানেই হেনো নথকা নুবুজায় !
নোপোৱা মানেই হেৰুওৱা নহয় যেন ভাব এটিৰে বান্ধি
সপোনৰ জোলোঙাত ভৰাই থ’লো আক্ষেপ
ঠিকনা নোপোৱাৰ আক্ষেপ।
আৰু জোলোঙা খুচৰি অমাৱস্যাৰ বুকুত ৰুলো এটি জোন
মই বাট চালো অন্য এটি পূৰ্ণিমালৈ
যাৰ উজ্জ্বলতাত বন্ধ হ’ব অভিমানী আক্ষেপ
ঠিকনাটো দি যোৱা হ’লে ভাল আছিল !

আৰু পঢ়ক:  পৰাশৰ ডেকাৰ কবিতা

নীলা চৰাই . চেপ্তেম্বৰ ২০১২

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts