নৱকান্ত বৰুৱাৰ এমুঠি কবিতা

প্ৰকাশ: ২৪ ডিচেম্বৰ, ২০১৭ | অন্তিম সম্পাদনা: ২৭ ডিচেম্বৰ, ২০২১

“দিল্লী হনুজ দূৰ অস্ত্”

দিল্লীৰ সন্ধান চলে কালে কালে, সভ্যতাৰ
উত্থানে পতনে। তথাপি অধৰা সেই
আত্মা নগৰীৰ। দিল্লী বহু দূৰ!

অন্ধকাৰ ইন্দ্ৰপ্ৰস্থ।
পাণ্ডৱৰ শেষ যাত্ৰা আজি সমুদ্যত
কুৰুক্ষেত্র প্রান্তৰত কাল-বৃক্ষ-অঙ্কুৰ উদ্‌গত।
জীর্ণতাৰ অভিশাপ লেখা হয় ৰক্ত আখৰেৰে—
আহে শক আহে হূণ দুঃস্বপ্নৰ দৰে,
বুৰঞ্জীৰ গতিপথ সৰীসৃপ-কুটিল নিষ্ঠুৰ
ইন্দ্রপ্রস্থ ধ্বংস হয়। দিল্লী ক’ত? দিল্লী বহু দূৰ!

মচি যায় ৰক্তলিপি। ক’লা পৰে বুৰঞ্জীৰ পাত
আকৌ পাঠান আহে, আহিল মোগল আৰু
তাতাৰৰ দল। দিল্লীৰ সন্ধান চলে।
ৰক্ত দুর্গ উঠে জাগি।
গান্ধাৰ পাৰস্য আৰু হিন্দুস্থান এই ত্রিধাৰাৰ
নগৰ উঠিল গজি। (কুৰুক্ষেত্ৰ কঁপি উঠে
কঁপে তাৰ বিষবৃক্ষ পুলক-চঞ্চল!)
দিল্লী ক’ত? দিল্লী বহু দূৰ।

বণিক ইংৰাজ আহে। এই মহাভাৰতৰ
আঁহে আঁহে জটিল গ্রন্থিৰ পাক
মৃত্যু আৰু ক্লিষ্ট জীৱিকাৰ!
ৰাজ্য আৰু বাণিজ্যৰ প্ৰয়াগ তীৰ্থত
গঢ়ি উঠে কুবেৰৰ মাণিক ভাণ্ডাৰ।
দিল্লী ক’ত? দিল্লী বহু দূৰ!

কালজটায়ুৰ পাখি ছিন্ন ভিন্ন কৰাৰ আশ্বাস
কালজয়ী অশোকৰ সুদৰ্শন।
দিল্লী যে তথাপি দূৰ। দিল্লী আৰু ইতিহাস
দুয়োৰে আত্মাই
দুদিন ধেমালি কৰি হাঁহি হাঁহি গুচি যায়
পৰি থাকে ভগ্নস্তুপ মৃতকল্প নগৰীৰ
আৰু থাকে মানুহৰ তেজৰ স্বাক্ষৰ।
দিল্লী?… বহু দূৰ।

***

দিল্লীৰ সন্ধান চলে। কালে কালে সভ্যতাৰ
উত্থান-পতনে। তথাপি অধৰা সেই
আত্মা নগৰীৰ। দিল্লী যে আজিও দূৰ।
দিল্লী?…“দূৰ অস্ত্‌”।

তেজীমলা

“হাতো নেমেলিবি ফুলো নিচিঙিবি
কৰে গৰখীয়া তই,
মানুহে ফুলৰ নুবুজে আদৰ
তেজীমলাহে মই।”

***

হাতো মেলা নাই ফুলো চিঙা নাই
তোমাৰ নিষেধ আজিও মানিছোঁ
আমাৰ গ্লানিৰ বোকাৰ কুসুম আমাৰেই তেজীমলা।

সাউদৰ সাধু শেষ হৈ যোৱা কিমান বছৰ হ’ল?

মানুহৰ ঘৃণা, মানুহৰ অসূয়াত
তেজ-মঙহৰ তেজীমলা তুমি
ফুল হৈ ফুলি ৰ’লা;
এদিনো আমাৰ ঈৰ্ষাকাতৰ নিদ্রাবিহীন
আউলী চুলিত
বুলাই নিদিলা হাত।

মানুহে ফুলৰ আদৰ জানিবা আজিও বুজাকে নাই

কৃপণৰ দৰে তোমাৰ প্ৰীতিৰ
হিচাপ কৰিছোঁ দাম
সেইবাবে গ’লা আমাক পাহৰি
আমাৰে জীয়াৰী হৈ?
মানুহৰ গ্লানি মানুহৰ ঈৰ্ষাত
ছাঁ জুইৰ দৰে আঁতৰি পলালা
সাধুৰ দেশতে ৰ’লা চিৰকাল
সপোনৰ ফুল হৈ,
আমি নিৰুপায়
পৃথিৱীৰ এই ঘিণ আৰু অসূয়াৰে।

আমাৰ বনতো সৰিবানে তুমি এবাৰ ফুলি?

ভালপোৱা যদি আমাৰ কাৰণে
ৰয় চিৰ অনাগত
প্ৰীতিৰ ধূপৰ সুৰভিয়ে ৰচে
কেৱল কুঁৱলি জাল—
ঈর্ষা আমাৰ তোমাৰ প্রেমেৰে কৰা আৰু কুৎসিত;
ঘিণ কৰি মৰোঁ
দাপোণৰ নিজ ছঁয়াৰ বীভৎসতা।

নৱকান্ত বৰুৱাৰ বিখ্যাত আৰু দীৰ্ঘ কবিতা ‘ৰাৱণ’ৰ আবৃত্তি শুনক প্ৰসিদ্ধ আবৃত্তিকাৰ অৱনী বৰাৰ কণ্ঠত।


ইয়াত নদী আছিল

দেখিছোঁ নদীৰ ঢলে বলাত্কাৰ কৰা পথাৰক,
পলসে কবৰ দিয়া গৰ্ভৱতী শস্যৰ সন্তান,
শুনিছোঁ সিন্ধুৰ বানে নিমিষতে নগৰক
আত্মসাৎ কৰি
এৰি থৈ গুচি যোৱা শ্মশানৰ প্ৰশান্তিৰ গান৷

উদগ্ৰ ধ্বংস নিছা, লোভৰ কুটিল দুঃসাহস
ছলনাৰ জীৱন্ত ধেমালি আৰু পাপৰ কুৎসিত অভিসাৰ—
তাৰো সৌন্দৰ্যই মোক দিছিল স্বপ্নৰ জাল ৰচি,
কাৰণ, মইযে দিওঁ দুঃস্বপ্নকো স্বপ্নৰ মৰ্যাদা,
সিও বন্দী সূৰ্য্যকণা,
আহিছিল ভাঙি-ছিঙি পৃথিৱীৰ কঠিন জৰায়ু৷

কিন্তু মৰুভূমি আহে,
লাহে লাহে মাহে মাহে বছৰে বছৰে
আঁহতৰ খোৰোঙত এপাহি কপৌফুল সোনকালে সৰে
গোপন ব্যাধিৰ দৰে লাহে লাহে মচি নিয়ে
প্ৰাণৰ যিমান ৰং সেউজী সোণালী,
আঁকি দিয়ে তামৰঙী এখন আকাশ আৰু
ফুটছাঁই বৰণৰ এখন পৃথিৱী

আৰু পঢ়ক:  পোখা মেলাৰ আখৰা

নদীক নিজৰা কৰি জুৰিক শিলনি কৰি
বালিৰ দ’লেৰে গঢ়ে গছ-লতা ফুলৰ সমাধি,
ছয়া-ময়া জিঁয়া এটি বালিয়ে বালিয়ে উৰি,
পানীৰ কাৰণে ঘূৰি
ক’ৰবাত বাট হেৰুৱায়৷

মৰুভূমি এইদৰে আহে,
লাহে লাহে মাহে মাহে বছৰে বছৰে….

দূৰণিৰ নীল সেই গাঁওখনলৈ
এইবেলি সোনকালে আঘোণ আহিল,— আহিনতে?
এইবাৰ ব’হাগৰ ঢল নাহে নেকি?
উজানৰ বগা মাছে ৰূপোৱালী নকৰে নিজৰা?
আষাঢ়ৰ ক’লা মেঘ পাহাৰৰ সিপাৰে থাকিল৷
পাহাৰ ইমান ওখ! ওখনে মেঘতকৈয়ো?
ওখনে প্ৰেমতকৈয়ো?

বৰষুণ?
ধাননিত নগজিল জোৱাৰ বজাৰ, আমাৰ বনত
দোঁ নেখালে খেজুৰি৷
কেৱল ফুলিব সিজু, মাজনিশা তৰাৰ পোহৰে
ৰেণু তাৰ বালিদাঁহী সাপক বিলাব৷ দুবৰি ধৰিব ছাটি
কাঁইটীয়া বনে৷
ৰাতিৰ বতাহে আহি ছটিয়াব শুকান বৰফ
দিনৰ পোহৰে তাতে ঢালি দিব কমলা ৰঙৰ গলা লোহা৷
তাৰ পিছে
উটৰ ডিঙিৰ ছাঁ, দীঘল ডিঙিৰ ছাঁ, শুই ৰ’ব
হাড় হৈ সাগৰৰ বাবে৷

এইদৰে শেষ হোৱা… এই যে ৰোমাঞ্চ মৰণৰ
ইযে প্ৰৌঢ়া ৰমণীৰ ৰমণ-বিলাস, অনভিজ্ঞ
কিশোৰৰ স’তে৷ য’ত
গ্লানিৰ অতৃপ্তি নাই, তৃপ্তিৰ অশান্তি নাই,
ধ্বংসৰ সৌন্দৰ্য নাই, কেৱল ক্ষয়ৰ আবিলতা,
অনায়াস গ্ৰহণ কেৱল ক্লীৱতা
বালিৰ বতাহে জানো পাহাৰত ভাস্কৰ্য গঢ়েহি?
গঢ়ে বিভীষিকা৷
তাতো যি ৰোমাঞ্চ আছে, যদি আছে,
হে জীৱন,
নালাগে আশ্ৰয় তাত,
ভাগৰ লাগিছে মোৰ গঢ়ি গঢ়ি নতুন বিগ্ৰহ।

হে অৰণ্য, হে মহানগৰ

কার্ফুৰ সময় হ’ল।
সূর্যস্নাতা নগৰীৰ আঁচলৰ শেষ ৰশ্মিকণো
শুহি ল’লে ৰাতিৰ আকাশে;
নিস্তব্ধ মৰণ নামে। নগৰীৰ ধমনীত কাৰো অনুভৱ
কাজিৰঙা ডবকাৰ আৰণ্যক অপস্মাৰ
সৰীসৃপ-ক্রুৰ মৃত্যু… সর্পিল জীৱন;
পলাতক দৈনন্দিন-নিয়ন-উজ্জ্বল গধূলিৰ
ৰঙা নীলা শেতা মুখ
হেনা মধুমালা আৰু অলকানন্দাৰ…
পথ আৰু উপপথ গলি আৰু এভিনিউ
বোবা যন্ত্রণাত অন্ধকাৰ
পিচল মৃত্যুৰ সাপ ভৰিৰ তলেদি যায়
(পোহৰ, পোহৰ ক’ত)
টেঁটুচেপা ট্রেফিকৰ দূৰৰ স্পন্দনে
ভয় আৰু আশ্বাসৰ জটিল উৎকন্ঠা আনে;
(অৰণ্যত চকু জ্বলে বাঘ আৰু মেচেকাৰ)
জীৱন জীয়াই থাকে। তথাপি জীয়াই থাকে।
আৰু থাকে জীৱিকাৰ গলিৰ সাঁথৰ
অমৃতৰ পুত্র আমি
মৃত্যু স্নাতা হে মহানগৰ!

এটা প্ৰেমৰ পদ্য

Do you remember an inn, Miranda?

বাৰিষাৰ ৰাতি তোমাৰ কবিক
মনত পৰেনে, অৰুন্ধতী?
সেমেকা পোহৰে সোঁৱৰাই দিয়া
তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ
মনত পৰেনে
অৰুন্ধতী?
জোনাকে ডাৱৰে মৰমে বিষাদে
নুবুজা কবিতা,
আমাৰ মাজত ভগা সপোনৰ অতনু বাধা
মনত পৰেনে, অৰুন্ধতী!
দুবৰি বনত জোনাকীৰ মণি,
চুলিৰ মেঘত লাহি আঙুলিৰ বহুতো জোন
(জোৱাৰৰ বাবে সাগৰ নাছিল!)
বৰফৰ দৰে চেঁচা পৰশতো
সিযে কি শান্তি!
অৰুন্ধতী!
অৰুন্ধতী!
বহুতো আকাশ পাৰ হৈ অহা
ধুমুহা পখীৰ এটি লহমাৰ নীৰ
বহুতো সপোন পাৰ হৈ অহা
কেঁচা টোপনিৰ ভিৰৰ মাজত
সেই এটা মাথোঁ
উজাগৰ ৰাতি,
মনত পৰেনে, অৰুন্ধতী?
বাৰিষাৰ ৰাতি মনত পৰেনে
অৰুন্ধতী!

আৰু পঢ়ক:

.

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

One response to “নৱকান্ত বৰুৱাৰ এমুঠি কবিতা”

  1. shaswati12345 Avatar
    shaswati12345

    বহুত ভাল লাগিল। এনেদৰে ইমান মূল্যবান কবিতাবোৰ পঢ়িবলৈ সুবিধা কৰি দিয়াৰ বাবে। বহুত সুখী হ’লো। ধন্যবাদ।

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts