আই কুদ নত মিত ইউ

[ নেকিব আহমেদ ]

ঘটং…
মানুহটোৱে হাতত থকা পাল্লাখন মজিয়াত থেকেছা মাৰি থলে।
: দছ ৰুপিয়া চে এক ৰুপিয়া ভি জ্যাদা নেহি হ'গা মাতাজী।

কিছু ধাতব শব্দ আৰু কৰ্কশ মাতৰ এক অস্বস্তিকৰ মিশ্রনে মোক স্বপ্নপুৰীৰ পৰা ওভতাই লৈ আনিলে। ৰাতিপুৱাৰ এই সময়কণ মোৰ এনেয়ে ভাল লাগে। নাতিদূৰৈত থকা নৈখনৰ পৰা এছাটি গা-মন জুৰুৱা বতাহ অনবৰতে বৈ থাকে। শাওণ সোমালেই। আলিবাটটোৰ সিপাৰৰ পথাৰখনত ৰোৱনীবোৰে ৰোৱা আৰম্ভ কৰিছেই। শাওণমহীয়া ৰদে ৰঙা পেলোৱা সিহঁতৰ গালবোৰতো বোকাৰ মটীয়া ৰংবোৰ অত-তত লাগি ধৰিছে। বাৰীৰ চুকৰ  জামুজোপাত কিছুদিনৰ পৰা টোকোৰা যেন লগা চৰাই এহালে বাহ লৈছে। সিহঁতৰ বিৰামহীন কলকলনিয়ে গোটেই ৰাতিপুৱাটোকেই মুখৰিত কৰি তোলে। প্রকৃতিৰ এই অপৰূপ সৌন্দৰ্য উপভোগ কৰি এইকেইদিন মই ৰাতিপুৱাৰ সময়কণ বাৰাণ্ডাতেই বহি কটাই দিওঁ। কোনো অখ্যাত মিস্ত্রী প্রদত্ত চিকুণ ৰংটো ত্যাগ কৰা বাৰাণ্ডাৰ এচুকত ধূলি-বালিৰে পোত খাই বেতৰ হেলনীয়া চকীখনেও যেন এই কেইদিন কেতিয়াবাই বিচ্ছেদ হোৱা সংগীহে পাই গল। ৰৌচন মিস্ত্রিৰ পুতেকে দলিয়াই থৈ যোৱা খবৰ কাগজখনত মোৰ তীক্ষ্ন দৃষ্টিৰ আক্রমণ চলে এইখিনি সময়তেই। ধেমাজিৰ বানপানীয়েই হওক বা গুৱাহাটীৰ কৃত্রিম বানেই হওক, মোৰ দৃষ্টিৰ পাশুপাত অস্ত্রৰ পৰা কোনো সাৰি যাব নোৱাৰে। সমান্তৰালকৈ গলাধঃকৰণ চলে একাপ জালুক মিহলি ৰঙা চাহৰ।

ঘটলং… ঘটং…
যেন এটা টাইম মেচিনেহে কল্পনাবিভোৰ হৈ থকা 'মই'টোক আনি এটা কোঢ়ালময় গ্রহতহে নমাই থৈ গলহি। টিঙিচকৈ উঠি অহা খংটো কোনোমতে সামৰি ডিঙিটো মেলি চালো। খবৰ কাগজ কিনিবলৈ অহা বেপাৰী এটা।

: কি দছ ৰুপিয়াছে জ্যাদা নেহি হগা অ’? যোৱা বিহুত দেখোন বাৰ টকাত লৈছিলি।
আগন্তুকৰ সৈতে মাৰ পুৰনা পৰিচয় থকা যেন লাগিল। হাতত থকা খবৰ কাগজখন একাষৰীয়াকৈ থৈ আগন্তুকক লক্ষ্য কৰাত লাগিলো। সৰু চহৰখনৰ একোণত থকা হৰিজন বস্তিৰ বিহাৰী বনুৱাকেইটাৰ দৰেই তাৰ কথাৰ সুৰবোৰ। তাৰ মলিয়ন মোনাখনত অনা মান্ধাতা যুগৰ দগা পাল্লাযোৰ সশব্দে মজিয়াত থৈ সি এক বিশেষ ভংগীত বহি ললে। লুঙীৰ আগটো তপিনাত খোচ মাৰি লৈ বহা তাৰ ভংগীটো এনৰেগাৰ শ্রমিককেইটাই পুলটোৰ ওচৰত সৰু পানী চুবলৈ বহা বিশেষ ভংগীটোৰ দৰেই লাগিল। মানুহজনৰ বয়স চল্লিছৰ ঊৰ্ধ্বত। কিন্তু মুখমণ্ডলত বাৰ্ধক্যৰ চিন সুস্পষ্টভাৱে জিলিকি উঠিছে। খবৰ কাগজৰ দ’মবোৰৰ মাজত তাৰ ভৰি দুখন শুকান বাঁহ খৰি দুডালৰ দৰেই দেখা গৈছে। আগতে দেখা মনত নপৰে। পেটৰ ভাতমুঠিৰ তাড়নাত বছৰটোৰ অধিকাংশ সময়েই এই সৰু চহৰখনৰ পৰা নিলগত থাকোঁ। পোন্ধৰটা বছৰ কিদৰে পাৰ হৈ গল গমেই নাপালো। সময়বোৰ যেন পাখি লগা কাঁড় এপাট হৈ হে উৰি গৈ আছে। চাওঁতে চাওঁতে বহু অচিনাকি মুখেৰে ভৰি পৰিল তেনেই চিনাকি চহৰখন। তাহানিতে এৰি থৈ যোৱা চহৰখন আজি গাভৰু হৈ উঠিছে। চাইকেলত দুয়োফালে দুঠোক কল ওলোমাই সদায় আমাৰ ঘৰৰ আগেদি পাৰ হোৱা ৰামধন কাইটি, মণিহাৰী দোকান দিয়া যদু খুড়া, প্রকাণ্ড বৰালী মাছ এটা কান্ধত ওলোমাই লৈ অহা লতিফ কাই;— কত হেৰাল এইবোৰ মুখ? সময়ৰ ঘড়ীটোক যেন কোনোবাই চাবি পকাই আৰু অধিক তীব্র কৰি তুলিছে।

: হোঃ, এইখিনিও লোৱা।
দুটা পুৰনা বহি-কাগজৰ টোপোলা আনি মাই তাৰ ওচৰতে থলে।
: গোটেই ঘৰখনতে পইতাচোৰাৰ বাহ হৈছে।

এৰা কথাটো হয়। দুদিনমান আগতে আলমাৰীৰ পৰা কিতাপ এখন উলিয়াব খুজি পৰম সন্তোষেৰে পায়চাৰি কৰি থকা থকা এই ক্ষুদ্রকায় জীৱবিধ দেখি দুখোজ পিছুৱাই আহিলো। ৰাতি ভাতৰ পাতত বহি বহি কথাটো উলিয়ালো। “অদৰকাৰী খবৰ কাগজ বা বাহী কিতাপবোৰচোন বেচিয়েই দিব পাৰি।” সেই মহৎ কামফেৰাৰ বাবেই আজি আগন্তুকৰ আগমন। কাগজ পত্রৰ খচৰ-মচৰ শব্দৰ বাহিৰে বহুদেৰি আন কোনো শব্দৰ উমঘাম নাপাই দুয়োপক্ষই বুজাবুজিত উপনীত হোৱা যেন বোধ হল। মায়েও তাৰ সতে তৰ্কযুদ্ধত লিপ্ত হোৱাতকৈ বাৰীৰ চুকৰ ঢেকীয়াকেইডীল তোলাটোৱেই বেছি সময়োচিত বুলি ভাবিলে।

পাঞ্জাবীৰ পকেটত থকা মবাইলটো সশব্দে বাজি উঠিল।
: হেল্ল, নেওগ…।
লাইনৰ সিটো মূৰত সহকৰ্মী বৰ্মন।
: কেতিয়া আহিব? মইটো টিকেট কৰিলোৱেই। তাতে লেণ্ডস্লাইদৰ সমস্যাটো আছেই নহয়।

ৰাজ্যখনৰ সিটো প্রান্তত থকা প্রতিষ্ঠিত মহাবিদ্যালয় এখনৰ বিভাগীয় অধ্যাপকৰ গধুৰ দায়িত্ব ন্যস্ত মোৰ ওপৰত। ছুটী বুলিবলৈ নায়েই। ষান্মাষিক পৰীক্ষা এটা শেষ হোৱাৰ পাছত কিছু অৱকাষ পালো। চাওঁতে চাওঁতেই দীঘলীয়া ছুটীটো পাৰেই হল। বৰ্মনৰ কথাতহে মনত পৰিল। টিকেট কৰাৰ সময় হলেইচোন।

: অউৰ কাগজ নেহী হে ক্যা মাতাজী?
মাতাজীয়ে ইতিমধ্যে যতনাই লোৱা ঢেকীয়াকেইডালৰ সতে ৰান্ধনীশালত ব্যস্ত হৈ পৰিছে। টেঙা দিয়া ঢেকীয়াৰ আঞ্জা যে মোৰ বৰ প্রিয়, মাই জানে। বৰ্মনৰ সতে কুশল-বাৰ্তা বিনিময় শেষ কৰি ময়েই উঠি গলো। বেপাৰীটোৱে মুগা বৰণীয়া জিল লগোৱা ফুলস্কেপ চাইজৰ বহী কিছুমান জাপি জাপি পাল্লাত উঠোৱাত লাগিছে। লেবেলবোৰ ধৰিব নোৱাৰিলো। তথাপিও হালধীয়া বৰণ লোৱা পৃষ্ঠাবোৰ চাই হায়াৰ চেকেণ্ডাৰীৰ সময়ৰ যেন অনুমান হল। ভাঁজ কৰি পাল্লাখনত উঠাই দিওঁতে সৰু সৰু কাগজৰ টুকুৰাকেইটামান বহীৰ ভিতৰৰ পৰা ওলাই সিঁচৰতি হৈ পৰিল। স্কুলত পঢ়া দিনবোৰত নোট বনোৱাৰ পাছত দৰ্কাৰী কিবা টোকা আদি ৰৈ গ’লে সৰুকৈ কাগজ এটুকুৰাত লিখি মূল নোটটোৰ লগতে গাঁঠি থোৱাৰ অভ্যাস আছিল। ঠিক তেনেকুৱাই কেইটামান সৰু সৰু টুকুৰা। কিন্তু মোৰ দৃষ্টি আকৰ্ষণ কৰিলে ৰঙীন ভাঁজ লাগি থকা কাগজৰ টুকুৰা এটাই। ৰঙা জীঞা এটাৰ দৰেই হালি-জালি মোৰ ক্রমাৎ ক্ষয় যাব ধৰা কোলাহপুৰী যোৰৰ ওচৰত সি অৱস্থান গ্রহণ কৰিলে। উচপিচনিটো দমোৱাৰ ব্যৰ্থ প্রয়াস এটাৰ পাছত টুকুৰাটো বুটলি লোৱাটোকেই ঠিৰাং কৰিলো। কোনো অট’গ্রাফ বুকৰ ছিগা টুকুৰা যেন বোধ হল। পকোৱা হাতৰ আখৰত ইংৰাজীতে লিখা দুটামান শাৰী। তলৰ ফালে চিঞাহী বিয়পি পৰিছে। পানী বা চাহ জাতীয় কিবা পৰিছে। চকামকাকৈ এঠাইত মোৰ নামটো দেখা যেন লাগিলে। খুদুৱনিটো ক্রমাৎ বাঢ়ি আহিল। এহ…, এই চচমাযোৰ ক’ত থাকিল? যোৱা পাঁচোটা বছৰত চচমাযোৰ মোৰ একান্ত সংগীত পৰিণত হৈছে। কাঁচৰ এই আওপুৰণি আহিলাযোৰেই যেন আজিৰ এই অপূৰ্ণ 'মই'টোক পূৰ্ণতা প্রদান কৰে। এৰা, খবৰ কাগজখনৰ লগতেই চোন এৰি আহিছিলো। চচমাযোৰ চকুত লগালে মোৰ অৱস্থাতো পিয়াহত আতুৰ বাটৰুৱাই যেন শীতল পানীৰ নিজৰা এটাহে আৱিষ্কাৰ কৰিলে, ঠিক তেনেকুৱাই হয়। কাগজৰ টুকুৰাটো চকুৰ সন্মুখত এক নিৰ্দিষ্ট দূৰত্বত ৰাখি পঢ়িবলৈ চেষ্টা কৰিলো। মোকেই সম্বোধন কৰি লিখা হৈছে। এটা বিশেষ হেলনীয়া ভংগীমাত লিখা দুশাৰি নিপোটল হাতৰ আখৰ— “I could not meet you before going. Do write to me as soon as possible, I will be waiting.”

ক’ৰবাত যেন আগতেই পঢ়িছোঁ। তেনেহ’লে মনত কিয় পেলাব পৰা নাই? এই যেন আহোঁ আহোঁকৈ চিনাকি ছবি কিছুমান মনৰ মাজলৈ আহি আকৌ ঘূৰি গৈছে। নাই, কোনো তাৰিখ নতুবা স্থানৰ কথা উল্লেখ নাই। লেখকৰ নামটোৰ ওপৰত পানী পৰি চিনিব নোৱৰা হৈ আছে। অকল দুটামান আখৰহে মণিব পাৰি। ‘ম’…, কোন হ’ব পাৰে ? 'মি' যেন লাগিছে।
মি…না… মিনাৰ্ভা…! বুকুৰ সোমাজেদি বিদ্যুতৰ লহৰ এটাহে যেন পাৰ হৈ গল। একেবাৰে ওচৰলৈ আনি চালো। হয়, মিনাৰ্ভাই হয়। প্রকাণ্ড শাল কাঠৰ কুণ্ডা এটাই সজোৰে বুকুখনত খুন্দা এটা মৰা যেন অনুভৱ হ’ল। বেতৰ চকীখনত খামোচ মাৰি ধৰি বহি পৰিলো। ইমানপৰে উপভোগ কৰি থকা চিনাকি আলিবাটটো, সন্মুখৰ পথাৰখন ক্রমাৎ ধূসৰ হৈ অহা যেন বোধ হ’ল। সময়ৰ ঘড়ীটোৱে যেন হঠাৎ ওলোটা দিশত ঘূৰিবলৈ আৰম্ভ কৰি দিলে সজোৰে…। কিমান বছৰ হ’ল, বিছ…, নহয় তেইছ…!
***

…পুৱাৰাতিৰ সপোন হৈ নামি আহে প্রেম
আজি নিশা নালাগে বৰষুণ
জানোচা বৈ আহে বিষাদৰ তেজাল ধাৰা হৈ।…

: ঐ নিবিড়, তোক মিনাৰ্ভাই বিচাৰি আছে। সিহঁতৰ বাছ যাবই অলপ পাছত।
কথাখিনি প্রবালে চিঞৰি চিঞৰি কৈ গল। মিনাৰ্ভাই মোক বিচাৰি ফুৰিছে! কিন্তু কিয়? মনৰ ভিতৰতে উত্তৰ বিচৰাৰ বৃথা প্রয়াস এটা কৰিলো। নাতিদূৰৈত দুখনমান গাড়ীৰ হৰ্ন একেলগে বাজি উঠিল। পুৰণা টাইমেক্স ঘড়ীটো জুপি জুপি চালো। ৫ বাজেই। বাছকেইখন এৰিবলৈ হয়তো বেছি সময় নাই। কোবাকুবিকৈ হৰ্ন বজাৰ দিশে খোজ ললো।

আন্তঃ মহাবিদ্যালয় নাট্ সমাৰোহ। জনসমাগম মই মুঠেই ভাল নাপাওঁ। এই মানস, প্রবালহতে এক প্রকাৰ জোৰ কৰাদিয়েই টানি আনিছে মোক। মই হেনো বেছি ইন্ত্ৰ’ভাৰ্ত। সিহঁতৰ মতে হেনো এনে ধৰণৰ প্রগ্রামবোৰত আহিলে মোৰ এই 'চচিয়েল উইদ্রৱেল' জাতীয় বেমাৰবোৰ কমিব। ছোৱালীজনীক প্রথম দিনাই লগ পাইছিলো। মুখত মেকআপ লগাই থাকোঁতে হুৰমুৰকৈ ধুমুহাৰ দৰে সোমাই আহিছিল। কাৰোবাক বিচাৰি আহিছিল চাগে। মোক তেনেদৰে দেখি থতমত খাই ৰৈ গ’ল। শুভকামনা জনাবলৈ নাপাহৰিলে। মোৰ আক' আচৰিত হোৱাৰ পাল। এনেদৰে এখন অচিনাকি ঠাইত অচিনাকি ছোৱালী এজনীৰ পৰা এনেদৰে শুভকামনা পাম বুলি সপোনতো ভবা নাছিলো। আমাৰ নাটক শেষ হোৱাৰ পাছত তাই উপযাচি চিনাকি হ’বলৈ আহিল। মিনাৰ্ভা ফুকন। ঘৰ গুৱাহাটীত। সন্দিকৈ মহাবিদ্যালয়ৰ প্রথম বাৰ্ষিকৰ ছাত্রী। বেছ সপ্রতিভ । বেছ কম সময়ৰ ভিতৰতেই মোৰ বিষয়ে বহু কথাই জানি ল’লে তাই । সেয়াই আৰম্ভণি। তাৰ পিছৰ পৰাই ৰাতিৰ আহাৰৰ তাই নোখোৱা কণীটোও আহি মোৰ পাততে পৰিছিলহি। মোৰ কাৰুকাৰ্য দেখি মানস, প্রবালহঁতেও এইকেইদিন মুখ টিপিয়াই হাঁহিছে।

চাৰিদিনীয়া নাট সমাৰোহখনিৰ অন্তিম দিন। দূৰণিবটীয়া অংশগ্রহণকাৰীসকল নিশাই যাব। আমাৰ ওচৰ হোৱা হেতুকে পিছদিনা দিনৰ ভাগত যাম। মিনাৰ্ভাহঁতৰ বাছ এইখনেই হ’ব লাগে। গুৱাহাটীৰ দলটোৰ ল’ৰা-ছোৱালীবোৰ বয়-বস্তু সামৰি-সুতৰি বাছত উঠোৱাত ব্যস্ত হৈ পৰিছে। তাইক দেখোঁ নেকি চাৰিওফালে চকু ফুৰালো।

: নিবিড়…।
বাছৰ খিৰিকী এখনেদি মূৰটো আধা উলিয়াই তাই হাত জোঁকাৰিলে। খুব সম্ভৱ, নিজৰ চিটত বহিছিলগৈ তাই। পিঠিত হেভাৰছেক এটা লৈ নামি আহিল বাছখনৰ পৰা।
: ক’ত আছিলা দিনটো? ক’তো বিচাৰি পোৱা নাই যে তোমাক?
: এনেই…, নতুন ঠাই, অলপ ফুৰি আছিলো। কিয় বিচাৰিছিলা?
তাই নিৰৱ হৈ ৰ’ল। চাৰিওফালৰ হাই-উৰুমিৰ মাজতো কেইমুহূৰ্তমান মৌনতাই দুয়োকে আবৰি ৰাখিলে।
: তোমাক এটা কথা ক’ব লগীয়া আছিল।
: কি কথা?
বাছ এৰাৰ অন্তিম সংকেতধ্বনি বাজি উঠিল। তাই কিবা এটা ক’ব খুজিও ৰৈ গল।
: থাওক দিয়া, কেতিয়াবা যদি লগ পাওঁ…।

বাছ চলিবলৈ আৰম্ভ কৰিলে। তাই খিৰিকীৰ ফাঁকেৰ মূৰ উলিয়াই মোলৈ চালে। চলচলীয়া চকু। বুকুখন যেন কৰবাত অকণমান বিষাই উঠিল। চকুৰ গুৰিকেইটাও অলপ সেমেকা সেমেকা অনুভৱ হল। কান্ধত হাত এখনৰ স্পৰ্শ অনুভৱ কৰি উচপ খাই ঘূৰি চালো। মানসে ভাঁজ কৰা কাগজ এটুকুৰা আগবঢ়াই দিলে।
: তোক যোৱাৰ সময়ত লগ নাপাব বুলি ভাবি মিনাৰ্ভাই মোৰ হাতত দি গৈছিল।
খুলি চালো। তাইৰ অট’গ্রাফ বুকৰ পৰা কাগজ এটুকুৰা ফালি তাতে লিখি দিছে— “I could not meet you before going. Do write to me as soon as possible, I will be waiting. —Minerva।
মিনাৰ্ভাহঁতৰ বাছখন তেতিয়া বহুদূৰ পাইছিলগৈ।
***

…কানিমুনি জোনাকত বাট চাওঁ তোমাৰ বাবে
উকা উকা চিকুণ মোৰ বাটত
সেয়া পৰি আছে তোমাৰ খোজ।…

: নবীন…।
মোৰ মাতটো শুনিয়েই সি চিনি পালে। ধুই-পখালি থোৱা কাপ-প্লেটবোৰ মচি মচিয়েই সি কৈ উঠিল— “দি আছোঁ দাদা”।

কি দিব লাগে সি জানে। যোৱা দুবছৰ কাল ধৰি বিশ্ববিদ্যালয় কেণ্টিনৰ এই ল’ৰাটোৰ সৈতে মোৰ এক অদ্ভুত অন্তৰংগতা গঢ়ি উঠিছে। সি যেন পঢ়ি ল’ব পাৰে মোৰ মনত কি চলি আছে। আজি ইমান দিনে যি আত্মীয়তাবোধ আনকি মোৰ ৰুমমেট প্রশান্ত আৰু নিলয়ৰ সৈতেও গঢ়ি নুঠিল, তেনে এক আত্মীয়তা অনুভৱ কৰোঁ মই নবীনৰ সৈতে। একাপ স্পেচিয়েল চাহ আৰু এটা গৰম চপ আনি দিলেহি সি। আবেলিৰ ক্লাছটোৰ পাছত একাপ গৰম চাহৰ জুতি লোৱা অভ্যাসটো মোৰ এতিয়াও যোৱা নাই। আজিও তাৰ ব্যতিক্রম নহ’ল। মোৰ এই অভ্যাসটোৰ সতে নবীনো ভালদৰেই পৰিচিত।

: মিনাৰ্ভাক দেখিছিলি নেকি ?
: বাইদেউ ৰাতিপুৱা আহিছিল। আপোনাৰ কথা সুধিছিল। ‘পিছবেলা আহিম’ বুলি কৈ গুচি গ’ল। আহিবই চাগে এতিয়া।

ৰাজুদাৰ পুৰণা ডেকটোত মাৰ্ক ন'ফ্লাৰৰ ধুনীয়া কান্ত্ৰি চং এটা বাজি আছে। ক’বলৈ গলে, ফাইনেল পৰীক্ষাৰ পাছত এই কেইমাহ মই হোষ্টেলতে হামিয়াই-হেকতিয়াই পাৰ কৰিছোঁ। কিন্তু উপায়ো নাই। নেটৰ ৰিজাল্ট ওলাবলৈ এতিয়াও বেছ কিছুদিন বাকী। জানোচা কৰবাত কিবা এটা গতি লাগেই।

: নিবিড়…।
বন ফৰিং এজনীৰ দৰেই উফৰি আহি মিনাৰ্ভা মোৰ গাত পৰিলহি।
: ফাৰ্ষ্ট অব অল, কংগ্রেটছ মি।
: অ'কে, কংগ্রেটছ, কিন্তু কিহৰ কাৰণে?
: মইযে দুমাহমানৰ আগতে দিল্লী বিশ্ববিদ্যালয়ত ৰিচাৰ্চ প্রগেমৰ কাৰনে এপ্লাই কৰিছিলো, মোৰ এপ্লিকেচন গ্রান্ত হ’ল জানা?
: সেয়াটো বৰ ভাল খবৰ। তেনেহলে যাবাই তুমি?
: অঁ, পাপাই পৰহিৰ ফ্লাইটত টিকেট কৰি দিছে।
: ট্রেইনতে যাব পাৰিলাহেঁতেন। এই প্লেনবোৰ মোৰ হ’লে ভয়ে লাগে।
: নাই অ', বিহাৰৰ ফালে পৰস্থিতি বৰ ভাল নহয় বুলি শুনিছোঁ। তাতে ভাল হ’লেও ইমান সোনকালে ট্রেইনত ৰিজাৰ্ভেচন পোৱাটো ইম্পচিবল। তুমি চিন্তা নকৰিবা, মই যাম আৰু আহিম ।
: দিল্লীলৈ গৈ আকৌ কোনো দিল্লীৱালাক ধৰি লৈ নানিবা।
কৃত্রিম খঙত মিনাৰ্ভাই মুখখন ভেঙুচাই দিলে।
: এই শুনা, পাপাই কৈছে, মই এদমিশ্বন লৈ অহাৰ পাছতেই হেনো আমাৰ এংগেজমেন্তটো কৰি পেলাব। ওৱাও!
: ইমান সোনকালে? মই দেখোন ক’তো মূৰটোৱেই গুজিব পৰা নাই।
: নেটৰ ৰিজাল্ট এইকেইদিনত দিবই। আৰু তাৰ পাছততো তুমি যে এসপ্তাহমান আগত ইন্টাৰভিউ দি থৈ আহিছিলা, কলেজখনত, তাততো জইন কৰিব পাৰিবাই। ইমান কিয় চিন্তা কৰিছা?
: বাৰু এইবোৰ বাদ দিয়া। মোক পিছে কিমান মিছ কৰিবা?
: বহুত।

ৰাজুদাই ভলিউমতো অলপ বঢ়াই দিছিল। সংগীতৰ উত্তাল স্বৰে মিনাৰ্ভাৰ কথাবোৰ লাহে লাহে তল পেলাই আনিলে। নবীনে ইতিমধ্যেই আৰু একাপ চাহ দি গৈছিল। একোণত থকা চাউণ্ড বক্সটোৰ পৰা ভাহি আহি থাকিল ডায়াৰ ষ্ট্রেইটৰ— “হিয়াৰ আই এম এগেইন ইন দিচ মিন অল্ড টাউন/ এন্দ ইউ আৰ চ' ফাৰ এৱে ফ্রম মি…”।
***

: বাবুজী, একশ' ষাঠ ৰূপিয়া বন গিয়া।
ধহমহকৈ চকীখনতে খামুছি ধৰি বহি পৰিলো। কামিহাড়ৰ তলত থকা হৎপিণ্ডটোৱে যেন বাহিৰলৈ ওলাই আহিবৰ বাবেহে আৰ্তনাদ কৰি উঠিছে। চচমাযোৰ জোৰ কৰি সুমুৱাই লোৱাৰ পাছতো সকলোবোৰ ধুৱলি-কুৱলি লাগিছে কিয়? হাতৰ মুঠিত দহটকীয়া নোটকেইখন বাৰে প্রতি গণি গণি মোলৈ আগবঢ়াই দিয়া খবৰ কাগজৰ বেপাৰীটোকো দেখোন মই ভালদৰে চিনিব পৰা নাই। এইজনেই সেইজন হয়নে? যোৱা পোন্ধৰটা বছৰেদি মাজে সময়ে চুগাৰ লেভেলটো চেক কৰাৰ বাবে সহপাঠী বিৰাজৰ চেম্বাৰত পাক এটা মৰাৰ বাহিৰে তেবলেত এটাও খাই নোপোৱা এই সুঠাম দেহটোৰ মাজত সোমাই থকা 'মই' নামৰ সত্তাটোৱে যেন বেদনাত কেঁকাই উঠিল। গাটো হঠাৎ অৱশ অৱশ লাগি গ’ল। আৰামী চকীখনত বহি থকাৰ শেষ শক্তিকণো যেন কোনোবাই কাঢ়ি লৈ গলহি। তাহানি চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতেই এপেণ্ডিক্স হোৱাৰ সময়ত তলপেটটোত যিটো বিষ হৈছিল, সেই বিষটোৱেই যেন আকৌ তীব্র ৰূপ ধৰি বুকুৰ সোমাজলৈ বগুৱা বাই উঠি আহিছে। প্রকাণ্ড উঁই পোক এটাই মোৰ বুকুখন এফালৰ পৰা যেন কুৰুকি কুৰুকি খাবলৈহে আৰম্ভ কৰিছে। খেপিয়াই খেপিয়াই পকেটৰ পৰা মবাইল ফোনটো উলিয়াই ৰিদায়েল বুটামটোত হেঁচা মাৰি ধৰিলো।

: ব…ৰ্ম…ন…, পাৰিলে… পাৰিলে মোৰ বাবেও টিকেট এটা কৰক। কাইলৈয়েই যাম…।
বৰ্মনে সিফালৰ পৰা কিবাকিবি কৈ আছিল। মবাইলটো দিচকানেক্ত কৰিবৰ বাবেও যেন আঙুলিকেইটাৰ শক্তি নোহোৱা হৈ আহিল। মবাইলটো হাতৰ পৰা সৰি কাষতে থকা সৰু টেবুলখনতে পৰিল। বৰ্মনৰ কণ্ঠস্বৰ তেতিয়াও ভাহি আহি আছে। বেপাৰীটোৰ পইচাৰ হিচাপবোৰ, পাকঘৰত মাৰ কাঁহী-বাচনৰ শব্দ, আলিবাটৰ গাড়ীকেইখনৰ কাণ তাল মাৰি ধৰা হৰ্নৰ শব্দবোৰ লাহে লাহে মোৰ কাণত নোসোমোৱা হৈ আহিল। কৰ্ণকুহৰত ঠেকা খাই খাই বাৰে বাৰে বাজি উঠিব ধৰিলে বহু বছৰ আগেয়ে ৰেডিঅ'ৰ ঘোষিকা এজনীয়ে পাঠ কৰা বাতৰিৰ মুখ্যাংখ এটি— “আজি পুৱা সংঘটিত হোৱা এক শোকাৱহ বিমান দুৰ্ঘটনাত দিল্লী অভিমুখী ইণ্ডিয়ান এয়াৰলাইনছৰ বিমান আই এ ২৭৬৫-ৰ সমূহ যাত্রীৰ মৃত্যু…।”

বেপাৰীটোৱে তেতিয়া মোৰ চকুলৈ ট-টকৈ চাই আছিল।«

লেখকৰ ঠিকনা: আই আই টি, গুৱাহাটী।

নীলা চৰাই . চেপ্তেম্বৰ ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

AKCA-BRabha-Cover150x80

আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু বিনামূলীয়াকৈ ই-বুক লাভ কৰক !


আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু প্ৰীতিৰ চিন স্বৰূপে বিষ্ণুপ্ৰসাদ ৰাভাৰ 'অসমীয়া কৃষ্টিৰ চমু আভাস' ই-বুক (ই-পাব/ মবি/ পিডিএফ) ৰূপত পাওক বিনামূল্যে !

আমি আপোনাৰ ই-মেইল ঠিকনা নিশ্চিত কৰিব লাগিব। আমি এইমাত্ৰ আপোনালৈ এটা ইমেইল প্ৰেৰণ কৰিছোঁ; সেই ইমেইলত দিয়া লিংকত ক্লিক কৰি আপোনাৰ চাবস্ক্ৰিপশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।

সম্পাদক

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz