সেই দিনটোলৈ মনত পৰিছে, বিষ্ণু ৰাভা

সেই দিনটোলৈ মনত পৰিছে
সিদিনাও আছিল ৰাতি
সাৰে আছিলা তুমি
সাৰে আছিল পৃথিৱী
অনন্তকালৰ যন্ত্ৰণাৰ কথা ভাবি
বৰষুণে নিচুকাই আছিল
ৰ’দে ডেই নিয়া মাটিক
বৰষুণ মানে চিফুঙৰ পৰা নিগৰি অহা
ৰিমঝিম সুৰ
খেতিয়কবােৰে চকুপানী মিহলাই
পান কৰিছিল বাতিত

সিদিনা, সেই ৰাতিয়েই
কঁকালত শিকলি পিন্ধি
লিখিছিলা তুমি বুকুৰ তেজেৰে
পােহৰ হ’ব পােহৰ হ’ব,
পােহৰ হ’ব এদিন আইৰ মুখ
আই মােৰ জনমদুখুনী অসম
বস্তিৰ বনুৱাবােৰে টোপনিতে দেখিছিল
উদাসীন শিৱক
আমাৰ আদিম খেতিয়ক পিতা

তুমি যে কৈছিলা দিহিঙে-দিপাঙে
ফুলি উঠিব ফুল সফলতাৰ
বিফলতাৰ বাগিচাত
তাকে শুনি
ৰৈ আছে বাটে বাটে
আমাৰ আইদেউহঁত
ওলগনি গছৰ দৰে
তােমাক পঢ়িব হেনো
দাছ-কেপিটেলৰ শেষ পৃষ্ঠাত
আৰু মই এই উজাগৰী ৰাতি
লিখি আছোঁ কমৰেড
তােমাৰ তেজে-ঘামে তিতা
কাৰাগাৰৰ কাব্যগাঁথা

মইতাে তােমাৰ প্ৰেমৰ পথাৰত
গজি উঠা
ৰূপান্তৰৰ এধানি বীজ
শদিয়াৰ পৰা ধুবুৰীলৈ
ঘৰে ঘৰে জ্বলি থকা চাকিৰ
সপোন-শলিতা
য’ত শিৱ আৰু পাৰ্ৱতী
একাকাৰ
পােহৰাই তােলে নিতে হিয়া
অনাগত দিনৰ বাবে
শইচ-শুৱনি দোকমােকালিৰ বাবে

তুমি যে কৈছিলা
জয় হ’ব আমাৰ জয়,
মৃত্যুৰ পৰাজয়।

| আৰু পঢ়ক: বিৰিঞ্চি ভট্টাচাৰ্যৰ কবিতা ‘বিষ্ণু ৰাভা, আজি জালিকটা ৰ’দ তোমাৰ ছবিত’

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of