আহক, আনন্দ উদ্যোগী কবিসকল, আপোনালোকৰ কবিতা পাঠ কৰক

অসম সহিত্য সভাৰ দ্বিপঞ্চাশত্তম অধিৱেশন উপলক্ষে আয়োজিত কবি সন্মিলনৰ সভাপতি হীৰেন ভট্টাচাৰ্যৰ অভিভাষণৰ পূৰ্ণপাঠ

শ্ৰদ্ধেয় ৰাইজ,
অসম সাহিত্য সভাৰ ৫২তম অধিৱেশন উপলক্ষে আয়োজিত আজিৰ এই কবি সন্মিলনৰ সন্মানিত আসনখন মোলৈ আগবঢ়োৱাৰ বাবে অসম সাহিত্য সভাৰ সভাপতি প্ৰমুখ্যে সকলোকে মোৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনালো।

মই সাধাৰণ কবি।
মোৰ পৰা আপোনালোকে অধ্যয়নপুষ্ট বুদ্ধিদীপ্ত অভিভাষণ আশা নকৰিব। মই মাথোন আপোনালোকৰ সঙ্গ বিচাৰিয়েই এই সভালৈ আহিছোঁ আৰু সঙ্গ-সাহসতেই দু-আষাৰ ক’বলৈ আগবাঢ়িছোঁ।

কবিতা এক বাক বিশেষ।
কবিৰ অনুভূতি আৰু অভিজ্ঞতাজাত স্মৃতিৰ শিল্পীত ৰূপ। যিদৰে ৰং-ৰেখাৰ অবিহনে চিত্ৰৰ কথা বা তাল-মান-লয় অবিহনে সংগীতৰ কথা ভাবিব নোৱাৰি, সিদৰে শব্দৰ অবিহনে কবিতাৰ কথাও মনলৈ নাহে। কবি— দেশ, কাল, মানুহৰ ইতিহাস চেতনাই সৃষ্টি কৰা এক বিশিষ্ট কণ্ঠ। সমাজ আশ্ৰয় কৰিয়েই গঢ়ি উঠে শিল্প-সাহিত্য। সমাজ কবিৰ পাঠশালা, জীৱন যাৰ প্ৰধান শিক্ষক।

ভাষা সমাজৰ দান। শব্দ ভাষাৰ উপাদান।
শব্দ-ছন্দ-উপমা-বাকপ্ৰতিমা লৈয়েই কবিৰ ভাষা। কবিতাৰ ভাষা। এই ভাষা কবিৰ বৰ্তমান আৰু অতীতত দানেৰে সক্ৰিয় আৰু সমৃদ্ধ। গ্ৰহণে-বৰ্জনে বহু শ্ৰম আৰু সাধনাৰে কবিয়ে আয়ত্ত কৰে এই ভাষা। কবিতা শব্দেৰে নিৰ্মিত ভাষাৰ শিল্প। ভাবে নিজৰ প্ৰয়োজনতেই নিজৰ বিকাশৰ তাড়নাতেই নিৰ্মাণ কৰে শব্দ।

শব্দ কবিৰ অস্ত্ৰ।
প্ৰত্যেক কবিৰেই আছে শব্দৰ নিজস্ব ভুৱন। তেওঁলোকে আৱিষ্কাৰ কৰে নতুন শব্দ, প্ৰতিষ্ঠা কৰে প্ৰচলিত গ্ৰামীণ শ্ৰুতিদুষ্ট শব্দৰ নতুন অৰ্থমূল্য, নতুন ভাব অনুষঙ্গ। শব্দৰ পুনৰ গঠন আৰু পুনৰ নিৰ্মাণেই হৈছে কবিৰ বিশিষ্ট চৰিত্ৰ।

কবিতাৰ শব্দ কেৱল শব্দই নহয়, ই ধ্বনিও।
কবিকণ্ঠৰ এটা শব্দ যেতিয়া প্ৰতিধ্বনি হৈ আমাৰ কাষলৈ উভতি আহে, সি জানো সেই পুৰণি অবয়বেই? শব্দৰ এই বাঢ়ি অহাকণেই কবিৰ নিৰ্মাণ। শব্দৰ এই ব্যাপ্তিয়েই কবিৰ কাংক্ষিত মুক্তি।

শব্দ চয়ন, শব্দ বয়নেই হৈছে কবিৰ নিপুণতাৰ চিনাকি।
কিন্তু শব্দই জানো কবিতা? শব্দৰ অৰ্থই জানো কবিতা? শব্দৰ আভিধানিক অৰ্থই যদি কবিতাৰ অভ্যন্তৰ প্ৰৱেশৰ সঁচাৰ-কাঠি হ’লহেঁতেন, তেনেহ’লে আজিৰ কবিতাৰ দুৰূহতাৰ বহু অভিযোগৰ অৱকাশ নেথাকিলহেঁতেন। কবিয়ে জীৱন পাঠ কৰে, তেনে শব্দ সন্ধানত যাৰ আৱাহনী ক্ৰিয়াই আনি দিব পাৰে কবিতাৰ নতুন মাত্ৰা।

কবিতা জীৱনৰ অন্য বিষয় কুশল, অন্য প্ৰত্যাশা
শব্দ সংঘ ভাঙি তিৰবিৰ বন তুলসীৰ
উজাৰি লুকুৱা সুগন্ধি দীঘল উপত্যকা।
আমাৰ প্ৰাচীন সাহিত্যত কবিক প্ৰজাপতি ব্ৰহ্মাৰ সৈতে তুলনা কৰা হৈছিল। অৰ্থাৎ কবি সাধাৰণ মানুহ নহয়। অলৌকিক তেওঁলোকৰ সৃষ্টি। ৰোমাণ্টিক যুগতো কবিক কোৱা হৈছিল দ্ৰষ্টা-শিক্ষক। কবিতা আছিল কবিৰ বাণী। সময় সলনি হোৱাৰ সৈতে কবি সম্পৰ্কে অভিধাও সলনি হৈছে। কবিও আন দহজনৰ দৰে দোষে-গুণে মানুহ। আৱেগ-অনুভূতি একমাত্ৰ কবিৰেই আছে, এইকথা জানো ন-দি ক’ব পাৰি?

কবিৰ আটাইতকৈ ডাঙৰ গুণ হৈছে নিজৰ সৃজনশীল, মননশীল বিচিত্ৰ ভাবনাৰ বাহন স্বৰূপে শব্দ ব্যৱহাৰ কৰা ক্ষমতা। এই প্ৰখৰ শব্দ-বোধেই কবিক আন মানুহৰ পৰা পৃথক কৰিছে।

কবিতা কবিৰ শ্ৰাব্য কল্পনা।
পাঠেই কবিতাৰ জীৱন। শব্দৰ শিল্প কবিতা ছপা আখৰতেই আৱদ্ধ নহয়। ই যে কণ্ঠৰো শিল্প। আমাৰ পুৰণি কবিতাত কোৱাৰ দৰে—
‘ওঁঠেই কাকত জিভাই কলম
দাঁতে হৈ চিঞাহি বাকে।’

কবিতা পাঠ ৰবীন্দ্ৰনাথৰ ভাষাত— ‘বাচনিক শিল্প’।
প্ৰতিভাবান কবিৰ সুসামঞ্জস্য পাঠৰ মাজেৰেই কবিতাই লাভ কৰে মৰ্মভেদী এক সৃজনশীল অৱয়ব। প্ৰত্যেক ভাষাৰ, প্ৰত্যেক শব্দৰেই আছে বিশিষ্ট চৰিত্ৰ। প্ৰত্যেক শব্দৰ ধ্বনি আৰু চিত্ৰ-মূল্যও সুকীয়া। কবিতাৰ পাঠে বৰ্ণক উন্মোচন কৰে শব্দলৈ, শব্দক ধ্বনিলৈ আৰু ধ্বনিৰ অনুৰণনে কবিতাক লৈ যায় জীৱনৰ বোধি-মূললৈ।

এইদৰে কবিয়ে সংযোজন কৰে কবিতাত নতুন মাত্ৰা। এনেকৈয়ে আৰম্ভ হয় কবিৰ অন্তঃশীল আবেগৰ সৈতে শ্ৰোতাৰ সংলাপ। মনৰ বিনিময়।

কবিতা কবিৰ জীৱন চৰ্চা। কবিৰ পৰিশ্ৰমৰ পুৰস্কাৰ।
আহক, আনন্দ উদ্যোগী কবিসকল, আপোনালোকৰ কবিতা পাঠ কৰক। আপোনালোকলৈ মই মোৰ আন্তৰিক সম্ভাষণ যাঁচিছো। দীৰ্ঘজীৱী হওক আপোনালোকৰ কবিতা। ইতি।

হীৰেন ভট্টাচাৰ্য
২২ ফেব্ৰুৱাৰী, ১৯৮৬
মাধৱ কন্দলী ক্ষেত্ৰ, কামপুৰ, নগাঁও

সংগ্ৰহ: অনুপ বৰঠাকুৰ
কৃতজ্ঞতা: দুলাল বৰা

ওপৰৰ ছবিত: হীৰেন ভট্টাচাৰ্যই অংকন কৰা ছবি।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz