কাব্য-সাহিত্যত ‘বিৰহ’

কাব্য-সাহিত্যত ‘বিৰহ’
  • 30 Apr, 2021

ন্তৰতৰ ভাৱনাক শব্দৰ যোগেদি ব্যক্ত কৰি সাহিত্যই মানৱীয় তত্ত্ববোৰক যুগ-যুগান্তৰৰ বাবে সাঁচি ৰাখে। প্রেম, ভক্তি, বেদনা, প্রতাৰণা, যুদ্ধ আদিৰ যোগেদি ভাৰতীয় সাহিত্যইও বিভিন্নভাৱে মানুহৰ হৃদয়গত অব্যক্ত ধাৰণাক বাংময় কৰি চেতনাৰ জাগৰণ কৰি আহিছে। ভাৰতীয় সাহিত্যৰ তেনে এক বিষয়বস্তু হৈছে— বিৰহ। প্রিয়জনৰ বিচ্ছেদৰ পৰা হোৱা সেই বিৰহক যুগে যুগে কবি-সাহিত্যিকে কাব্যৰ জৰিয়তে প্ৰকাশ কৰি আহিছে। কেৱল এই দেশতেই নহয়, গ্রীক, জাৰ্মান আদি সকলো সাহিত্যতেই বিৰহৰ উল্লেখ আছে। ছেক্সপিয়াৰৰ এক ছনেটত পোৱা যায়—

‘O absence, What a torment wouldst
Thou prove,
Were it not thy sour leisure gave
Sweet leave
To entertain the time with thoughts so
Sweetly doth deceive.’

ঋগ্বেদৰ দশম কাণ্ডৰ উৰ্বশী আৰু পৰুৰ্বসৰ কাহিনীত বিৰহৰ উল্লেখ পোৱা যায়, অৱশ্যে এই আখ্যানত বিৰহতকৈ প্রতাৰণাৰ দুখহে অধিক। ‘Thy Lover shall flee forth this day for ever, to seek, without return, the farthest distance.’ (Griffith translation, The Rigveda, Hymn XCV) উৰ্বশীৰ স্বৰ্গলোকলৈ গমন আৰু পুনৰ ঘূৰি নহা কথাৰ কোনোখিনিত এই বিৰহৰ বীজ সুপ্ত হৈ থকাৰ অনুমান কৰিব পাৰি।

প্রেম আৰু শত্রুতাই যিদৰে আৰম্ভণিৰ পৰা শেষলৈ প্রতিপাদ্য হিচাপে থাকি কাহিনীবোৰক আগুৱাই নিয়ে, তেনেদৰেই বিৰহ ভাৱাবেশেও কোনোখিনিত কাহিনীবোৰক অধিক নাটকীয় কৰাত অৰিহণা যোগায়। ইয়াৰ উদাহৰণ পোৱা যায় কালিদাসৰ মেঘদূত কাব্যত। প্রকৃতিৰ অপৰূপ বৰ্ণনৰ লগতেই বিৰহৰ স্থিতিতন্ত্রক কালিদাসে ৰোমাণ্টিকভাৱে সজাই নিজ কাব্যিক প্রতিভাক প্রতিষ্ঠা কৰি গৈছে। শকুন্তলা কাব্যৰ প্ৰত্যাখ্যানৰ বিৰহৰ বিপৰীতে এই কাব্যত কবিয়ে আশাবাদী মিলনৰ বীজ ৰোপণ কৰি বিৰহৰ অন্য এক মাত্রাৰ উদাহৰণ দিলে। এই বিৰহে মিলনৰ আশাক বাৰুকৈয়ে ইংগিত কৰে। বিৰহক আশাবাদী ভাৱত সজোৱা কালিদাসে চাতক পক্ষীৰে গভীৰ বিষাদ আৰু ইচ্ছাক তুলাত্মকভাৱে প্রকাশ কৰিছে।

দক্ষিণ ভাৰতৰ আলোৱাৰ সন্তসকলৰ ৰচনাত বিৰহৰ উল্লেখ পোৱা যায়। ভগৱান শ্রীকৃষ্ণ/ নাৰায়ণক নোপোৱাত ভাৱাবিষ্ট হৈ অণ্ডালদেৱী, কুলশেখৰ আদি সন্তসকলে বৰ্ণন কৰা তুতি প্রাৰ্থনাবোৰত বিচ্ছেদ ভাৱনাৰ উৎস নিশ্চয়েই গোপীভাৱ। উত্তৰ ভাৰতত মীৰাবাইৰো প্রায়ে এক ভাৱনাৰ কিছু গীত পোৱা যায়। অৱশ্যে মীৰাৰ বিৰহত দৰ্শনানন্দ, সমৰ্পণ আদিৰ উল্লেখহে অধিক। ‘মীৰা বিৰহন’ বুলি তেওঁ নিজকে ব্যাকুল বুলিলেও তাত অভিমানৰ কোনো স্থান নাই। বিৰহত অভিমানক অগ্ৰাধিকাৰ দিয়া উল্লেখ পোৱা যায় জয়দেৱৰ গীতগোৱিন্দতহে। বিদ্যাপতি আৰু চণ্ডীদাসৰ ৰচনাতো তাৰ আভাস পোৱা যায়। শ্রীকৃষ্ণৰ বিচ্ছেদত ব্যাকুল হোৱা গোপীসকলৰ দুখ, ৰাগ, অভিমান, দম্ভ, উত্ৰাৱল অৱস্থাই বিৰহৰ সকলো মাত্রাকেই বিতংকৈ বৰ্ণনা কৰিছে। বিদ্যাপতিয়ে বিৰহত হোৱা ভয়হীনতাকো বৰ্ণন কৰিছে— ‘নৱ অনুৰাগিনী ৰাধা। কছু নাহি মানয়ে বাধা।।’ চৈতন্যদেৱৰ জীৱনী গ্রন্থতো বিৰহৰ বৰ্ণন পোৱা যায়। অৱশ্যে এই বিৰহ সুকীয়া; ভক্তিৰ উচ্চস্তৰ বুলি বৰ্ণন কৰা এইবিধ বিৰহে পাত্রৰ ভৌতিক ৰিক্তাৱস্থাক ব্যক্ত কৰি আধ্যাত্মিক স্তৰক ব্যাখান কৰে,— ‘শূন্যায়িত জগৎ সৰ্ব্ব: গৌবিন্দ-বিৰহনে মে’।

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱেও তেওঁৰ কাব্যিক ৰচনাত বিৰহক বাদ দিয়া নাছিল। হৰিশ্চন্দ্র উপাখ্যানত স্বামীৰ পৰা কালৰ গ্রাসত পৃথক হ’বলগীয়া শব্যাৰ মনৰ এক প্রকাৰৰ বিৰহক তেওঁ বৰ্ণন কৰিছে, ইয়াত অৱশ্যে বিৰহতকৈ ভাগ্যক ধিয়াই কন্দাৰ মাত্রাহে অধিক। আনহাতে, হৰিশ্চন্দ্রৰ বিৰহতকৈ অনুতাপৰ দাৱানলহে সৰ্ব্বাধিক আছিল— ‘ভাৰ্য্যাক পুত্রক সুমৰি সদায়। কান্দে হৰিশ্চন্দ্রৰায়।।’ শঙ্কৰদেৱৰ কেলিগোপাল অংকীয়া নাটত বিৰহৰ উল্লেখ আছে, ইয়াত কৃষ্ণৰ বিৰহত গোপীসৱে কৰা কৃষ্ণচেষ্টা আদিৰ দ্বাৰা বিৰহৰ বেলেগ বেলেগ স্তৰ বৰ্ণিত হৈছে। গোপী-উদ্ধৱ সংবাদতো বিৰহাৱস্থা বৰ্ণন হৈছে। কেলি-গোপালত— ‘তনু মন ঝামৰি নয়নে ঝুৰে বাৰি। পদ নখ খিতে লেখু দেখু অন্ধিয়াৰি।।’ আকৌ, বিৰহৰ বিলাপ এনেকৈও প্রকাশ পাইছে— ‘ইহা চাৰিতে প্রাণ ছুটি যায়।’ অংকীয়া নাটত বিলাপ, কপটতা, ক্রন্দন, উৎসুকতা, আৰ্তভাৱনা আদিৰ মাধ্যমেৰে গোপীৰ বিৰহ ভাৱনা প্রকাশ পাইছে।

ধাৰ্মিক কবিসকলৰ দৰে আধুনিক কালৰ কবিসকলৰ ৰচনাতো বিৰহে স্থান পাইছে। বিশ্বকবি ৰবীন্দ্রনাথে লিখিছে—

‘আকাশ কাঁদে হতাশ সম,
নাই যে ঘুম নয়নে মম।’
আকৌ আছে—
‘সকল জীৱন উদাস কৰিয়া।
কত গানে সুৰে গলিয়া ঝৰিয়া।
তোমাৰি বিৰহ উঠিছে ভৰিয়া।
আমাৰ হিয়াৰ মাঝে হে।’ (গীতাঞ্জলি)

কবি আনন্দচন্দ্র আগৰৱালাৰ কবিতাত আছে—
‘আজলী বিজুলী মেঘৰ মাজত,
দুদণ্ডলৈ পোহৰাই লুকালি আঁৰত।’
আৰু আছে—
‘দুনাই কি দেখাদেখি নহ’ব লগত।’ (জিলিকণি)

❧ | আৰু পঢ়ক: শ্ৰীমন্ত শংকৰদেৱ আৰু তুলসীদাসৰ ‘সীতা’

বিৰহৰ স্তৰ অনেক; প্রাচীন গ্রন্থত যেনেকৈ প্রতাৰণাৰ মাধ্যমৰে ইয়াৰ এক আংশিক ভাৱ ফুটি উঠিছে, তেনেকৈয়ে কাব্যৰ যুগত ই হৈ পৰিছে ৰসাত্মক ভাৱ, আশাবাদ আৰু নিৰাশা— এক মুদ্রাৰ দুপিঠি! শঙ্কৰদেৱৰ নাটত ভক্তিৰ যোগেদি আৰ্তভাৱনা আৰু আধ্যাত্মিক ধাৰাকো এই বিৰহে কঢ়িয়াই নিছে। সহজীয়া সাহিত্যই দিছে বিৰহক অভিমানৰ এক স্বৰূপ! এই বিৰহ মানৱ অন্তৰত সুপ্ত হৈ থকা চেতনা-জড়তাৰ মাজৰ অৱস্থা, মানু্হৰ অভিপ্রায়ৰ জীৱন্ত বিকাশ। বিৰহ কাব্য-সাহিত্যৰ এক প্রধান অংগ।

ছবি: মীৰা বাইৰ পেইণ্টিং, উইকিমিডিয়া কমন্স, CC 3.0
কাব্য-সাহিত্যত ‘বিৰহ’ | অথৰ্ৱণ গোস্বামী

Follow Nilacharai on Facebook