এটা গানৰ সুৰ বিচাৰি

প্ৰকাশ: ১৫ আগষ্ট, ২০১২ | অন্তিম সম্পাদনা: ১৮ এপ্ৰিল, ২০২১

হেল্লো ভদৰী, আজি তোমাৰ ঘৰলৈ যাম
তোমাৰ বাগিচাৰ ফুলা-নুফুলা
ফুলবোৰ এবাৰ চাম।
এটা সুৰ বিচাৰি চিনাকি হ’ম,
প্লিজ, আবেলি অকণমান সময় উলিয়াবা
একাপ ৰঙা চাহ, হ’ব দিয়া।
জানা‍ই দেখোন, গোষ্ঠী সংঘৰ্ষত
গৃহবন্দী তোমাৰ বাগিচাৰ পখিলা।

এটা সুৰ বিচাৰি যাম
আগৰ কথাবোৰ মনলৈ নানিবা
ফুল আৰু পখিলাবোৰক কৈ থ’বা
এটা গানৰ সুৰ বিচাৰি…

শুনিছোঁ তোমাৰ বাগিচাখনো
ভয় ভয় আতংকময়,
ফুল আৰু পখিলাৰ অহৰহ ব্যস্ততা
নিদ্রাহীন উজাগৰী নিশা।
সিহঁতৰ কান্দোন শুনিছা তুমি?
কৰুণ ভয় লগা ভয় লগা
মই শুনিছোঁ এজনী গর্ভৱতী
পখিলাৰ হিয়া ভগা গল্প
দেখিছোঁ এটি ফুলৰ পাপৰি সৰা অশ্রু।

আৰু শুনিছোঁ তোমাৰ বাগিচাত বোলে
গোন্ধাইছে পোৰা মাংস।
এয়া কাৰ কিহৰ ভাতৃঘাতী সংঘৰ্ষ
দেশী নে বিদেশী,
তোমাৰ বাগিচাতো অবৈধ প্রব্রজন
নে আন কাৰোবাৰ অস্তিত্ব লুপ্তিৰ
কাঢ়া অভিযান!
হেল্লো ভদৰী, তুমি কুশলে আছাতো?
তোমাৰ বাগিচাত সংঘর্ষৰ জুই।

ভদৰী, কাষৰ গাঁওবোৰ জ্বলিছে নেকি?
প্রাণৰ ভয়ত দৌৰা সেই ছবি,
আচলতে কোন লাভৱান হ’ল
সিহঁতৰ মনত ভয়াৱহতাৰ ৰং সানি!
কোন সেই দুষ্কৃতিকাৰী,
নিদিবা নিদিবা সিহঁতক সোমাব
তোমাৰ বাগিচাত এনেই আতংকৰ ঘন বসতি।

আৰু পঢ়ক:  আবৰ্তনৰ কক্ষপথত

আকৌ এয়া কি শুনিছোঁ ভদৰী
তোমাৰ বাগিচাত সান্ধ্য আইন অনিৰ্দিষ্টকালীন
সন্ধিয়া বাগিচাত ফুৰা নেকি?
এন্ধাৰ সান্ধ্য, গুলী আৰু ৰক্ত
সেইবাবে আবেলিয়েই যাম
এটা সমন্বয়ৰ সুৰ বিচাৰি
লগত একাপ ৰঙা চাহ।

হেল্লো ভদৰী, আজি আকৌ তুমি
নিউজ চেনেলৰ অসম্পাদিত
নিউজ নাচাবা, প্লিজ!
অকণমান সময় দিবা
একান্ত তোমাৰ সতে এটা গানৰ
সমন্বয়ৰ সুৰ বিচাৰিম।

চক্ৰধৰ ৰায় | কবিতা

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts