ৰঞ্জু হাজৰিকাৰ গল্প ‘শিৱৰ তৃতীয় নয়ন’

হতাশাৰে কোঠাটোলৈ সোমাই আহিল অম্বৰ। অম্বৰৰ বন্ধু নিশান্তই কৌতুহলেৰে চালে অম্বৰৰ মুখলৈ। অম্বৰে কোনো ফালে নাচাই অধোবদন হৈ বহি থকা দেখি নিশান্তই আচৰিত হৈ প্ৰশ্ন কৰিলে— ‘কিহে বন্ধু, মুখখন টোটোৰা পৰা বগৰীটোৰ দৰে কৰি এই পুৱাতে ক’ৰ পৰা আহিলা?’ অম্বৰে মূৰটো সামান্য তুলি কেৰাহিকৈ নিশান্তৰ ফালে চালে। তাৰ পাছত পুনৰ তলমূৰ কৰি ৰ’ল।

‘কি হল? কাম নহ’ল নেকি?’ নিশান্তই পুনৰ সুধিলে।
‘নাই ভাই।’ হতাশা ভৰা কণ্ঠেৰে ক’লে অম্বৰে। ‘মোৰ দ্বাৰা নহ’ব আৰু। য’তেই হাত দিওঁ, ত’ততেই নাই, য’লৈকে আগবাঢ়োঁ, মোৰ কাৰণে ক’তোৱেই কাম নাই। যি বা দুটা কাম পালো, তাতো কেনা লাগিল। প্রায় ত্রিশ লাখ টকা সেই দুটা কামত আবদ্ধ হৈ আছে। সেয়া যে কেতিয়া পাম, বোধহয় ঈশ্বৰেও নাজানে। প্রাইভেট যিকেইটা কাম পোৱাৰ আশা আছিল, তাতো এটা দলে গৈ পিষ্টল-বন্দুক দেখুৱাই কামবোৰ কাঢ়ি লৈছে। এতিয়া মোৰ সকলো ফালেই হতাশা। টকা-পইচাবোৰ কেনি উৰিছে, এতিয়া ক’ব পৰা নাই।’ এই বুলি অম্বৰ পুনৰ নিশ্চুপ হৈ বহি ৰ’ল।
‘শ্বিপিং কর্পোৰেচনৰ কামটো কি হ’ল?’ নিশান্তই সুধিলে।
‘নহ’ল। পোৱাৰ চান্স হাণ্ড্ৰেড পাৰ্চেণ্ট থকাৰ পাছতো নাপালো। অম্বৰৰ কণ্ঠস্বৰত পুনৰ হতাশাৰ সুৰ।
‘এটা সময়ত মোৰো কম বেয়া দিন যোৱা নাছিল। একেলেঠাৰিয়ে তিনিটা বছৰ। মইতো একেবাৰে পাগল হৈ গৈছিলো। তাৰ পাছত যেনিবা মামাৰ দয়াত পুনৰ ভাল দিন ঘূৰিল।’ নিশান্তই ক’লে।
‘তোমাৰ মামাই কি কৰি দিলেনো?’ কৌতুহলেৰে সুধিলে অম্বৰে।
‘নিয়মিত মই যিদৰে কামবোৰ পাই আছিলো, হঠাৎ যদি সেইবোৰত বাধা আহি যায়, নিয়মিত আহি থকা টকাৰ বাটবোৰ যদি বন্ধ হৈ যায়, তেন্তে বুজিব লাগিব যে নিশ্চয় এয়া গ্রহদোষ। মামাৰ জ্যোতিষৰ ওপৰত অগাধ বিশ্বাস। মামাই মোক জ্যোতিষী এজনৰ ওচৰলৈ লৈ গ’ল। মোৰ হোটেলখনো নচলা হৈছিল, একে সময়তে গাড়ী দুখনো বেয়া হৈ পৰি আছিল। মই এইবোৰ গ্রহদোষ-দৈৱদোষ বিশ্বাস নকৰা মানুহটোৱেও অৱশেষত জ্যোতিষীৰ শৰণাপন্ন হ’বলৈ বাধ্য হৈছিলো।’
‘পাছত?’ ব্যগ্ৰতাৰে প্ৰশ্ন কৰিলে অম্বৰে।
‘ক’বলৈ গ’লে জ্যোতিষীজনেই মোক ৰক্ষা কৰিলে। দেখাত সাধাৰণ হ’লেও তেওঁ ঐশ্বৰিক গুণৰ অধিকাৰী। তেওঁ মোক যেনেদৰে কৈছিল, তেনেদৰেই হ’ল।’ নিশান্তই ক’লে।
‘ময়োতো কমবোৰ জ্যোতিষীক দেখুওৱা নাই, বহুত দামী দামী পাথৰ ল’লো। একো কামেই নহ’ল। বহুত টকা পাথৰত বৰবাদ কৰিলো। এতিয়া আৰু জ্যোতিষীৰ শৰণাপন্ন হোৱাৰ ইচ্ছা নাই।’
‘সেয়া তোমাৰ কথা, কিন্তু মোৰ একেবাৰে পাব নলগীয়া কাম এটা সেই জ্যোতিষীজনৰ দয়াতে পালো।

নিশান্তৰ কথা শুনি অম্বৰে এইবাৰ প্রশ্নবোধক দৃষ্টিৰে চালে। চকুত বিশ্বাস-অবিশ্বাসৰ ছাঁ।

‘সেই যে চৰকাৰী নতুন বাছ টার্মিনাছৰ কামটো। কেইবাকোটি টকাৰ কাম আছিল। মোৰতো পোৱাৰ কোনো আশাই নাছিল। তাতে মিনিষ্টাৰৰ অঙহী-বঙহী কেইবাজনেও টেণ্ডাৰ মাৰি থৈছিল। দুর্দান্ত ঠিকাদাৰ অনিৰুদ্ধ ফুকনতো আছিলেই, কিন্তু অৱশেষত কামটো ময়ে পালো অবিশ্বাস্যভাৱে আৰু তেতিয়াৰ পৰাই মোৰ ভাগ্যৰ চকৰি ঘূৰিল বুলি ক’ব পাৰা।’
‘এই কাম জ্যোতিষীয়ে দিয়া পাথৰ পিন্ধিয়েই হ’ল বুলি ভাবা নেকি?’ অম্বৰে আগ্ৰহৰে প্রশ্ন কৰিলে।
‘শুনা কাহিনীটো’— এই বুলি নিশান্তই ক’বলৈ আৰম্ভ কৰিলে।

‘যিদিনা সেই কামটোৰ টেণ্ডাৰৰ ৰিজাল্ট ওলোৱাৰ কথা আছিল, তাৰ আগদিনা গধূলি মই জ্যোতিষীজনৰ ওচৰলৈ গৈছিলো। তেওঁ মোৰ জন্ম পত্রিকাখন চাই এটা ভাল ৰুবী পাথৰ লোৱাৰ কথা ক’লে। মই কলো— মোৰ হাতত এটা ৰুবী আছেই, ছমাহ হৈছেহে পিন্ধা, পাছে কাম একো হোৱা নাই। ছমাহৰ আগত যেনে আছিল এতিয়াও তেনে। জ্যোতিষীজনে মোৰ হাতৰ ৰুবীটো চাই ক’লে— ৰুবীটো ভালেই।
—তেতিয়াহ’লে কাম কিয় হোৱা নাই? যদি কামেই নহয়, এনেদৰে টকা খৰচ কৰি ৰত্ন পিন্ধাৰ অর্থ কি?— মই প্ৰশ্ন কৰিলো।
জ্যোতিষীজনে হাঁহি এটা মাৰি মোক ক’লে— এইখিনিতে দুটা কথা কওঁ আপোনাক। সূৰ্যৰ প্ৰখৰ তাপত আমি দগ্ধ হওঁ, সেই প্রখৰ তাপ নাইকিয়া কৰাৰ ক্ষমতা আমাৰ কাৰো নাই, কিন্তু প্রখৰ তাপৰ পৰা সামান্যভাৱে হ’লেও ৰক্ষা পাবলৈ আমি আপোনাক ছাতি এটা দিব পাৰোঁ। ৰত্ন ধাৰণৰ কথাটোও ঠিক তেনেকুৱাই। ইয়াৰ কোনো যাদুকৰী গুণ নাই, কিন্তু ৰত্নই কাম কৰে। এই সম্পর্কে মই আপোনাক বিজ্ঞানসন্মতভাৱে সম্পূর্ণ যুক্তি সহকাৰে বুজাব পাৰোঁ, কিন্তু আজি নহয়। এদিন আপুনি সময় লৈ আহিব। আপুনি প্রশ্ন কৰিছে, আপুনি পিন্ধা ৰুবীটোৱে কিয় কাম কৰা নাই। বাৰু কওকচোন, আপুনি পিন্ধা ৰুবীটোৰ মূল্য কিমান?
—প্রতি কেৰেটত বাৰশ টকাকৈ ছয় কেৰেটত সাত হাজাৰ দুশ টকা লৈছিল। মই উত্তৰটো দিয়াৰ লগে লগে জ্যোতিষীজন ভিতৰলৈ উঠি গ’ল। কেইমিনিটমানৰ পাছতে এটা ধুনীয়া ৰঙা বৰণৰ টেমা হাতত লৈ ওলাই আহিল। টেমাটো বৰ ডাঙৰ নাছিল। এটা আঙুঠি থ’ব পৰা জোখৰ আছিল।
জ্যোতিষীজনে মোৰ আগত টেমাটোৰ সাঁফৰখন খুলিলে। টেমাটোৰ ভিতৰখনো ধুনীয়া। ৰঙা মখমলৰ কাপোৰেৰে আবৃত টেমাটোৰ ভিতৰত এটা উজ্জ্বল স্বচ্ছ ৰঙা গোলাকৃতিৰ পাথৰ দেখা পালো। পাথৰৰ তলভাগ সমতল আৰু ওপৰৰ অংশ গোলাকৃতি। যেন এটা মসৃণ গোল বস্তুৰ আধাভাগ। পাথৰটোৰ আকাৰ এটা মটৰ মাহতকৈ সামান্য ডাঙৰ আছিল।
—এইটো কি? মই জ্যোতিষীগৰাকীক প্রশ্ন কৰিলো।
—এইটো এটা মাণিক, ইংৰাজীত যাক ৰুবী বুলি কোৱা হয়। ইবহু পুৰণিকলীয়া ৰত্ন। দৈৱৰ বলত মই ইয়াক পাইছোঁ৷ ইয়াৰ মূল্য কিমান হ’ব ঠাৱৰ কৰা টান। তথাপি এজন বিশিষ্ট জহুৰীক দেখুওৱাত ক’লে যে ইয়াৰ মূল্য প্রতি কেৰেটত ঊনৈশ-বিশ হাজাৰ টকা আনুমানিক হ’ব পাৰে। অর্থাৎ আজিৰ পৰা বিশ বছৰৰ পূর্বে এই মাণিকটোৰ মূল্য আছিল এক লাখ ষাঠি হাজাৰ টকা। মই এই ৰত্নটো লাভ কৰা বিশ বছৰতকৈয়ো বেছি হ’ল। এই বিশ বছৰৰ পাছত ইয়াৰ মূল্য তিনি গুণতকৈ বেছি হ’ব। পাথৰটোৰ ওজন আঠ কেৰেটতকৈয়ো বেছি।
—ইমান দামী পাথৰ এইটো? মই হতভম্ব হৈ প্রশ্ন কৰিলো।
—হয়। এতেকে আপুনি নিজে এটা কথা চিন্তা কৰকচোন। আপোনাৰ ৰুবীটোৰ মূল্য সাত হাজাৰ দুশ টকা আৰু ইয়াৰ মূল্য বর্তমান আনুমানিক চাৰি লাখ টকা। এতেকে কোনটো ৰুবীয়ে আপোনাৰ কাম কৰিব পাৰে? বজাৰত ৰুবী কুৰি টকাতো পায়, এশ টকাতো পায়, এহাজাৰ টকাতো পায় বা তাতোকৈ অধিক মূল্যতো পায়, কিন্তু সেইবোৰক ৰুবী বুলি ক’ব নোৱাৰি।
—তেন্তে এইবোৰ কি? মই প্রশ্ন কৰিলো।
—প্রকৃত ৰত্নটোৰ উপৰত্ন বুলি ক’ব পাৰে। প্রকৃত ৰত্নসমূহৰ মূল্য ধাৰণাতীত। মই নকওঁ যে আপুনি পিন্ধি থকা ৰত্নটোৱে কাম নকৰিব, কিন্তু তাৰ তুলনাত মোৰ হাতত থকা এই ৰত্নটোৱে হাজাৰ গুণে বেছি কাম কৰিব। আপুনি এই ৰত্নটো হাতৰ মুঠিত কেৱল দহ মিনিট ৰাখক, এক অপূর্ব অনুভূতি আপুনি অনুভৱ কৰিব। কোনো দুঃসাধ্য বা কঠিন কামত আগবাঢ়িবলগীয়া হ’লে এই ৰত্নটি হাতত লৈ সম্পূর্ণ নিবিষ্টচিত্তে মনোকামনা পূর্ণৰ বাবে সূর্য দেৱতাক আৰাধনা কৰক, মোৰ দৃঢ় বিশ্বাস, আপুনি জয়ী হ’বই। আপুনি কি কামৰ কাৰণে আৰাধনা কৰিছে, সেয়া আনক কোৱা উচিত নহয়। মনৰ ভিতৰতে কথাবোৰ ৰাখি সংকল্প কৰিব লাগে।

জ্যোতিষীৰ কথাই মোক হতবাক কৰি তুলিলে। মই জ্যোতিষীজনক অনুৰোধ কৰিলো, মোক বিশেষ কাম এটাৰ কাৰণে তেনে এটি সুবিধা দিব নেকি? মোৰ কথা শুনি জ্যোতিষীজনে খন্তেক কিবা চিন্তা কৰিলে। তাৰ পাছত তেওঁ মূৰ দুপিয়াই সন্মতি প্রকাশ কৰি ক’লে— হ’ব। মই আপোনাক সেই সুবিধা নিশ্চয় দিম। আজিলৈকে মই অৱশ্যে তিনিজন ব্যক্তিকহে সেই সুবিধা দিছোঁ। পাছে আপুনি সেই বিশেষ কামটোৰ বাবে কেতিয়া আগবাঢ়িব?
—কাইলৈ। কাইলৈ দিনৰ দহ বজাত মই অফিছলৈ যাম। আপোনাক সঁচা কথাকে কৈছোঁ, কামটো পোৱাৰ আশা মোৰ কিন্তু একেবাৰেই নাই।
—আপুনি কাইলৈ পুৱা আঠ বজাৰ ভিতৰত মোৰ ওচৰলৈ আহিব। আপোনাক এই সুবিধা দিছোঁ, এবাৰ চেষ্টা কৰি চাওক। মোক কেৱল সামান্য মাননি এটা দিব। মোক নহয়, আপুনি যিজন দেৱতাক আৰাধনা কৰিব, তেওঁক।
—মাননীৰ কথা বাদেই, কামত সফল হ’লে আপোনাক মই এক বিশেষ উপহাৰ দিম, মই ক’লো। জ্যোতিষীজনে মোৰ কথা শুনি হাঁহি এটা মাৰি ক’লে, সেইবোৰ পাছৰ কথা। প্রথমতে আপুনি কামটোত সফল হৈ আহকচোন। এই দৈৱৰত্নই কাকো বিফল কৰা নাই , আপোনাকো নিশ্চয় নকৰিব।
—আপুনি এই ৰত্নটোক বাৰে বাৰে দৈৱৰত্ন বুলি উল্লেখ কৰিছে। কিহৰ কাৰণে ইয়াক দৈৱৰত্ন বুলি কৈছে? মই জ্যোতিষীজনক আগ্ৰহেৰে প্ৰশ্ন কৰিলো। তাৰ পাছত জ্যোতিষীজনে সেই ৰত্নটোৰ সন্দৰ্ভত যিটো কাহিনী শুনালে, মই শুনি আচৰিত হ’লো। তুমিও বিস্ময়বোধ কৰিবা, জানা অম্বৰ?’
‘কি কাহিনী?’ অম্বৰে কৌতুহলেৰে সুধিলে।
‘সেই কাহিনী তুমি নিজেই জ্যোতিষীৰ মুখে শুনিবা। মই তোমাক তেওঁৰ ওচৰলৈ লৈ যাম।‘ নিশান্তই কলে।
‘পাছে তোমাৰ কামটো হ’ল নে নাই?’ অম্বৰে প্রশ্ন কৰিলে।
‘যিটো কাম মই পাব নালাগিছিল, সেই কামটো মই কেনেকৈ পালো, সেয়া মোৰ বাবে আজিও ৰহস্যময় হৈ আছে। আৰু তেতিয়াৰ পৰাই মোৰ ভাগ্যৰ চকৰি ভালৰ দিশে ঘূৰিবলৈ আৰম্ভ কৰিলে। তুমি বিষয়টো কাকতালীয় বুলি হাঁহি উৰুৱাই দিলেও মই কিন্তু নিশ্চিন্ত যে সেই দৈৱৰত্নৰ কৃপাতে অসম্ভৱো সম্ভৱ হ’ল।‘
অম্বৰে এক দৃষ্টিৰে চাই ৰ’ল নিশান্তৰ মুখলৈ।

‘তোমাৰ এনে কিবা কাম আছে যদি এবাৰ চেষ্টা কৰি চোৱাচোন। ক্ষতিতো একো নাই।‘ নিশান্তই পুনৰ ক’লে।
‘ব্রডগজ লাইনৰ কামটো মোৰ হ’বনে চাগৈ? আজি গৈ ভিতৰুৱাকৈ যেতিয়া গম পালো যে সেইটো কাম মই পোৱাৰ কোনো প্রশ্নই নুঠে, তেতিয়াই মোৰ মন একেবাৰে ভাগি গ’ল। এতিয়া যদি সেই কামটো তুমি সেই ৰত্নৰ দ্বাৰা পোৱাই দিব পাৰা, মই চিৰকৃতজ্ঞ হৈ ৰ’ম তোমাৰ ওচৰত।‘ অম্বৰে নিশান্তৰ হাত এখনত ধৰি ক’লে।
‘বাৰু প্ৰথমতে জ্যোতিষীজনৰ ওচৰৰ পৰা আহোঁ ব’লাচোন৷ তেওঁ যদি তোমাক সেই সুবিধা নিদিয়ে, তেন্তে সকলো নিস্ফলেই হ’ব।‘
‘মোক সুবিধা নিদিবও পাৰে নেকি?’ অম্বৰে সন্দেহেৰে সুধিলে।
‘মানুহজন অলপ মেজাজী। তদুপৰি তেওঁ সেই ৰত্ন সম্পৰ্কীয় কথাবোৰ যাৰে তাৰে আগত ক’বলৈ বেয়া পায়। পাছে নির্দ্বিধাই মোৰ আগত সেই ৰত্ন দেখুৱাই তাৰ মাহাত্ম্য বর্ণনা কৰিছিল।‘

সন্ধ্যা ছয় বজাত অম্বৰ আৰু নিশান্ত জ্যোতিষীজনৰ ঘৰলৈ গ’ল। অম্বৰে জ্যেতিষীগৰাকীৰ বিষয়ে যি ধাৰণা মনত পোষণ কৰি গৈছিল, সেয়া একোকে নিমিলিল। জ্যোতিষীগৰাকীৰ নাম ৰজনী শর্মা। অম্বৰৰ ধাৰণা মতে, জ্যোতিষী ৰজনী শৰ্মাৰ বয়স ষাঠিৰ ওচৰা-ওচৰি হ’ব। নাতি-দীর্ঘ চেহেৰাৰ কৃশ শৰীৰৰ মানুহজন নিশ্চয় দেখনিয়াৰ হ’ব৷ মূৰত চুলি কম থাকিব। পৰিধানত পায়জামা বা ধুতী আৰু পাঞ্জাৱী থাকিব। কিন্তু অম্বৰৰ ধাৰণা একোকে নিমিলিল। ৰজনী শৰ্মাৰ বয়স ৪০-৪৫ বছৰৰ ভিতৰত হ’ব। সুন্দৰ, দেখনিয়াৰ, সু-স্বাস্থ্যৰ অধিকাৰী। দেহৰ বৰণ বগা, চকু দুটা বুদ্ধিদীপ্ত। পিন্ধনত লংপেণ্ট আৰু টি-চার্ট। মানুহজনৰ মুখমণ্ডলত সদা-সর্বদা এক গাম্ভীর্যৰ ছাপ পৰিস্ফুট। মানুহজনৰ ব্যক্তিত্বই যিকোনো ব্যক্তিক সহজেই আকৰ্ষণ কৰিব পাৰে।

নিশান্তই ৰজনী শৰ্মাৰ আগত অম্বৰৰ বিষয়ে সকলো কথা বিবৰি ক’লে। ৰজনী শৰ্মাই সমস্ত কথা শুনাৰ পাছত নিশান্তক উদ্দেশ্যি হাঁহি এটা মাৰি ক’লে— ‘আপুনি দেখিছোঁ মোৰ এই ৰত্নৰ কথা য’তে ত’তে সদৰি কৰি ফুৰিছে। মই এই ৰত্নৰ কথা যিমান পাৰোঁ গোপনে ৰাখিবলৈ চেষ্টা কৰিছোঁ। কাৰণ ই কেতিয়াবা ৰজা সত্রাজিতৰ শ্যমন্তক মণিৰ দৰে মোৰ তথা পৰিয়ালৰ বাবে ভয়ংকৰ হৈ উঠিব পাৰে।‘
‘নাই, তেনে কোনো ভয় নাই আপোনাৰ। আপুনি কেৱল মোৰ বন্ধুৰ এই আশাকণ পূৰণ কৰি দিয়ক আৰু এওঁ আপোনাৰ পৰা নিজ কাণে শুনিব বিচাৰিছে সেই কাহিনীটো, যিটো কাহিনী আপুনি মোক আৰু মামাক শুনাইছিল।‘
‘আজি নহয়, আপোনাৰ বন্ধু প্রথমতে তেখেতৰ কামটোত সফল হৈ আহক , তাৰ পাছত ক’ম।‘ ৰজনী শৰ্মাই হাঁহি ক’লে।
‘মোৰ কামটোৰ কাৰণে মই আপোনাৰ ওচৰলৈ কেতিয়া আহিম?’ অম্বৰে প্রশ্ন কৰিলে।
‘আজিয়েই হৈ যাব। আপুনি কেৱল সামান্য মাননি এটা দিয়ক।’ ৰজনী শৰ্মাই ক’লে।
‘নিশ্চয় দিম।’— এই বুলি অম্বৰে জেপৰ পৰা টকা এহাজাৰ উলিয়াই ৰজনী শৰ্মাৰ ফালে আগবঢ়াই দিলে।
ৰজনী শৰ্মাই টকাখিনি লৈ ভিতৰলৈ গ’ল।

‘তোমাৰ ভাগ্য ভাল যে মানুহজনে বিনাবাক্যব্যয়ে সন্মত হ’ল।‘ নিশান্তই অম্বৰলৈ চাই ক’লে। অম্বৰে কোনো উত্তৰ নিদিলে।
কেইমিনিটমানৰ পাছত ৰজনী শর্মাই হাতত সেই বিশেষ ৰত্নটো লৈ ওলাই আহিল।
‘এই ৰত্নটো আপুনি দহ মিনিটমান হাতত লৈ নিবিষ্টচিত্তে সূর্যদেৱতাৰ আৰাধনা কৰক আৰু প্রার্থনা কৰক যাতে আপোনাৰ মনোকামনা পূর্ণ হয়।’— এই বুলি ৰজনী শৰ্মাই ৰত্নটো অম্বৰৰ হাতৰ মুঠিত দিলে।
অম্বৰে ৰত্নটো আগ্ৰহেৰে হাতৰ মুঠিত লৈ দুই চকু মুদি মুখৰ ভিতৰতে কিবাকিবি ভুনভুনালে। নিশান্ত আৰু ৰজনী শৰ্মাই অম্বৰৰ প্রার্থনা শেষ হোৱা পর্যন্ত নীৰৱ হৈ বহি ৰ’ল।
কিছু সময়ৰ পাছত অম্বৰে ৰত্নটো ৰজনী শৰ্মাক ঘূৰাই দিলে।
‘মনত কোনো দ্বিধাভাব নাৰাখিব। মনত দ্বিধা থাকিলে কামত কেতিয়াও সফল হ’ব নোৱাৰিব।’— এই বুলি ৰজনী শৰ্মাই দুয়োকো বিদায় দিলে।

দুদিনৰ পাছত অম্বৰ আৰু নিশান্ত জ্যোতিষী ৰজনী শৰ্মাৰ ওচৰলৈ পুনৰ আহিল। অম্বৰে আহিয়েই ৰজনী শৰ্মাৰ ভৰি চুই প্রণাম জনালে আৰু পঞ্চাশ টকীয়া নোটৰ বান্দিল এটা হাতত গুজি দি ক’লে— ‘আপোনাক ধন্যবাদ জনাবলৈ মোৰ কোনো ভাষা নাই। আপোনাৰ জৰিয়তে মই সেই কামটোত সফল হ’লো।‘
‘হৈছে হৈছে’, ৰজনী শৰ্মাই হাঁহি এটা মাৰি ক’লে— ‘ইয়াত মোৰ কোনো কৃতিত্ব নাই। এই সমস্ত অসাধ্য সাধন হৈছে সেই ঈশ্বৰ প্রদত্ত দৈৱৰত্নৰ গুণত।‘
‘আপুনি আজি মোক এই দৈৱৰ কাহিনীটো ক’বই লাগিব।‘ অম্বৰে হাতযোৰ কৰি ক’লে।
‘বাৰু, আপোনালোক প্ৰথমতে বহকচোন।‘ ৰজনী শৰ্মাই দুয়োকো বহিবলৈ দি ভিতৰলৈ গ’ল।

কেইমুহূৰ্তমানৰ পাছতে পুনৰ ওলাই আহি দুয়োৰে সন্মুখৰ চকীখনত বহি ৰত্নৰ কাহিনী আৰম্ভ কৰিলে— ‘তেতিয়া মই বিয়া কৰোৱা নাছিলো। আজিৰ পৰা প্রায় বিশ বছৰৰ আগৰ কথা। যাযাবৰৰ দৰে তেতিয়া মই বিভিন্ন ঠাইত ঘূৰি ফুৰিছিলো আৰু ঠাই বিশেষে আঠ-দহ দিন থাকি জ্যোতিষ বিচাৰ কৰিছিলো। তেনে এডোখৰ ঠাই আছিল শিৱসাগৰ। শিৱসাগৰ চহৰতে মোৰ এজন মামা আছিল। সেই মামাৰ ঘৰতে থাকি মই জ্যোতিষৰ কাম কৰিছিলো। প্রতিমাহত এবাৰকৈ শিৱসাগৰলৈ যোৱা হৈছিল। এইদৰে যাওঁতে যাওঁতে অনেকৰ লগতে মোৰ পৰিচয় হৈছিল৷ এবাৰ তেনেদৰে যাওঁতে মোৰ ওচৰলৈ মৃদুল গগৈ নামৰ মানুহ এজন আহিল। মানুহজন মোৰ পূৰ্বৰ পৰাই পৰিচিত আৰু মোৰ শুভাকাংক্ষী আছিল। মই শিৱসাগৰত গৈ উপস্থিত হোৱাৰ পাছত তেৱেঁই মোৰ সাক্ষাৎপ্রার্থীসকলক মোৰ আগমনৰ বিষয়ে জনায়। মৃদুল গগৈয়ে মোক ক’লে যে এজন মানুহে মোক লগ কৰিব বিচাৰিছে। মোৰ কোনো অসুবিধা নহ’লে মানুহজন সন্ধ্যা ছয় বজাত আহিব।
—আজিকালি সন্ধ্যা ছয় বজাৰ পাছত দেখোন কাৰেণ্টেই নাথাকে, এতিয়াইনো লৈ নাহে কিয়? মই ক’লো।
—নাই, তেখেতে দিনত কোনো পধ্যে নোৱাৰে। ঘৰ সজা কামত ব্যস্ত হৈ আছে। দিনটো মিস্ত্রী আদিৰ লগত ব্যস্ত হৈ থাকে। তাতে একেবাৰেই অকলশৰীয়া মানুহ। এতেকে মিস্ত্রী আদিক বিদায় দি সন্ধ্যা আহিব। চোৱা-চিতাৰ কাম নাই, কিবা আন কথাৰ কাৰণেহে আহিব।
—হ’ব, মোৰ আপত্তি নাই। পাছে মানুহজননো কোন?
—মানুহজনৰ নাম বিভূতি চলিহা। তেখেত থাকে ডুবাইত। তাতে চাকৰি কৰে। এমাহমানৰ আগতে ডুবাইৰ পৰা আহিছে। এইবাৰ আহিয়েই দেখোন ইয়াতে মাটি এডোখৰ কিনি ঘৰ সজা কাম আৰম্ভ কৰি দিছে। ঠিক আছে, মই তেন্তে তেখেতক সন্ধ্যা আপোনাৰ ওচৰলৈ আহিবলৈ ক’ম। মই এতিয়া যাওঁ। এইবুলি কৈ মৃদুল গগৈ মোৰ ওচৰৰ পৰা আঁতৰ হ’ল।

সন্ধ্যা সময়ত বিভূতি চলিহা নামৰ মানুহজন আহিল। কংকালসাৰ মানুহজনক দেখি মই অলপ আচৰিতেই হ’লো। বয়সতকৈ বেছি বুঢ়া যেন দেখি। মানুহজনে মোক নমস্কাৰ জনাই হাঁহি এটা মাৰি ক’লে— মই ইয়ালৈ অহাৰ দিনাৰ পৰাই আপোনাৰ কথা শুনিছোঁ। আপুনি হেনো এজন ভাল জ্যোতিষী। মই যি গম পালো, ইয়াৰ মানুহৰ আপোনাৰ ওপৰত গভীৰ বিশ্বাস আৰু আস্থা আছে। এইবুলি মানুহজনে অনর্গল কৈ গ’ল— মোৰ জন্ম ইয়াতে। পাছে মই ইয়াত নাথাকোঁ, ডুবাইত থাকে। তাত মোৰ প্ৰায় চৈধ্য বছৰেই হ’ল। অসমলৈ, নিজৰ জন্মক্ষেত্ৰলৈ খুব কমেই অহা হয়। এইবাৰ আঢ়ৈ মাহৰ কাৰণে আহিছোঁ। ডুবাইত আৰু বেছি দিন থকা নহ’ব। খুব বেছি দুবছৰ। দুবছৰৰ পাছত আহি থাকিবলৈ ঘৰ এডোখৰতো লাগিব, সেয়ে মাটি অকণমান কিনি ঘৰ সজা কাম আৰম্ভ কৰি দিলো। মোৰ জীৱনটো বৰ বিচিত্ৰ বুজিছে? সৰুতে মা-দেউতাক হেৰুৱালো। ভাই-ভনী কোনো নাছিল। পৈত্রিক সম্পত্তি বুলিবলৈ এই টাউনতে ঘৰৰ ভেটিটোৰে সৈতে ডেৰ কঠা মাটি পাইছিলো। মই নাবালক হৈ থকা অৱস্থাতে অন্যান্য সা-সম্পত্তিবোৰ খুড়াহঁতে গ্রাস কৰিলে। অলপ বুজা হোৱাৰ পাছতে মোৰ ভাগৰ সেই পৈত্রিক সম্পত্তিখিনি বেচি মুম্বাই পালোগৈ। তাতে সুযোগ পালো ডুবাইলৈ যোৱাৰ। দালালৰ সহায়ত ডুবাইত উপস্থিত হৈ এক তেল কোম্পানীৰ চাকৰিত সোমালো। দৰমহা-পাতি ভালেই। ডুবাইতে এটি ভাৰতীয় পৰিয়ালৰ লগত মোৰ ঘনিষ্ঠতা হ’ল, আন্তৰিকতা গঢ়ি উঠিল। সেই পৰিয়ালৰে একমাত্র কন্যাগৰাকীৰ লগত মোৰ বিবাহ সম্পন্ন হ’ল। বিবাহৰ ছয় বছৰৰ পাছত মোৰ পত্নীৰ মৃত্যু ঘটিল দুৰাৰোগ্য লিউকোমিয়া ৰোগত। সেই পর্যন্ত আমাৰ কোনো সন্তান-সন্ততি হোৱা নাছিল। পত্নীৰ মৃত্যুৰ পাছত মই দ্বিতীয় বিবাহ নকৰালো। অকলশৰীয়া জীৱনকে কটাই আহিছোঁ ইমান দিনে। তাতে মই নিজেও বেমাৰী হ’লো। মোৰ চেহেৰা দেখিয়েই বুজিছে নিশ্চয়!— এইবুলি বিভূতি চলিহাই উচ্চস্বৰে হাঁহি ক’লে— পেটৰ বেমাৰ মোৰ। অনেক চিকিৎসা কৰিলো, অনেক ধন ভাঙিলো, কিন্তু তিলমানো সকাহ নাপালো। যাহক, মই এতিয়া আপোনাৰ ওচৰলৈ জ্যোতিষৰ জৰিয়তে ভাগ্য বিচাৰ কৰিবলৈ অহা নাই, আহিছোঁ বিশেষ এটা কামতহে।
—কওকচোন বাৰু। মই আগ্ৰহেৰে সুধিলো।
—আপুনিতো গ্ৰহৰত্ন চিনি পায়? কোনটো কি ৰত্ন, আপুনি নিশ্চয় জানে? বিভূতি চলিহাই সুধিলে।
—হয়। মই মূৰ দুপিয়ালো।
—এই ৰত্নটো কি ৰত্ন, আপুনি কওকচোন। এইবুলি বিভূতি চলিহাই জেপৰ পৰা ৰত্নটো উলিয়াই মোৰ হাতত দিলে।
মই ৰত্নটো ভালদৰে নিৰীক্ষণ কৰিলো৷ ইমান ধুনীয়া গোলাপী আভাযুক্ত ৰত্নটো যদি প্রকৃততে ৰত্ন হয়, তেন্তে ই মাণিক অর্থাৎ ৰুবীৰ বাহিৰে আন একো হ’ব নোৱাৰে।
—এইটো আপুনি পালে ক’ত? মই প্রশ্ন কৰিলে।
—সেয়াও এক ৰহস্য। এইবুলি বিভূতি চলিহাই পুনৰ ক’বলৈ আৰম্ভ কৰিলে— মই ডুবাইৰ পৰা আহি ঘৰ সাজিবৰ কাৰণে চাৰে তিনি কঠা মাটি কিনিছিলো। মাটিখিনি দীঘলীয়া আকৃতিৰ আছিল। সেয়ে আগফালে ঘৰটো সাজি মাজত এখন ধুনীয়াকৈ বাৰী পতাৰ কথা ভাবিলো। একেবাৰে শেষৰ ডোখৰত সৰুকৈ এটা পুখুৰী খন্দাৰ কথাও চিন্তা কৰিলো। পুখুৰী খন্দা মাটিখিনিৰে অনায়াসে আগফালডোখৰ পূৰাব পৰা যাব। কাৰণ আগফালডোখৰ অলপ দ আছিল। পুখুৰী খান্দোতে মাটিত এটা শিলৰ মূর্তি ওলাল। মূর্তিটো প্রায় আঢ়ৈ ফুট ওখ আৰু সেয়া নটৰাজ শিৱৰ মূর্তি আছিল। বনুৱাবোৰৰ অসাৱধানতাৰ ফলত কোৰৰ চাবত মূৰ্তিৰ মূৰটো বেয়াকৈ ভাগি গৈছিল। এই ৰত্নটো শিৱৰ কপালৰ চকুত লগোৱা আছিল। অর্থাৎ শিৱৰ তৃতীয় নয়ন। আজি বেছি দিনৰ কথা নহয় এইটো। মই এইবোৰ ৰত্ন চিনি নাপাওঁ। সেই সম্পর্কে কোনো জ্ঞানো নাই মোৰ। যাকে-তাকে দেখুৱাবলৈ ইচ্ছা কৰা নাই। হয়তো ই গছৰ টুকুৰাও হ’ব পাৰে। মূৰ্তিটো ভগা অৱস্থাতে মই স্থানীয় মিউজিয়ামত জমা দিলো। প্রত্নতত্ত্ববিদ এজনে ক’লে যে এয়া হেনো ত্রয়োদশ শতিকাৰ মূর্তি। মই কিন্তু সেই ৰত্নটোৰ কথা ঘূণাক্ষৰেও নজনালো। আপুনি বাৰু ধৰিব পাৰিছেনে বস্তুটো কি?
—মই ৰত্ন কিনা-বেচা কৰোঁ যদিও এনে ধৰণৰ ৰত্ন পূর্বে মই কেতিয়াও দেখা নাই। ই মূল্যবান ৰত্নও হ’ব পাৰে নাইবা আপুনি কোৱাৰ দৰে সাধাৰণ গছৰ মণিও হ’ব পাৰে। মোৰ এজন ভাল বন্ধু আছে। তেওঁ জিওলজিকেল ছার্ভে অৱ ইণ্ডিয়াত চাকৰি কৰে। আপুনি তেওঁক এবাৰ দেখুৱাব পাৰে।
—ও, তেখেত ক’ত থাকে?
—তেওঁ বর্তমান যোৰহাটত আছে। মই আপোনাক ঠিকনাটো দিব পাৰোঁ। আপুনি গৈ এই বস্তুটো দিব আৰু মোৰ কথা ক’ব। আৱশ্যক হলে মই চিঠি এখনো লিখি দিব পাৰোঁ।— মই বিভূতি চলিহাক উদ্দেশ্যি ক’লো৷
—এ সেইবোৰ কৰিবলৈ মোৰ সময় নাই। সেইবোৰ আপুনিয়েই কৰিব। যদি গছৰ টুকুৰা হয়, লগে লগে পেলাই দিব আৰু যদি মূল্যবান হয় তেন্তে মোক ঘূৰাই দিব। পাৰিলে বিক্ৰী কৰি মূল্যটো দিলেও মোৰ আপত্তি নাই। এই বুলি বিভূতি চলিহাই হাঁহিলে।

এই ৰঙা উজ্জ্বল স্বচ্ছ মণিটো বিভূতি চলিহাই এক প্ৰকাৰ জোৰ কৰিয়েই মোক দি গ’ল। মই বস্তুটো লৈ আহিলো, কিন্তু নানা ধৰণৰ ব্যস্ততাৰ মাজত সোমাই মই সেই বস্তু আৰু বিভূতি চলিহাৰ কথা পাহৰিয়ে পেলালো। সেই সময়তে মোৰ দেউতা দুৰাৰোগ্য কেন্সাৰ ৰোগত আক্রান্ত হ’ল। বস্তুটো মোৰ বেগৰ মাজতে পৰি থাকিল। মই দেউতাক লৈ ব্যস্ত হৈ পৰিবলগা হ’ল। ডাক্তৰৰ পৰামর্শ মতে দেউতাক মুম্বাইৰ টাটা মেমৰিয়েল কেন্সাৰ ইন্সটিটিউটলৈ লৈ যোৱাটোকে ঠিৰাং কৰিলো। এদিন হঠাৎ শিৱসাগৰৰ পৰা বিভূতি চলিহাৰ ফোন আহিল। তেখেতে সেই ৰত্নটোৰ বিষয়ে জানিব বিচাৰিলে। মই ভীষণ লাজ পালো। মোৰ অক্ষমতাৰ বাবে তেখেতৰ ওচৰত ক্ষমা বিচাৰিলো। মই তেখেতক সকলো কথা বুজাই ক’লো আৰু সেইদিনাই বস্তুটো বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ বিজিত কুমাৰ বসুৰ হাতত পৰীক্ষা-নিৰীক্ষাৰ বাবে দিয়াৰ কথা ক’লো। ডঃ বসু এগৰাকী সুখ্যাত ভূতত্ত্ববিদ। কেৱল ভূতত্ত্ববিদেই নহয়, এগৰাকী ৰত্ন বিশাৰদো। বিভূতি চলিহাই কথাবোৰ কিন্তু সহজভাৱেই ল’লে। তেখেতে মোক ক’লে— ইমান লৰালৰি কৰাৰ কোনো প্রয়োজন নাই। আপুনি সম্প্রতি আপোনাৰ পিতৃৰ কথা চিন্তা কৰক। মুম্বাইৰ পৰা ঘূৰি আহক। আপোনাৰ পিতৃও আৰোগ্য হৈ আহক, তাকে কামনা কৰিছোঁ। মই ডুবাইলৈ আৰু ঘূৰি নাযাওঁ। শৰীৰে নুকুলায়। তাত গৈ কিবা এটা হলে মোৰ এই দেহাটোৰ আলৈ-আঠানি হ’ব। চিতা জ্বলাবলৈকো কোনো নাই তাত। ইয়াতো মোৰ কোনো নাই, তথাপি সকলো আছে।

মই অৱশ্যে সেইদিনাই গৈ অধ্যাপক ডঃ বসুক লগ ধৰি বস্তুটো দিলো। ডঃ বসুৱে মোক তিনি দিনৰ পাছত আহি ৰিপৰ্টটো লৈ যাবলৈ ক’লে। তিনি দিনৰ পাছত সন্ধ্যা সময়ত ডঃ বসুৰ ঘৰলৈ গলো। ডঃ বসুৱে মোক দেখিয়েই হাঁহি এটা মাৰি কলে— এনে মূল্যবান ৰত্ন এটি আপুনি ক’ত পালে?
—বস্তুটো মোৰ এজন বন্ধুৰ। তেওঁ ক’ত পাইছিলনাজানো। মই উত্তৰ দিলো।
—ই এক দুষ্প্রাপ্য ৰত্ন। আপোনাৰ বন্ধুৱে ইয়াক ক’ত পাইছিল নাজানো। প্রকৃত মাণিক ৰত্ন এইটোৱেই। এই দুৰ্মূল্য ৰত্নৰ মূল্য নির্ধাৰণ কৰিব পাৰিব একমাত্র জহুৰীয়েহে। বজাৰত সচৰাচৰ পোৱা আটাইতকৈ মূল্যবান ৰুবীতকৈ ই হাজাৰ গুণে শক্তিশালী।
মই কথাবোৰ শুনি আচৰিত হ’লো। মই নিশ্চিত হ’লো, এই ৰত্ন তাহানিৰ ৰজা-মহাৰজাৰ সংগৃহীত অমূল্য সম্পদ। মই ৰত্নটো লৈ ঘৰলৈ আহিলো। দুদিনৰ পাছতে দেউতা ঢুকাল। মুম্বাইলৈ নিয়া নহ’ল। এইবোৰ বিপৰ্যয়ৰ কাৰণেই মই সেই মাহত শিৱসাগৰলৈ যাব নোৱাৰিলো।

দেউতাৰ শ্ৰাদ্ধ আদি শেষ কৰি পাছৰ মাহত মই শিৱসাগৰলৈ গলো। মনত এক বুজাব নোৱৰা আনন্দ আছিল, বিভূতি চলিহাক এটা ধুনীয়া খবৰ দিব পাৰিম। মানুহজন আনন্দত নিশ্চয় আত্মহাৰা হৈ পৰিব। কিন্তু মই বিভূতি চলিহাক সেই ধুনীয়া সংবাদটো দিব নোৱাৰিলো। সেই ৰুগীয়া মানুহজনে মই শিৱসাগৰলৈ যোৱাৰ কেইদিনমান পূর্বেই স্থানীয় নার্চিংহোম এখনত শেষ নিশ্বাস এৰিছিল। মই ভীষণ মর্মাহত হ’লো৷ নিজকে ভীষণ দোষী দোষী লাগিল। অনেক আশা কৰি মানুহজন ডুবাইৰ পৰা আহিছিল। ইয়াত ঘৰ সাজিব, জীৱনৰ শেষ দিন পর্যন্ত শান্তিৰে অতিবাহিত কৰিব…। কিন্তু একোৱেই নহ’ল। সেই ৰত্নটো লৈ মই বিপাঙত পৰিলো। কাক দিম ৰত্নটো? বিভূতি চলিহাৰ নিজৰ মানুহ বুলিবলৈ কোনোৱেই নাই। অৱশেষত ৰত্নটো মই নিজৰ হাততে ৰাখি থ’লো৷ পাপ হ’লেও উপায় নাছিল। কিবা পাপবোধ এতিয়াও মোৰ মনৰ মাজত আছে। মই যেন বিভূতি চলিহাৰ প্রতি গভীৰ অন্যায় কৰিছোঁ। সেয়ে মই ভাবিছোঁ, এইবাৰ দক্ষিণ ভাৰত ভ্ৰমণত গলে ৰত্নটো কোনার্কৰ সূর্য মন্দিৰত উৎসৰ্গা কৰি দিম। নাইবা ৰত্নটো বিক্ৰী কৰি সেই টকাখিনি বিভূতি চলিহাৰ নামত কোনোবা মন্দিৰত দান কৰিম।‘ এইবুলি ৰজনী শর্মা নিশ্চুপ হৈ বহি ৰ’ল।

অম্বৰে নিশান্তলৈ চালে।

‘এই ৰত্নৰ দ্বাৰা আপুনি অনেকৰ উপকাৰ সাধিব পাৰে, হয়তো সাধিছে। তেনে ক্ষেত্ৰত আপোনাৰ মনত কিয় পাপবোধ থাকিব লাগে? আপুনিতো ইচ্ছাকৃতভাৱে সেই ৰত্ন আপোনাৰ হাতত ৰখা নাই। বাৰু কওকচোন, কিমান টকা পালে আপুনি ৰত্নটো দিব?’ নিশান্তই সুধিলে।
‘এই মহামূল্যবান ৰত্নটিৰ উপযুক্ত মূল্য পাবলৈ আশা কৰাটো বৃথা। তথাপি যি পাওঁ সেয়ে বহুত। আজি কেইদিনমানৰ পূৰ্বে ৰত্নভাণ্ডাৰ নামৰ জুৱেলাৰীখনৰ মালিক হেমচান্দ আগৰৱালা এই ৰত্নটো চাবলৈ মোৰ ওচৰলৈ আহিছিল। তেওঁ কেনেবাকৈ গম পাইছিল এই ৰত্বটোৰ কথা। ৰত্নটো দেখিয়েই তেওঁ মোহিত হ’ল আৰু মোক ডেৰ লাখ টকা দি ৰত্নটো নিব বিচাৰিলে। মই নিদিলো। উচিত মূল্য নাই পোৱা বুলি নহয়, আচলতে মই ভাবিলো যে এই ৰত্ন অসমৰ সম্পদ, অসমৰ ৰজা-মহাৰজাৰ সম্পদ। এতেকে ই অসমতে থাকক।‘
‘ৰত্নটো মই ল’ব পাৰোঁ, কাৰণ মোক এটা মাণিকৰ প্রয়োজন। এই মাণিক ধাৰণ কৰিলে মোৰ অনেক কামেই হ’ব। আপুনি দুদিনমান অপেক্ষা কৰক। মোৰ টুৰিজিমৰ কামটো যদি হৈ যায়, তেন্তে মই নগদ ডেৰ লাখ টকা দি ইয়াক লৈ যাম। তাতকৈ বেছি কিন্তু দিব নোৱাৰোঁ।‘ নিশান্তই ক’লে।
‘মই আগতেই কৈছোঁ, মই যি পাওঁ সেয়াই মোৰ লাভ।‘ ৰজনী শৰ্মাই হাঁহি কলে।

দহ দিনৰ মূৰত নিশান্ত পুনৰ আহিল ৰজনী শৰ্মাৰ ওচৰলৈ আৰু নগদ ডেৰ লাখ টকা দি ৰত্নটো লৈ গুচি গ’ল।

ৰজনী শৰ্মাই টকাখিনি হাতত লৈ বহু সময় এক দৃষ্টিৰে চাই ৰ’ল। মুখত এক অবোধ্য হাঁহি ফুটি উঠিল। কি সুন্দৰ কাহিনী এটা উপস্থাপন কৰি সাধাৰণ কাঁচৰ মণি এটাকে ডেৰ লাখ টকাত বিক্ৰী কৰিলে। সেইডোখৰ কাঁচৰ মূল্য অতি বেছি চল্লিশ-পঞ্চাশ টকা হ’ব। কিন্তু ৰজনী শৰ্মাই এটা কথাৰ উত্তৰ বিচাৰি নাপালে, সেই সাধাৰণ কাচৰ মণিটোকে হাতৰ মুঠিত লৈ নিশান্ত-অম্বৰহঁতৰ দৰে অনেকেই অসাধাৰণ কামবোৰত কেনেকৈ সফল হ’ল। এই কাৰণেই কয় নেকি— ‘বিশ্বায়ে মিলয় হৰি, তর্কে বহুদূৰ’! কিমান বছৰ ধৰি এই ৰঙীন কাঁচৰ মণিটো আটোমটোকাৰিকৈ ৰাখি থৈছিল ৰজনী শৰ্মাই। কেনেকৈ, ক’ত, কেতিয়া সেই কাচৰ মণিটো পাইছিল ৰজনী শৰ্মাৰ মনত নাই।

টকাখিনি থৈ ৰজনী শৰ্মাই এইবাৰ তেওঁৰ ট্রাংকটো খুঁচৰিলে। কত যে অদ্ভুত বস্তু আছে সেই ট্রাংকটোত। ধুনীয়া ধুনীয়া ৰঙীন মণি, মেকুৰীৰ গোঁফ, ফেঁচাৰ হাঁড়, শিয়ালৰ নেজৰ সামান্য অংশ, বাঘৰ দাঁত, ভালুকৰ নোম, গঁড়ৰ খড়্গৰ সামান্য অংশ, হাতীৰ দাঁতৰ টুকুৰা এটা, গাহৰিৰ দাঁত আৰু যে কত কি!

| আৰু পঢ়ক: জয়ন্ত মাধৱ বৰাৰ ‘কিবা এটা হৈছে’

ৰজনী শৰ্মাই এইবাৰ হাতত গাহৰিৰ দাঁতটো লৈ ভালদৰে চালে। এইবাৰ ইয়াক লৈ কিবা এটা কাহিনী তৈয়াৰ কৰাৰ কথা ভাবিলে। বৰাহৰূপী ঈশ্বৰৰ দাঁত।

…বহু শতিকাৰ পূৰ্বৰ বৰাহৰূপী ঈশ্বৰৰ মূর্তি এটা পোৱা গৈছিল ক’ৰবাত। এই দাঁতটো তাতে পোৱা গৈছিল…।

ধুনীয়া কাহিনী হ’ব! ৰজনী শৰ্মাই পুনৰ হাঁহিলে।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of