দেউতাৰ শাওণ, মোৰ শাওণ

প্ৰকাশ: ২৭ জুলাই, ২০১৮ | অন্তিম সম্পাদনা: ২৭ জুলাই, ২০১৮

নিশা দুই কি আঢ়ৈমান বজাতেই দেউতা হালোৱাটোৰ সৈতে পথাৰলৈ ওলাই যায় দুহাল গৰু লৈ৷ মোৰ বয়স তেতিয়া ৬/৭ বছৰ৷ ঘৰৰ পৰা পথাৰৰ দূৰত্ব ৮/৯ কিলোমিটাৰমান হ’ব৷ মথৌখাট পথাৰ। নামটো আছিল মোৰ এক আকৰ্ষণ৷ দেউতাৰ মুখৰ পৰা শুনিছিলো, পথাৰৰ ওচৰৰ গাঁওকেইখন সৎনামী, কাৰ্বি আদি জনগোষ্ঠীৰ লোকৰ বসতিস্থল৷

গৰমৰ বন্ধৰ দিনকেইটাত দূৰৰ পথাৰলৈ যোৱা দেউতাৰ সাময়িক অনুপস্থিতি আমাৰ বাবে আছিল আনন্দদায়ক আৰু অধীৰ প্ৰত্যাশাৰ। কিয়নো পথাৰৰ পৰা উলটি আহোঁতে প্ৰায় দুপৰীয়া ১১ মান বাজিছিল৷ পুৱা ৯ মান বজাৰ পৰা সেয়ে মুকলিমূৰীয়াকৈ খেলিব পাৰিছিলো লগৰীয়াৰ সৈতে৷ খেলাবোৰনো কি? কেতিয়াবা ৰবাব টেঙাৰ ফুটবল, ফটাকানি মেৰিয়াই মেৰিয়াই ৰূপ দিয়া ফুটবল। কেতিয়াবা শিলাদিত্যৰ পানীৰ বেজীৰে সীব পৰা শিলৰ চোলাৰ নাটক নাটক খেল৷ মাহঁতৰ চাদৰ একোখন চিনকাপোৰ কৰি জেওৰা এডালেৰে বান্ধি তল-ওপৰ কৰাৰ দায়িত্ব কোনোবা এটা নিমাখিত লগৰীয়াৰ গাত পৰে৷ মই হওঁ শিলাদিত্য৷ নাটক চলি থাকে,— কেতিয়াবা ঢেঁকীঘৰত, কেতিয়াবা গোহালিঘৰত৷

আমাৰ ঘৰৰ পদূলিৰ পৰা পথাৰলৈ যোৱা ৰাস্তাটো আকৌ প্ৰায় এক কিলোমিটাৰমান পোন৷ ক’তো কেঁকুৰি নাই৷ য’ত কেকুঁৰি আৰম্ভ হৈছে, সেইকণ ঠাইৰ নামেই কেঁকুৰি মেচ৷ নাটকৰ মাজে মাজে কোনোবা এটাৰ দায়িত্ব পৰে, বাটলৈ গৈ দেউতাহঁত আহিছে নেকি চোৱাৰ৷ দুহাল গৰু লৈ কোনোবা আহি থকা দেখিলেই তৎক্ষণাত আমাৰ নাট্য নিবেদনৰ সমাপ্তি ঘটে৷ য’ৰ বস্তু ত’তে ততাতৈয়াকৈ সামৰি-সুতৰি কোবাকুবিকৈ ঘৰমূৱা হওঁ আটাইবোৰ৷ দেউতা আহি পাই পিছপিনৰ বাৰান্দাত টুল এখনত বহি মস্ত ডাঙৰ পিতলৰ ঘটিটোৰে এঘটি পানী খায়৷ পানীঘটি গোটাই দিয়াৰ কামফেৰা কৰিবলৈ হঠাৎ ঘৰলৈ আহি ভদ্ৰ ল’ৰাৰ দৰে সাজু হৈ থাকোঁ৷ পানীৰ ঘটিটো লৈ বীৰদৰ্পে আগবাঢ়ি যাওঁতেই প্ৰমাণ হৈ যায় যে মই পুৱাৰে পৰা পঢ়া-শুনা কৰি ঘৰতেই আছোঁ৷ তাৰ পাছত দেউতাই গা-পা ধুই জিৰণি লওঁতে মোৰ কাম হ’ল, পকা চুলি উঠোৱা। শাওণৰ বোকাৰে লুতুৰিপুতুৰি দেউতাৰ দেহাটো আছিল মোৰ বাবে জীৱনৰ উত্তাপ সনা প্ৰেৰণা৷

আৰু পঢ়ক:  জ্ঞানপীঠ বঁটা বিজয়ী ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱলৈ শ্ৰদ্ধাঞ্জলি
img
ছবি: নয়নজ্যোতি শইকীয়া

লাহে লাহে ডাঙৰ হ’লো৷ মোৰ ডেকা বয়সলৈকে দেউতাৰ পথাৰখনৰ লগত সম্পৰ্ক আছিল৷ আঘোণমহীয়া লখিমী আনিবলৈ যোৱা দিনবোৰ আজিও মিঠা সোঁৱৰণি হৈ মনত ৰৈ আছে৷ পথাৰখনেই আছিল আমাৰ জীৱন আৰু জীৱিকা৷

আজি সময় সলনি হ’ল৷ গাঁওবোৰ সলনি হ’ল৷ মানুহবোৰ সলনি হ’ল৷ জীৱন ধাৰণৰ প্ৰক্ৰিয়া উন্নত হ’ল৷ ঘৰবোৰ খেৰৰ সলনি পকী হ’ল৷ বেৰবোৰ ইকৰাৰ সলনি ইটাৰ হ’ল৷ গাঁৱৰ ল’ৰাবোৰ পথাৰলৈ নোযোৱা হ’ল৷ মাটিবোৰ আধিত গ’ল। সুন্দৰ-সুঠাম ল’ৰাবোৰ কাম বিচাৰি হায়দৰাবাদ, চেন্নাইৰ কোম্পানীৰ বহতীয়া হ’ল৷ শস্য হৰিল, মৎস্য হৰিল৷ গাঁওবোৰ যেন হেৰাই গ’ল! ককা-আইতাৰ কাষত নাতি-নাতিনীবোৰ নোহোৱা হ’ল৷ ইঘৰৰ চোতালৰ পৰা সিঘৰৰ চোতাললৈ দৌৰা-ঢপৰা কৰা ল’ৰাহঁতৰ দুভৰিৰ ‘দুপ দুপ দুপ দুপ’ শব্দবোৰ নগৰীয়া সভ্যতাই কাঢ়ি লৈ গ’ল৷ সকলো সলনি হ’ল; কিন্ত সলনি নহ’ল পথাৰখন৷ সলনি নহ’ল শাওণ৷ সলনি নহ’ল বৰষুণজাক৷ সলনি নহ’ল কঠীয়া পৰাৰ বতৰ৷ সলনি নহ’ল দেউতাৰ নিশাৰ চিন্তা-ভাৱনা— ‘বৰষুণ হ’বনে ঔ? কঠীয়া পৰাৰ সময়’, ‘বৰষুণ আৰু দুদিনমান নেলাগে গোসাঁই, কঠীয়া কেইডাল ওলাবলৈ দিয়া আৰু’, ‘এইবাৰ খৰাং হ’ব নেকি ঔ?’…

img
ছবি: বিৰাজ ভূষণ বৰা

| আৰু পঢ়ক: স্নেহে আমাৰ শত শ্রাৱণৰ: এটি পুনর্নির্মাণ

বৰষুণো হ’ব, কঠীয়াও গজিব৷ ধানে সঁজাল ধৰিব৷ পথাৰ সেউজীয়া হ’ব৷ সোণালীও হ’ব৷ কিন্তু মানুহবোৰৰ মনবোৰহে খৰাং হৈ পৰিব নেকি? ডেকাটো ঘূৰি আহি খেতিত ধৰিবনে? নে সিও খৰাং হৈয়ে কটাব জীৱনটো?

দেউতাৰ শাওণবোৰ মোৰ শাওণ হৈ থাকিবনে?

ফিচাৰড্ ইমেজ: এম ইব্ৰাহিম আলী

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts