অৰূপৰাজ সন্দিকৈৰ কবিতা

যমুনা
(ভাৰতবৰ্ষৰ সকলো শিশু শ্ৰমিকৰ হাতত)

মোৰ নাম যমুনা
মোৰ এটাই পৰিচয়,
এজনী কণমানি বনকৰা ছোৱালী
নাজানো মোৰ মা-বাবা কোন,
কেৱল এটা কথাই জানো
মই যমুনা।

কাৰোবাৰ মুখত শুনিছোঁ
মোৰ জন্মৰ কাহিনী,
ফাঁচী বজাৰৰ পিছফালৰ
ৰেল আলিটোৰ কাষতে মোৰ জন্ম,
পিছে কোনো দিন দেখা নাই মোৰ জন্মস্থান।

মোৰ জীৱনটো
এটি কণমানি বলৰ দৰে,
ৰাতিপুৱা চাৰি বজাত
ঘৰ সৰাত আৰম্ভ হৈ
ৰাতি বাৰ বজাত বাচন ধোৱাত শেষ হয়।

এটি কণমানি বলৰ দৰে
দিনটো টাকুৰি ঘূৰাদি ঘূৰি থাকোঁ
কিমান যে মোৰ দায়িত্ব…
ঘৰসৰা, বাচন ধোৱা, কাপোৰ ধোৱা,
ভাত ৰন্ধা
তাৰ পিছতো আৰু আছেই
ছাৰৰ জোতা পলিচ কৰা,
বাইদেউক গা ধুবলৈ গৰম পানী কৰি দিয়া,
মাইনাটোক গা ধুৱাই দিয়া
উফ! ৰক্ষা নাই
উশাহ ল'বলৈও অকণমান সময় নাই।

অ আ ক খ
মই নাজানো আৰু শুনাও নাই কোনোদিন
অবশ্যে কেতিয়াবা মাইনাটোৰ মুখত
এ' বি চি দি শুনো,
এ' মানে আপেল বুলি জানো,
পিছে আপেল দেখিছোহে, খাই পোৱা নাই।
স্কুল-কলেজ কি তাকো নাজানো
এটা কথা জানো, স্কুল গ’লে
ডাঙৰ মানুহ হয়,
ছাৰ-বাইদেউৰ দৰে।

ডাঙৰ ডাঙৰ মানুহবোৰে
মোক প্ৰায়ে সোধে—
তই হিন্দু নে মুছলমান
মই এইবোৰ একো বুজি নাপাওঁ
তথাপি মোক এনেকৈ সুধিলে বৰ বেয়া পাওঁ
মই এটাই জানো
মই যমুনা,
এজনী কণমানি বনকৰা ছোৱালী।

শীতৰ দিন মই বৰ বেয়া পাওঁ
এখন ফটা কম্বলেৰে
ৰাতিবোৰ পাৰ কৰিবলৈ বৰ কষ্ট হয়
বৰ কষ্ট!
সেই সময়ত মা-বাবালৈ বৰ মনত পৰে,
কেতিয়াবা মই সপোনতে
মাৰ মুখখন আঁকিবলৈ চেষ্টা কৰোঁ
পিছে সফল নহওঁ
মা, তুমি ক'ত আছা,
মা মা, মোক দেখা পাইছানে?
মা, মই যমুনা…!

চৰাইবোৰ মই বৰ ভাল পাওঁ
কেতিয়াবা মন যায়
চৰাইবোৰৰ ডেউকাত ধৰি উৰি যাম
বহু দূৰ দূৰলৈ… মাৰ কাষলৈ।
মোৰ কণমানি মনটোৱে বহুত কথাই ভাবে
কিন্তু একো উত্তৰ বিচাৰি নাপাওঁ
মাথোঁ প্ৰায়ে উচপ খাই উঠোঁ
কাৰোবাৰ মাতত—
যমুনা যমুনা যমুনা…

—গৈছোঁ বাইদেউ।

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of