ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড | পৰ্ব ১ খণ্ড ৩: কুকুৰ-পুৰাণ

ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড | পৰ্ব ১ খণ্ড ৩: কুকুৰ-পুৰাণ
  • 13 Oct, 2019

বো ধন শর্মাহঁতৰ চুবুৰিলৈ নতুন ভাৰাতীয়া মানুহ এঘৰ আহিছে। তেওঁলোকৰ প্রকাণ্ড এলছিছিয়ান কুকুৰ এটা আছে। মানুহঘৰৰ গৃহস্থনীয়ে ৰাতিপুৱা-গধূলি শৰ্মাহঁতৰ ঘৰৰ আগদিয়েই কুকুৰটোক বাহিৰ ফুৰাবলৈ অনা-নিয়া কৰে। সৰু-সুৰা বাঘ এটাৰ সমান কুকুৰটোৰ জোৰ বহুত। সি কোনোবা সময়ত তাৰ মালিকনীক ৰাস্তাৰ মাজলৈ চোঁচৰাই নিয়াদি লৈ যায়। তাৰ চেহেৰাটোও ভয়ংকৰ। তাক দেখিলেই ৰাস্তাত অনাই-বনাই ফুৰা ভতুৱা কুকুৰবোৰ ভয়তে নেজ পেলাই আঁতৰি যায়। শৰ্মাৰ পত্নীয়ে এইবোৰ দৃশ্য আগফালৰ বাৰাণ্ডাৰ পৰা মুগ্ধ দৃষ্টিৰে চাই থাকে। তেওঁৰ মনত এটা হেঁপাহে ক্ৰমাৎ পোখা মেলি উঠে।

এদিন অলস দেওবৰীয়া আবেলি এটাত শৰ্মাই চাহাবী ঢঙেৰে আগফালৰ বাৰাণ্ডাত বহি চাহ খাই থাকোঁতে শর্মানীয়ে তেওঁক লেনিয়াই লেনিয়াই ক’লে— “আমিও কুকুৰ এটা পোহোঁ দিয়ক।”

শৰ্মাৰ স্বর্গসুখতহে যেন যতি পৰিল! তেওঁৰ খঙে টিঙিচকৈ মাৰিলে— “হেৰা, তোমালোক তিনিটা প্রাণীক পোহোঁতেই মোৰ ত্রিধগতি বাজ হৈছে, আকৌ এতিয়া কুকুৰ এটা পুহিব লাগিলে মোৰ শ্মশান-যাত্ৰা হ’বলৈ বেছি দিন নালাগিব!”
“নাই, কুকুৰ এটা পুহিবই লাগিব। কুকুৰ আজিকালি ষ্টেটাছ ছিম্বল।”
“কি কথা কোৱাহে? অসমীয়াৰ নিকৃষ্টতম গালি হিচাপে ব্যৱহাৰ হোৱা জন্তুটোক তুমি ষ্টেটাছ ছিম্বল বুলি কৈছা? হৰি হৰি!”
“আমি হ’বলা অসমীয়া কুকুৰ পুহিম? বিদেশী কুকুৰহে পুহিম!”
“কুকুৰ কুকুৰেই! দেশী-বিদেশী কি কথা আছে?”
“নহয়, বিদেশী কুকুৰৰ কথা দোচোৰা। টিভিত দেখা নাই— আমেৰিকা-অষ্ট্রেলিয়া আদিত মানুহে কুকুৰক কিমান আদৰ কৰে! বহুতেতো নিজৰ লগতে শুৱায়ো লয়।”
“আমি আমেৰিকান-অষ্ট্ৰেলিয়ান নহওঁ নহয়! খাৰ খোৱা অসমীয়াহে।”
“সেই কাৰণেই কৈছোঁ— আমি তেওঁলোকৰ নিচিনা হ’বলৈ চেষ্টা কৰিব লাগে। খাৰখোৱা বদনামটো গুচাবলৈ তেওঁলোকৰ দৰে মদ খাব লাগে, কুকুৰ পুহিব লাগে।”— শৰ্মাৰ পত্নীয়ে এনেকৈ জ্ঞান জাহিৰ কৰাৰ পাছত তেওঁ আৰু পত্নীৰ লগত কি তর্ক কৰিব!

শর্মাহঁতৰ সৰু নগৰখনত ‘কুকুৰৰ দোকান’ নাই। ইপিনে গুৱাহাটীলৈ গৈ কুকুৰ কিনি আনিবলৈ তেওঁৰ সময়ৰ অভাৱ, লাজো লাগিল। গতিকে দালালৰ হতুৱাই তেওঁ এগুণত চাৰিগুণ ভৰি গুৱাহাটীৰ পৰা কুকুৰ এটা অনাবলগীয়া হ’ল। কুকুৰটো আহি পোৱাৰ দিনাখন শৰ্মাৰ পত্নীয়ে এনেকুৱাখন কৰিলে যেন তেওঁলোকৰ ঘৰত স্বয়ং ভগৱানহে উপস্থিত হৈছেহি! শর্মানীয়ে ওচৰ-চুবুৰীয়াকেইঘৰক নিমন্ত্রণ কৰি সৰু-সুৰা পাৰ্টি এটাৰেই আয়োজন কৰি পেলালে। তেওঁ কুকুৰটোক ‘মূৰত থ’লে ওকণিয়ে খাব, মাটিত থ’লে পৰুৰাই পাব’ৰ দৰে কৰিলে। শর্মা এটা কথাত আচৰিত হ’ল— বাহিৰত কাৰোবাৰ কুকুৰ দেখিলেই এক ফার্লং আঁতৰৰ পৰাই ছেই ছেই কৰা, ফলা খৰি দলিওৱা তেওঁৰ পত্নীয়ে এই কুকুৰটোক কেনেকৈ ইমান আপোন কৰি ল’ব পাৰিছে!

শর্মানীয়ে দিনৰ ভাগত কুকুৰটোক আগফালে মানুহে দেখাকৈ বান্ধি থ’লে। অচিনাকি পৰিৱেশ পাই সি দিনটো কেংকেঙাই থাকিল। তাৰ চিঞৰে শৰ্মাৰ কণামাকৰি সৰাই দিলে। কাষৰ দুঘৰৰ ল’ৰা দুটাৰ পৰীক্ষা। কুকুৰটোৰ চিঞৰে ল’ৰা দুটাৰ পঢ়া-শুনাত ব্যাঘাত জন্মাইছে বুলি মানুহ দু’ঘৰে প্ৰথম দিনাখনেই শৰ্মাক আপত্তি দর্শালে। মানুহ হ’লে বুজাই-বঢ়াই, মৰম কৰি সৈমান কৰাব পাৰি। কুকুৰক এতিয়া বুজায় কেনেকৈ শৰ্মাই?

প্রধান সমস্যাটো আহিল ৰাতি। শর্মাহতে এতিয়া কুকুৰটোক থয় কত? এই কথাটো আগতে তেওঁলোকৰ ভবাই হোৱা নাছিল। এইটোতো আৰু গাঁৱলীয়া ভতুৱা কুকুৰ নহয়— ভঁৰালৰ তলত, বাৰাণ্ডাৰ আগত পৰি থাকিব! এইটো দস্তুৰমত বিদেশী কুকুৰ! ইয়াক সম্পূর্ণ ভি আই পি ট্রিটমেণ্ট দি ৰাখিব লাগিব। শৰ্মাৰ পত্নীয়ে তেওঁক ক’লে— “ইয়াক ভিতৰতে বান্ধি থওঁ দিয়ক।”

শৰ্মাৰ তামাম খং উঠিল— “পাগল হৈছা নেকি?”
“কিয় তেনেকৈ কৈছে?”
“ভিতৰত হগা-মূতা কৰে যদি?”
“কৰিলে কৰিব আৰু!”
“পাছত সেইবোৰ কোনে অঁটাব?”
“কিয়, আপুনি!”
“এনেকুৱা কথা ক’বলৈ তোমাৰ লাজ লগা নাই?”
“তেনেহ’লে কুকুৰটো থ’বলৈ ঘৰ এটাকে সজাই দিয়ক।”
“পইচা ক’ত পাবা?”
“দিব আৰু আপুনি ক’ৰ পৰা দিয়ে!”

সেইদিনা শর্মাহতে কুকুৰটোক পিছফালৰ বাৰাণ্ডাতে বান্ধি থ’লে। ৰাতি শৰ্মাহঁতে দুৱাৰ-ঘৰ মাৰি শোৱাৰ পাছত সি অলপ পৰলৈকে কেংকেঙাই আছিল যদিও পাছত মনে মনে থাকিল। বোধহয় ভাগৰ লাগিল।

পাছদিনা ৰাতিপুৱা শৰ্মাৰ পহিলা কাম হ’ল মিস্ত্রি এটা যোগাৰ কৰি ‘কুকুৰ-গৃহ’ এটা নির্মাণ কৰোৱা। সোনকালে লাগে। গতিকে মিস্ত্রিয়ে সুযোগ লৈ এগুণত পাঁচ গুণ পইচা ল’লে কামটোত। শর্মানীয়ে সেইদিনাই বান্ধৱী এজনীৰ ঘৰলৈ গৈ কুকুৰ পোহাৰ সৰু-সুৰা ট্রেইনিং এটা লৈ আহিলগৈ। চুবুৰিৰ ভাৰাতীয়া মানুহজনীৰ ওচৰলৈ যাবলৈ তেওঁৰ হেনো লাজ লাগিল! কুকুৰটো আনি দিয়া দালালজনৰ যোগেদি কুকুৰৰ খাদ্য, চাবোন, পেলুৰ দৰব আদিও লৈ আহিল। সেইখিনি পইচা শর্মাই এল আই ছিৰ প্রিমিয়ামৰ কাৰণে লুকুৱাই থৈছিল। শর্মানীয়ে কোন টলকত সৰকাই নিলে তেওঁ গমেই নাপালে।

ইয়াৰ পাছত শর্মা-শর্মানীৰ মাজত কুকুৰটোৰ নাম থোৱা লৈ বেচ আলোচনা-বিলোচনা চলিল। শৰ্মানীয়ে ক’লে— “ই বিদেশী কুকুৰ যদিও আমি ইয়াৰ নাম অসমীয়াতে ৰাখিম। কথাটো তেতিয়া অলপ আনকমন হ’ব।”
“তুমিনো কি নাম ৰাখিবা বুলি ভাবিছা? ভলু, কালু…!”
“আপুনিও যে কথা কিছুমান কয় আৰু! এইবোৰতো কমন নামেই।”
‘তেনেহ’লে ?
“ইয়াৰ নাম মই মানুহৰ নামেৰে ৰাখিম।”
‘অঁ। তেতিয়াহে আনকমন হব!”
“কুকুৰক মানুহৰ নামেৰে মাতিলে ওলোটাই তুমিহে কুকুৰ-পিটা গালি খাই মৰিবা, গম পাইছানে?”
“কাৰ সাহ আছে?”
“সেইটো অৱশ্যে হয়। বাৰু, তুমি কি নাম ভাবিছা কোৱাচোন।”
“ভদ্ৰেশ্বৰ।“
“খালা তুমি।”
“হেৰি, মই কথাহে পাতি আছোঁ। কি খালোঁনো?”
“মোৰ বংশ-পৰিয়ালৰ নাম খালা। ভদ্রেশ্বৰ মোৰ ককাৰ নাম।”
“মইনো কেনেকৈ জানো? আপুনি জানে কৈছিল কেতিয়াবা? "
"কিয় নাই কোৱা? ফুলশয্যাৰ নিশাই দেখোন তোমাক মোৰ বংশ-পৰিয়ালৰ পৰিচয় দিছিলোঁ।“
“সেই নিশা এইবোৰ কথা ক’ত কাণত সোমায় কওকচোন? সোমালেও জানো মনত থাকে?”
“তোমাৰ যে স্মৰণ শক্তি শূন্য, সেই কথাৰ প্রমাণ কেতিয়াবাই পাই থৈছোঁ মই। নহ’লেনো মেট্ৰিকত তুমি মুখস্থ কৰি হ’লেও ত্রিছটা নম্বৰ ৰাখিব নোৱাৰানে?”
“তেনেহ’লে ভাবি পেলাই আপুনিয়েই নাম এটা দিয়ক।”

এইবাৰ বোধন শর্মাই চিন্তা কৰিবলৈ ধৰিলে। অলপ সময়ৰ পাছত তেওঁ ক’লে— “ভাল নাম এটা মনলৈ আহিছে বুইছা?”
“কি?”— শর্মানীৰ কণ্ঠত উৎসাহে চালি ধৰিলে।
“প্ৰেমেশ্বৰ।“
কিন্তু গাছ মুহূর্ততে আন্ধাৰত নেজ গচকা কুকুৰৰ দৰেই শৰ্মানীয়ে কেংকেঙাই উঠিল— “এইটো নামহে আপোনাৰ মনলৈ আহিবলৈ পালেনে?
“কিয়, কি হ’লনো? প্রেমেশ্বৰটোতো ধুনীয়া নাম!"
"নাই, নহ’ব। এইটো মোৰ প্রাক্তন প্রেমিকক মই মৰমতে দিয়া নাম।“
“কি ক’লা?"
"ওঁ, তেওঁৰ একো চাকৰি-বাকৰি নাছিল গুণেহে। থকাহেঁতেন মোৰ বিয়া তেওঁৰ লগতেই হ’লহেঁতেন।"
"কিন্তু তুমিতো এই কথা মোক আগতে কেতিয়াও কোৱা নাছিলা!”

কেঁচু খান্দোতে সাপ ওলোৱাৰ ভয়ত শৰ্মাই এই বিষয়ে আৰু একো নুলিয়ালে। অৱশেষত বিতর্কহীন অসমীয়া নাম বিচাৰি নাপাই তেওঁলোকে বিদেশী কুকুৰটোৰ নাম বিদেশীয়েই ৰাখিলে—টম।

এদিন শর্মা অফিছৰ পৰা আহি পোৱাৰ পাছতে শর্মানীয়ে থেৰোগেঁৰো কৰি ক’লে— “এটা সমস্যা হৈছে জানে?”
“কি?”— শর্মাই গুৰুত্বহীনভাৱে সুধিলে।
“টমক যে মই ৰাতিপুৱা ৰাস্তাৰ কাষত পায়খানা কৰাই আনো, কথাটো বৰ ভাল হোৱা নাই।“
“সেইটোতো হয়েই। ৰাস্তাৰ কাষ দুটা কুকুৰৰ শৌচালয় নহয় নহয়! ওচৰ-পাজৰৰ মানুহৰ কাৰণে প্ৰদূষণৰ সৃষ্টি হয়। আচ্ছা, তোমাক কোনোবাই কিবা কৈছে নেকি?”
”ওঁ।”— এইবুলি শর্মানীয়ে যিখিনি কথা কলে, তাৰ সাৰমৰ্ম হ’ল— শর্মানীয়ে সাধাৰণতে টমক ৰাস্তাৰ কাষত পায়খানা কৰালেও জনবসতি থকা ঠাইত নকৰায়, মানুহৰ ঘৰ নথকা ঠাইতহে কৰায়। কিন্তু সেইদিনা টমৰ লৰালৰি আছিল হ’বলা, সি বৰুৱাৰ ঘৰৰ সমুখতে কামফেৰা কৰি পেলালে নহয়! বচ! বৰুৱানীক আৰু কোনে পায়? এনেও বৰুৱানীৰ লগত শর্মানীৰ একো কথাতে ৰাহিয়ে-পুঁজিয়ে নাহে। সেইদিনা সেই কথাটোৰ আচিলা লৈয়ে বৰুৱানীয়ে শৰ্মানীক গাত লগাকৈ দুআষাৰ শুনাই দিলে। শর্মানীয়ে ঘৰৰ পৰা কোৰ লৈ গৈ বিষ্ঠাখিনি পেলাই থৈ অহাৰ পাছতহে বৰুৱানী ক্ষান্ত হ’ল৷…

”এটা কাম কৰোঁ দিয়ক।”— শর্মানী প্ৰস্তাৱ এটা আগবঢ়াবলৈ উদ্যত হ’ল।
“কি?”— আকৌ খৰচৰ কাম এটা ওলাল বুলি শৰ্মাৰ মন গোন্ধালেই।
“টমৰ ভাৰণে বাৰীৰ চুকত পায়খানা এটাকে সজাই দিওঁ দিয়ক।“
“কি ক’লা? কুকুৰৰ কাৰণে পায়খানা?”
“ওঁ, জন্তু হলেও সিহঁতো প্রাণী! সিহঁতকো পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰখাটো আমাৰ জানো কর্তব্য নহয়?”
শৰ্মাই তাজ্জুপ মানিলে। তেওঁৰ মাক একাংগী হৈ বিছনাত পৰি থাকোঁতে পৰিবাৰে এদিনো বিছনা চাদৰখনো সলাই দি পোৱা নাছিল। মাকৰ গু-মূত ধোৱাটো দূৰৰে কথা। এতিয়া আকৌ সেই মানুহজনীয়ে পোহনীয়া জন্তু এটাক পৰিষ্কাৰ কৰি থোৱাৰ কথা কয়। উপায় নাই। পৰিবাৰৰ কথা নমনা মানেই ঘৰখনত মহা অশান্তি। গতিকে কুকুৰৰ পায়খানা সজা কামটোতো শৰ্মাৰ প্রায় পাঁচ হাজাৰমান গ’ল।

লাহে লাহে টম ডেকা হ’ল। তাৰ গাতো পিৰীতিৰ জোৱাৰ উঠিল। বাটেদি যোৱা মাইকী কুকুৰ দেখিলেই সি পিঞ্জৰাটোৰ (শর্মানীয়ে গৰাল বুলি ক’বলৈ ঘৰখনৰ সকলোকে মানা কৰি দিছে) ভিতৰতে কু কু শব্দ কৰি ইফালৰ পৰা সিফাললৈ ধৰফৰাই থাকে। কেতিয়াবা শর্মাই তাক গেৰেজৰ ওচৰৰ খুঁটা এটাতে বান্ধি থয়। তেতিয়া সি শিকলিডাল ছিঙো ছিঙো কৰে। সেইটো খঙতে হ’বলা, এদিন ওচৰলৈ যাওঁতে শৰ্মাৰ ল’ৰাটোক সি দিলে কামোৰ মাৰি। ল’ৰাটোৱে কন্দা দেখি, তাৰ হাতৰ পৰা ওলোৱা তেজবোৰ দেখি শৰ্মাৰ মনটো বেয়া লাগিল যদিও পেটে পেটে তেওঁ অলপ সকাহো পালে— যা হওক, এই ঘটনাটোৰ পাছত টমৰ প্রতি পৰিবাৰৰ আকৰ্ষণটো কমি যাবও পাৰে! ভয় খাই তাক বেচি দিবও পাৰে। কিন্তু নাই, শৰ্মাই ভবা মতে একোৱেই নহ’ল। ওলোটাই শর্মানীয়ে টমৰ মূৰত হাত ফুৰাই দি ক’লে— “তই দুষ্ট হৈছ ন? ঘৰৰ মানুহক কামুৰিব নাপায় নহয়!”

অফিছ খতি কৰি ল’ৰাটোক ডাক্তৰৰ ওচৰলৈ নিয়াৰ ভাৰ শৰ্মাৰ ওপৰত পৰিল। বেজি আৰু আনুষংগিক ইটো-সিটো খৰচ মিলাই এইটো কোবত তেওঁৰ প্রায় পাঁচ হাজাৰ উৰি গ’ল। শৰ্মানীয়ে কুকুৰ বিশেষজ্ঞ এজনক ঘৰলৈকে মাতি আনিলে। ক’বতো নোৱাৰি, টম বলিয়া হ’বও পাৰে। বিশাৰদে টমত চাই-চিতি, পৰীক্ষা-নিৰীক্ষা কৰি সেই ভয় নাই বুলি কোৱাতহে তেওঁ নিশ্চিন্ত হ’ল। কিন্তু বিশাৰদে টমক মাজে-সময়ে চৌহদৰ ভিতৰতে মুকলি কৰি দিবলৈ ক’লে।

শৰ্মাৰ ঘৰত চৌহদৰ দেৱাল নাই। ফেঞ্চিঙেৰেই চলি আছে। এতিয়া টমৰ বাবেই তেওঁ চৌহদত দেৱাল দিবলগীয়া হ’ল। কাৰণ দেৱাল নিদিলে ফেঞ্চিঙৰ ফাঁকেদি টম ওলাই যাব পাৰে বুলি শর্মানীৰ ভয় হ’ল। সেই সময়ত শৰ্মাৰ হাতত একেবাৰে পইচা নাই। গতিকে তেওঁ নতুনকৈ ধাৰ লৈ কামটো কৰিবলগীয়া হ’ল।

দেৱাল দিয়া সময়তে লাজ লগা ঘটনা এটা ঘটিল। ওচৰৰে নতুন দৰা-কইনা এহাল শর্মাহঁতৰ ঘৰলৈ ফুৰিবলৈ আহিছিল। আলহীৰ লগত ভিতৰত তেওঁলোক সকলো ব্যস্ত আছিল। দেৱাল দিবৰ বাবে ভাঙি থোৱা ফেঞ্চিং এডোখৰৰ ফাঁকেদি সৰকি কোন টলকত টমৰ প্রেমিকা এজনী চৌহদৰ ভিতৰলৈ সোমাই আহি তাৰ লগত প্রেমলীলাত মত্ত হৈছিল কোনেও গম পোৱা নাছিল। চাহপৰ্বৰ পাছত আলহীক বিদায় দিবলৈ ওলাই আহি আটাইবোৰ যেতিয়া টমহঁতৰ মুখতে পৰিল, আনবোৰৰ কথা নাজানে, শৰ্মাৰ ‘ফাট মেলা বসুমতী পাতালে লুকাওঁ’ অৱস্থা হ’ল।

সেইদিনা ৰাতিয়েই বিছনাত পৰি পৰি শৰ্মাই থিৰাং কৰিলে— নাই, কিবা উপায়েৰে টমক ঘৰৰ পৰা বিদায় দিবই লাগিব। নহ’লে টকা-পইচাৰ শৰাধতো হৈয়েই থাকিব, তাৰ লগতে আৰু কি কি অথন্তৰ ঘটিব একো ঠিকনা নাই।

পাছদিনা অফিছৰপৰা বাহিৰে বাহিৰেই শর্মা নগৰখনৰ গভাইত চোৰ বীৰ সিঙৰ ওচৰ পালেগৈ৷ সি পূতিগন্ধময় গলি এটাত লগৰ দুটামানৰ সৈতে তাচ খেলি আছিল। তাক অলপ আঁতৰলৈ মাতি নি শর্মাই ক’লে— “তুমি মোক এটা ডাঙৰ কাম কৰি দিব লাগে।“
“কি কাম?”— বীৰ সিঙৰ মুখৰ পৰা চুলাই মদৰ অকটা গোন্ধ এটা নির্গত হল। শর্মাই লগে লগে নাকত ৰুমালেৰে সোপা দি ক’লে— “মোৰ ঘৰত এটা বিদেশী কুকুৰ আছে। তুমি তাক চুৰ কৰি আনিব লাগে।”
“কি?”
“ঠিকেই শুনিছা তুমি। এইটোৱেই কাম।”
“আগতে কেতিয়াও নোপোৱা কাম এটা পালোঁ ছাৰ। চোৰে আকৌ চুৰ কৰিব লাগে চোৰ ধৰা কুকুৰক! হঁহুৱালে ছাৰ।”
“তোমাৰ হাঁহি উঠিছে? কিন্তু সি যে মোৰ কল খোৱা ধাতু বাজ কৰি দিছে। তুমি যেনেতেনে কামটো কৰি দিয়া ভাই।”
“দিম বাৰু। কিন্তু এয়া আপোনাৰ একো ষড়যন্ত্র নহয়তো?”
“তেনেকুৱা আকৌ কিয় কৰিম? তুমিতো মোৰ পানী খোৱা পুখুৰীত বিহ দিয়া নাই!”
“চাব, কিবা টুৰি-মুৰি কৰিলে আপোনাক কিন্তু জে’লৰ পৰা ওলাই আহি হ’লেও বদলা ল’ম।”
“তুমি নিশ্চিন্ত থাকা। তুমি মোৰ উপকাৰহে কৰিবলৈ যাবা! তোমাক আকৌ মই কিয় বিপদত পেলামগৈ?”
“তেনেহ’লে আপোনাৰ কাম হৈ গ’ল বুলি ধৰক। কিন্তু মোক পাঁচ হাজাৰ লাগিব।”
“এই সাধাৰণ কামটোৰ বাবে তোমাক ইমান লাগিবনে?”
“এইটো সাধাৰণ কাম পাইছে? কুকুৰটোতো আৰু ঘৰৰ কাঠ-বাঁহ নহয়! তাৰ গাত হাত দিয়াৰ লগে লগে সি ভুকিব, ভুকিলেই আপোনাৰ ঘৰৰ আন মানুহে সাৰ পাই যাব, সাৰ পাই গ’লেই কোনোবা ওলাই আহিব। তেতিয়াতো আৰু কামটো নহ’বই! গতিকে মই লগত কুকুৰ পতোৱা এক্সপার্ট এটা ল’ব লাগিব। তাকো কিবা অলপ দিব লাগিব।”

বীৰ সিঙক আগধন হিচাপে দুহেজাৰ দি, সেইদিনাই কামটো কৰিবলৈ কৈ শর্মা ততাতৈয়াকৈ তাৰ পৰা গুচি আহিল। বহুদিনৰ মূৰত তেওঁৰ মনটো অলপ মুকলি মুকলি লাগিল।

পাছদিনা ৰাতিপুৱা শৰ্মাই যি আশা কৰিছিল, সেয়াই হল। শৰ্মানীয়ে পিঞ্জৰাটোত টমক নেদেখি পহিলাতে হায়ৈ-বিয়ৈখন লগাই পাছত গছৰ কেঁচাপাত সৰি যোৱাকৈ ৰাউচি জুৰি কান্দিবলৈ ধৰিলে। শান্ত হোৱাৰ পাছত তেওঁ শৰ্মাক পুলিছত খবৰ দিবলৈ ক’লে— ”আপুনি থানাত এণ্ট্ৰি এখন দি আহকগৈ যাওক।” পৰিবাৰৰ পৰা এনেকুৱা এটা প্রস্তাৱ আহিব বুলি শর্মাই জানিছিলেই। গতিকে তেওঁ ক’লে— “দিব পাৰোঁ। কিন্তু লাভ নহ’ব।”
”কিয়? ”
“নগৰখনত দিনে দিনে কিমান চুৰি-ডকাইতি, ধর্ষণ, ঠগবাজী হৈ আছে, পুলিছে সেইবোৰকে ধৰি তৎ পোৱা নাই, তোমাৰ কুকুৰ চোৰটো ধৰিবলৈ ক’ত আজৰি পাব?”

শর্মানীয়ে দুনাই এই বিষয়ে আৰু একো নামাতিলে। অৱশ্যে সেইদিনা শর্মাই অফিছলৈ নিজেই ভাত ৰান্ধি খাই যাবলগীয়া হ’ল। কিয়নো টমৰ দুখত সেইদিনা শর্মানীয়ে পাকঘৰত সোমাবলৈ মন নকৰিলে।

পাছবেলা বীৰ সিঙে শৰ্মাৰ অফিছৰ পৰা বাকী পইচাখিনি নিজেই নিয়াহি কথা আছিল। সেইমতে সি সময় মতেই আহিল। কিন্তু সি ওলোটাই শর্মাকহে ছহেজাৰ টকা দিয়াত তেওঁ আচৰিত হ’ল— “মোক আকৌ কিয় পইচা দিছা?” বীৰ সিঙে গম্ভীৰ মাতেৰে ক’লে— “ছাৰ, মই চোৰ হ’ব পাৰোঁ, কিন্তু বেইমান নহয়!”
“মানে?”
“মানে কুকুৰটো বেচি মই দহ হাজাৰ টকা পালোঁ। তাৰ পৰাই মোৰ পাবলগীয়া তিনি হাজাৰটো কাটি ৰাখিলোঁ। বাকী সাত হাজাৰৰ এহেজাৰ মই কমিছন হিচাপে ৰাখি বাকী ছহেজাৰ আপোনাক দিলো।

টমক কিনাৰ পৰা আৰম্ভ কৰি বীৰ সিঙক দিয়ালৈকে শৰ্মাৰ যিমান গ’ল, তাৰ তুলনাত ছহেজাৰ টকা একোৱেই নহয়, হাতৰ মলি। তথাপি শৰ্মাৰ মনটো ভাল লাগিল। মাহৰ শেষ। দৰমহা পোৱালৈকে অলপ হ’লেও সকাহ পাব।

| পূৰ্বৰ খণ্ড পঢ়ক: ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড | পৰ্ব ১ খণ্ড ২: কৃপণ-পুৰাণ

ঘৰলৈ ওভতাৰ বাটত বোধন শর্মাই চিনাকি কচাইটোক এক কেজি ভাল পঠাৰ মাংস দিবলৈ কোৱাত সি আচৰিত হৈ ক’লে— “ছাৰ, আপুনিতো সদায় ঠেং-মূৰবোৰহে নিয়ে, আজিনো ভাল মাংস খাবলৈ কি মন গ’ল?”

শর্মাইনো কচাইটোক এতিয়া সঁচা কথাটো কয় কেনেকৈ!

ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড | পৰ্ব ১ খণ্ড ৩: কুকুৰ-পুৰাণ | ধ্ৰুৱজ্যোতি শৰ্মা

Follow Nilacharai on Facebook