এতিয়া ইয়াত

এতিয়া ইয়াত
খালৈৰ তলিতেই পৰি ৰয়
জাকৈ-চাবৰ দেওলগা
প্ৰ’টিনৰ অমলিন সপোন

য’ৰ—
শাওঁ বৰণীয়া পথৰ
দুয়ো দাঁতিত
জ্বলোঁ বুলিও জ্বলি নুঠে
আশ্বাসৰ এমুঠি নিয়ন

য’ত—
হৰেক পণ্যৰ ডেউকাই
মৌন নয়নত সানো বুলিও
সানিব নোৱাৰে
বহুৰঙী কলাজৰ ৰূপ বিমোহন

এতিয়া ইয়াত
শুনো বুলিও শুনিব নোৱাৰি
উকলা বিহুৰ সেই
পদধ্বনি নিৰ্মম—

…মাছে মাৰিবলৈ অ’ পদুম
নেলাগে যাবলৈ অ’ পদুম
নেলাগে যাবলৈ অ’ পদুম
বোকা পানী লাগিব গাত…

লেখকৰ ঠিকনা: অভয়াপুৰী

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of