|

পাৰ্ৱতিপ্ৰসাদ বৰুৱাৰ একুকি গীত

প্ৰকাশ: ২৫ জুন, ২০১৮ | অন্তিম সম্পাদনা: ২১ জানুৱাৰী, ২০২৩

অসমীয়া গীতি-সাহিত্যৰ ভঁৰাল চহকী কৰোঁতা গীতিকবি পাৰ্ৱতিপ্ৰসাদ বৰুৱা (১৯ আগষ্ট, ১৯০৪-৭ জুন, ১৯৬৪)ৰ যদিও গীতিকবি হিচাপে প্ৰথম পৰিচয়, তেখেত আছিল একাধাৰে কবি, গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, নৃত্যশিল্পী আৰু অভিনেতা। ইয়াৰ উপৰি তেখেতে চলচ্চিত্ৰ পৰিচালনা আৰু প্ৰযোজনাও কৰিছিল।

সভা-শুৱনি পুৰুষ পাৰ্ৱতিপ্ৰসাদ বৰুৱাই অসমীয়া আৰু ইউৰোপীয়— দুয়োবিধ সাজ পৰিধান কৰিলেও সভা-সমিতিত পৰিধান কৰা আলংকাৰিক অসমীয়া সাজযোৰে তেখেতৰ স্নিগ্ধ ৰুচিবোধ আৰু ব্যক্তিত্বৰ উমান দিছিল। তেখেতৰ ডাঙৰ জীয়ৰী সান্ত্বনা বৰুৱাই লিখিছিল— “দেউতা বুলিলে শান্ত, সৌম্য ব্যক্তিত্বৰে পূৰ্ণ নিৰ্ভীক সুন্দৰ-সুঠাম পৌৰষভৰা চেহেৰাই মানস পটত জিলিকি উঠে।”

মানুহজনৰ দৰেই পাৰ্ৱতিপ্ৰসাদ বৰুৱাৰ গীতসমূহ অতিকৈ স্নিগ্ধ আৰু হৃদয়স্পৰ্শী। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু অনেক অনুষংগ তেখেতৰ গীতত সমুজ্জ্বল হৈ আছে। সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সুৰ আৰু কণ্ঠই গীতবিলাকক এক সুকীয়া মাত্ৰা দিলে বুলিও অনুভৱ হয়।

‘নীলা চৰাই’ৰ পাঠক সমাজলৈ পাৰ্ৱতিপ্ৰসাদ বৰুৱাৰ কেইটিমান গীতৰ পাঠ আৰু তাৰ লগে লগে ডঃ ভূপেন হাজৰিকাৰ কণ্ঠৰ শ্ৰৱ্য ৰূপ আগবঢ়াইছোঁ। পৰৱৰ্তী সময়ত অধিক গীত আগবঢ়োৱাৰ চেষ্টা কৰা হ’ব।

লুইতৰ চাপৰিত কৰে নাৱৰীয়া

লুইতৰ চাপৰিত ক’ৰে নাৱৰীয়া
বালিত ভাতে ৰান্ধি খায়,
সাউদৰ ডিঙৰা বগা পালে তৰা
উজনি দেশলৈ যায়।

হেৰ’ নাৱৰীয়া মেলি দে ডিঙৰা
তৰি দে শুকুলা পাল,
পশ্চিমৰ দিশৰে পছােৱা আহিছে
বতাহ বলিছে ভাল।

পালতে লাগিব পশ্চিমৰ পছােৱা
তুলবুল কৰিব নাও,
ঢউৰ চেৱে চেৱে নামে লগাই দিবি
হালিব-জালিব গাৱ।

নোবোলো তোক সোণৰ অসম

নোবোলো তোক সোণৰ অসম
মাটিৰ অসম আই,
সোণতকৈয়ো যে চৰা এই মাটি
এয়ে মোৰ ওপজা ঠাই।

অতীতত তোৰ কি ধন আছিলে
কেলেই লাগিছে মোক?
এতিয়া যে তই নিচেই নিছলা
দুবেলা নুগুচে ভোক।

দুখীয়া হ’লেও নিছলা হ’লেও
আই মোৰ মৰমৰ,
আইতকৈনো বাৰু আছেনে আপোন
আছেনে কোনোবা বৰ?

মাজনিশা মোৰ এন্ধাৰ ঘৰত

মাজনিশা মোৰ এন্ধাৰ ঘৰত
কোনে ঘনে ঘনে অহা-যোৱা কৰে
ঘুমটি ভাগিছে বাৰে বাৰে
মোৰ ঘুমটি ভাগিছে বাৰে বাৰে।

তুমি কোন হে চিকুণ চোৰ
আজি নিবানে সর্বহ মোৰ
তোমাক নেদেখি দেখিছোঁ নিচিনি চিনিছোঁ
চৰণৰ ধ্বনিৰে আঁৰে আঁৰে।

মোৰ গোপন ঘৰৰ গভীৰ এন্ধাৰ ভৰি
কি ধন আছে মই নিজেই নেপাওঁ ধৰি।
মোৰ সকলো উদং কৰি
তুমি লৈ যোৱা আজি হৰি,
এই এন্ধাৰৰ ধন পোহৰৰ মাজে
লৈ যোৱা আজি ভাৰে ভাৰে।

পূজো আহাঁ আইমাতৃৰ চৰণকমল

পূজো আহাঁ আইমাতৃৰ চৰণকমল
উঠক বাজি জয়ধ্বনি পৰম মঙ্গল।

পূজাৰ দ’লৰ চন্দন চ’ৰা
বন্তি জ্বলাই উজ্জ্বল কৰা,
সুপৱিত্ৰ কৰা ঢালি শান্তিয়নী জল।

কি আছে কি দিম আমি দুখিত আতুৰ,
আই-মাতৃৰ চৰণ সেৱি হৃদয় কৰোঁ জুৰ।

সমল মাথোঁ চকুৰ পানী
চৰণ ধুৱাওঁ তাকেই আনি,
বুকুৰ তেজৰ অর্ঘ্য ঢালি বুৰাওঁ পদতল।

আজি ফাগুনৰ পুৱা বেলাতেই

আজি ফাগুনৰ পুৱা বেলাতেই
মেঘে ওন্দোলাই আনিলে
আবতৰতেই নীল আকাশত
ক’লা ৰঙ কোনে সানিলে?

বাসন্তী উছৱ নহ’ল পতা
আধা কোৱা হ’ল যুতীৰ মেলৰ
গুপুত কথা।
দেহি ঐ, খৰিকাজাঁইৰ উঠন বুকুৰ
গোপন বেথা
কোনেও নেজানিলে।

পাতে পাতে পাতে জৰজৰণি
কোন বাউলীৰ কান্দোনৰ যেন
কৰুণ ধ্বনি;
হৃদয়ৰ বীণাখনিত তাৰেই নেকি
প্রতিধ্বনি
আঘাত হানিলে।

আজি আকাশৰ শেহ হ’ব পায়

আজি আকাশৰ শেহ হ’ব পায়
শেহ বাৰিষাৰ গান
দিখৌ নৈৰ বুকুতে সেয়েহে আহিছে
শেহতী বান।

কলীয়া ডাৱৰৰ চকুপানী টোকা
কান্দোন পৰিলে ওৰ
আকাশত উৰিলে কপাহৰে জোলা
বাজিছে ৰঙৰে সুৰ।

ওপঙি আহিলে লেকলৌ পৰুৱা
শুকাবৰ বাঢ়নী পানী
পালেহি খৰালি তাৰেহে বাতৰি
দিলেহি আনি।

ডাৱৰৰ যুঁজতে সূৰুয জিকিলে
এন্ধাৰ কৰবালে’ গ’ল
পোহৰৰ কাঁড়েৰে ডাৱৰ সৰকালে
বতৰ ফৰকালে হ’ল।

হেৰ বলিয়া নয়ন ভৰি ভৰি চা

হেৰ’ বলিয়া নয়ন ভৰি ভৰি চা
বলিয়া নয়ন ভৰি ভৰি চা।

সন্মুখত সৌ উঠিছে নামিছে
ৰূপহী সুঁতিৰে ধল
ধলৰে বুকুতে পোহৰ জ্বলেমলাই
ঢউৱে কৰে টল মল।
বলিয়া নয়ন ভৰি ভৰি চা।

ঢৌ দেখি তোৰ হালে জালে গা
ইকৰা পাতৰে নাওখনি বা
পখিলা পাখিৰে পাল তৰি দি
পাৰি দি মাজলৈ যা
কলমৌ ঠাৰিৰে পেঁপাটি বজাই
বনগীত এফাকি গা বলিয়া
নয়ন ভৰি ভৰি চা বলিয়া
নয়ন ভৰি ভৰি চা।

জীৱন যদি হেৰালে তোৰ

জীৱন যদি হেৰালে তোৰ
মৰণ যদি নাই হে
মৰণ যদি নাই
ঘৰটি যদি ভাগিলে তােৰ
বাটত নহ’ল ঠাই হে
বাটত নহ’ল ঠাই,
কি গতি হ’ব হায় দুৰকপলীয়া।

তৰাং পানীত বুৰালি তোৰ
মাণিক ভৰা তৰী,
অথাই সাগৰ পাৰ হৱ তই
কি ভৰসা কৰি।
দুৰকপলীয়া।

অতল জলত তল নগলি
নেপালি তই কুল
জীৱন মৰণ হৰণ কৰা
ঘটিল মহা ভুল।
কলিজাত তােৰ আপােন হাতেই
হান যদি হুল
কি গতি হ’ব হায়
দুৰকপলীয়া।

কিহৰ ৰাগীত জ্বলা-কলা হলি

কিহৰ ৰাগীত জ্বলা-কলা হলি
কোন পগলাৰ বিজয় মলা ললি।

কোন ৰূপহৰ ৰূপত ভোল গলি,
উজ্জ্বল জ্যোতি চাই অন্ধলা হলি!

জলক তবক বাট নেপাৱ চিনি,
থৰক-বৰক যাৱ যেনি তেনি।

অন্ধ চকুত অৰূপ ছয়াবাজী
জগতখনেই ৰূপহ হ’ল যে আজি।

| আৰু পঢ়ক: অকলশৰীয়া বাটৰুৱা: পাৰ্ৱতিপ্ৰসাদ বৰুৱা

তোমাৰ ৰথৰ জয়ধ্বজা

তোমাৰ ৰথৰ জয়ধ্বজা
মোৰ শুকুলা ফুলেৰে সজা।

বিদায় বাঁহী বাজি
ভাঙিব নেকি আজি
তোমাৰ জয়ৰ ৰঙত মজা
মোৰ শুকুলা জয়-ধ্বজা?

শেষ বাৰিষাৰ দুর্বাদলত
থিয় ৰ’ল সি আপােন বলত।
নীৰৱে সকলাে সহি
অকলে আহিছে বহি
তোমাৰ ৰথৰ জয়-ধ্বজা
মোৰ শুকুলা ফুলেৰে সজা।

পাৰ্ৱতিপ্ৰসাদ বৰুৱাৰ একুকি গীত

Follow Nilacharai on Facebook

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts