অটল বিহাৰী বাজপায়ীৰ কবিতা: দূৰণিৰ ক্রন্দন

মূল : অটল বিহাৰী বাজপায়ী (দূৰ কহিঁ কয়ি ৰ’তা হ্যেঁ)
অনুবাদ: ৰূপ গোস্বামী

দূৰণিৰ ক’ৰবাত কাৰোবাৰ ক্রন্দন
বন্দী শৰীৰত অস্থিৰ মন,
লগৰী কেৱল একাকীত্ব
হেৰাল নেকি কোনোবা কাৰোবাৰ আপোন,
কান্দোন যে সদায় কৰুণ।

জনম দিনত আমি উদ্বাউল
কিয়নো মৰণ নহয় উৎসৱ
অন্তিম যাত্রাৰ পৰত মাথোঁ
চকুলোৰ অস্বস্তিময় অবয়ব।
দূৰণিৰ ক’ৰবাত কাৰোবাৰ ক্রন্দন।

অন্তৰে কান্দিলেও দুচকু শুকান
ধূলি জোঁকাৰি সঞ্চিত সপোন সাবটি
ভ্রমিম পৃথিৱীৰ চৌ-দিশ
সপোনেইহে মাথোঁ সঁচা হৈ ৰয়।
দূৰণিৰ ক’ৰবাত কাৰোবাৰ ক্রন্দন।

এই জীৱনতকৈ মৃত্যুয়ে শ্রেয়
আতংকময় যেতিয়া সকলো পথ,
মইও কান্দো ওচৰে-পাজৰে
যেতিয়া কোনোৱেই নাথাকে।
দূৰণিৰ ক’ৰবাত কাৰোবাৰ ক্রন্দন।


মূল কবিতা:

दूर कहीं कोई रोता है

दूर कहीं कोई रोता है,
तन पर पैहरा भटक रहा मन,
साथी है केवल सूनापन,
बिछुड़ गया क्या स्वजन किसी का,
क्रंदन सदा करूण होता है ।

जन्म दिवस पर हम इठलाते,
क्यों ना मरण त्यौहार मनाते,
अन्तिम यात्रा के अवसर पर,
आँसू का अशकुन होता है ।

अन्तर रोयें आँख ना रोयें,
धूल जायेंगे स्वपन संजाये,
छलना भरे विश्व में केवल,
सपना ही सच होता है ।

इस जीवन से मृत्यु भली है,
आतंकित जब गली गली है,
मैं भी रोता आसपास जब,
कोई कहीं नहीं होता है ।

Featured image by Deccan Herald [Flickr, CC by 2.0]

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of