তোমাৰ ফাগুনে মোৰ ব’হাগক

তোমাৰ ফাগুনে মোৰ ব’হাগক
  • 06 Mar, 2020

সোৱাদ সুগন্ধি তোমাৰ ফাগুনে
নিশাহৰ উমে আলোড়িত তাপে
ওঁঠ আঙুলিৰ মহা বৈভৱে
সিক্ত সজল বিদেহে দেহে
মনৰ কুঁৱলি
দেহৰ শীত
দূৰ-দূৰণিলে উৰুৱাই নিয়ে…

মহুৱা ৰহণে মৌসনা মাতে
দেহেৰে দেহত মৃদুল পৰশে
নিটোল বুকুত হাঁহিৰ দোলনে
গলাই পমাই পুহৰ ক্লেশ
গীত-উৰুলিৰে সাবটি ধৰে…

তোমাৰ ফাগুনে মোৰ ব’হাগক
নিচেই কাষলে চপাই আনে।

❧ | আৰু পঢ়ক:

তোমাৰ ফাগুনে মোৰ ব’হাগক | কবীন ফুকন

Follow Nilacharai on Facebook