বেদৰ পৰিচয়

বেদ হৈছে মানৱ জাতিৰ প্ৰাচীনতম চিন্তাৰ প্ৰকাশ। সেই যুগত আজিৰ দৰে ধৰ্ম বিভাজন বা ধৰ্মীয় সংকীৰ্ণতা নাছিল। সুস্থ-সবল মানৱীয় অনুভূতি আছিল আৰু তাতেই গঢ লৈ উঠিছিল সভ্যতা আৰু সংস্কৃতি। বিশ্ব সভ্যতাৰ পৰিচয় বৈদিক সংস্কৃতিত সন্নিহিত আছিল। পৃথিৱীৰ অনান্য দেশ যেতিয়া অজ্ঞান আন্ধাৰত আচ্ছন্ন আছিল, তেতিয়াই আৰ্যসকলে জ্ঞানৰ পোহৰেৰে সমস্ত বিশ্বক আলোকিত কৰিছিল। মেক্সমূলাৰে কৈছে— ‘In the history of the world, the Vedas fill a gap which no literary work any other language could fill’*। বেদৰ অৰ্থ হৈছে জ্ঞান। সংস্কৃতৰ ‘বিদ্’ ধাতুৰ লগত ‘অ’ প্ৰত্যয় যোগ হৈ বেদ শব্দ নিষ্পন্ন হৈছে। সায়ণাচাৰ্যই বেদৰ অৰ্থ এনেদৰে দাঙি ধৰিছে— ‘ইষ্টপ্ৰাপ্তিৰনিষ্টপৰিহাৰয়োঃ অলৌকিকমুপায়ং য়ো গ্ৰন্থো বেদয়তি স বেদ ইতি’*, অৰ্থাৎ যি গ্ৰন্থই বাঞ্ছিত লাভ আৰু অবাঞ্ছিত পৰিহাৰৰ অলৌকিক উপায় জনায়, সেয়ে বেদ।

বেদৰ প্ৰধান ভাগ দুটা— মন্ত্ৰ আৰু ব্ৰাহ্মণ। দেৱতাৰ স্তুতিত প্ৰয়োগ হোৱা অৰ্থ স্মাৰক বাক্যক মন্ত্ৰ বুলি কোৱা হয়। যাগ-যজ্ঞাদি অনুষ্ঠানৰ সবিশেষ বৰ্ণনা কৰা গ্ৰন্থক ব্ৰাহ্মণ বুলি কোৱা হয়। মন্ত্ৰসমূহক সংহিতা বোলে। সংহিতা চাৰি প্ৰকাৰৰ— ঋক্, সাম, যজুঃ আৰু অথৰ্ৱ। ছন্দোবদ্ধ, গীতিময় আৰু গদ্যময় হোৱা বাবে বেদক ত্ৰয়ী বুলি অভিহিত কৰা হৈছে। বেদৰ দ্বিতীয় ভাগ হৈছে ব্ৰাহ্মণ, য’ত যজ্ঞৰ বিস্তৃত বৰ্ণনা আছে। বৃহৎ বা বিস্তাৰিত হোৱাৰ বাবে ইয়াৰ নাম ব্ৰাহ্মণ। তৃতীয় ভাগ হৈছে আৰণ্যক,— অৰণ্যত একান্তভাবে পঠনীয় বাবে আৰণ্যক বুলি কোৱা হয়। ইয়াত কৰ্মতকৈ বেছি জ্ঞানক প্ৰাধান্য দিয়া হৈছে। আৰণ্যকৰ অন্তিম ভাগ উপনিষদ, যি জ্ঞান আৰু দাৰ্শনিক বিবেচনাৰে ভৰপূৰ। বেদৰ সাৰভূত তত্ত্ব নিহিত হোৱাৰ কাৰণে উপনিষদক বেদান্তও বোলা হয়। বেদৰ সংহিতা আৰু ব্ৰাহ্মণ ভাগক কৰ্মকাণ্ড, আৰণ্যক ভাগক উপাসনাকাণ্ড আৰু উপনিষদ ভাগক জ্ঞানকাণ্ড বোলা হয়।

ভাৰতীয় পৰম্পৰা অনুসাৰে বেদ নিত্য আৰু অপৌৰুষেয় তথা জ্ঞানৰ অক্ষয় ভঁৰাল। উপনিষদত বৰ্ণিত বেদৰ ব্যাখ্যানৰ আধাৰত দৰ্শনৰ সৃষ্টি হৈছে। পৰৱৰ্তী কালত ব্ৰহ্মসূত্ৰ আৰু শ্ৰীমদ্ভগৱদ্গীতাও দৰ্শনৰ স্ৰোত হৈ পৰিছে। এইটো স্পষ্ট যে যি বিষয়বস্তুক বা সামগ্ৰিক বিবেচনাক আধাৰ মানি লোৱা হৈছে, তাৰ মূলত বেদ নিহিত হৈ আছে।

বৈদিক ঋষিসকলে সৃষ্টিৰ লীলা-তাণ্ডৱ দেখি সৃষ্টিৰূপী এই ক্ৰীড়াত সমভাগী হৈ অলৌকিক শক্তিৰ সাক্ষাৎ কৰি অনাহত নাদ শ্ৰৱণ কৰিলে। এই অদ্ভুত শক্তিৰ ক্ৰীড়াত মগ্ন হৈ ভক্তি আৰু বিস্ময়েৰে স্তুতি কৰিবলৈ ধৰিলে। এই বিশাল পৃথিৱীৰ বৈচিত্ৰ্য আৰু মনোমোহা ৰূপ দেখি মোহিত হৈছিল। প্ৰকৃতিৰ অনাবিল সৌন্দৰ্যত আকৃষ্ট হৈ দেৱতাৰ স্তুতিত আপোন পাহৰা হৈছিল। অনন্ত আকাশ, সুশীতল বতাহ, বিশাল অৰণ্য, সুনীল সাগৰ, নদীৰ কুলু কুলু ধ্বনি, চৰাই-চিৰিকটিৰ কলৰৱ, সূৰ্যৰ প্ৰভা, বিজুলীৰ চিকমিকনি, মেঘৰ গাজনি আদিয়ে মনত ভক্তি আৰু আনন্দৰ ভাব জগাই তুলিছিল। বৈদিক ঋষিসকলে সৃষ্টিৰ এই শক্তিক গুণৰ আধাৰত সূক্ষ্ম আৰু সাৰ্থক নাম দি দেৱতা বুলি অভিহিত কৰিলে। দেৱতাক তিনিটা শ্ৰেণীত বিভক্ত কৰিলে— পৃথিৱী স্থানীয় দেৱতা, অন্তৰীক্ষ স্থানীয় দেৱতা আৰু দ্যু স্থানীয় দেৱতা। বৈদিক সভ্যতাৰ ক্ৰমবিকাশত এই প্ৰথম অৱস্থাক প্ৰাকৃতিক তথা মানৱীকৃত বহুদেৱতাবাদ (Polytheism)ৰ সংজ্ঞা দিয়া হৈছে। মেক্সমূলাৰৰ মতে, বহুদেৱতাবাদৰ পৰা একদা ‘এক এৱ দেৱবাদ’ হ’ল, সেই সময়ত ঋষিসকলে যাৰ স্তুতি কৰিছিল, তাকে সৰ্বোচ্চ বুলি মানিছিল। পিছত ‘একদা এক এৱ দেৱবাদ’ একদেৱবাদ বা একেশ্বৰবাদ (Monotheism)ত পৰিণত হ’ল। আকৌ একেশ্বৰবাদৰ লগত সৰ্বেশ্বৰবাদৰও মান্যতা হ’ল, কালান্তৰত ইয়াৰ চৰম বিকাশ একতত্ত্ববাদ বা অদ্বৈতবাদৰ ৰূপত উপনিষদত প্ৰতিষ্ঠিত আৰু বিকশিত হ’ল। অধিকাংশ পাশ্চাত্য দাৰ্শনিক তথা পাশ্চাত্য অনুগামী ভাৰতীয় পন্ডিতে বৈদিক দেৱতাবাদৰ উৎপত্তি আৰু বিকাশ সম্পৰ্কে যি তথ্য দাঙি ধৰিছে, সেই মন্তব্য সম্পূৰ্ণভাৱে কপোলকল্পিত। সংহিতাৰ পৰা ব্ৰাহ্মণ, আৰণ্যক আৰু উপনিষদলৈকে যি বৈদিক দৰ্শনৰ বিকাশ হৈছে, সেয়া পাশ্চাত্য দাৰ্শনিকৰ বহুদেৱতাবাদৰ পৰা একদেৱবাদ, সৰ্বেশ্বৰৰ পৰা একতত্ত্ববাদৰ দৰে কল্পনাপ্ৰসূত নহয়। অনেক দেৱতাৰ মাজতো বৈদিক ঋষিসকলে কৰা এক শক্তিৰেই উপাসনা। পৰিণাম স্বৰূপে, পৰৱৰ্তী কালত অধ্যেতাসকলে নিজ নিজ জ্ঞান অনুসাৰে মতান্তৰত পৰিণত কৰিলে। সংহিতাৰ পৰা উপনিষদলৈকে বৈদিক দৰ্শনৰ বিকাশ আধ্যাত্মিক অদ্বৈতবাদ (Non-dualism)ৰ বিকাশ বুলি ক’বৰ স্থল আছে। ভাৰতীয় পৰম্পৰাত বেদক সকলো ধৰ্মৰ মূল বুলি কোৱা হয়। মনুস্মৃতিত ‘বেদোঽখিলো ধৰ্মমূলম্’* বুলি কৈ বেদক ধৰ্মবৃক্ষৰ গুৰি হিচাপে মানি লোৱা হৈছে।

*১. Maxmuller, Ancient Sanskrit Literature
*২. তৈত্তিৰীয় সংহিতা ভাষ্য ভূমিকা
*৩. মনুস্মৃতি-২/৬

ছবি: ঋগবেদৰ এখিলা পাত

লেখক গুৰুচৰণ কলেজ (শিলচৰ)ৰ সংস্কৃত বিভাগৰ সহকাৰী অধ্যাপক। ফোন: ৯৪৩৫৯২৭৩১৪

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of