চুমা পৰশত

‘উজনিৰ নাৰী সবলীকৰণ সভাত যোৰহাট নগৰৰ একাংশ মহিলাৰ কংগ্ৰেছ দলৰ নয়নৰ মণি যুৱৰাজ ৰাহুল গান্ধীৰ লগত হোৱা চুমা বিতর্কই এতিয়া এক নতুন মোৰ লৈছে। চুমা খাবলৈ বাধ্য কৰাৰ বাবেই বন্তি চুতীয়া নামৰ এগৰাকী পতিব্ৰতা নাৰীয়ে অনুশোচনাত দগ্ধ হৈ আত্মজাহ দিলে। নাৰী জাগৰণ সভাৰ আয়োজকসকলে বিষয়টো থুপ-থাপ কৰি স্বামী-স্ত্রীৰ মাজত হোৱা কন্দলৰ ফলত আত্মজাহ গ’ল বুলি দায়সৰা মন্তব্য দিলেও অসমৰ ৰাইজ পতিয়ন যোৱা নাই। আয়োজকসকলে দাবী কৰে যে ৰাহুল গান্ধীক আদৰণি জনাবলৈ সেইদিনা গোট খোৱা আঠশ মহিলাৰ মাজৰ পৰা ছশগৰাকী মহিলাক নাৰী সবলীকৰণ সভাৰ সভাকক্ষত সোমাবলৈ দিয়া হৈছিল। আনহাতে তথ্যবিজ্ঞ মহলে তেওঁলোকৰ দাবী সজোৰে নাকচ কৰে। কাৰণ সেইদিনা ‘নিউজ লাইভ’ চেনেলৰ সৰস্বতী সুন্দৰী বছা দুগৰাকী বিশেষজ্ঞই ইয়াৰ বাছনি কৰিছিল। এই বাছনিত বয়সিয়াল, লুধুমী, থুপুকী, কেটেঙী, জাধলী, বেজীমুঈসকলক বাদ দিছিল। কেৱল ধুনীয়া নাক-চকু-নিতম্ব আৰু খামুচীয়া কঁকালৰ অধিকাৰিণী আৰু অত্যাধুনিক সাজপাৰ পিন্ধা লিচপিচিয়া, হাঁহিমুৱা, কুমলীয়া বোৱাৰীসকলকহে আগস্থান দিছিল। সদ্য বিবাহিতা বন্তি চুতীয়া দুবছৰৰ আগৰ স্থানীয় মহাবিদ্যালয়ৰ সৰস্বতী সুন্দৰী। সেয়ে বন্তি চুতীয়া নাৰী সবলীকৰণ সভাত নাই বুলি কোৱাটো আয়োজকসকলৰ সত্যৰ অপলাপ। উজনিৰ মহিলাই অসমৰ যাউতিযুগীয়া সংস্কৃতিক অপমান কৰাই নহয়, ভৰিৰে মোহাৰি পেলালে। এদিন ইয়াৰ হিচাপ-নিকাচ অসমৰ ৰাইজক উজনিৰ মহিলাই দিব লাগিব।’

চাৰিওফালৰ পৰা অহা হাত-চাপৰি, ডেকা-গাভৰুৰ কিৰিলি, ঢেক্‌ঢেকনি, খিল্‌খিলনিৰে সভাস্থলী উত্তাল হৈ পৰিল। নির্দিষ্ট বক্তাগৰাকীয়ে এই ছেগতে বন্দুকত নতুনকৈ গুলী ভৰাই ল’লে।

হাটবৰৰ স্থানীয় যুৱক-যুৱতীসকলে হঠাতে ‘অসম সংস্কৃতি সুৰক্ষা’ নামৰ অনুষ্ঠান এটা জন্ম দি এখন ৰাজহুৱা সভা আহ্বান কৰা কথা মই গম পাওঁ, আমন্ত্রণী চিঠি এখনো পাইছোঁ। স্থানীয় শিল্পী পেঞ্চনাৰ, জ্যেষ্ঠ নাগৰিক ভাবি শইকীয়া সভাপতি। নির্দিষ্ট বক্তা কোনোবা এখন কলেজৰ সমাজ বিজ্ঞানৰ অধ্যাপক। মই আমাৰ কদমতলীত অহা বছৰলৈ হ’ব লগা অসম সাহিত্য সভাৰ বিভিন্ন কামত ব্যস্ত। সংস্কৃতি সুৰক্ষা সভালৈ মন-কাণ দিয়া নাছিলো। সভাৰ দিনা স্থানীয় ডেকা-গাভৰু এজাক আহি মোক বাঘে ধৰাদি ধৰিলে। আচল সভাপতি হঠাৎ অসুস্থ। সেয়ে মই সভাখন চলাই নিব লাগে। মোৰ এতিয়া হাহাকাৰ। এইজাক ডেকা ল’ৰাৰ লগত মিলি নাথাকিলেও বিপদ, ক’ত কি কৰে ঠিক নাই! দিন-কাল বেয়া। মই থেন-এথেন কৰা দেখি ‘আহক বৰদেউতা, সভাৰ সময় হ’লেই’ বুলি টান মাৰি নিলেই। আনকি গামোচাখন ল’বলৈয়ো সময় নাপালো। লৰি অহাদি মানুহজনীয়েহে নঙলামুখলৈ আহি ডিঙিত পেলাই দিলেহি।

মই ভাবিছিলো, কলা-সংস্কৃতি তথা সাহিত্যৰ মিটিঙলৈ ক’ত মানুহ আহিব! এনেকুৱা সভালৈ মানুহক টানি-আঁজুৰি আনিব লাগে। মানুহৰ সময় নাই। আচৰিত, কংগ্ৰেছৰ সূতা-কম্বলৰ সভা তেহেলে যাওক,— গোটেই নামঘৰৰ পথাৰখনত মানুহ নহয় যেন গুৰি পৰুৱা। ডেকা, বুঢ়া, ল’ৰা-ছোৱালী ভৰি আছে। নির্দিষ্ট বক্তাজনে চুমা সংস্কৃতিক বোকাত গৰৈ মাছ টেপা মাৰি ধৰাৰ দৰে ধৰি লৈ অগৰাই-বগৰাই খুন্দি একেবাৰে তহিলং কৰি দিলে। ইয়াৰ লগতে চৰকাৰ, বিভিন্ন দল তথা ব্যক্তিক চোঁচোৰাই আনি ৰাইজৰ সন্মুখত তুলাধুনা দিলে। সভাত কেৱল জাউৰিয়ে জাউৰিয়ে চাপৰি।

‘অসমীয়া মহিলাই চুমাহেনালাগে, পৰপুৰুষৰ ছাঁটোকে গচকিব নিবিচাৰে। আনকি নিজৰ ঘৰখনৰ বৰজনাৰ ওচৰতো ওৰণিৰ আঁৰ লৈহে কথা কয়। এইটো অসমৰ সংস্কৃতি। এতিয়া যোৰহাটৰ একাংশ মহিলাই দিশপুৰৰ নিৰ্দেশত যুৱনেতা আবিয়ৈ ৰাহুলক চুমা খাই কাললৈ খ্যাতি আনিছে। অসমৰ নাৰী সমাজক হেয় কৰিলে। ‘লাইভ টেলিকাষ্ট’ত নিশ্চয় দেখা পাইছে, কেনেকৈ গাভৰু বোৱাৰীবোৰে ৰাহুল গান্ধীক উপর্যুপৰি চুমা খাইছিল। বহু বোৱাৰী লাজত ৰঙা পৰিছিল। মুঠতে সেইদিনা নাৰী সবলীকৰণ সভা ক্ষুদ্ৰ ৰাসলৈ পৰিৱৰ্তিত হৈছিল। আচৰিত, যোৰহাট নগৰৰ ৰজাঘৰীয়া মহিলাসকলে আজিলৈকে এই সংক্ৰান্তত ত-ৰাম-গঙা মাত নিদিয়াত আমি ভাবোঁ যোৰহাটৰ সকলো মহিলাৰ এই চুমা কার্যত সন্মতি আছে। এতিয়া যদি মধ্য অসমৰ কিম্বা নামনি অসমৰ কোনোবা ডেকা ল’ৰাই আমাকো ৰাহুল গান্ধীৰ দৰে চুমা দিয়ক বুলি দাবী কৰে, তেনেহ’লে আমাৰ ক’বলৈ একো ৰাস্তা নাই।’— কথাষাৰ কৈ নির্দিষ্ট বক্তাই চাৰিওফালে এবাৰ দৃষ্টি দিলে আৰু ৰাইজে হর্ষধ্বনি দিলে। ময়ো সভাপতিৰ মেজাজেৰে ওচৰতে থকা জ্যেষ্ঠ সকললৈ চালো। কৌৰৱৰ ৰাজসভাত ভীষ্ম-দ্ৰোণ বহাদি নীৰৱ হৈ বহি আছে।

‘ভাৰতৰ ভিতৰত একমাত্ৰ অসমৰ মহিলাৰে সকলো দিশতে নির্যাতন। বছৰি গড়ে আশীজনী বোৱাৰীক যৌতুকৰ কাৰণে কেৰাচিন ঢালি পোৰে। এশজনী গাভৰুক দৰিদ্ৰতাৰ সুযোগ লৈ অন্য ৰাজ্যত নি বিক্ৰী কৰে। মাহটোৰ ভিতৰত বিশগৰাকী নাৰী ধর্ষিতা হয়। খোদ দিল্লীত শতকৰা আশীগৰাকী উত্তৰ-পূবৰ মহিলা নির্যাতিতা হয়। আমাৰ ৰাজধানী গুৱাহাটীৰ মহিলাৰ কথা ভাবিলে চকুপানী ওলায়। দিনত ওলালে ডিঙিৰ চেইন টানে। ৰাতি চোৰ-ডকাইত আৰু বাঘ। ভাৰতৰ শাসক দলৰ বিয়াগোম নেতাজনক আৱশ্যক হ’লে ‘গ’ বেক গ’ বেক’ ধ্বনি দিব লাগিছিল। তাকে নকৰি ‘তুমি তৰু আমি লতা’ মানসিকতা দেখুৱালে। আমি মান্যজনক চেলেং-গামোচাৰে আৰু গুৰুজনক সেৱা কৰি ঘোষা গাওঁ। এইটোহে আমাৰ সংস্কৃতি। বিদেশত মানুহে চুমাৰে সন্মান জনায়। বিদেশত চুমা খোৱাটো ভাত-মাছ খোৱাৰ দৰে কথা। উদাহৰণ স্বৰূপে, এগৰাকী আমেৰিকান গাভৰুৱে বিয়াৰ আগতে কমেও আশীজন ব্যক্তিক চুমা দিয়ে। আমাৰ সেইটো কেনেকৈ হ’ব? অৱশ্যে নিয়ন্ত্রিত ব্যৱস্থাৰে আমাৰো চুমাৰ প্ৰাসংগিকতা আছে। আৰু সেইটো চলি আছে। সেইবুলি যোৰহাটৰ মহিলা সবলীকৰণৰ দৰে মুকলি নহয়। গুপুত৷’

আকৌ চাৰিওফালে গিৰগিৰণি, ঢেক্‌ঢেকনি। সন্মুখৰ বোৱাৰীহঁতে চাদৰেৰে মুখত সোপা দিছে। এই সুযোগতে ‘চমুৱাই আনক’, ‘মোখনি মাৰক’, ‘হৈছে’ বুলি মিহিকৈ কওঁতেই নির্দিষ্ট বক্তা একেবাৰে দাং খাই উঠিল।

‘সভাপতি মহোদয়, মোক এই অঞ্চলৰ ডেকা-গাভৰুৱে বিষয়বস্তু এটা দি মাতি আনিছে। আশা কৰোঁ, মোক ক’বলৈ দিব।’
‘আপুনি কৈ যাওক, আমাক কৈ যাওক’ বুলি চাৰিওফালৰ পৰা চিঞৰ।

যাঃ, এইবোৰ। শুনিবলৈ ভাল পাইছ, শুনি থাক। মোৰ কি আহে যায় ? মোৰ কিবা খং উঠি সন্মুখত থোৱা পানী গিলাচৰ পানীখিনি কোৎকৈ গিলি দিলো।

‘বঞ্চনাৰ প্ৰতিবাদৰ শেষ পৰিণতি হ’ল আত্মজাহ। স্বামী শিৱক কৰা অপমানৰ কাৰণে বাপেক দক্ষৰ সন্মুখতে তাহানি সতীয়ে আত্মজাহ দিছিল। সেইটো পুণ্যভূমি ভাৰতত প্ৰথম আত্মজাহৰ ঘটনা। মহাভাৰতৰ দিনত স্বামীয়েই অগতিৰ গতি বুলি মাদ্ৰীয়ে স্বামীৰ চিতাত আত্মজাহ দিছিল। ৰামায়ণৰ দিনত মূৰ্খ, কাপুৰুষ ৰামৰ বাবে সীতা আয়ে আত্মজাহ দিছিল। এতিয়া এই চৰকাৰৰ দিনত গাই গাই আত্মজাহ দিছে। আজি কেইমাহমানৰ আগতে ‘এজন বিধায়কৰ বাবে মৰিছোঁ’ বুলি লিখি এজন কৰ্মচাৰীয়ে আত্মজাহ দিছিল। সিদিনা ভূমিপট্টাৰ বাবে বাৰে বাৰে বঞ্চিত হোৱাত চৰকাৰক দোষ দি প্ৰৱীণ বড়োৱে আৰু ৰাহুল গান্ধীক চুমা খাবলৈ বাধ্য কৰাত প্ৰতিবাদ কৰি বন্তি চুতীয়াই আত্মজাহ দিলে। আচৰিত, আত্মজাহৰ ঘটনাত একমাত্র দক্ষৰ বাহিৰে পৃথিৱীত আজিলৈকে কোনেও শাস্তি নাপালে। সৌৱা ৰামক ভগৱান আখ্যা দিলো। বাকীসকলক গামোচা, ফুলৰ মালা। প্ৰৱীণ বড়ো, বন্তি চুতীয়াৰ বাবে খোদ মুখ্য মন্ত্রী জেলত সোমাব লাগে, গণতান্ত্রিক দেশৰ এইটো নিয়ম। অথচ ৰাজ্যখনৰ অন্য মন্ত্রী-বিধায়কৰ লগত কনভয় লৈ ভোট বিচাৰি ফুৰিছে। এইটো গণতন্ত্ৰৰ বাবে লাজৰ কথা। মন্ত্রী ৰাইজৰ, কোনো দলৰ নহয়।
ৰাইজ, মই কোনো দলৰ মুখপাত্র নহওঁ। এজন সাধাৰণ ভোটাৰহে। চুমা বিতর্কত কোনোবা দল-সংগঠন সোমালে মোক ক্ষমা কৰিব। বেচেৰা প্ৰৱীণ বড়োৱে আত্মজাহ দিলে, দোষ দিলে কৃষক নেতা, অসমৰ একমাত্ৰ ৰাইজৰ হৈ মাত মতা অখিল গগৈক। জেলত ভৰাই ৰাখিছে। সকলোৱে বুজিছে, গগৈ চৰকাৰে নিৰ্বাচনী বৈতৰণী সুকলমে পাৰ হ’বলৈ অখিল গগৈক বান্ধি ৰাখিছে। কথাটো বুজি পাই মাকৰ পেটত থকা শিশু এটাইয়ো খিলখিলাই হাঁহিছে। ‘কেৰ্কেটুৱাই তামোল খায়, নেউলক বান্ধি কিলায়’ লেখীয়া কাম কৰিছে। এটা অখিলক বান্ধি লাভ নাই। এতিয়া অসমত হেজাৰটা অখিলৰ জন্ম হ’ল। অখিল সোমাই থকা মানে কংগ্ৰেছ দলৰ ভোট খহি গৈ থকা।’ কেউফালে হাততালি, কিৰিলি।

‘আমাৰ উঠি অহা প্ৰজন্মই চুমা বিজ্ঞানৰ বিষয়ে জনা আৱশ্যক। খ্রীষ্ট জন্মৰ ১৫০০ বছৰৰ আগতে ভাৰতত চুমাৰ জন্ম হৈছিল। ৰজা দুষ্যন্ত আৰু শকুন্তলাৰ মাজত প্ৰথম মুখে মুখে খোৱা চুমাৰ বিনিময় হৈছিল। জীৱ-জন্তু, চৰাই-চিৰিকটি আনকি পোক-পৰুৱাৰ মাজতো চুমাৰ ব্যৱহাৰ হয়। খেলুৱৈজনে ফুটবলটোক অথবা বেটখনক, যুঁজাৰুজনে তৰোৱাল বা আগ্নেয়াস্ত্ৰক, শিশুটোৱে পুতলাটোক চুমা খায়। পৃথিৱীত ঊনবিংশ শতিকাৰ পৰাহে নিয়মিতভাৱে চুমা বিজ্ঞানৰ অধ্যয়ন হৈছে। এই বিভাগটোৰ নাম ‘ফিলেমেট’লজী’ (philematology)। ভৱিষ্যতে অসমত যোৰহাট কাণ্ড নহ’বৰ কাৰণেই মই এইখিনি কথা ক’লো। চুমা এটা ডাঙৰ বিজ্ঞান। এটা চুমা খালে মানুহৰ ২৯ বিধ মাংসপেশীয়ে কাম কৰে। সেয়ে চুমা মুখৰ এটা ডাঙৰ ব্যায়াম। এটা চুমা খালে শৰীৰৰ তিনিৰ পৰা পাঁচ কেলৰী তাপ ওলাই যায়। ২০১৩ চনৰ ‘ভেলেণ্টাইন ডে’ত থাইলেণ্ডৰ চুমা প্রতিযোগিতাত বেংকক চহৰৰ এহাল ডেকা-গাভৰুৱে মুখে মুখে খোৱা চুমাটোৰ সময় আছিল ৫৮ ঘণ্টা ৩৫ মিনিট আৰু ৫৮ ছেকেণ্ড। এইটোৱেই দীর্ঘ সময় চুমা খোৱাৰ বিশ্ব ৰেকৰ্ড।’

সভাত থকা হেজাৰ হেজাৰ মানুহ কাঁহ পৰি যেন জীণ গ’ল। সকলো শিল পৰা কপৌৰ দৰে থৰ হ’ল। মই হেন মানুহটো অবাক। এনেকৈ অবাক হৈ থাকোঁতেই নির্দিষ্ট বক্তাই আকৌ বোমা ফুটালে।

‘অসমীয়া চুমা বহলকৈ দুই প্ৰকাৰৰ। এবিধ মুকলি চুমা আৰু আনবিধ গুপুত চুমা। মুকলি চুমা আৰু গুপুত চুমাৰ সৰু সৰু ভাগ আছে।

থেপেকা চুপা বা লাপুং চুমা— তামোলেৰে সেলেঙি লগাই ককা বা আইতাই বাটে-ঘাটে পোৱা জীয়ৰী-বোৱাৰী বা ডেকা ল’ৰাক সাবটি ধৰি তামোলৰ দাগ লগাই কপালে-মূৰে খোৱা চুমা। যোৰহাটত ৰাহুল গান্ধীক আইতাহঁতে চুমা খোৱা হ’লে একো দোষ দিবলৈ নাই। শৃংগাৰ ৰসেৰে টুপটুপীয়া হৈ থকা কুমলীয়া বোৱাৰীৰ চুমাৰ বাবেহে গোটেইখন ৰৌজাল-বৌজাল হ’ল। কথাটো চিন্তা কৰক। লাজ লাগে।

আয়ৈ দেহি চুমা— মই তোমাৰ গুকণ খাম, তোমাৰ মূতকণ খাম বুলি মাক-বাপেক; মাকৰ ফালৰ, বাপেকৰ ফালৰ মানুহে কেঁচুৱাক খোৱা তপৰ তপৰ চুমা।

হাকোটা চুমা— সৰু ল’ৰা-ছোৱালীক আঙুলি থুপ খুৱাই গালে-মুখে চুই নিজৰ মুখত শব্দ কৰি খোৱা চুমা।

উৰণীয়া চুমা— নিজৰ মুখত হাকোটা চুমাৰ দৰে আঙুলি লগাই কাৰোবাৰ বাবে এৰা চুমা।

এইখিনি হ’ল মুকলি চুমা। গোপন চুমাৰো ভাগ আছে। সেইবোৰ হ’ল—

ৰোমাণ্টিক চুমা— গালত বা মুখত বিবাহিত স্ত্ৰী-পুৰুষ বা আচল প্রেমিক-প্ৰেমিকাৰ বাবে সংৰক্ষিত।

ম’বাইল চুমা বা গাভৰু চুমা— ইয়াৰ বিষয়ে কোৱাৰ প্ৰয়োজন নাই। অস্থায়ীভাৱে কিছুমান ল’ৰা-ছোৱালীয়ে বন্ধুৰ লগত বিয়াৰ আগলৈকে ম’বাইল ফোনত চুমা বিনিময় কৰে। বাটে-ঘাটে কান বেঁকা কৰি যোৱা গাভৰুসকলৰ এইটো স্বভাৱ।

পত্র চুমা— এইবিধ আচল ৰোমাণ্টিক চুমা। প্রেমপত্ৰৰ মাধ্যমেৰে আহিছিল। এই চুমাবিধ অচল হোৱাত আমাৰ সাহিত্যৰ এটা অংগ শেষ হৈ গ’ল। তাৰ উপৰি আজিকালি গাঁৱত বুঢ়া নায়েই। লাপুংবোৰৰ কিনা দাঁত, চুলিত কলপ। ডেকা হৈ থাকে। লাপুং চুমাত সেয়েহে মানুহে সন্দেহ কৰা হ’ল।’

চাৰিওফালে হাঁহিৰ খলকনি। সন্মুখৰ ডেকা হৈ থকা বুঢ়াখিনিৰ অৱস্থা নাই। তললৈ মূৰ কৰিছে। মোৰ দাঢ়ি-চুলি পকা গুণে সাহসেৰে পৰিস্থিতি উপভোগ কৰিছোঁ।

নির্দিষ্ট বক্তাজন ৰৈ যোৱা দেখি হঠাৎ পৱিত্ৰ থিয় হৈ মাত দিলে— ‘সভাপতি মহোদয়, আমি অসমীয়া চুমা কি গম পালো। এতিয়া যোৰহাটত কোনবিধ চলিছিল, আমাৰ নিৰ্দিষ্ট বক্তা মহোদয়ে জনাওক।’ পৱিত্ৰ মোৰ বন্ধুৰ ল’ৰা। সভা-সমিতিবোৰত সি সদায় কিবা এটা খুঁত উলিয়ায়। কাৰোবাৰ দোষ খুচৰিবলৈ নাপালে ৰাতি তাৰ টোপনি নাহে।

‘হেঃ হেঃ হেঃ। কথাটো গহীন। এতিয়া ক’লেও আয়ে কিল খায়, নক’লেও বোপায়ে চুৱাতে খায়।’ মোৰ নিৰ্দেশ পাই নির্দিষ্ট বক্তাই বোমা এৰিলে।

‘চাওক। এই কথা ক’বলৈ কিছু পাছলৈ যাব লাগিব। কংগ্ৰেছ দলটোৱে যিমানেই বিকশিত অসমৰ ঢোল বজাই নুফুৰক, দলটোৱে নিজাকৈ একো কাম কৰা নাই, কেৱল অগপ চৰকাৰক সমালোচনা কৰিছে। অথচ ছাত্র আন্দোলনৰ বুকুত জন্মলাভ কৰা অগপ দলটোৱে অসমীয়া ৰাইজক কৰ্মপ্ৰেৰণা দিলে। সাহস দিলে। কাঠ, কয়লা, তেলৰ কিবা ব্যৱসায় থকাৰ কথাটো অসমীয়া ল’ৰাই অগপৰ দিনতহে জানিলে। অসমৰ মুকলি মাটিবোৰত ক্ষুদ্ৰ চাহ বাগিচা পাতি সেইবোৰ বাংলাদেশীৰ কলনী হোৱাৰ পৰা ৰক্ষা কৰিলে। আজি কংগ্ৰেছ চৰকাৰে টকাৰ যি তুহুনি-মুহুনি কৰি দেখুৱাইছে, সেই টকাৰ বাট অগপ চৰকাৰে খুলিছিল। ৰিক্সা, অট’ৰিক্সা চলোৱা, সৰু-ডাঙৰ ব্যৱসায় কৰি জাতিটোক স্বাৱলম্বী হোৱাৰ বাট অগপই দেখুৱালে। এতিয়া ৰাস্তা-ঘাট, যোগাযোগ, স্কুল, হস্পিতাল যিবোৰ দেখুৱাই কংগ্ৰেছ দলে ৰাইজক ‘আমি কৰিছোঁ’ বুলি আভুৱা ভাঁৰিছে, সেয়া কেন্দ্ৰৰ অনুমোদনহে। আনহাতে খাবলৈ চাউল, থাকিবলৈ ঘৰ, হাগিবলৈ পায়খানা দি অসমীয়া মানুহক এলেহুৱা, কর্মবিমুখ জাতিলৈ ৰূপান্তৰ কৰিলে। স্কুলত গেলা-পচা ভাত খুৱাই উঠি অহা প্ৰজন্মক কোঙা কৰি দুটকীয়া চাউলত সুমুৱাই থ’লে। কাৰণ ভোটৰ বাবে কংগ্ৰেছক দুখীয়া মানুহ লাগে।

আমাৰ মুখ্য মন্ত্ৰীজন এসময়ত বৰ ভাল মানুহ আছিল। ৰঙিয়াল। আনক খোচ মাৰি কথা কোৱা তেওঁৰ বাহিৰে কোনো নাছিল। বুঢ়া হৈছে, অথচ কোনোবাই বুঢ়া বুলি ক’লে একেবাৰে টিঙিৰিতুলা যেন হয়। এতিয়া অলপ দিনৰ পৰা আবোল-তাবোলখন বকে৷ ৰাতিপুৱা ক’ব— ‘হু ইজ বদৰুদ্দিন’, আবেলি ক’ব— ‘মাই ডিয়েৰ বদৰুদ্দিন’। অসমত বানপানী হ’লে আমেৰিকাৰ বানপানী, অসমত চোৰাং চিকাৰীয়ে গঁড় মাৰিলে আফ্রিকাতো গড় মাৰে বুলি টুলুঙা কথাবোৰ কয়। মহিলাৰ সভা-সমিতিবোৰ বৰ প্রিয়। সভাবিলাকত ধুনীয়া গাভৰু ছোৱালীক ওচৰলৈ মাতি আনি কৈ দিয়ে— এয়া আমাৰ মেনকা, এইবোৰ আমাৰ উৰ্বশী। আমাক হেমা মালিনী নালাগে, আমাৰ গাঁৱৰ কলীমাই, সত্যমাইহঁতেই হেমা মালিনী। পিছে কি হ’ল? একমাত্র পুতেকলৈ মেনকা-উৰ্বশী, হেমা মালিনী বিচাৰি নাপালে। বিলাতী হেমা মালিনীক বোৱাৰী কৰি আনিলে। এইবাৰ মহিলাসকলে নিৰ্বাচনত সুখেৰে এৰিব? দাঁত কৰচি আছে। চাই ল’ব।

আজি তিনি বছৰ ধৰি অসমত দলটোৰ বিসম্বাদৰ কাৰণে একো কাম হোৱা নাই। কেৱল হাইকমাণ্ডৰ ওচৰলৈ বিসম্বাদী-অবিসম্বাদীৰ অহা-যোৱা কৰি ৰাইজৰ গাঁঠিৰ ধন ভাঙিছে। এফালে ডাঙৰ সপোন দেখা হিমন্ত বিশ্বৰ দল আৰু আনফালে অখিল গগৈ— এই দুয়ো লগ লাগি মানুহটোৰ মূৰটো খালে। মানুহজনে আগতে গণেশ গগৈৰ কবিতা গাইছিল— পদুম ফুলৰ পাপৰি নহয়…। এতিয়া মোদী গুৱাহাটীলৈ অহাৰ পাছত মুখ্য মন্ত্ৰীজন হেৰিয়াৰ দৰে হ’ল। চকুৰে চাৰিওফালে পদুম ফুল দেখা হ’ল। খঙত কবিতা পুথি দলিয়াই কেৱল পাপনৰ গানত ব্যস্ত। তবে বোৱাৰীজনী সঁচাকৈয়ে লক্ষী বোৱাৰী। হেমা মালিনীয়েই। মাজতে মুখ লাগোঁতে আজমলৰ জৰাপানী আনি খুৱাইহে ৰক্ষা। বিলাতী বোৱাৰী হ’লে কি হ’ব, এই কেইদিনতে অসমীয়া সংস্কৃতিৰ লগত মিলি গ’ল। চাদৰ-মেখেলা পিন্ধে। থান-থুনত সেৱা কৰি ভোটত জিকিবলৈ ভগৱানক আশীৰ্বাদ বিচাৰে। থুনুক-থানাক ভগা ভগা অসমীয়া ভাষা কয়। জানিলেই। ভোটো বিচাৰিছে। বোৱাৰীৰ কাৰণেই গৌৰৱ জিকিব। খাল-বিলত মতা মাছ-মহিলা মাছ বিচাৰিব নালাগে।

আমাৰ সোপাৰ মেখেলা-চাদৰ পিন্ধিবলৈ লাজ। ইংৰাজী শব্দ নাথাকিলে অসমীয়া বাক্য এষাৰ ক’ব নোৱাৰে। টিভি চেনেলৰ সোপা অসমৰ বুলি ধৰিবই নোৱাৰি। ইংৰাজৰ সাজপাৰ।

আমাৰ ভাগ্য ভাল, মুখ্য মন্ত্রী মহোদয়ে নতুনকৈ এটা চুমা আৱিষ্কাৰ কৰিছে। পুৱা-গধূলি বোৱাৰীয়েকে সন্মান জনাবলৈ চুমা খোৱা বাবে এই মহৎ চিন্তা মনলৈ আহিল। এইটো হাইব্রিড চুমা। চুমাৰ নামটো কৃষিমন্ত্ৰীয়ে দিছে। ধর্মীয় অনুষ্ঠানৰ বাহিৰে অন্য ক্ষেত্ৰত গামোচাৰ ব্যৱহাৰ নহ’ব। গাড়ীয়ে গাড়ীয়ে দিয়া সূতাবোৰৰে অসমৰ শিপিনীয়ে গামোচা নবয়। বিক্ৰী কৰি দিছে। প্রতি বছৰে তিনি-চাৰি কোটি টকাৰে চেন্নাইৰ পৰা গামোচা আনিব লাগে। সেয়ে সভা-সমিতি, উৎসৱ আদিত গামোচা-চেলেঙৰ সলনি চুমা ব্যৱহাৰ হ’ব। অহা বিধান সভাৰ অধিৱেশনত চুমা খোৱা আইনত পৰিণত হ’ব। এইবিষয়ে সাংবাদিকে প্রশ্ন কৰাত মুখ্য মন্ত্ৰীয়ে খং কৰি মাত দিলে— বাদ দিয়াহে অসমীয়া সংস্কৃতি। গুলী মাৰা। যোৰহাটত সেয়া আখৰা কৰিছোঁ। চুমা খোৱা মহিলাখিনি আনি গোটেই অসমত প্রশিক্ষণ দিয়াম। ইয়াৰ আগতে মই বানপানীৰ বাবে কলগছৰ ভূৰৰ কথা কৈছিলো। বনমন্ত্ৰীৰ বাবে আঁচনিটো সফল নহ’ল। কাজিৰঙাৰ গঁড়কেইটা শেষ কৰাৰ লগতে পৰ্বত-পাহাৰৰ হাবি-বনবোৰ শেষ কৰিলে। এতিয়া ৰাজনীতি পথাৰৰ হাতীবোৰে দিগদাৰ নকৰিলেও গাঁও পাইছে। সংঘাত। কেতিয়াবা হাতী মৰিছে, কেতিয়াবা মানুহ। সেয়ে এইটো আঁচনি বাদ দিছোঁ।
—আপোনাৰ হাইব্রিড চুমা মানুহে কেনেভাৱে ল’ব?
—মানুহে আদৰি ল’ব। অসমত পাঁচ হাজাৰখন বিহুতলী। প্ৰতিখনতে পাঁচজনীকৈ ধুনীয়া গাভৰু ছোৱালীয়ে আৱশ্যক মতে চুমা দিব। গামোচাখন এদিন ফাটি যাব, কিন্তু চুমাৰ স্মৃতি চিৰদিনলৈ ৰৈ যাব। ৰোমাণ্টিক ৰোমাণ্টিক লাগিব। হয় নে নহয় বাউ? হেঃ হেঃ হেঃ।’

মুঠতে সভাখন মুকলি আকাশৰ তলত নোহোৱা হ’লে হাঁহিৰ কোবত ৰভাৰ টিন উৰি গ’লহেঁতেন।

মই কিবা এটা চিন্তা কৰি আছিলো। সকলোৱে চাপৰি বজোৱা দেখি খজপকৈ চাপৰি মাৰোঁতেই সাৰ পাই ‘ৰাম ৰাম’ বুলি বিছনাত বহি গ’লো। ৰাতিপুৱা সময় বহুত হ’ল। সাহিত্য সভাৰ ধন তুলি ৰাতি অহা দেৰি হ’ল। আগৰাতি টোপনি নাহিল। পাছনিশা এয়া সপোন। মানুহজনীয়ে গা ধুই আহি আইনাৰ ওচৰত বহি ফোঁটটো লওঁতেই মোৰ অৱস্থা দেখি ‘কি হ’ল, হয়নে কি হ’ল’ বুলি ওচৰলৈ আহি হুৱাদুৱাখন লগালে।

‘হেৰা, সাংঘাতিক সপোন এটা দেখি সাৰ পালো।’
‘পুৱতি নিশাৰ সপোন ফলিয়ায়। কি সপোন দেখিলে, কওকচোন কওক।’
‘কৈছোঁ নহয়, কিবা আচৰিত সপোন। ক’বলৈ অসুবিধা।’
‘মোৰে শপত, কওক।’
‘প্ৰতিটো কথাতে শপতটো তোমালোকৰ জাতিগত দোষ। শুনা, পুৱাৰাতি মই চুমা খোৱা সপোন দেখিছোঁ।’
‘ছিঃ কটা। লাজো নালাগে। বুঢ়া বয়সত পৰকিতি লৰিছে। আহক, মুখ ধুই চাহ খাওক।’

কথাষাৰ কৈ নৰ’লেই, ফো-ফোঁৱাই পাকঘৰ।

ৰচনা কাল: ২০১৪

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of