নজানে কিছ ৰূপ মেঁ নাৰায়ণ মিল যায়

bhakt-kabir

[ প্ৰতিম প্ৰতাপ বৰুৱা ]

ভক্ত কবীৰে কৈছে—
‘মাটি ক’হে কুমাৰ চে তু ক্যা ৰোন্ধে মোই
এক দিন এইচা আয়েগা মে ৰোন্ধোগী তোই
মাটিয়ে কুমাৰক ক’লে— তুমি মোক কি মথিবা ? এনেকুৱা এটা দিন আহিব যিদিনা মইহে তোমাক মথিম। পঞ্চভূতৰ শৰীৰ, আহিছে, নাটকখনত ভাগ লৈছে, সময় আহিলে পুনৰ পঞ্চভূতত বিলীন হৈ যাব। অভিমানৰ বলত বলীয়ান হৈ দুৰ্বলীৰ ওপৰত অত্যাচাৰ নকৰিবা। পুণ্যাত্মাই দিয়া অভিশাপত লোহাও ভস্ম হৈ যাব পাৰে।

‘চলটি চক্কী দেখ্‌ কৰ দিয়া কবীৰা ৰ’ই
দো পাতন্‌ কে বীছ্‌ মে চাবুত্‌ বছা না কোই।’
ঘূৰি থকা জাতখনৰ শিলৰ পতাদুখন দেখি কবীৰৰ চকুপানী ওলাইছিল। শিলৰ পতাদুখনক তেওঁ আকাশ আৰু ধৰিত্ৰীৰ লগত তুলনা কৰিছিল। যি এবাৰ এই অনবৰতে চলি থকা শিলৰ পতাদুখনৰ মাজলৈ আহে তেওঁ টুকুৰা-টুকুৰ হ’ব।

ভক্ত ৰহিমে কৈছে— কোনোবা ডাঙৰ মানুহৰ লগত বন্ধুত্ব হৈ গ’ল বুলিয়েই নিজৰ এসময়ৰ দুখীয়া বন্ধুসকলক পাহৰি নাযাবা, তেওঁলোকক তিৰস্কাৰ নকৰিবা। য’ত সাধাৰণ এটা বেজীৰে কাম চলাব পাৰি, তাত তৰোৱাল উলিয়াই নল’বা। প্ৰেমৰ ৰছিডাল টান মাৰি ছিঙি নেপেলাবা। এবাৰ ছিগিলে প্ৰেমৰ ৰছিডাল দুনাই জোৰা নালাগে, কেনেবাকৈ জোৰা লাগিলেও তাত এটা গাঁঠি থাকি যায়।

ৰহিম কৃষ্ণভক্ত আছিল। তেওঁ মুছলমান আছিল। সম্ৰাট আকবৰৰ নৱৰত্নৰ এজন আৰু গোস্বামী তুলসীদাসৰ ব্যক্তিগত বন্ধু আছিল। তেওঁ মহা দানী আছিল। বহুতেই দান দিয়ে, কিন্তু ৰহিমৰ দৰে দানী বিৰল। বিশেষত্ব আছিল যে যেতিয়া ৰহিমে কিবা দান দিবৰ বাবে হাত আগবঢ়ায়, তেতিয়া নিজৰ চকু তললৈ কৰি দিয়ে আৰু দান লওঁতাজনলৈ কেতিয়াও নাচায়। এই কথাষাৰৰ বিষয়ে এদিন গোস্বামী তুলসীদাসে দুটা পংক্তি লিখি ৰহিমক সুধিলে—
‘এইচি দেনী দেন যো কিত ছিখে হো চেন,
যো যো কৰ ওচো কৰো, কিউ কিউ নিছে নেন।”
(এই ধৰণে দান দিবলৈ ক’ৰপৰা শিকিলা? যেতিয়া হাত ওপৰলৈ তোলা, চকু কিয় নমাই দিয়া?)

ৰহিমে পঢ়িলে আৰু বুজি পালে অন্তৰ্যামী গোস্বামী তুলসীদাসে সকলো জানিও কিয় সুধিছে। ‘নিশ্চয় মোৰ হতুৱাই কোৱাব খুজিছে।

দুটা পংক্তি ৰহিমেও লিখিলে গোস্বামী তুলসীদাসলৈ—

‘দেনহাৰ কোই ঔৰ হ্যেই, ভেজত্‌ যো দিন্‌ৰেন্‍,
লোগ ভৰম্‌ হাম পৰ কৰে, তাছো নিচে নেন।’
(মোৰ একোৱেই নাই, মোৰ ওচৰত থকাখিনিও মোক আনেহে দিছে। মোলৈ এদিন পঠিয়াই দিছিল, মানুহে এইখিনি মোৰ বুলি ভ্ৰম কৰিব পাৰে, সেয়ে চকু তললৈ কৰি দিওঁ।)

গোস্বামী তুলসীদাসে কৈছে—
‘ইচ চনচাৰ মে, চবচে মিলিয়ে ভাই,
নজানে কিছ ৰূপ মেঁ নাৰায়ণ মিল যায়।’
(এই সংসাৰত সকলোকে সমান চকুৰে চাই সকলোৰে লগত মিলি-জুলি থাকিবা, কাৰণ তুমিতো নাজানা কি ৰূপত তুমি নাৰায়ণক পাই যাবা।)«

নীলা চৰাই . জুন ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz