বুকুত ভালপোৱাৰ গছ

নজনা হ’লেই ভাল আছিল

তেওঁ যে মোৰ বুকুত লাহে লাহে
ঘৰ বান্ধিছে
এতিয়া ক্ৰমশঃ মই নিজকে
হেৰুৱাই পেলাব ধৰিছোঁ
তেওঁৰ মাজত।

মোৰ প্ৰতিটো শব্দৰ জন্ম তেওঁৰ বাবে
তেওঁৰ বাবেই আকাশৰ সহস্ৰ তৰাৰ উজ্জ্বলতা
তেওঁৰ বাবেই সকলোবোৰ ৰং

তেওঁৰ বাবেই প্ৰতিটো বিনিদ্ৰ ৰজনী
আৰু এতিয়া তেওঁৰ বাবেই বুকুত গজিব ধৰিছে
এজোপা গছ, ভালপোৱাৰ গছ

বৰ তীব্ৰ আৰু দীপ্ত সেই বৃক্ষৰ বাঢ়ন

আস্ নজনা হ’লেই ভাল আছিল
নজনা হ’লেই…

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of