শূন্যতাৰ নাটক: ছেমুৱেল বেকেটৰ ‘ৱেইটিং ফৰ গডো’

১৯৬৯ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰা ছেমুৱেল বেকেট (Samuel Beckett) বিশ্ব সাহিত্যৰ এক পৰিচিত নাম। তেওঁ একেধাৰে এজন কবি, নাট্যকাৰ আৰু ঔপন্যাসিক আছিল যদিও পৰৱৰ্তী কালত তেওঁ নাট্যকাৰ হিচাপেহে অধিক প্রসিদ্ধি লাভ কৰে। মানৱ জীৱনৰ ৰহস্য, মানুহৰ প্রকৃত পৰিচয়ৰ সন্ধান, মানুহৰ অস্তিত্বৰ কাৰণ আৰু বাখ্যা আদি বিষয়বৰেই সামগ্রিকভাৱে বেকেটৰ সাহিত্য সৃষ্টিৰ মূল বিষয়বস্তু। এই বিষয়বোৰ সম্পৰ্কত বেকেটে গভীৰতা, মৌলিকতা আৰু কাল্পনিক শক্তিৰে তেওঁৰ নাট্যকর্মৰ লগতে সাহিত্যৰাজিত সুন্দৰভাৱে আলোকপাত কৰিবলৈ সক্ষম হৈছে। ‘ৱেইটিং ফৰ গডো’ (Waiting for Godot, মূল ফৰাচী নাম: En attendant Godot, ৰচনা কাল: ১৯৪৮-৪৯) নাটকৰ জৰিয়তে বেকেটে খ্যাতিৰ সর্বোচ্চ শিখৰত আৰোহন কৰিবলৈ সক্ষম হয়। এই নাটকখনত গডো নামৰ এক অজ্ঞাত, অপৰিচিত ব্যক্তিৰ বাবে দুজন বাটৰুৱা বা অঘৰীয়ে কৰা প্রতীক্ষা যেন মানৱ জাতিৰ প্রতীক্ষাৰে এক ৰূপক। গোটেই নাটকখনেই হৈছে এনে এক প্রতীক্ষাৰ বিষয়ে, যি প্রতীক্ষা নিজে এক প্রহেলিকা— যাক নানা ধৰণে বাখ্যা কৰিব পাৰি। ছেমুৱেল বেকেটে ১৯৫২ চনত ফৰাচী ভাষাত এই ‘ৱেইটিং ফৰ গডো’ নাটকখন ৰচনা কৰে, তাৰ পাছত ১৯৫৬ চনত তেওঁ নিজেই নাটকখন ইংৰাজীলৈ অনুবাদ কৰে।

ছেমুৱেল বেকেট | Roger Pic [Public domain]

ছেমুৱেল বেকেট ‘দ্যা থিয়েটাৰ অব দ্যা এবছার্ড’ (The Theatre of the Absurd) নামৰ নাট্যধাৰাটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নাট্যকাৰ। তেওঁৰ নাট্যৰীতি হৈছে এবছার্ড নাট্যৰীতি। তেওঁৰ নাট্যৰীতিয়ে বাস্তৱসন্মত মঞ্চসজ্জা, যুক্তিপূর্ণ ঘটনাক্ৰম আৰু সুসংহত প্লট তথা পৰম্পৰাগত নাটকৰ অন্য অবিচ্ছেদ্য উপাদানবোৰ বৰ্জন কৰে আৰু মানৱ জীৱনৰ অযৌক্তিকতা, অসহায়তা আৰু অর্থহীনতাক ফুটাই তুলিব বিচাৰে। ‘ৱেইটিং ফৰ গডো’ত কাহিনী বুলিবলৈ তেনেকৈ একোৱেই নাই। কাহিনী নথকাটোৱেই ইয়াৰ কাহিনী। এই নাটকখনত যি সংলাপ বাৰে বাৰে উচ্চাৰিত হৈছে, সেইষাৰ সংলাপ হ’ল— “নাথিং হেপেন, ন’বডি কাম” (একো নঘটে, কোনো নাহে)। সেয়েহে এইখন হৈছে ‘শূন্যতাৰ নাটক’ (It is a Play about Nothingness)।

নাটকখন দুটা অংকত বিভক্ত। মঞ্চসজ্জা বুলিবলৈ নাটকখনত একোৱেই নাই। প্রথম অংকত এটি আলিবাটৰ কাষত দুজন অঘৰী ৰৈ থকা দেখিবলৈ পোৱা যায়। আলিবাটৰ কাষত এজাপা পাত নথকা গছ। অঘৰী দুজনৰ নাম যথাক্রমে ভ্লাদিমিৰ (Vladimir) আৰু এষ্ট্ৰাগন (Estragon)। কিন্তু সিহঁত দুজনে ইজনে সিজনক ডিডি আৰু গোগো বুলিহে মাতে। সিহঁতৰ কথা-বতৰৰ পৰা গম পোৱা যায় যে সিহঁতে কোনোবা এজন গডোৰ বাবে অপেক্ষা কৰি আছে। কিন্তু সিহঁতে গডোক নাজানে বা লগ পোৱা নাই। সিহঁতে বিশ্বাস কৰে যে গডোৰ ওপৰতে সিহঁতৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিছে। সময় পাৰ কৰিবলৈ সিহঁতে কথা-বতৰা পাতে। কথা-বতৰাবোৰ অসংলগ্ন আৰু খাপ নোখোৱা। এনেকুৱা অসংলগ্ন সংলাপেই এবছার্ড নাটকৰ প্রধান বৈশিষ্ট্য। এষ্ট্রাগন আৰু ভ্লাদিমিৰ দুয়ো বিপৰীত প্ৰকৃতিৰ মানুহ। এষ্ট্ৰাগন ভোক-পিয়াহ, নিছা আদি জাগতিক প্রয়োজনবোৰৰ সঘনে চিকাৰ হয়। গছজোপাৰ ডাললৈ চায় সিহঁতে মাজে মাজে গছজোপাত ওলমি আত্মহত্যা কৰাৰ বিষয়েও চিন্তা কৰে কিন্তু ৰছিৰ অভাৱত সেয়া কৰিব নোৱাৰে। সিহঁত গডোৰ বাবে ৰৈ থাকোঁতেই দুজন বাটৰুৱা তাত আহি উপস্থিত হয়। বাটৰুৱা দুজনৰ এজনে আনজনক ৰছিৰে বান্ধি লৈ আহে। সিহঁতৰ এজন হৈছে মালিক আৰু আনজন চাকৰ। চাকৰৰ ডিঙিত ৰছিৰ দাগ আৰু মূৰত দাঙিব নোৱৰা বোজা। মালিকজনক প্রথমে ডিডি আৰু গোগোৱে গডো বুলিয়েই ভাবে, কিন্তু তেওঁ নিজকে পজো (Pozzo) বুলি আৰু চাকৰজনক লাকী (Lucky) বুলি পৰিচয় দিয়ে। প্রকৃততে নাট্যকাৰে পজো আৰু লাকীৰ মাজেৰে শোষক আৰু শোষিতৰ সম্পর্ক চিত্রিত কৰিছে। পজোৱে এষ্ট্ৰাগন আৰু ভ্লাদিমিৰৰ পৰা বিদায় লৈ যাবলৈ ওলাওঁতে সিহঁত দুটাই পজোৰ পৰা লাকী সম্পর্কে কিছু কথা জানিব বিচাৰে, বিশেষকৈ লাকীয়ে কিয় ৰৈ থাকোঁতেও মূৰৰ বোজাটো ননমায়, সেয়া জানিব বিচৰাত পজোৱে কয় যে কাম কৰাৰ সময়ত হে লাকীয়ে বোজাটো মূৰৰ পৰা নমায় থয়। লাকীয়ে কি কাম কৰে জানিব বিচৰাত পজোৱে কয় যে লাকীয়ে নাচিব পাৰে আৰু চিন্তা কৰিব পাৰে। এষ্ট্ৰাগন আৰু ভ্লাদিমিৰে প্রথমে লাকীৰ নাচ চাব বিচাৰে, তেতিয়া লাকীয়ে সিহঁতক প্রথমে নাচি দেখুৱায়। তাৰ পাছত লাকীক চিন্তা কৰিবলৈ কয়। চিন্তা কৰাৰ বাবে লাকীয়ে টুপি এটা পিন্ধি লয় আৰু সি কি চিন্তা কৰে, সেয়া সকলোৱে শুনিবলৈ পায়। অনর্গল গতিৰে সি কঠিন শব্দ থকা ব্যাকৰণহীন ভাষাৰে কিছুমান দুর্বোধ্য কথা ক’বলৈ ধৰে। তাৰ এই অবিৰত চিন্তা বন্ধ কৰিবলৈ অৱশেষত সিহঁতে তাৰ মূৰৰ পৰা টুপিটো খুলি দিয়ে। সি লগে লগে মজিয়াত ঢলি পৰে। এটা সময়ত পজো আৰু লাকী দুয়ো এষ্ট্ৰাগনহঁতৰ পৰা বিদায় লৈ গুচি যায়। মঞ্চত অকল সিহঁত দুটা থাকে। এষ্ট্ৰাগন যাব বিচাৰে, কিন্তু ভ্লাদিমিৰে তাক সোঁৱৰাই দিয়ে যে সিহঁত যাব নোৱাৰে, কাৰণ সিহঁতে গডোৰ বাবে অপেক্ষা কৰি আছে। এনেতে এটা সৰু লৰাই ‘মিঃ এলবার্ট’ বুলি কাৰোবাক মাতি থকা শুনা যায়। অলপ পাছতেই ল’ৰাজন মঞ্চত উপস্থিত হয়হি। ল’ৰাজনৰ কথা-বতৰাৰ পৰা সি গডোৰ বার্তাবাহক বুলি জনা যায়। গডোই তাৰ মুখত এই বুলি বার্তা পঠাইছে যে আজি তেওঁ নাহে, কিন্তু কাইলৈ নিশ্চয় আহিব। ভ্লাদিমিৰৰ সৈতে ল’ৰাজনৰ কিছু কথা-বতৰা হয়। ল’ৰাজনে খুব সংক্ষিপ্তভাৱে সিহঁতৰ প্ৰশ্নৰ উত্তৰ দিয়ে। ল’ৰাটোৱে তাৰ জীৱনৰ বিষয়ে কয়। ল’ৰাজনে ভ্লাদিমিৰক সোধে যে সি গৈ গডোক কি ক’ব, তেতিয়া ভ্লাদিমিৰে কয় যে সি যে সিহঁতক লগ পাইছে, সেইখিনি ক’লেই হ’ব। তাৎপর্যপূর্ণভাৱে সিহঁতে ল’ৰাজনৰ জৰিয়তে গডোলৈ এনে কোনো অনুৰোধ নপঠালে যাতে গডোৱে পাছদিনা নিশ্চিতভাৱে সিহঁতৰ ওচৰলৈ আহে। ল’ৰাজনৰ সৈতে সিহঁতৰ কথা-বতৰৰ পৰা ধাৰণা হয় যে গডোৰ অহা-নহাক লৈ যেন সিহঁত সিমান চিন্তিত নহয়। অথচ সিহঁতে সেই গডোলৈকে অপেক্ষা কৰি আছে। ল’ৰাজন যোৱাৰ পাছতে ৰাতি হয়। এষ্ট্ৰাগন আৰু ভ্লাদিমিৰ যাবলৈ সাজু হয়। গছজোপালৈ চাই সিহঁতে আকৌ এবাৰ আত্মহত্যাৰ কথা ভাবে আৰু পাছদিনা আহোঁতে হাতত ৰছি এটুকুৰা লৈ আহিব বুলি দুয়ো সিদ্ধান্ত কৰে। দুয়োজন যাবলৈ বুলি সাজু হয় যদিও কোনোও লৰচৰ নকৰে।

দ্বিতীয় অংকত ঘটা ঘটনাখিনি তাৰ পাছদিনাৰ ঘটনা। ঠাই একেখিনিয়েই। কেৱল এটাই পৰিৱৰ্তন— গছজোপাত চাৰি-পাঁচখিলামান পাত গজিছে। ভ্লাদিমিৰ আৰু এষ্ট্ৰাগন আগৰ দৰে ৰৈ থাকে। এইবাৰ ভ্লাদিমিৰে উচ্চকণ্ঠে এটি গীত গাবলৈ লয়। এই গীতটোৰ বৈশিষ্ট্য এয়ে যে গীতত কোৱা কাহিনীটো ঘূৰি ঘূৰি আকৌ আৰম্ভণিলৈ গুচি যায় আৰু কেতিয়াও অন্ত নহয়। এই চক্রাকাৰ গীতটোৱে আচলতে ভ্লাদিমিৰ আৰু এষ্ট্রাগনৰ অন্তহীন আৰু বিৰক্তিকৰ অপেক্ষাকে প্রতীকাত্মক ৰূপত ফুটাই তুলিছে। আনদিনাৰ দৰেই সিহঁতে ইটো-সিটো কথা পাতিবলৈ লয়। সিহঁতে আগদিনাৰ কথাবোৰ আলোচনা কৰিবলৈ লয়। কিন্তু আগদিনা কি হৈছিল, সেয়া এষ্ট্রাগনে সম্পূর্ণভাৱে পাহৰি গৈছে। নানা কথা-বতৰাৰ মাজেৰে সিহঁতে আৱিষ্কাৰ কৰে যে যি ঘটনাই নহওক, সিহঁত সুখী আৰু সুখী কাৰণেই সিহঁতে গডোৰ বাবে অপেক্ষা কৰি আছে। দুয়ো আগদিনাৰ কথাবোৰ মনত পেলাবলৈ যত্ন কৰে। ভ্লাদিমিৰৰ মনত পৰিছে যদিও এষ্ট্ৰাগনে মনত পেলাব নোৱাৰে। আনকি পজো আৰু লাকীকো সি পাহৰি পেলাইছে। ভ্লাদিমিৰে যেতিয়া এষ্ট্রাগনক মনত পেলাই দিয়ে যে আগদিনাখন লাকীয়ে তাক গোৰ এটা মাৰিছিল আৰু পজোৱে তাক কুকুৰাৰ হাড় চোবাবলৈ দিছিল, তেতিয়াহে এষ্ট্রাগনৰ অলপ অলপ কথাবোৰ মনত পৰে। কিন্তু কথাবোৰ আগদিনাই ঘটিছিল বুলি সি নিশ্চিত হ’ব নোৱাৰে। কিছু সময়ৰ পাছত প্রথম দিনাৰ দৰেই মঞ্চত প্রৱেশ ঘটে পজো আৰু লাকীৰ। নাটকখনৰ নাটকীয় শীর্ষবিন্দু বুলিবলৈ পজো আৰু লাকীৰ ঘটনাখিনিয়েই। এইবাৰ পজোৰ আগৰ জমিদাৰসুলভ কর্তৃত্বৰ ভাব নাই। সি অন্ধ হৈ গৈছে। লাকীৰ ডিঙিত বান্ধি থোৱা ৰছিডাল আগতকৈ যথেষ্ট চুটি হৈ গৈছে। লাকীৰ ওপৰত সি নিৰ্ভৰশীল হৈ পৰিছে। আগদিনাৰ সুন্দৰ দৃষ্টিশক্তি থকা পজো যেনেকৈ অন্ধ হৈ পৰিছে, তেনেদৰে কঠিন শব্দ উচ্চাৰণ কৰি অনর্গল বক্তৃতা দিব পৰা লাকী হৈ গৈছে সম্পূর্ণ মূক। ভ্লাদিমিৰে পজো আৰু লাকীক চিনিব পাৰে যদিও এষ্ট্রাগনে নোৱাৰে। এষ্ট্ৰাগনে পজোকে আকৌ গডো বুলি ভাবি লয়। একেদৰে পজোৱেও সিহঁতক চিনিব নোৱাৰে। ভ্লাদিমিৰে পজোক আগদিনাৰ কথাখিনি সোঁৱৰাই দিয়ে যদিও পজোৱে তাক স্পষ্টভাৱে জনাই যে আগদিনাৰ কথা সি মনত ৰখা নাই আৰু আজিৰ সময়ছোৱাত কি ঘটিছে, সেয়া কাইলৈ সি মনত নাৰাখে। তাৰ পাছত পজো আৰু লাকী মঞ্চৰ পৰা গুচি যায়। যোৱাৰ আগতে ভ্লাদিমিৰে লাকীৰ পৰা গান এটা শুনিব খোজে যদিও পজোৱে কয় যে লাকী বোবা হৈ পৰিছে, আনকি সি গেঙাবও নোৱাৰে। তাৰ পাছৰ ঘটনাখিনি আকৌ আগদিনাৰ ঘটনাৰে পুনৰাবৃত্তি। পজো আৰু লাকী গুচি যোৱাৰ পাছত পুনৰ সিহঁত নিসংগ হৈ পৰে। সিহঁতে লাকী আৰু পজো সম্পর্কে কথা পাতিবলৈ ধৰে। সিহঁতে কথা পাতি থাকোঁতেই আগদিনাৰ দৰেই সৰু ল’ৰা এজনে ‘মিঃ এলবার্ট’ বুলি ৰিঙিয়াই সোমাই আহে। কিন্তু সি আগদিনা অহা ল’ৰাজনৰ ভায়েকহে। লৰাজনে কয় যে গডো সেইদিনা নাহে, কিন্তু পাছদিনা নিশ্চয়কৈ আহিব। ভ্লাদিমিৰে ল’ৰাজনক এইবাৰ গডোৰ দাঢ়ি আছেনে নাই সোধে আৰু ল’ৰাজনে গডোৰ দাঢ়ি থকা বুলি কয়। ভ্লাদিমিৰে তেতিয়া গডোৰ দাড়িখিনি ক’লা নেকি প্রশ্ন কৰে। ল’ৰাজনে দাড়িখিনি বগা বুলি কৈ সি গডোক গৈ কি ক’ব লাগিব প্রশ্ন কৰে। তেতিয়া ভ্লাদিমিৰে আগদিনাৰ দৰেই ল’ৰাজনক ক’বলৈ দিয়ে। ইয়াৰ পাছত ভ্লাদিমিৰ আৰু এষ্ট্ৰাগনে আকৌ আত্মহত্যাৰ কথা আলোচনা কৰি পাছদিনা পুনৰ ইয়ালৈ আহিব বুলি দোহাৰি যাবলৈ উঠে, কিন্তু সিহঁতে লৰচৰ নকৰে। এনেদৰে নাটখনৰ যৱনিকা পৰে।

‘ৱেইটিং ফৰ গডো’ নাটকখনৰ বিষয়বস্তু সম্পর্কে বহু পণ্ডিতে বহু বাখ্যা আগবঢ়াইছে। সেইফালৰ পৰা নাটকখনৰ এটি অন্যতম বিষয়বস্তু হিচাপে খৃষ্টান ধৰ্মৰ মুক্তিৰ ধাৰণা আৰু সেই ধাৰণাৰ অনিশ্চয়তাকে গ্রহণ কৰিব পাৰি। আনহাতে বাইবেলত মানৱ জীৱনৰ কিছুমান ঘটনাৰ অযৌক্তিকতা বর্ণিত আছে, যিটো এবছাৰ্ড দর্শনৰ মূল কথা। ‘ৱেইটিং ফৰ গডো’ নাটকখনত সেই সকলো ধৰণৰ অযৌক্তিকতাৰেই প্রকাশ ঘটিছে। খৃষ্টান ধর্মক এটা ‘মিথোলজী’ হিচাপে ব্যৱহাৰ কৰি বেকেটে নাটখনত তেওঁৰ এবছার্ড দর্শন প্রতিপন্ন কৰিছে। নাটকখনত থকা চৰিত্ৰসমূহৰ বহুৱালিয়ে একধৰণৰ হাস্যৰসৰো সৃষ্টি কৰিছে। আনহাতে নাটকখনত লক্ষণীয়ভাৱে কিছু ট্রেজিক উপাদানো আছে। বিভিন্ন আলোচকসকলৰ কথাত সুৰ মিলাই ক’বলৈ গ’লে নাটকখনত ভুমুকি মৰা চৰিত্ৰকেইটিৰ লাগ-বান্ধ নোহোৱা কর্মকাণ্ড, কথা-বতৰাৰ মাজতেই ট্রেজেদীৰ বীজ সোমাই আছে। অৱসাদ, যন্ত্রণা, হতাশা মানৱ জীৱনৰ চিৰ সহচৰ। এইবোৰৰ অবিহনে মানুহৰ কৰিবলৈ যেন একোৱেই নাই। নাটকখনৰ ঘটনা, চৰিত্ৰ, সংলাপ আদিয়ে এইবোৰ দিশ অর্থবহভাৱে ফুটাই তুলিছে। মানুহৰ আশা আৰু অপেক্ষাৰ অন্ত নাই। অর্থহীন বুলি জানিও মানুহে অপেক্ষা কৰে। এই অপেক্ষা এক যান্ত্রিকতা মাথোন। এষ্ট্ৰাগন আৰু ভ্লাদিমিৰ গডোৰ বাবে অপেক্ষাৰত। কিন্তু সিহঁত জ্ঞাত যে গডো সেইদিনা নাহে, আনকি পাছদিনাও নাহিব পাৰে। এই পৰিস্থিতিত “আমি গডোৰ বাবে অপেক্ষা কৰি আছোঁ”— উক্তিষাৰ বাৰে বাৰে নাটখনিত উপস্থাপিত কৰা হৈছে। প্রতিবাৰতে এই উক্তি আগৰ বাৰতকৈ অধিক হতাশাজনক হৈ পৰিছে। কেৱল গডোৰ আগমনেহে সিহঁতৰ দুখৰ অন্ত পেলাব পাৰিব। কিন্তু গডোৰ দেখাদেখিয়েই নাই।

‘ৱেইটিং ফৰ গডো’ নাটকখনৰ গঠনৰ ক্ষেত্ৰত আটাইতকৈ লক্ষণীয় দিশটো হ’ল নাটখনৰ সকলো ক্ষেত্ৰতে দ্বৈততা আৰু পুনৰাবৃত্তিয়ে বিৰাজ কৰিছে। দুই অংকৰ নাটকখনৰ প্ৰথম আৰু দ্বিতীয় অংকৰ সাদৃশ্য, ভ্লাদিমিৰ আৰু এষ্ট্রাগন, পজো আৰু লাকী আৰু বার্তাবাহক ল’ৰা দুটা— এই সকলো দিশকে নাট্যকাৰে এটাক আনটোৰ পৰিপূৰক বা নিৰ্ভৰশীল হিচাপে চিত্রিত কৰিছে। চক্রাকাৰ জীৱনৰ যান্ত্রিকতা আৰু পৌনঃপুনিকতাক সূচাবলৈ নাটখন দ্বৈততা আংগিকৰে গঠিত হৈছে। একেদৰে নাটখনৰ চৰিত্ৰসমূহৰ ঘাই বৈশিষ্ট্য হৈছে চাৰিওটা চৰিত্ৰই ফ্লেট চৰিত্ৰ। তেওঁলোকৰ বিকাশ নাই। পজো আৰু লাকীৰ দ্বিতীয় অংকত সামান্য বিকাশ হলেও ভ্লাদিমিৰ আৰু এষ্ট্ৰাগন একেই আছে। দুজনৰ ভিতৰত ভ্লাদিমিৰ অধিক বুধিয়ক আৰু চিন্তাশীল যেন লাগে যদিও এষ্ট্ৰাগনে নিজকে এবাৰ কবি বুলি ঘোষণা কৰিছে আৰু শ্যেলীৰ উদ্ধৃতি দিছে। একাংশ সমালোচকে ভ্লাদিমিৰ আৰু এষ্ট্রাগনৰ চৰিত্র দুটিক বিশ্লেষণ কৰি এষ্ট্রাগনক শৰীৰ আৰু ভ্লাদিমিৰক আত্মা বুলি কৈছে। সিহঁতৰ কেতবোৰ আচৰণ কেতিয়াবা চাৰ্কাছৰ দৰে যদিও সিহঁত দুজন যে পৰস্পৰ অবিচ্ছেদ্য, সেই বিষয়ে সন্দেহ নাই।

| আৰু পঢ়ক: ডঃ শৈলেন ভৰালীৰ ‘স্বৰাজোত্তৰ কালৰ দুখন বিশেষ নাটক: আহাৰ আৰু জন্ম’

img
জাঁ পল ছাত | Moshe Milner [CC BY 3.0]

ছেমুৱেল বেকেটৰ এই বিশ্ববিখ্যাত নাটক ‘ৱেইটিং ফৰ গডো’ত এবছার্ড নাটকৰ সকলোখিনি উপাদানেই মূর্ত হৈ উঠিছে। অগতানুগতিক এই নাটকখনে মঞ্চজগতত খলকনিৰ সৃষ্টি কৰিছিল। নাটকখনিৰ কাহিনীৰ আৰম্ভনিও নাই, পৰিসমাপ্তিও নাই। কার্য বা গতি বুলিবলৈ নাটকখনত বিশেষ একোৱেই পৰিলক্ষিত নহয়। হতাশা, নিৰাশা সত্ত্বেও চৰিত্ৰ দুটিৰ অপেক্ষাই এক আশাৰ বতৰাও কঢ়িয়াই আনে যদিও নাটকখনত সামগ্রিকভাৱে এক বিৰাট শূন্যতা বিৰাজমান। কার্যৰ কোনো অর্থ নাই। সময়ৰ ধাৰাবাহিকতা নাই। সুখহীন, হতাশাৰে পৰিৱেষ্টিত এনে পৰিস্থিতিয়ে যন্ত্রণা অধিক বঢ়াই তোলে। আধুনিক মানুহে উপলব্ধি কৰা নিঃসঙ্গতা, জীৱনৰ আশা-আকাংক্ষাক লৈ থকা মানুহৰ অনিশ্চয়তা— এই সকলোখিনি নাটকখনৰ চৰিত্ৰসমূহৰ ভাব-অনুভূতি, কার্যকলাপৰ মাজেদি সার্থক ৰূপত প্রতিফলিত হৈছে। বিখ্যাত লেখক আৰু সমালোচক জাঁ পল ছাত (Jean-Paul Sartre)ৰ মতে, প্লটবিহীন প্লট, চৰিত্রহীন চৰিত্ৰ কিছুমান কেতবোৰ অর্থহীন, একশ্যন যেন নলগা একশ্যনত জড়িত হৈ পৰাটোৱেই এবছার্ড নাটকৰ নাট্যৰীতি। ছেমুৱেল বেকেটে তেওঁৰ প্রায়সংখ্যক নাটকতে এই নাট্যৰীতি প্রয়োগ কৰিছে আৰু ‘ৱেইটিং ফৰ গডো’ ত এই নাট্যৰীতি প্রয়োগ কৰি চমকপ্রদ সাফল্য অর্জন কৰে।

ফিচাৰড্ ইমেজত: ১৯৭৮ চনত ফ্ৰান্সৰ Festival d’Avignon উৎসৱত Otomar Krejča-ৰ দ্বাৰা পৰিচালিত ‘ৱেইটিং ফৰ গডো’ (En attendant Godot) নাটকৰ স্থিৰ ছবি | Fernand Michaud [Public Domain]

লেখকৰ ঠিকনা: মাধৱ গাঁও, জামুগুৰিহাট, শোণিতপুৰ

আপোনাৰ আৰু ভাল লাগিব পাৰে:
হিমাংশু ৰণ্‌জন ভূঞা

হিমাংশু ৰণ্‌জন ভূঞা

ঠিকনা: মাধৱ গাঁও, জামুগুৰিহাট, শোণিতপুৰ মোবাইল: ৮৪৮৬৪-০০১৫৭, ৭০০২৭-৬৭০১০

1
আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
1 Comment threads
0 Thread replies
1 Followers
 
Most reacted comment
Hottest comment thread
1 Comment authors
Avatar Recent comment authors
  চাবস্ক্ৰাইব কৰক  
newest oldest most voted
Notify of
Avatar
Guest
Binoy Borah

ভাল লাগিল। ধন্যবাদ।