বিনীতা বৰগোহাঁইৰ কবিতা
প্ৰকাশ: ১৫ জুলাই, ২০১২ | অন্তিম সম্পাদনা: ১৮ এপ্ৰিল, ২০২১
সৰু সৰু কথাবোৰ
সৰু সৰু কথাবোৰ জুই হয়
যেতিয়া ই ডাঙৰ হয়
সৰু সৰু কথাবোৰ গধুৰ হয়
যেতিয়া ই বিষাদ হয়
সৰু সৰু কথাবোৰ বৰষুণ হয়
যেতিয়া ই ডাঙৰ হ’ব নোৱাৰাৰ দুখত
সৰি পৰে দুচকুৰে…
«
আপোন
হৃদয়ে কান্দিলেও
হৃদয়ে নাপায় বুজি হৃদয়ৰ গভীৰতা
মৰমৰ ভাষাৰে মৰম কৰিবলৈ শিকোৱা
মৰমৰ গৰাকীয়েও জানে
কৰিবলৈ মৰমৰ চলনা।
আপোন বুলি আপোন কৰা
আপোনজনেই যেতিয়া
আপোন কৰাৰ অভিনয় কৰে
পৰনো বুলিবা কাক
আপোননো বুলিবা কাক!
বিশ্বাস-অবিশ্বাসৰ দোমোজাত
ক্ষতবিক্ষত মাথো
মৰম প্ৰত্যাশী
বুকুৰ কলিজা।
বিনীতা বৰগোহাঁই | কবিতা
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ
Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
.
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:
Secure payment | Powered by UPI
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
Leave a Reply