সামাজিক মাধ্যমত অংশগ্ৰহণ সম্পৰ্কত অসম চৰকাৰৰ গোহাৰি

সামাজিক মাধ্যম (social media)ত অংশগ্ৰহণ সম্পৰ্কত অসম চৰকাৰৰ তৰফৰ পৰা কিছু সতৰ্কতামূলক নিৰ্দেশনাৰে গোহাৰি প্ৰকাশ কৰিছে। ‘পোষ্ট কৰাৰ আগতে ভাবক’ শিৰোনামেৰে এই গোহাৰিত কোৱা হৈছে:

  • সন্দেহজনক সমল পোষ্ট (post) বা বিতৰণ (share) নকৰিব।
  • সমাজত ঘৃণা বিয়পোৱা আৰু অনৈক্যৰ কাৰক হ’ব পৰা কোনো ধৰণৰ সমল পোষ্ট নকৰিব।
  • সামাজিক মাধ্যমত বিতৰণ কৰাৰ আগতে সমলবোৰৰ সত্যতা পৰীক্ষা কৰক।
  • সামাজিক ঐক্য ভংগ কৰিব পৰা উৰাবাতৰি সামাজিক মাধ্যমত বিতৰণ কৰাটো এটা শাস্তিযোগ্য অপৰাধ।
Image courtesy: @mygovassam/Twitter

গোহাৰিখনত সামাজিক মাধ্যমত ভূৱা বাতৰি প্ৰচাৰ কৰা সম্বন্ধে নিকটৱৰ্তী আৰক্ষী থানা অথবা নিম্নলিখিত ফোন নম্বৰত অভিযোগ দিয়াৰ বাবে অনুৰোধ জনোৱা হৈছে:
০৩৬১-২৫২১২৮২/ ৯৪৩৫২১৫০২৯ (D.G. Control Room)
০৩৬১-২৩৮১৫১১/ ২৩৮০৬২০ (S.B. Control Room)
৮৭৪৯৮৬০৮০৩ (ৱাটছএপ নম্বৰ)

আপোনাৰ আৰু ভাল লাগিব পাৰে:
সম্পাদক

সম্পাদক

editor@nilacharai.com

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of