জুবিন গাৰ্গৰ আবেদন: আইৰ মুখৰ মাত

হেৰুৱাই পেলাইছে নেকি অসমীয়াই নিজস্ব পৰিচয়? শিপা চিনি নোপোৱাকৈ বিশ্ব জয় কৰিব পাৰিনে? পৃথিৱীৰ সবাহলৈ অসমীয়াই নিজৰ বুলি নিবলৈ কি আছে? উপৰিপুৰুষৰ পৰা বৈ অহা দায়ৱদ্ধতা অসমীয়াই কঢ়িয়াই নিবলৈ অক্ষম হৈ পৰিছে নেকি?

অসমৰ এই সময়ৰ শক্তিশালী আৰু প্ৰতিভাশালী সংগীতকাৰ জুবিন গাৰ্গে (‘অভিনয়া’ অনুষ্ঠানৰ জৰিয়তে) উত্থাপন কৰিছে এনে ধৰণৰ প্ৰশ্ন আৰু এক বিনম্ৰ আবেদন অসমীয়া জাতিলৈ। সাম্প্ৰতিক সময়ৰ প্ৰেক্ষাপটত জুবিন গাৰ্গে উত্থাপন কৰা এই প্ৰশ্নসমূহ আৰু তেখেতৰ আবেদন দৰাচলতেই আলোচনাৰ যোগ্য বুলি বিবেচনা কৰি জুবিন গাৰ্গৰ আবেদনখনৰ পূৰ্ণপাঠ ‘নীলা চৰাই’ত প্ৰকাশ কৰা হ’ল।

আমাৰ ভাষা আমাৰ উত্তৰাধিকাৰ। আমাৰ সংস্কৃতি উপৰিপুৰুষৰ পৰা সংবহিত এক দায়বদ্ধতা। সেই দায়িত্ব আমি গ্রহণ কৰিবই লাগিব। যি নিজক চিনি নাপায়, সি কেনেদৰে বুজি উঠিব পৃথিৱীৰ অনুভূতি? যি নিজৰ ভাষাটোকেই ভালদৰে বুজি নাপায়, সি কেনেকৈ বুজি পাব মানুহৰ দুখ আৰু যন্ত্রণাৰ কথা?

আইৰ মুখৰ মাত

মনটোত খু-দুৱাই থকা কথা অলপ ক’ব বিচাৰিছোঁ। আমাৰ বিশ্বাস, কথাবোৰ আপুনিও দকৈ ভাবি চাব।
জাতিটোৰ বাবে এয়া ঘোৰ সংকটৰ কাল। জ্যোতিপ্রসাদে ক’বৰ দৰেই, ভাষাৰ পৰা সাহিত্যলৈ, কলাৰ পৰা সংগীতলৈ সকলোতে ঘুণে ধৰিবলৈ আৰম্ভ কৰিছে ব্যাপক ৰূপত। বিশ্বজুৰি আধিপত্যকামী সংস্কৃতিসমূহৰ যি আগ্রাসন চলিছে, সেই আগ্রাসনৰ কোবাল সোঁতত আমাৰ জাতিটোৰ ডিঙাখনে থাউনি নোপোৱা হৈ পৰিছে। বিশ্বায়নৰ নাম লৈ একলা-দুকলাকৈ বাঢ়ি অহা সাংস্কৃতিক সম্প্রসাৰণবাদৰ ৰঘুমলাই আৱৰি ধৰিছেহি আমাৰ জাতীয় জীৱন। আমি আমাৰ শিপা হেৰুৱাই পেলাইছোঁ। আমাৰ বুলিবলৈ থকা সকলো ঐতিহ্যৰ পৰা ক্ৰমাৎ আমি আঁতৰি আহিছোঁ। কিন্তু কাইলৈ পৃথিৱীৰ সবাহলৈ আমি নিজৰ বুলি ক’বলৈ কি লৈ যাম? নিজকে অসমীয়া বুলি কবলৈ কি থাকিব আমাৰ?

পৃথিৱী সলনি হৈছে। সলনি হৈছে সাম্রাজ্যবাদৰ অর্থ। বিশ্বৰ সকলো সৰু-বৰ জাতিয়েই নিজৰ পৰিচয় হেৰুৱাই পেলোৱাৰ উপক্রম হৈছে। আমাৰ ভাষা আমাৰ উত্তৰাধিকাৰ। আমাৰ সংস্কৃতি উপৰিপুৰুষৰ পৰা সংবহিত এক দায়বদ্ধতা। সেই দায়িত্ব আমি গ্রহণ কৰিবই লাগিব। যি নিজক চিনি নাপায়, সি কেনেদৰে বুজি উঠিব পৃথিৱীৰ অনুভূতি? যি নিজৰ ভাষাটোকেই ভালদৰে বুজি নাপায়, সি কেনেকৈ বুজি পাব মানুহৰ দুখ আৰু যন্ত্রণাৰ কথা? মানুহ হ’বলৈ হ’লে আমি আমাৰ মাতৃভাষাক সন্মান কৰিব লাগিব। মহাসাগৰত মিলি যাবলৈ হলে প্রথমে নৈ হৈ চুই যাব লাগিব আইৰ আঁচল…!

আমি দেখিছোঁ, দিনত সভাই-সমিতিয়ে দেশ-জাতিৰ বৰ বৰ কথা কৈ সন্ধিয়া আলহীৰ আগত ‘মোৰ ল’ৰাটোৱে অসমীয়া কবই নাজানে’ বুলি গৌৰৱ কৰা মানুহৰ ভণ্ডামি! আমি দেখিছোঁ মাতৃভাষাৰ বাবে আন্দোলন কৰা বিয়াগোম মানুহৰ সন্তান কেনেদৰে আচ্ছন্ন হৈ থাকে পছিমীয়া বিলাসৰ জাকজমকতাৰ মাজত। কিন্তু আচলতে আমি ফাঁকি দি আছোঁ কাক? আমি কাৰ পৰা পলাই ফুৰিছোঁ? কলৈ গৈ আছোঁ আমি? কি বিচাৰিছোঁ? কাৰ বাবে? কিহৰ বাবে? জ্যোতিপ্রসাদক চিনি নাপাওঁ বুলি কোৱা আমাৰ নতুন পুৰুষৰ পৰা আমি কি আশা কৰা উচিত ? উচিত? কি কৰা উচিত যেতিয়া শতাংশ নম্বৰৰ সেই খেলখনত জয়ী হৈ অহা কোনো ‘মানৱ সম্পদে’ অসমৰ জাতীয় সংগীতটোনো কি নাজানে? আমি কি কৰা উচিত, যেতিয়া কোনো উন্নাসিক অভিভাৱকে আহি কয়হি: আমাৰ ছোৱালীজনীয়ে অসমীয়া ক’বহে নোৱাৰে; যোৱাবাৰ ফাইনেলত কিন্তু তাই এছামিজত নাইটি ফৰ স্ক’ৰ কৰিছিল…?

আমি কোনো উগ্র জাতীয়তাবাদী নহওঁ। আমি বিশ্বাস নকৰোঁ হিটলাৰৰ জাতীয়তাবাদত। আমি ভিন্ন সংস্কৃতিৰ সংমিশ্রণক শ্রদ্ধা কৰোঁ। কিন্তু আমি এইটোও বিশ্বাস কৰোঁ যে শিপা অবিহনে কোনেও ক’তো একোৱেই কৰিব নোৱাৰে। শিপাই শেষ কথা। আমি গোড়া নহওঁ, কিন্তু আমি নিজস্ব পৰিচয় এটা বজাই ৰখাত আগ্রহী। আমি সংকীর্ণ নহওঁ; কিন্তু নিজৰ কৃষ্টি-সংস্কৃতিৰ পোহৰেৰে নিজকে পোহৰাই তোলাৰ, নিজৰ ইতিহাসৰ পাঠ পঢ়ি গৌৰৱান্বিত হ’বলৈ আমি ইচ্ছুক।

আহক, হে প্রিয় সুহৃদ, আজিৰ এই সন্ধিয়াটোৰ পৰাই নিজক বিচাৰি আৰম্ভ কৰোঁ এক নতুন যাত্রা। ‘আংকল’ আৰু ‘আণ্টী’ৰ পৃথিৱীৰ পৰা উভতি যাওঁ খুৰা-খুৰী, মামা-মামী অথবা তাৱৈ আৰু আমৈৰ মাজলৈ। আহক, আমাৰ আইৰ শেঁতা পৰা মুখখনত অলপ পোহৰ সিঁচি দিবলৈ চেষ্টা কৰোঁ। আইৰ মুখৰ মাতটোকেই ওঁঠত বান্ধি আগুৱান হওঁ পৃথিৱীৰ বহল বুকুলৈ…।

তাৰ বাহিৰে আমাৰনো আৰু আছেইবা কি?

উৎস: জুবিন গাৰ্গৰ ফেচবুক পৃষ্ঠা

আপোনাৰ আৰু ভাল লাগিব পাৰে:

AKCA-BRabha-Cover150x80

আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু বিনামূলীয়াকৈ ই-বুক লাভ কৰক !


আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু প্ৰীতিৰ চিন স্বৰূপে বিষ্ণুপ্ৰসাদ ৰাভাৰ 'অসমীয়া কৃষ্টিৰ চমু আভাস' ই-বুক (ই-পাব/ মবি/ পিডিএফ) ৰূপত পাওক বিনামূল্যে !

আমি আপোনাৰ ই-মেইল ঠিকনা নিশ্চিত কৰিব লাগিব। আমি এইমাত্ৰ আপোনালৈ এটা ইমেইল প্ৰেৰণ কৰিছোঁ; সেই ইমেইলত দিয়া লিংকত ক্লিক কৰি আপোনাৰ চাবস্ক্ৰিপশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।

সম্পাদক

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz