এ তিয়া উৎসৱৰ বতৰ, অসমীয়াৰ বাপতি-সাহোন, প্ৰাণৰো-প্ৰাণৰ, অতি আদৰৰ ৰঙালী বিহুৰ বতৰ। গাঁৱলীয়া ডেকা-গাভৰু, জীয়ৰী-বোৱাৰী, ককা-আইতা, চহৰীয়া, আধা চহৰীয়া প্ৰায় সকলোৰে গাত বিহুৰ বা কম-বেছি পৰিমাণে লাগিছে বুলি ক’ব পাৰি। আগতে অৰ্থাৎ আমাৰ ককা-আইতা, আজুককা-আজুআইতাহঁত ডেকা-গাভৰু হৈ থকা কালত কেলেণ্ডাৰ বা পঞ্জিকা নোচোৱাকৈ বসন্ত অহাৰ আগলি বতৰা পাইছিল কুলি-কেতেকীৰ মাতত, পদূলিৰ নাহৰৰ কুমলীয়া পাতত, পিৰালিৰ তগৰ, হাবিত ফুলা কপৌ-কেতেকীৰ সুবাসত। তাঁতৰ শালত জীয়ৰী-বোৱাৰীৰ ব্যস্ততা দেখি, পুৱা-গধূলি ঢেকীৰ ধেংকুলুচ-ধেংকুলুচ মাত শুনি বিহু আহি পদূলি পোৱাৰ উমান পাইছিল। বিহু সেই সময়ত মুখ্যতঃ গাঁৱলীয়া কৃষিজীৱীসকলৰ উৎসৱ আছিল। গাঁৱলীয়া বিহুক আহোম ৰজা আৰু ডা-ডাঙৰীয়াসকলে নিজৰ পদূলি আৰু বৰ চোতালত স্থান দি প্ৰথম প্ৰথম মৰ্যাদা প্ৰদান কৰিলে। তাৰ পাছত বিংশ শতিকাত চহৰীয়াসকলে চহৰৰ মঞ্চলৈ আদৰি আনি বিহুৰ ৰং-ৰূপেই সলাই পেলালে।
এতিয়া কথা হ’ল, বিহু কোন বাটে আহে আৰু কোনে আনে,— প্ৰকৃতিয়ে নে প্ৰকৃতিৰ জীৱ শ্ৰেষ্ঠ মানুহে? আৰু মানুহৰ ভিতৰত কোন শ্ৰেণীৰ মানুহে? নিঃসন্দেহে ক’ব পাৰি, এই ক্ষেত্ৰত প্ৰকৃতিৰ ভূমিকাই সৰ্বাধিক। প্ৰকৃতিলৈ পৰিৱৰ্তন নাহিলে শুকান আৰু খৰাং ফাগুন-চ’তত ৰঙালী বিহু মানিব পৰা গ’লহেঁতেননে? ফাগুনে লঠঙা কৰাৰ পাছত চ’তৰ পৰম আকাংক্ষিত বৰষুণজাকে ধৰাক জীপাল কৰি প্ৰকৃতি সজীৱ কৰি তোলে। ন কুঁহিপাতে লঠঙা বন-বিৰিখক সজাই-পৰাই প্ৰকৃতিক অনিন্দ্যসুন্দৰ ৰূপ প্ৰদান কৰে। পৰিভ্ৰমী পখীবিলাকো প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপৰ মোহত পৰি সাত সাগৰ তেৰ নদী পাৰ হৈ ধপলিয়াই আহে এই প্ৰান্তলৈ। কুলি-কেতেকীৰ শুৱলা মাতে মুখৰিত কৰি তোলে বিজন প্ৰান্তৰ।
কুলি-কেতেকীৰ শুৱলা মাত, কপৌ-কেতেকী-নাহৰ-তগৰৰ সুবাসে উদ্দীপন বিভাৱৰ ভূমিকা লৈ দৰদী অন্তৰবোৰলৈ প্ৰেম আৰু আনন্দৰ ঢল নমাই আনে। মানসিক আনন্দময় অৱস্থাই ব্যক্তি মানসত সুপ্ত হৈ থকা সুকুমাৰ অনুভূতিবোৰ জাগ্ৰত কৰি আনন্দৰ স্বতঃস্ফূৰ্ত প্ৰকাশ ঘটায়। ঢোলে গিৰগিৰায়, বাঁহী, পেঁপা, সুতলি আৰু গগনাই আকাশ-বতাহ কঁপায়। কণ্ঠবোৰ আপোনা-আপুনি খোল খাই প্ৰাণৰ আবেগ ঢলা সুমধুৰ গীত হৈ প্ৰকাশ পায়। বতাহতে যেন হালিব-জালিব গাভৰুৰ লাহী কঁকাল। পাহোৱাল ডেকাৰ গিৰিপ-গাৰাপ বুঢ়া চেৱৰ নাচোনৰ ভৰত মেদিনী কঁপে। মনত আনন্দ, প্ৰাণত আনন্দ, নতুন সপোন, নতুন আশা আৰু কল্পনাই মন আকাশত সাতোৰঙী ৰামধেনু সজায়। সপোনত বিভোৰ হয় নৈ,জান-জুৰি, পুখুৰী। পথাৰ ন-পানীয়ে ওপচাই পেলাব, উৰ্বৰা পথাৰ জীপাল হ’ব, শস্য-মৎস্য উভৈনদী হ’ব। গতিকে আনন্দ-ফূৰ্তিত সকলো আত্মহাৰা হয়।
কথা হ’ল, আজিকালি ৰঙালী বিহু অনুষ্ঠিত কৰাত ওপৰত বৰ্ণনা কৰা কাৰকসমূহে প্ৰভাৱিত কৰেনে? ৰঙালী বিহু বুলি ঊনৈছত বা বলা সকলৰ কিমানজনে পথাৰৰ বোকাপানী খচকি পাইছে? মাজনিশা বা প্ৰভাতী সময়ত কুলি-কেতেকীৰ মাত শুনি কিমানজন অভিভূত হয়? পথাৰলৈ এদিনো গৈ নোপোৱা, প্ৰকৃতিত কি ঘটিছে তাৰ উমান নোলোৱা সকলে বিহু বুলি উত্ৰাৱল হোৱাৰ কিবা অৰ্থ আছেনে? আজিকালি বিহুৰ আগজাননী কোনে দিয়ে, উত্তৰ তেনেই সহজ— বৈদ্যুতিন মাধ্যমে। বিহু বুলিলেই জাকজমকীয়া অনুষ্ঠান পাতিবই লাগিব, দামী দামী পুৰস্কাৰ ঘোষণা কৰি এগালমান প্ৰতিযোগিতা পাতিবই লাগিব যেন। লাখে লাখে টকা দি নামি শিল্পী আনি দুপৰ নিশালৈ বিহু ফাংচন হ’বই লাগিব।
আজিকালি আৰু এটা বৰ দুখৰ কথা হৈছে। গাঁওৰ বছা বছা বিহুৱা-বিহুৱতীক আকৰ্ষণ কৰি চহৰলৈ নি গাঁওবোৰ বিহু, হুঁচৰিশূন্য কৰা হৈছে। বছৰেকৰ সাত বিহুত মূৰ দোঁৱাই আশীৰ্বাদ ল’বলৈও গাঁৱত দল এটা পাবলৈ নাইকিয়া হৈছে। আৰু এটা কথা হৈছে— কাতি বিহু, মাঘ বিহু, ৰঙালী বিহু সকলো একাকাৰ কৰা হৈছে। প্ৰতিটো বিহুৰ সুকীয়া সুকীয়া তাৎপৰ্য আৰু পালনৰ ৰীতি-নীতি পৰম্পৰা আছিল। এতিয়া সেইবোৰ একো নাইকিয়া হৈছে। প্ৰতিটো বিহুত জাকজমকীয়া অনুষ্ঠান পাতি গীত-মাতেৰে ফূৰ্তি কৰাই নিয়ম হৈছে। এনে কাৰ্যত বৈদ্যুতিন মাধ্যমসমূহেই আগভাগ লয়। বৈদ্যুতিন মাধ্যমসমূহে যি আৰ্হি দেখুৱায়, তাকেই সকলোৱে অনুকৰণ কৰে। এনে কাৰ্যই আমাৰ লোকসংস্কৃতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱা নাইনে?
লাউ খা বেঙেনা খা… | ছবি: ৱিকিমিডিয়া কমন্স (CC)
লোক কলা-কৃষ্টিৰ চৰ্চা বাঢ়িছে একমাত্ৰ গ্লেমাৰ আৰু আয়ৰ বাবে। গাঁৱৰ লোককলাৰ সাধক তথা শিল্পীসকলক অৱহেলা কৰা দেখা গৈছে। এটা কথা ঠিক যে লোক কলা-কৃষ্টি সমাজৰ অঢ্যৱন্ত, বিত্তশালী সকলৰ হাতত সুৰক্ষিত নহয়। লোক কলা-কৃষ্টি জীয়াই ৰাখিব লাগিব গাঁৱৰ চহা শিল্পীয়েহে। লোক কলা-কৃষ্টিৰ লোকধৰ্ম, বৈশিষ্ট্য আৰু পৰম্পৰা অটুট থাকিলেহে লোককলা হৈ থাকিব। ইয়াৰ অন্যথা হ’লে ই নিজস্বতা হেৰুৱাই পেলাব।
আমাৰ অনুৰোধ আৰু কাতৰ আহ্বান,— বিহুক বিহু হৈ থাকিবলৈ দিয়ক, বিহুক প্ৰকৃতিৰপৰা কৃষি আৰু কৃষকৰপৰা নিলগাই আনিলে সি আৰু বিহু হৈ নাথাকিব। বিহুৰ আনন্দ সকলোৱে লওক, সকলোৱে পাতক, লগতে বিহু প্ৰকৃততে যাৰ উৎসৱ, সেই সকলক জড়িত কৰক, পথাৰ আৰু কৃষকক নিলগাই ৰাখিলে বিহুৱে লৌকিকতা হেৰুৱাই বিজতৰীয়া হৈ পৰিব। যি বিহুতলীত বা বিহু মঞ্চত কৃষকৰ স্থান নাই, য’ত পথাৰ আৰু কৃষিৰ গুৰুত্ব নাই, সেই বিহুক আমাৰ জাতীয় কৃষ্টি বোলাৰ কোনো অৰ্থ নাই।
❧ | আৰু পঢ়ক:
- জনশিক্ষাৰ কঠীয়াতলী: লোকসংস্কৃতি
- লোকগীতৰ মাজেৰে ভাহি অহা তাঁতশালৰ শব্দ
- প্রাসংগিক চিন্তা: হেঁপাহৰ বিহুটি আজি কোন দিশে
- আধুনিকতাৰ চাকনৈয়াত হেঁপাহৰ ব’হাগ: জাতিৰ আয়ুস ৰেখা হৈ থাকিবনে
- বিতর্কৰ ব’হাগ